কাৰো আপত্তি নাই, এই কথা নিঃসংশয়। সেই দেখি অসমীয়া কবিএ গাইছে,
‘অহে মোৰ প্ৰিয় লৰা উপদেশ ধৰা,
কায়মনোবাক্যে তুমি বিদ্যা শিক্ষা কৰা। ’
ইয়াৰ চমু ব্যাখ্যা এই। তুমি যে গাৰী ঘোঁৰাত— আজি কালিৰ হলে মটৰ কাৰত উঠি, চাৰিওফালে হুৰহুৰাই, বাটত ধেনুভিৰীয়াকে আদি কৰি সকলো প্ৰকাৰ ‘চালাম’ আদায় কৰি, নিচলা খোজ কাঢ়ি ফুৰা মানুহৰ গাত ধুলি ছটিয়াই আৰু তাৰ বিনিময়ত তেওঁলোকৰ পৰা (মনে মনে হলেও) মধুৰ সম্বোধন এবাৰ পাই, বৰ মানুহ বোলাই ফুৰিব খোজা— ইয়াত বচবাচ্য একো নাই, ই তৰ্কৰ অতীত। এয়ে তোমাৰ সকলো যত্ন আৰু পৰিশ্ৰমৰ চৰম লক্ষ্য। যদি এই কথাই ঠিক, তেনেহলে এই লক্ষ্যলৈ ঘৰলৈ পোন বাট আছে— তুমি লিখা-পঢ়া কৰা।
এইখিনি কথা লুটিয়াই চালেই আমাৰ প্ৰশ্নটোৰ এটা সাধাৰণ উত্তৰ ওলাই পৰিব। লিখা-পঢ়া কিয় কৰিব লাগে? যাতে আগলৈ গাৰী-ঘোঁৰাত উঠিব পাৰা। গাৰী-ঘোৰাত নো উঠাৰ কাম কি? কাৰণ, তেনেদৰে ডাঙৰ মানুহ হোৱাটো অনেকৰে জীৱনৰ উদ্দেশ্য।
যদি কাছাৰিত ওকালতি কৰি জীৱনৰ অমিয়া ভূঞ্জিব খোজা, তেনেহলে ইউনিভাৰ্চিটিত সোমাই চিধা বি-এল্-দুৱাৰে