পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

আমাৰ আৰু আমাৰ সন্তানৰ পক্ষে উত্তম আদৰ্শ বুলি গ্ৰহণ কৰোঁ।

 

শিক্ষাৰ অৰ্থ  ৮। এতিয়া যদি আমি ঘূৰি শিক্ষাৰ সংজ্ঞাটো লওঁ, (৩ অনুচ্ছেদ) তেনেহলে তাৰ অৰ্থটো অনেক পৰিষ্কাৰ ৰূপে বুজিব পাৰিমহঁক। পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সংযোগ হৈ, ঘাত-প্ৰতিঘাত হৈ, মানব শিশুৰ বিকাশ হয়। কিন্তু মানুহে ইচ্ছা কৰি এই বিকাশৰ গতি বদলাই দিব বিচাৰে; কাৰণ, মানুহৰ ইচ্ছা যে নিজৰ ছলিক সমাজৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপ কৰি গঢ়ি তোলে। বিকাশৰ গতি যদিও বদলাবলৈ খোজে, তথাপি তাক সম্পূৰ্ণ ৰূপে বদলাব নোৱাৰে। কাৰণ পাৰিপাৰ্শ্বিক অৱস্থাৰ এটা অংশৰ পৰিবৰ্তন হে সাধাৰণ লোকৰ সাধা। এই অংশৰ পৰিবৰ্তন কৰি মানুহে শিশুৰ ওপৰত যি প্ৰভাৱ বিস্তাৰ কৰে সেই প্ৰভাৱৰ ফলত শিশুৰ বিকাশৰ গতি অন্য ৰূপ হয়।

  সাধাৰণৰ পক্ষে এই প্ৰভাৱ সামাজিক অৱস্থাৰ পৰিবৰ্তনৰ পৰাই হয়; ভাগ্যৱানৰ বেলিকা প্ৰাকৃতিক পৰিবৰ্তনো সম্ভৱ। যি পৰিমাণে মানুহৰ এই চেষ্টা ইচ্ছা-প্ৰসূত, সেই পৰিমাণে ই শিক্ষা