শিয়ালে তেওঁৰ পেট ফুটাই নাড়ী-ভুড়ি খাই পেলালে, তেও ডেকাৰ মুখেৰে যন্ত্ৰণাৰ কাতৰ ধ্বনি এটা নোলাল। সেই ডেকা স্পাৰ্টাৰ আদশ; আজিলৈ তেওঁৰ কাহিনী জিলিকি আছে। কৰ্ণ আৰু অৰ্জুনৰ পৰীক্ষাৰ কথা জানা নে? বীজ- গণিতৰ কমলা আৰু ভূগোলৰ নাম মুখস্থ কৰি, আমাৰ দৰে মহলাৰ উপৰি মহলাত উঠি, চৰকাৰী চাকৰি কৰি পেটৰ ভাত মোকোলাব লগীয়া হোৱাহেতেন, কি জানি অৰ্জুন আৰু কৰ্ণৰ ভাগ্যত আমাৰ বঙলা-ঘৰৰ দাৰোৱালৰ চাকৰিটোত মস্ত পাগুৰি মাৰি হাতত বল্লম লৈ থিয় দি হে থাকিব লাগিল হেতেন! তেওঁবিলাকৰ কপাল ভাল যে ডিগ্ৰী-বোলা বস্তুটো আৰু চৰকাৰী বিষয় বোলা অ-বস্তুটো তেতিয়াৰ দিনত আবিষ্কাৰ হোৱা নাছিল। ভিন ভিন সমাজলৈ মন কৰা। চাহাবৰ ‘বাচ্ছাই’ মেম-চাহাবৰ লগত নাচিব জানাটো এটা মহৎ গুণ; চাহাবৰ ‘লেৰকীএ’ গান গাব আৰু নাচিব জানাটো নিতান্ত লাগতিয়াল কথা! আমাৰ সমাজত এই ধৰণৰ ‘লেৰকা-লেৰকীএ’ কি আখ্যান পাব! শব্দ দুটা গ্ৰাম্য। নিজে ভাবি লোবা।
একপ্ৰকাৰ দৃষ্টান্তৰ পৰা বুজিব পাৰি, সমাজ আদশৰ অনুৰূপ কৰি শিশুক তুলি লোৱাই আমাৰ সকলোৰে ইচ্ছা। অৱশ্য সমাজৰ আদৰ্শৰ বিভিন্নতা আছে, কালভেদে বিভিন্নতা আছে, দেশভেদে বিভিন্নতা আছে। মূলত কিন্তু কথাটো এই— সমাজে যি সময়ত যিহক ভাল বোলে আমি সেই সময়ত তাকে