সমললৈ যাওক

পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
শিক্ষা বিচাৰ

পোহৰ পোৱা লোকৰ চকুত লেতেৰা লাগিলেও, হাতৰ আঙুলি চুৱাই খাবলৈ জানিব।

 এই খিনিতে সামাজিক অৱস্থাৰ দুটা ভাগ হল। এটা ভাগ হল— ইচ্ছা-পূৰ্বক এজন মানুহে যিখিনি বদলাই দিলে; আৰু ইটো হল— যি খিনি কোনোএ বদলাই নিদিলে। অসৎ লগৰীয়াৰ লগ এৰুৱাই অশ্লীল গালি শিকাৰপৰা ৰক্ষা কৰাটো হল, সামাজিক অৱস্থাৰ ইচ্ছাকৃত প্ৰভাৱ; আৰু অসমীয়া মাত কথা শিকাৰ কাৰণটো হল, সামাজিক অৱস্থাৰ স্বাভাৱিক প্ৰভাৱ।

 এই পৰ্য্যন্ত আমি তলত দিয়া কথাকেইটা বুজিবলৈ চেষ্টা কৰিছোঁ— মানব-শিশুৰ বিকাশ হয়: বিকাশৰ কাৰণ পাৰিপাৰ্শ্বিক অৱস্থা: পাৰিপাৰ্শ্বিক অৱস্থাৰ মুঠ দুটা ভাগ, সামাজিক আৰু প্ৰাকৃতিক: প্ৰাকৃতিক অৱস্থাবোৰৰ পৰিবৰ্তন দুঃসাধ্য, সামাজিক অৱস্থাবোৰৰ কিছু পৰিবৰ্তন কৰিব পাৰি, কিছু নোৱাৰি: সামাজিক অৱস্থাৰ যি ইচ্ছাকৃত পৰিবৰ্তন আৰু গুণত শিশুৰ বিকাশৰ পৰিবৰ্তন হয়: শিক্ষাদান অৰ্থ এনেকুৱাকৈ পৰিবৰ্তন সাধন কৰা।

সমাজৰ আদৰ্শ   ৭। এতিয়া প্ৰশ্ন এই— কি উদ্দেশ্য মনত ৰাখি, কি আদৰ্শলৈ লক্ষ্য কৰি আমি পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিবৰ্তন কৰিবলৈ অগ্ৰসৰ হম?