পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
শিক্ষা বিচাৰ

কৰিলেহে চৰিত্ৰ-গঠন হব পাৰে। চৰিত্ৰবান্ সেয়ে, যাৰ চিত্ৰ উপযুক্ত সময়ত ‘বজ্ৰাদপি কঠোৰাণি’ আৰু সময়ত ‘মৃদুনি কুসুমাদপি। ’ সেয়ে চৰিত্ৰবান, যি সকলো অৱস্থাতে তাৰ অনুৰূপ ব্যৱস্থা কৰি নিজক সদাই অৱস্থাৰ ওপৰত ৰাখিব পাৰে। সেয়ে চৰিত্ৰবান্‌, যি অৱস্থাৰ দাস নহই অৱস্থাক নিজৰ দাস কৰি লব পাৰে।

  যি শিক্ষাই মানুহক এই সামৰ্থ্য দিব নোৱাৰে, সি বিদ্যা হব পাৰে, তাক জানি মানুহ পণ্ডিত হব পাৰে, কিন্তু তাৰ পৰা মানুহে প্ৰকৃত শিক্ষা নাপালে। সুপণ্ডিত আৰু সুশিক্ষিত লোকৰ প্ৰভেদ অসাথনত।

জীৱিকা অৰ্জন ১৬। কৰ্ম পটু হোৱাৰ এটা প্ৰধান আৱশ্যক মানুহৰ প্ৰত্যেকে নিজৰ জীৱিকা অৰ্জনত সক্ষম হব লাগে। বৰ্তমান যুগত নানাবিধ কল-কৌশলৰ গুণত দেশৰ, আৰু কিছু পৰিমাণে কালৰো, ব্যবধান টুটি আহি মানব-সমাজ দিনক দিনে ক্ৰমে জটিল হৈ উঠিছে। অভিমন্যুৰ চক্ৰব্যুহৰ দৰে এই জটিল সমাজৰ পাকে পাকে ফুৰি তাৰ ভিতৰলৈ সোমাব পাৰা আৰু নিৰাময়ে তাৰ পৰা ওলাই আহিব পাৰা জনেহে প্ৰকৃত শিক্ষিত; তেওঁ হে আজি কালিৰ দিনত যথেষ্ট পৰিমাণে ধন উপাৰ্জন কৰি ধনী মানী সম্ভ্ৰম হৈ সুখত জীৱন নিয়াব পাৰে।