পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

কোনবিলাক অৱস্থা সলাবলৈ আৰু কোনবিলাকৰ প্ৰবল কৰিবলৈ চেষ্টা কৰা যাব?

  আমি আমাৰ লৰা-ছোৱালীক কি হবলৈ বিচাৰোঁ? অশোক, বিক্ৰম, কালিদাস, গোখলে, বিদ্যাৱাগৰ, দাদাভাই (ছোৱালীৰ পক্ষত লীলাবতী, খনা, জয়মতী)— আমাৰ সন্তানক এনেকুৱা দেখিলে ভাল পাওঁ; নে ৰেভিনিউ নাজিৰৰ কলাই পিয়ন, ব্ৰাউন চাহাবৰ বগাই খানচামা, বা চক-বজাৰৰ ৰঙাই বেপাৰী, এনেবিলাক হলে ভাল পাওঁ;— এই প্ৰশ্নৰ উত্তৰ মুকলিকৈ কোৱাৰ আৱশ্যক নকৰে। তাহানিৰ মহাভাৰতৰ গান্ধাৰীৰ এশ পুই শ্ৰেয়ঃ নে কুন্তীৰ পঞ্চ পুত্ৰই শ্ৰেয়ঃ— এই কথাৰো বিশদ আলোচনাৰ সকাম দেখা নাযায়।

  মুঠ কথা, আমি সকলোএ নিজক সকলোতোকৈ উৎকৃষ্ট কৰি তুলিব খোজোঁ; আৰু নিজৰ সন্তানক আমাতোকৈ উৎকৃষ্টতৰ কৰিবলৈ বিচাৰোঁ। কিন্তু উৎকৃষ্ট কোন বিষয়ত, ভাল কি গুণত? ইয়াৰ সংক্ষেপ উত্তৰ এই— সমাজে যি যুগত যিহকে ভাল বোলে আমি সেই যুগত তাতেই পটুতম হবলৈ ইচ্ছা কৰোঁ।

  মনত কৰা স্পাৰ্টাৰ কথা— যি দেশত প্ৰধান আৰাধনীয় বিষয় আছিল, শাৰীৰিক বিক্ৰম, সহিষ্ণুতা, কৌশল। স্পাৰ্টাৰ এজন ডেকাই শিয়ালৰ ছানা এটা চুৰ কৰি আনি পিন্ধা কাপোৰৰ তলত লুকাই থৈছিল— তেওঁৰ কৌশল দেখুৱাবলৈ।