পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষা-বিচাৰ

হলে মূৰ জোকাৰি গহিনাই কব, তোমালোকৰ শিক্ষাৰ অৰ্থটো তেনেই ভুল! ইমান এটা যে ভুল কৰি বহি আছা, তাক তোমালোকে জানাই নাই।

 সেই দেখি বেছি আৰম্বৰ নকৰি শিক্ষা নো কাক বোলে কৈ দিওঁ:—

“সমাজে তাৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপ বিকাশ হবৰ নিমিত্তে মানব-শিশুৰ ওপৰত যি ইচ্ছাকৃত প্ৰভাৱ বিস্তাৰ কৰে সেয়ে শিক্ষা। ”

 মোৰ এই সংজ্ঞাটো আন আন বিজ্ঞানত সচৰাচৰ যেনে সংজ্ঞা পোৱা যায় সেইবোৰত কৈ কম জটিল বা দুৰ্বোধ্য নহব পায়; আৰু সেয়ে হলে মোৰ উদ্দেশ্য সিদ্ধ হল; কাৰণ, তেতিয়া শিক্ষা-বিজ্ঞানো যে খাটি বিজ্ঞানৰ এখন, এই কথাত আৰু সন্দেহ কৰিব লগীয়া একো নাথাকে।

বিবৰ্তন বা অভিব্যক্তি ৪। ডঢ়ীয়া ডাৰুইন এজনা মস্ত পণ্ডিত। যি বিজ্ঞানে ডাৰুইনৰ জকাটো লৈ লাৰা-চাৰা কৰিব পাৰা নাই সি বিজ্ঞান-নামৰ যোগ্যই নহয়। এই কাৰণে আমাৰ বিজ্ঞানেও ডাৰুইনক এনেই এৰি দিয়া নাই। মই আগেয়ে কৈ আহা সংজ্ঞাটো লৈ আৰু এবাৰ মন কৰা। সমাজে মানব-শিশুৰ ওপৰত প্ৰভাৱ