পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

  আজিকালিৰ দিনত, আমি অতি উত্তম ৰূপে বুজি লব লাগে, যে জীৱিকা-অৰ্জন জীৱনৰ প্ৰধান আৰু কঠোৰতম সমস্যা। আগৰ দিনত, আৰু কোনো দেৱানুগৃহীত দেশত, জীৱিকা-সমস্যা এটা কথাৰ কথা যেনেই নাছিল যি বিধাতাই হংসক শুক্ল, শুকক হৰিত বৰণীয়া, আৰু ময়ুৰক চিত্ৰিত কৰিছিল, সেই বিধাতাই কি জানি কোনোবা স্বৰ্ণময় অতীত যুগত আৰু কোনোবা স্বপ্নময় ৰাজ্যত মানুহৰো বৃত্তি বিধান কৰি থৈছিল। কিন্তু বৰ্তমান সময়ত, সত্যৰ গুণতেই বা দোষতেই, সমস্ত পৃথিবী আৰু সমস্ত মানব জাতি যেতিয়া আগৰ দিনৰ এখন গাওঁ আৰু গঞাৰ দৰে হৈ পৰিছে, তেতিয়া কোঁচ খাই অহা এই পৃথিবীৰপৰা সেই স্বপ্নময় সত্যযুগ আৰু স্বৰ্ণপুৰীও লোপ পালে আৰু সেই বৃত্তি-বিহোঁতা বিধাতাৰো অন্তৰ্ধান হল। খাটি নাখালে আজিও দয়াশীল বিধাতাই বৃত্তি বিধান নকৰে। আৰু পুৰণি দিনতো মুখ মেলি মেলি চৰাইক টোপ খুৱাই ফুৰা নাছিল।

  এই কথা আমি প্ৰায় পাহৰোঁ; আৰু আমাৰ লৰা ছোৱালীক যেতিয়া কুৰিএ কুৰিএ হাইস্কুল আৰু কলেজৰ বিলাসী শিক্ষা পাবলৈ থেলি-হেঁচি পঠিয়াওঁ, তেতিয়া সিহঁতে যে এদিন নিজে উপাৰ্জন কৰি খাৰ আৰু খুৱাব লাগিব, এই কথাও আমি সম্পূৰ্ণ বিস্মৰণ হওঁ। সেই দেখি, শিক্ষাৰ অন্যতম প্ৰধান উদ্দেশ্য— যে ই আমাক জীৱিকা