পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
শিক্ষা-বিচাৰ

ঘৰত যদি তাৰ ওলোটা উপদশৰ হাতে হাতে শিক্ষা পায়, তেনেহলে স্কুলৰ শিক্ষাৰ লাভ কি? লৰাই স্কুল শিকিলে, ‘হিংসা কৰা পাপ’; কিন্তু নিজ-গাৱঁলৈ আহি যদি এটা দলত যোগ দি বিপক্ষ দলক বিপাঙত পেলাই পৰৰ নীতিৰ মৰ্য্যাদা ৰক্ষা কৰিবলৈ বিচাৰে, তেতিয়া কি ফল?

  এই কাৰণে স্কুলৰ শিক্ষাৰ উচিত ফল পাবলৈ হলে, ঘৰ আৰু সমাজ, ৰজা আৰু ধৰ্ম, সকলোএ স্কুলৰ শিক্ষাক সম্পূৰ্ণ- ৰূপে সমৰ্থন আৰু অনুমোদন কৰিব লাগিব।

  ইয়াৰ অৰ্থ এই যে সকলোএ শিক্ষাৰ নো কি উদ্দেশ্য তাক বেছ কৰি হৃদয়ঙ্গম কৰি লৈ, প্ৰত্যেকে এই উদ্দেশ্য সাধনৰ কাৰণে চেষ্টা কৰিব লাগিব। তেহে সমাজত প্ৰকৃত শিক্ষিত লোকৰ আবিৰ্ভাৱ হব পাৰিব।

 

মানব-জীবনৰ উদ্দেশ্য আৰু শিক্ষা   ১২। এতিয়া আমি শিক্ষাৰ উদ্দেশ্য কি এই বিষয়ে যৎ কিঞ্চিত আলোচনা কৰিব পাৰোঁ। আদি পাঠৰ পৰা আৰম্ভ কৰি অনেক গ্ৰন্থতে শিক্ষাৰ উদ্দেশ্যৰ কথা পৰোক্ষ ভাৱে বৰ্ণনা কৰা আছে। বঙালী শিশু শিক্ষাত আছে:—

‘লেখাপড়া কৰে যে
গাড়ী ঘোড়া চড়ে সে। ’

  গাৰী ঘোঁৰাত উঠি ডাঙৰ মানুহ কহলাই ফুৰিবলৈ যে