অৰ্জনত সহায় কৰিব লাগে— এই কথা সৰ্বদাই মনত ৰাখিব লাগে।
ধন আৰ্জা শিক্ষাৰ উদ্দেশ্য বুলিলে অনেকে উপলুঙা কৰিব পাৰে। কিন্তু ব্যঙ্গই পেট ভৰাব নোৱাৰে; আৰু যিমান দিন আমি সংসাৰিক জীৱন নিয়াব লাগিব তিমান দিন সংসাৰৰ ভোগৰ এতি পৰিসিত বাসনাকো দৰ্শন শাস্ত্ৰৰ যুক্তিএ, উৰাইতো দিব নোৱাৰেই, বেয়া বুলিও প্ৰমাণ কৰিব নোৱাৰে।
কৌপীন পিন্ধা সন্ন্যাসীএ নাৰিকলৰ কোৰোকা লৈ চাৰিওফালে খুজি মাগি গছৰ তলতে দিন নিয়াব লাগিব। ভো ভো মহামহোপাধ্যায় পণ্ডিতে চাৰি বেদ চৌধ্য শাস্ত্ৰ কণ্ঠস্থ কৰি এবেলা এমুঠা খাই, গাত ফটা কাপোৰ মেৰাই আৰু উৰুষা পঁজাত থাকিয়ে জীবন যাপন কৰিব লাগিব। কিন্তু সংসাৰৰ সুখ ভোগ কৰিব সেই সকলে যিসকল কৰ্মী পুৰুষ, সাত তৰপ সুকোমল তুলিৰ শয্যাত শুব, সেই সকলে যাৰ কৰ্মৰ শক্তি আছে— যি এই কলা-মলা মাটিৰ পৃথিবী খনতে কিবা সাৰ আছে বুলি ভাবি আৰু এই তিনি-চাৰি কুৰিবছৰীয়া দুদিনীয়া জীৱনটোতো কি সত্য আছে বুলি বিশ্বাস কৰি, তাৰ সুখৰ কাৰণে যত্ন আৰু পৰিশ্ৰম কৰিছে।
১৭। অৱশ্য মই ইমান নিৰ্বোধ নহওঁ যে জীৱিকা-