পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
শিক্ষা-বিচাৰ

ভাগত ভগাব পাৰি— ১) ঘৰৰ শাসন, (২) সমাজৰ শাসন, (৩) ধৰ্মৰ শাসন, (৪) ৰজাঘৰীয়া শাসন আৰু (৫) স্কুলৰ শাসন।

  ঘৰৰ শাসনৰপৰা আৰম্ভ কৰি ক্ৰমাৎ কি কি কাৰণ-গুণত মানুহে স্কুল পাতি শিশুৰ ক্ৰিয়াবোৰ নিয়মিত কৰিব লগীয়া হল, তাৰ অলপ [৩। ৭ ] বহল আলোচনা তৃতীয় অধ্যায়ত পোৱা যাব। কিন্তু দেখা যায় যে সকলো সভ্য সমাজতেই এই কেই প্ৰকাৰ শাসনৰ সহায়ত মানুহৰ প্ৰবৃতিবোৰক সংযত কৰি মানুহক ‘সজ' বাটেৰে চলাবলৈ বিচাৰা হয়। এনেকি, অসভ্য সমাজ যাক বোলোঁ, তাতে প্ৰথম চাৰি প্ৰকাৰ শাসনৰ প্ৰভাব দেখা যায়; স্কুলৰ তিমান নাই; কাৰণ, স্কুল নিজৰ উন্নতিৰ কাৰণে কৰা অনুষ্ঠানবোৰৰ ভিতৰত মানব-সমাজৰ শেষৰ সৃষ্টি।

 

শিক্ষা আৰু শিক্ষা-বিজ্ঞান   ১১। মানব সমাজে এই পাঁচ বিধ শাসনৰ দ্বাৰা শিশুৰ সামাজিক অৱস্থাৰ পৰিবৰ্তন কৰিবলৈ চেষ্টা কৰে। গতিকে শিক্ষাকো আমি এই পাঁচ ভাগত ভগাব পাৰোঁ। (ক) ঘৰৰ শিক্ষা, (খ) সমাজ শিক্ষা, (গ) ধৰ্ম শিক্ষা, (ঘ) ৰজা ঘৰীয়া শিক্ষা, আৰু (৪) স্কুলৰ শিক্ষা।