পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩১
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

সামৰণি আৰ্জনেই একমাত্ৰ জীৱনৰ উদ্দেশ্য বুলি কব খুজিছোঁ; বা যিয়েই জীৱিকা আৰ্জিছে তাকেই শিক্ষিত বুলিছোঁ। মই এই প্ৰৱন্ধৰ আগ ডোখৰত প্ৰকৃত কথা সাধ্যানুসৰি পৰিষ্কাৰ কৈ কই আহিছোঁ। মুঠে, শিক্ষা বিধানত আমি সাধাৰণতে এই সামান্য কথাটোৰ প্ৰতি মন নিদিওঁ দেখি হে এই সম্পৰ্কে দুটা কথা টানি কোৱা হল। এই কথাত কোনোএ আপত্তি কৰিব নোৱাৰে যে জীৱিকা অৰ্জন জীৱনৰ প্ৰধান কৰ্তব্য।

 

 ই নিশ্চয় এটা মুখ্য কাম; কিন্তু একমাত্ৰ কাম নহয়। জীৱনৰ বাকী কৰ্তব্য বিলাক সুন্দৰ ৰূপে কৰিব পাৰিলেহে আমি প্ৰকৃত শিক্ষিত নামৰ উপযুক্ত হব পাৰোঁ। আমাৰ পৰিজন-সতি-সন্ততিৰ প্ৰতি, আমাৰ সমাজৰ প্ৰতি, আমাৰ দেশ আৰু ৰাষ্ট্ৰৰ প্ৰতি আৰু সমস্ত মানব জাতিৰ প্ৰতি, আমাৰ কৰ্তব্য অনেক আছে। অকল সেয়ে নহয়। সমস্ত জীৱ জগত এক সূত্ৰত গাথা; আৰু গোটাই বিশ্ব ব্ৰহ্মাণ্ড এক শক্তিৰ বিকাশ। সকলো জ্ঞান কি বুদ্ধিৰ অতীত, সকলো ইন্দ্ৰিয় আৰু বাত্মনৰ অগোচৰ, সেই সৰ্বভূত জনক আৰু সব নিয়ন্ত্ৰী শক্তিৰ মহত্ব উপলব্ধি কৰি আৰু তেওঁৰ লগত নিজৰ সংযোগৰ সম্পৰ্ক হদয়ঙ্গম কৰি, আমাৰ জীৱনক বিশ্বৰ সেই অব্যক্ত মধুৰ সুৰৰ লগত একে সুৰত বান্ধিব পাৰিলেহে