পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

আগলৈ কুলসংক্ৰমণ ভাল হোৱাৰ দিহা কৰিব পাৰোঁহঁক। যাৰ বংশ বিশেষ-দোষ-বিশিষ্ট— যেনে বলিয়ালি, দুষ্টালি— বা যাৰ গাত কোনো সংক্ৰামক ব্যাধি থাকে— যেনে ক্ষয়, বাত- তেনে লোকৰ সতি-সন্ততি হবলৈ বাধা দি, তেনে লোকৰ লগত তাৰ বিপৰীত গুণমুক্ত লোকৰ বিবাহ-বন্ধন নিৰূপণ কৰি, অনেক পৰিমাণে কুল-সংক্ৰমণৰ বেয়া প্ৰভাৱ প্ৰতিৰোধ কৰিব পাৰি বুলি বৰ্তমান যুগৰ বৈজ্ঞানিক সমাজ সংস্কাৰক সকলে-বিশ্বাস কৰে। এওঁবিলাকে এই বিদ্যাৰ নামে দিছে ‘সৌজনন’ বিদ্যা বা Eugenics. যি হক শিক্ষা অৰ্থত সাধাৰণতে আমি যি বুজোঁ, তাৰ লগত এই বিদ্যাৰ সস্পৰ্ক কম।

 

শিক্ষা-দানৰ উপায়  ১০। আমি দেখি আহিলোঁ, বিশ্বব্ৰহ্মাণ্ডৰ আন আন সকলো বস্তুৰ দৰে মানব-শিশুৰো বিকাশ হয়। এই বিকাশৰ নিয়ামক দুটা শক্তি— শিশুএ পুৰ্ব-পুৰ্ব-পুৰুষৰপৰা যি শক্তি উত্তৰাধিকাৰী-সূত্ৰে পায়, আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰভাব। সমাজৰ ইচ্ছা, যেন শিশু সমাজৰ উৎকৃষ্ট আদৰ্শ অনুৰূপ হৈ বিকশিত হৈ উঠে। সেই ইচ্ছা কাৰ্য্যত পৰিণত কৰিবলৈ মানুহে কিছুমান চেষ্টা কৰে; এই চেষ্টাবোৰ ইচ্ছা-প্ৰসূত।

  এই দৰে চেষ্টা কৰিবলৈ মানুহে কিছুমান নিয়ম বান্ধি আৰু কিছুমান উপায় উলিয়াই লৈছে। এইবোৰক প্ৰধানতঃ পাঁচ