বিচাৰ কৰিব লাগে, পাৰিপাৰ্শ্বিক অৱস্থাৰোৰৰ কিবা পৰিবতন কৰিব পাৰি নে নোৱাৰি।
আদিতে কথা এটা কৈ থোৱা যাওক,— যি সকলে সদীয়াৰ লৰা নদীয়াত আৰু চিলাতৰ লৰা বিলাতত থৈ শিক্ষা দিব খোজে, তলত কোৱা কথাখিনি তেওঁ-বিলাকত তিমানকৈ নাখাটিব; কিন্তু ই বাকী ৯০ জনৰ গাত ফলিৱা কথা।
আগত কৈ আহি হল যে পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰধান কৈ দুটা ভাগ— এটা সামাজিক আৰু ইটো প্ৰাকৃতিক। চমুকৈ কব লাগিলে, প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থাবোৰৰ পৰিবৰ্তন কৰিব নোৱাৰি, বা কৰা কষ্টসাধ্য। কিন্তু সামাজিক অৱস্থাবোৰৰ অনেক পৰিমাণে পৰবতন কৰিব পাৰি। অসমীয়া লৰা এটাক আসামৰ যি প্ৰাকৃতিক অৱস্থা তাৰপৰা আঁতৰোৱা টান; কিন্তু তাৰ যি সামাজিক অৱস্থা তাৰ অনেকাংশ বদলাই দিব পাৰি। যেনে, তাৰ যদি মাক- বাপেক বলীয়া বা কানীয়া, তেনেহলে তাক মাক-বাপেকৰ পৰা আতৰাই নিব পাৰি; তাৰ যদি লগৰীয়া বোৰ অসৎ, সিহঁতৰ লগ নলগাকৈ ৰাখিব পাৰি। তেও কিন্তু ছলিটো সামাজিক অৱস্থাৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা নাই। সি স্বভাৱতেই অসমীয়া মানুহৰ দৰে মাত-কথা শিকিব, অসমীয়াৰ দৰে কাপোৰ-কানি পিন্ধিবলৈ ধৰিব, আৰু পশ্চিমীয়া সভ্যতাৰ