পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

কলা আৰু ষট্‌ বিদ্যাৰ প্ৰত্যেকটোকে লৈ ই অলপ জোকোৰা-জোকোৰ কৰে! যদি কোনোবা পাঠকে আমাৰ এই প্ৰৱন্ধটো গোটাই পঢ়ে, তেন্তে তেওঁ আমাৰ কথাৰ সাৰ্থকতা বুজিব।

শিক্ষাৰ সংজ্ঞা ৩। যেই সেই কথাৰে সংজ্ঞা দিয়া টান। বিশেষ, শিক্ষা-বিজ্ঞানৰ ইমানখিনি গুণ-গৰিমা গাই শিক্ষাৰ সংজ্ঞা শিক্ষাৰ সংজ্ঞা বিজ্ঞানানুমোদিত নহ’ল লাজৰ কথা। কোনো চমক লাগা কথা কব পাৰিলেহে বিজ্ঞানৰ মান বজায় থাকে। সেই দেখি পণ্ডিত লোকে পানীক কি বোলে জানা নে? Hydrogen (হাইড্ৰোজেন) আৰু Oxygen (অক্সিজেন)ৰ ৰাসায়নিক সংযোগ হোৱাত যি জটিল পদাৰ্থ হয়, সেয়ে পানী! এই ব্যাখ্যা শুনি কাপোৰ ধুবলৈ বা চুবা সাজ ছাফা কৰিবলৈ ব্যৱহাৰ কৰা পানীৰ প্ৰতি ভক্তি নহই নোৱাৰে।

 এৱন্বিধ সাধু দৃষ্টান্তলৈ চাই শিক্ষকসকলেও শিক্ষা বিজ্ঞানৰ অন্তৰ্ভুক্ত আটাইবোৰ শব্দৰ এনে কটমটীয়া ব্যাখ্যা দি থৈছে, যে যথেষ্ট জোঙা নহলে তাত দন্তস্ফূট কৰা কিছু কঠিন।

 বাৰু, কোৱাচোন, শিক্ষা অৰ্থ নো কি বুজা? পোনে পোনে কবা, শিক্ষা অৰ্থ বিদ্যা-শিক্ষা; আৰু বিদ্যা মানে লেখা-পঢ়া। দুই-একে উধাই ইমান পাবগৈ পাৰা যে বিদ্যা অৰ্থ জানিব লগীয়া যাবতীয় বিষয়। কিন্তু শিক্ষা-বিজ্ঞান-বিদ্‌ পণ্ডিতে