সমললৈ যাওক

পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

অনুপযোগী, এই কথা কেইটা আমাক বুজাই দিছে পাশ্চাত্য শিক্ষাই, যাক জড়বাদৰ ফল বুলি আমি আধ্যাত্মিক সকলে তাচ্ছীল্য কৰোহঁক।

  এই যুগত আমাৰ জীৱনৰ উদ্দেশ্য, আমাৰ সমাজৰ উৎকৃষ্ট আদৰ্শ হৈছে কৰ্ম; সকলো কাৰ্যত সুনিপুণ হোৱা, সকলো অৱস্থাতে ৰণ জয় কৰি আহিব পাৰা। মানুহৰ শৰীৰ এটা জটিল যন্ত্ৰ; তাৰ চালিকা শক্তি মন; আৰু মনৰো অধিকাৰ আত্মা। মানুহৰ এই ত্ৰিতয় বিভাগৰ বিভিন্ন বৃত্তি আছে। এই বৃত্তিবোৰৰ সম্যক বিকাশ, সম্যক কৰ্ষণ, হলে হে মানুহ সকলো অৱস্থাৰ প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হব পাৰে। এয়ে হৈছে আমাৰ বৰ্তমান সমাজেৰ আদৰ্শ— সৰ্বতোতাত্তে সকলো বিষয়তে উপযুক্ততা লাভ কৰা। এয়ে আমাৰ জীৱনৰো উদ্দেশ্য, শিক্ষাৰো লক্ষ্য।

  আমাৰ যোজনাত আছে,

‘ডোমৰ লগত মাৰোঁ চিতল।
মৰিয়াৰ লগত খুন্দো পিতল॥’

 

চৰিত্ৰ ১৫। অনেক পণ্ডিতে কৈছে, চৰিত্ৰ-গঠন হে শিক্ষাৰ উদ্দেশ্য। চৰিত্ৰ কি? কিছুমান অভ্যাসৰ সমষ্টি। অভ্যাস কি? আমাৰ কৰ্ম বাৰ বাৰ কৰাত স্বভাৱগত হোৱাই অভ্যাস। গতিকে কৰ্ম