পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

নাই, এই বিভিন্নতাৰ ভিতৰত এটা সাদৃশ্য আছে; সেই সাদৃশ্যটো হৈছে কোনো এটা আদৰ্শৰ উচ্চতম শীৰ্ষলৈ লক্ষ্য। ধনীএ ধন বিচাৰে, কাৰণ তেওঁৰ আদৰ্শ সৰ্বশ্ৰেষ্ঠ ধনী হোৱা। সন্ন্যাসীএ কঠোৰৰপৰা কঠোৰতৰ ব্ৰত উদ্‌যাপন কৰে, কাৰণ তেওঁৰ আদৰ্শ সৰ্বত্যাগী পৰমহংস হোৱা। চোৰে অঘাইতত- কৈও অঘাইত চুৰি কৰে, কাৰণ তেওঁৰ আদৰ্শ ডাঙৰ চোৰ হোৱা। একে কথাত, নিজৰ শ্ৰেণীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হবলৈ সকলোৰে একান্ত বাঞ্ছা আৰু লক্ষ্য। সেই দেখি মানুহৰ জীৱনৰ লক্ষ্যও মানুহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হোৱা— মনুষ্যত্বত সৰ্বশ্ৰেষ্ঠ স্থান অধিকাৰ কৰা।

  মনুষ্যত্ব নো কি?

 

বৰ্তমান সমাজৰ মনুষ্যত্বৰ পূৰ্ণ আদৰ্শ   ১৪। ৰক্তবীজৰ বংশৰ ইয়াতে শেষ নপৰিল বুলি ভয় খাব নালাগে। প্ৰশ্ন অৱশ্য ওলাইছে— মনুষ্যত্ব নো কি? কিন্তু ৰক্তবীজৰ এই নুমলীয়া বংশধৰক, হনুমানে অহিৰাৱণক বধ কৰাৰ দৰে, আমি সহজতে খতম কৰিব পাৰিম বুলি অনুমান কৰিছোঁ।

  বুৰঞ্জীৰ আগৰ যুগৰ কথা চোৱা। দেবৰাজ ইন্দ্ৰ যুজাৰু, বৃত্ৰকে আদি কৰি দানবৰ হন্তা! আদৰ্শ পুৰুষ ৰাম, অৰ্জুন, কৃষ্ণ, ভীম— প্ৰত্যেকে পৌৰুষ আৰু বীৰ্য্যৰ অৱতাৰ