পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৫
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

বিদ্যাৰ সিদ্ধান্তবোৰ কোনো প্ৰত্যক্ষ ঘটনাৰ সাক্ষী নে কোনো বিকৃত মস্তিস্ক অস্থিৰ জল্পনা— এই কথাৰ বিচাৰ কৰাৰ আমাৰ আৱশ্যক নাই। কিন্তু এটা অৰ্থত অন্ততঃ, ‘পূৰ্ব জন্মৰ সংস্কাৰ’ কথাটো যে সম্পূৰ্ণ নিৰৰ্থক নহয়, তাকেহে কবলৈ বিচাৰছোঁ

  যি বিকাশৰ কথা কোৱা হল তাত ‘কুল-সংক্ৰমণ’ বা Heredity বুলি এটা কথা আছে। [২। ৫] এই পদটোৰ অৰ্থ বংশানুক্ৰমে পোৱা দোষ বা গুণৰ সমষ্টি। মানব শিশুৰ— আৰু সমস্ত বস্তুৰে— বিকাশ সাধন কৰে দুটা শক্তিএ, এটা পাৰিপাৰ্শ্বিক অবস্থা আৰু ইটো উত্তৰাধিকাৰী সূত্ৰে পোৱা দোষ-গুণৰ সমষ্টি।

  উপৰুৱা অৰ্থত, এই Heredity বা বংশানুক্ৰমে দোষ- গুণৰ অধিকাৰ পোৱাকে পূৰ্ব-জন্মৰ সংস্কাৰ বুলিব পাৰি। পূৰ্ব-জন্মৰ সংস্কাৰ অনুসৰি মানুহ ভাল বা বেয়া পাপী বা পুণ্যবান্‌, ধনী বা নিৰ্ধন, ৰোগী বা নীৰোগ হয়। প্ৰমাণ বিচাৰা যদি স্মৃতি-শাস্ত্ৰৰ পৰা ভাবে ভাবে শ্লোক আনি তোমালোকৰ মূৰত একোটো গেজেপা বোজা দি দিব পাৰোঁ। সেই দৰে কুল-সংক্ৰমণৰ ফলত মানুহ ভাল-বেয়া গুণী-নিৰ্গূণ ৰোগী বা নীৰোগ হয়। কথা আছে—

ভঙা হক চিঙা হক পাটৰ টঙালি।
সৰু হক বৰ হক ভূঞাৰ পোৱালী॥