পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

 শিক্ষা বিজ্ঞানে এই আটাই কেইবিধ শিক্ষা নাসামৰে; সামৰে মুঠতে শেষৰ বিধ, বা স্কুলৰ শিক্ষা।

 শিক্ষকে স্কুল শিক্ষাকেহে নিয়মিত কৰিব পাৰে। ঘৰৰ ব্যৱহাৰ লৰ-চৰ কৰা, সমাজৰ বিধি-বিধানত হাত দিয়া, ৰজাৰ আইন-কানুনত বাদ-প্ৰতিবাদ কৰা, বা গুৰু-গোঁসাইৰ শৰণ-ভজনত দায়-দোষ খুচৰা, শিক্ষকৰ কৰ্তব্য নহয়। তাকে কৰিবলৈ গলে, ‘কুকুৰ আৰু গাধা’ৰ সাধুৰ গাধাৰ দশাৰ দৰে শিক্ষকৰ দশা হলে, তাৰ বাৰে আন কোনো জগৰীয়া নহয়। শিক্ষা বিজ্ঞানে সেই দেখি শিক্ষাৰ কেৱল সেই অংশৰ হে আলোচনা কৰে যি অংশ স্কুলৰ সহায়ত সাধিত হয়।

 ইয়াতে আৰু এটা ঘৰ দিয়া হল:—

বিকাশ
প্ৰাকৃতিক
সামাজিক
ইচ্ছা-প্ৰসূত
স্বাভাবিক
ঘৰসমাজধৰ্মৰজাস্কুল

 কিন্তু সেই বুলি আমি ঘৰৰ পিতা, সমাজৰ নেতা, ধৰ্মৰ গুৰু আৰু ৰাজ্যৰ মূৰীৰ ওচৰত হাত নাপাতি নোৱাৰোঁ। স্কুলৰ শিক্ষাৰ লগত এই সকলৰ শাসনৰ মিল নাথাকিলে শিক্ষাদান অসম্ভৱ। স্কুলত শিকালোঁ, ‘মিছা নকবা’; কিন্তু