মূলত সামাজিক আৰু প্ৰাকৃতিক অৱস্থা। প্ৰাকৃতিক অৱস্থা- বোৰে মানব-শিশুৰ কিছু পৰিমাণে বিকাশ কৰে; আৰু সামাজিক অৱস্থাবোৰে কৰে কিছু পৰিমাণে। এই দুয়োবিধ অৱস্থা লগ লাগি, ইটোএ সিটোএ বিকাশ কৰা কৰি কৈ, যি পৰিবৰ্তন হয় সেয়ে মূল বিকাশ— যাৰ গুণত একে লগে একে ঠাইতে হোৱা ৰাজাৰ ছলি হল বিক্ৰমাদিত্য আৰু বামুণৰ লৰা হল বিকা-বামুণ।
ইয়াতে মন কৰিব লগীয়া কথা এই, যি বিকাশটো ঘটিল সি তিমান শিশুৰ নিজা বলত নহয়, যিমান প্ৰাকৃতিক আৰু সামাজিক অৱস্থাবোৰৰ জোৰত শিশু, যেনিবা, এক সোপা মাটি আৰু পাৰিপাৰ্শ্বিক অৱস্থা খনিকৰ। খনিকৰৰ নিপুণতাৰ তাৰতম্য অনুসৰি বোকাই দেৱী- প্ৰতিমাৰ পৰা ধান-উহোৱা-উধান, যিহৰ তিহৰ আকৃতি প্ৰাপ্ত হয়।
সমাজৰ ইচ্ছাকৃত প্ৰভাৱ
৬। যদি শিশুটোক আমি কোনো বিশেষ প্ৰকাৰে বিকাশ
বা পৰিবৰ্তন কৰিবলৈ বিচাৰোঁ, তেনে-হলে
আমি খনিকৰ হে সলাবলৈ চেষ্টা কৰিব লাগিব। চিধা কথা কবলৈ
হলে পাৰিপাৰ্শ্বিক অৱস্থাবোৰৰ পৰিবৰ্তন কৰিব পাৰিলেহে
শিশুৰ পৰিৱৰ্তন কৰিব পাৰি, নহলে নোৱাৰি। এতিয়