শিক্ষা-বিচাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ প্ৰথম ]
 

শিক্ষা-বিচাৰ।

 
 

ৰচক আৰু প্ৰকাশক
শ্ৰীশৰৎ চন্দ্ৰ গোস্বামী।

 
 

যোৰহাট নৰ্মাল স্কুল
জুন, ১৯২৩ ইং।

মূল্য— পকা-বন্ধা— ১৲
কেঁচা-বন্ধা— ৸৹

 

[ পাতনি ]
 

নিবেদন।

 যোৰহাট সাহিত্য সভাই ১৯১৬-১৯১৭ ইং চনত সকলোএ জানিব লগীয়া কিছুমান বিষয়ত কেইটামান প্ৰৱন্ধ যোগাৰ কৰিছিল। ফলত শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্মাদেৱে “সৰল জ্যেতিষ”, শ্ৰীযুত হৰিপ্ৰসাদ বৰুৱা দেৱে “ভূ-তত্ত্ব” আৰু ৺শ্ৰীযুত গোলোকচন্দ্ৰ বৰাদেৱে “এৰি-মুগা-খেতি” সম্বন্ধে কেইটামান প্ৰৱন্ধ পাঠ কৰিছিল।

 মোৰ ভাগত শিক্ষা-সম্বন্ধে প্ৰৱন্ধ পাঠ কৰাৰ ভাৰ পৰিছিল। এই সৰু কিতাপ-খনিৰ প্ৰথম অধ্যায় আৰু চতুৰ্থ অধ্যায় সেই ছেগতে লিখা।

 যোৱা বছৰৰ (১৯২২ ইং চনৰ) জুলাই আগষ্ট মাহত বাকী দুটা প্ৰৱন্ধ লিখা হল।

 প্ৰথম অধ্যায়ৰ প্ৰৱন্ধটো “প্ৰভাতত” প্ৰকাশ কৰা হৈছিল। শ্ৰীযুক্ত স্বামী প্ৰশান্তমুৰ্ত্তিএ (শ্ৰীযুক্ত ৰাধিকানন্দ চৌধুৰী) সেই প্ৰৱন্ধৰ এটা সুচিন্তিত আৰু সুলিখিত সমালোচনা কৰি “প্ৰভাততে” প্ৰকাশ কৰে। স্বামীজীৰ সেই সমালোচনা অনুসৰি মোৰ এই প্ৰৱন্ধটোৰ অনেকাংশ পৰিবৰ্তন কৰিছোঁ। এনে যুক্তিযুক্ত আলোচনাৰ কাৰণে মই তেওঁৰ ওচৰত কৃতজ্ঞ।
[ পাতনি ]  মোৰ এই প্ৰৱন্ধ কেইটা, নৰ্মাল স্কুলৰ তৃতীয় বাৰ্ষিকত পঢ়াবলৈ কৰা মোৰ টোকাৰ পৰা সংগ্ৰহ কৰা। সম্প্ৰতি সেই শ্ৰেণীৰ পাঠ্যৰ উপযোগী কৰি এই কিতাপখনো যুগুত কৰা হল। গতিকে প্ৰৱন্ধৰ মাজত শিক্ষকে ছাত্ৰক সম্বোধন কৰাৰ যি চিন দেখা যাব, সি মাৰ্জনীয়।

 জ্ঞানী-বুজা অভিভাৱক সকলক, শিক্ষাৰ মৰ্ম কি, সেই কথা কোৱাও মোৰ অন্যতম উদ্দেশ্য। ইতি।

 
যোৰহাট নৰ্মাল স্কুল।
জুন, ১৯২৩
শ্ৰীশৰৎচন্দ্ৰ গোস্বামী
 

[ উছৰ্গা ]
 

যি-সকলে

 

শিক্ষা-গ্ৰহণৰ ছলেৰে শিক্ষা-দান কৰে

 

আৰু

 

আশ্ৰয় লোৱাৰ ছলত আশ্ৰয় দিয়ে

 

মোৰ মৰমৰ

 

সেই

 

ছাত্ৰসকলৰ হাতত

 

প্ৰীতিৰ চিন।

 

শ্ৰীশৰৎচন্দ্ৰ গোস্বামী।

 

[  ]
 

শিক্ষা-বিচাৰ

প্ৰথম অধ্যায়।

শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য।

 শিক্ষা-ব্যৱসায়ৰ সম্বন্ধে দুটা এটা কথা শুনিব খোজা মানুহৰ অভাৱ বৰ্তমানত পাতনিনাই। কাৰণ, নানাবিধ কাৰণৰ সময়ত লোকে বুজিছে যে জাতীয় জীৱনৰ শিক্ষা এটা প্ৰধান অঙ্গ; আৰু জাতীয উন্নতিৰ কাৰণে শিক্ষা এটা প্ৰধান লাগতিয়াল আহিলা।

 তথাপিতো যে শিক্ষা-ব্যৱসায়ৰ প্ৰতি সাধাৰণৰ অৱহেলাৰ ভাৱ দেখা যায়, তাৰ এটা গূঢ় কাৰণ আমাৰ শিক্ষক-সকলৰ গাত হে। অনেক শিক্ষকে নিজক নিজে ভাৱে যে শিক্ষাদানত কোনো পকাৰ বিশেষ ব্যুৎপত্তিৰ আৱশ্যক নকৰে। কথমপি ক খ প ম জানিলে, বকিব পাৰিলে, আৰু আৱশ্যক অনুসৰি চিকনি চলাব পাৰিলে, শিক্ষকতা কাৰ্য্য সুকলমে কৰিব পাৰি। সেই দেখি, চাৰিওফালে কাম-কাজ কতো নাপালে— কেৰানি, ৰেলৰ টিকট বাবু, পিয়াদা, মণ্ডল, চাপ্ৰাচী [  ] — এই আটাইবোৰ বিষয়ত ‘ফেল’ হৈ আহিলে তৈতিয়াহে মানুহে শিক্ষকতা কাম বিচাৰে; আৰু, আমাৰ ঔদাৰ্য্যৰ গুণত পায়ো।

 বোধ কৰো “Failures are the pillars of Success” [হাৰিলেহে জিকাৰ বাট মুকলি হয়]— এই কথা আখৰ শিক্ষকেই বন ই দিয়া। আন কোনো বিষয়ত এই কথা খাটে নে নাখাটে কব নোৱাৰোঁ। কিন্তু দেখা যায়, আন সকলো ব্যৱসায়ত failure (পৰাস্ত) হৈ যি কেইটা pillar (থাম) বহুৱাই দিব পাৰি, সেইকেইটাই শিক্ষকতা-ব্যৱসায়ৰ Succes (সিদ্ধি) টো ডাঙি ধৰি থাকে!

 ২। যদিও সাধাৰণতে শিক্ষা আৰু শিক্ষকতাৰ এনে অৱস্থা, তথাপিতো এই ব্যৱসায়টোৰ এখন বিজ্ঞান আছে। আৰু এইবিজ্ঞানো যেনে তেনে বিজ্ঞান নহয়! শিক্ষা-বিজ্ঞানতাহানিখন বোলে অগস্ত্যই এক চলু কৰি সপ্ত সমুদ্ৰৰ পানী পেটত সুমাই থৈছিল; কলি যুগত শিক্ষকসকলেই অগস্ত্যৰ পো-নাতি এওঁলোকেও বিশ্বব্ৰহ্মাণ্ডৰ যিমানবিলাক বিজ্ঞান আছে আটাইকে গুলি পকাই এই শিক্ষা-বিজ্ঞান-খন তৈয়াৰ কৰিছে। এই বিজ্ঞানত, শৰীৰ-বিজ্ঞান মনো-বিজ্ঞান আত্ম-বিজ্ঞান— ইত্যাদিবিলাকৰ কথা সম্যকৰূপে থাকেই; তাৰ উপৰি চৌষষ্টি [  ] কলা আৰু ষট্‌ বিদ্যাৰ প্ৰত্যেকটোকে লৈ ই অলপ জোকোৰা-জোকোৰ কৰে! যদি কোনোবা পাঠকে আমাৰ এই প্ৰৱন্ধটো গোটাই পঢ়ে, তেন্তে তেওঁ আমাৰ কথাৰ সাৰ্থকতা বুজিব।

শিক্ষাৰ সংজ্ঞা ৩। যেই সেই কথাৰে সংজ্ঞা দিয়া টান। বিশেষ, শিক্ষা-বিজ্ঞানৰ ইমানখিনি গুণ-গৰিমা গাই শিক্ষাৰ সংজ্ঞা শিক্ষাৰ সংজ্ঞা বিজ্ঞানানুমোদিত নহ’ল লাজৰ কথা। কোনো চমক লাগা কথা কব পাৰিলেহে বিজ্ঞানৰ মান বজায় থাকে। সেই দেখি পণ্ডিত লোকে পানীক কি বোলে জানা নে? Hydrogen (হাইড্ৰোজেন) আৰু Oxygen (অক্সিজেন)ৰ ৰাসায়নিক সংযোগ হোৱাত যি জটিল পদাৰ্থ হয়, সেয়ে পানী! এই ব্যাখ্যা শুনি কাপোৰ ধুবলৈ বা চুবা সাজ ছাফা কৰিবলৈ ব্যৱহাৰ কৰা পানীৰ প্ৰতি ভক্তি নহই নোৱাৰে।

 এৱন্বিধ সাধু দৃষ্টান্তলৈ চাই শিক্ষকসকলেও শিক্ষা বিজ্ঞানৰ অন্তৰ্ভুক্ত আটাইবোৰ শব্দৰ এনে কটমটীয়া ব্যাখ্যা দি থৈছে, যে যথেষ্ট জোঙা নহলে তাত দন্তস্ফূট কৰা কিছু কঠিন।

 বাৰু, কোৱাচোন, শিক্ষা অৰ্থ নো কি বুজা? পোনে পোনে কবা, শিক্ষা অৰ্থ বিদ্যা-শিক্ষা; আৰু বিদ্যা মানে লেখা-পঢ়া। দুই-একে উধাই ইমান পাবগৈ পাৰা যে বিদ্যা অৰ্থ জানিব লগীয়া যাবতীয় বিষয়। কিন্তু শিক্ষা-বিজ্ঞান-বিদ্‌ পণ্ডিতে [  ] হলে মূৰ জোকাৰি গহিনাই কব, তোমালোকৰ শিক্ষাৰ অৰ্থটো তেনেই ভুল! ইমান এটা যে ভুল কৰি বহি আছা, তাক তোমালোকে জানাই নাই।

 সেই দেখি বেছি আৰম্বৰ নকৰি শিক্ষা নো কাক বোলে কৈ দিওঁ:—

“সমাজে তাৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপ বিকাশ হবৰ নিমিত্তে মানব-শিশুৰ ওপৰত যি ইচ্ছাকৃত প্ৰভাৱ বিস্তাৰ কৰে সেয়ে শিক্ষা। ”

 মোৰ এই সংজ্ঞাটো আন আন বিজ্ঞানত সচৰাচৰ যেনে সংজ্ঞা পোৱা যায় সেইবোৰত কৈ কম জটিল বা দুৰ্বোধ্য নহব পায়; আৰু সেয়ে হলে মোৰ উদ্দেশ্য সিদ্ধ হল; কাৰণ, তেতিয়া শিক্ষা-বিজ্ঞানো যে খাটি বিজ্ঞানৰ এখন, এই কথাত আৰু সন্দেহ কৰিব লগীয়া একো নাথাকে।

বিবৰ্তন বা অভিব্যক্তি ৪। ডঢ়ীয়া ডাৰুইন এজনা মস্ত পণ্ডিত। যি বিজ্ঞানে ডাৰুইনৰ জকাটো লৈ লাৰা-চাৰা কৰিব পাৰা নাই সি বিজ্ঞান-নামৰ যোগ্যই নহয়। এই কাৰণে আমাৰ বিজ্ঞানেও ডাৰুইনক এনেই এৰি দিয়া নাই। মই আগেয়ে কৈ আহা সংজ্ঞাটো লৈ আৰু এবাৰ মন কৰা। সমাজে মানব-শিশুৰ ওপৰত প্ৰভাৱ [  ] বিস্তাৰ কৰে; সেই প্ৰভাৱটো সমাজে ইচ্ছা কৰি কৰা,— গতিকে ইচ্ছা কৰি নকৰা আৰু এটা প্ৰভাৱ আছে। এনেকুৱা কৰাৰ উদ্দেশ্য, সমাজৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপত শিশুৰ বিকাশ হব লাগে।

 এই ‘বিকাশ’ শব্দটোৰ কাৰণে ডাৰুইনক আমাৰ সমৰক্ষেত্ৰত অৱতীৰ্ণ কৰাব লগীয়া হৈছে।

 বিবৰ্তন-বাদ বা অভিব্যক্তি বাদ বা ক্ৰম-বিকাশ-বাদ বা Theory of Evolutionৰ কথা বিশদৰূপে কোৱাৰ ই ঠাই নহয়। ‘Survival of the Fittest’ বা ‘যোগ্য-ভোগ্য বসুন্ধৰী’— এই কথা আখৰৰ সাধাৰণ আৰু গূঢ় অৰ্থও অনেকে জানে।

 চাৰিওফালৰ নানানবিধ অৱস্থাৰ ভিতৰত পৰি সকলো বস্তুএ এটা নে এটা প্ৰকাৰে পৰিণতি লাভ কৰে। এই চাৰিওফালৰ অৱস্থাবোৰৰ বৈজ্ঞানিক নাম ‘পাৰিপাৰ্শ্বিক অবস্থা’ [Environment]। মানুহ এজনৰ পাৰিপাৰ্শ্বিক অৱস্থা— তাৰ চাৰিওফালৰ প্ৰাকৃতিক দৃশ্য, জল বায়ু, পশু-পক্ষী, মানুহ, সমাজ, ইত্যাদি ইত্যাদি। গছ এজোপাৰ পাৰিপাৰ্শ্বিক অৱস্থা– তাৰ থাকা ঠাই, সেই ঠাই ৰদাল নে ছেছুক, সেই ঠাইৰ বৃষ্টিপাত, মানুহৰ আতি পতি, ইত্যাদি ইত্যাদি।

 এই পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত ঘাত-প্ৰতিঘাত হৈ সকলোৰে বিকাশ হয়। বিকাশ অৰ্থ উন্নতি নহয়, পৰিবৰ্তন।
[  ]  সেই দেখি, আমি যদিও বৃক্ষ-বিহাৰী মৰ্কট-কুলৰ হে কুল-ধ্বজ তথাপিতো আমাৰ লেজ নাইকীয়া হল; কিন্তু বেছি হল হাত আঙুলি মুৰৰ ঘিউ ইত্যাদি। ইয়াৰে পৰাই ক্ৰমে ক্ৰমে লাহে লাহে অকামিলা হৈ আহা হাত-ভৰি আদি লোপ পাই, এটা প্ৰকাণ্ড মুৰত পৰিণত হৈ মানব-জাতিএ যে ঔ বাগৰাৰ দৰে বাগৰি ফুৰিব, ৰহস্যৰ ছলেৰে হলেও, অনেক লোকে এই কথা কয়।

 এটা ঘৰুৱা উদাহৰণ ললে— এজন চাহাবৰ লৰা আৰু এজন নগাৰ লৰাৰ ভিতৰত যি প্ৰভেদ দেখা যায়, সি কিহৰ ফলত? উত্তৰ, পাৰিপাৰ্শ্বিক অৱস্থাৰ বৈসাদৃশ্য। আমি অসমীয়া কথা কওঁ, চাহাবৰ লৰাই ইংৰাজী আৰু পশ্চিম ভাৰতৰ লৰাই হিন্দুস্থানী কথা কয়; কিয়?— পাৰিপাৰ্শ্বিক অৱস্থাৰ গুণত।

 এই দৰে, পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত কেতিয়াবা মিলিব পাৰি, আৰু কেতিয়াবা মিলিব নোৱাৰি, যি পৰিবৰ্তন ঘটে সেয়ে বিকাশ। অতি বহল অৰ্থত ইয়াকে শিক্ষাও বুলিব পাৰি।

 কিন্তু শিক্ষাৰ অৰ্থ আচলতে এই হোৱাহেতেন, শিক্ষককুলৰ একো অৱশ্যক নাথাকিল হয়। আন যেয়ে যিহকে বোলক, শিক্ষক সম্প্ৰদায়ৰ যে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰাৰ বিশেষ কিবা ইচ্ছা আছে, এনে ভাবিবৰ একো কাৰণ নাই। সেই দেখি, শিক্ষা-বিজ্ঞান শিক্ষাৰ অৰ্থ আন এফেৰি কথাকেহে বুজাইছে।
[  ] পাৰিপাৰ্শ্বিক অৱস্থা৫। এইটো নো কি যদি জানিব খুজিছা, তেনেহলে পাৰিপাৰ্শ্বিক অৱস্থাটো এবাৰ পিতিকি চাব লাগিল। পিতিকাৰ আগতে অলপ লোণ সানি লোৱা যাওক।

 পাৰিপাৰ্শ্বিক অৱস্থাই যে কেৱল বৰ্তমান কালৰ নিয়মবোৰকেহে বুজায়, এনে নহয়। যি অতীত কাৰণবোৰে বৰ্তমানত কোনো পৰিবৰ্তন কৰিব পাৰে, তাকো পাৰিপাৰ্শ্বিক অৱস্থাৰ ভিতৰত ধৰা হয়। যেনে অতীতৰ নানাবিধ অত্যাচাৰৰ পৰা বৰ্তমান ৰুচিয়াৰ বিদ্ৰোহ; অতীতৰ নানাবিধ ঘটনাৰ সমন্বয়ত বৰ্তমান পৃথিৱী ব্যাপী মহাৰণ; কেনোবা পীৰীৰ কোনোবা এজন বিবেচনাহীন লোকৰ দোষত বৰ্তমান পীৰীৰ নিৰীহ সন্তানৰ নানাবিধ ৰোগ-ভোগ; ইতাদি।

 এইখিনি কথাত অৱশ্য কুলানুক্ৰমিক দোষ-গুণ-সংক্ৰমণ (Heredity) বেলেগে ধৰা নাই। এই বিষয়ে কথা পাছত ওলাব। [৯ অনুচ্ছেদ। ]

 পাৰিপাৰ্শ্বিক অৱস্থাক প্ৰধান কৈ দুটা ভাগ কৰিব পাৰি— প্ৰাকৃতিক আৰু সামাজিক। আমাৰ ছাল কলা, চাহাবৰ চামৰা বগা; কাৰণ, প্ৰাকৃতিক অৱস্থা। হিন্দু লৰাই নাম কীৰ্তন কৰে, (অৱশ্য আশা হে কৰোঁ), মুচলমানৰ লৰাই নামাজ পঢ়ে; কাৰণ, সামাজিক অৱস্থা। মিৰীৰ ছলি বনৰীয়া আৰু কষ্ট-সহিষ্ণু, কলিকতীয়া ছলি মাৰ্জিত আৰু ‘ননীৰ পুতুল’; [  ] মূলত সামাজিক আৰু প্ৰাকৃতিক অৱস্থা। প্ৰাকৃতিক অৱস্থা- বোৰে মানব-শিশুৰ কিছু পৰিমাণে বিকাশ কৰে; আৰু সামাজিক অৱস্থাবোৰে কৰে কিছু পৰিমাণে। এই দুয়োবিধ অৱস্থা লগ লাগি, ইটোএ সিটোএ বিকাশ কৰা কৰি কৈ, যি পৰিবৰ্তন হয় সেয়ে মূল বিকাশ— যাৰ গুণত একে লগে একে ঠাইতে হোৱা ৰাজাৰ ছলি হল বিক্ৰমাদিত্য আৰু বামুণৰ লৰা হল বিকা-বামুণ।

ইয়াতে মন কৰিব লগীয়া কথা এই, যি বিকাশটো ঘটিল সি তিমান শিশুৰ নিজা বলত নহয়, যিমান প্ৰাকৃতিক আৰু সামাজিক অৱস্থাবোৰৰ জোৰত শিশু, যেনিবা, এক সোপা মাটি আৰু পাৰিপাৰ্শ্বিক অৱস্থা খনিকৰ। খনিকৰৰ নিপুণতাৰ তাৰতম্য অনুসৰি বোকাই দেৱী- প্ৰতিমাৰ পৰা ধান-উহোৱা-উধান, যিহৰ তিহৰ আকৃতি প্ৰাপ্ত হয়।

 


সমাজৰ ইচ্ছাকৃত প্ৰভাৱ   ৬। যদি শিশুটোক আমি কোনো বিশেষ প্ৰকাৰে বিকাশ বা পৰিবৰ্তন কৰিবলৈ বিচাৰোঁ, তেনে-হলে আমি খনিকৰ হে সলাবলৈ চেষ্টা কৰিব লাগিব। চিধা কথা কবলৈ হলে পাৰিপাৰ্শ্বিক অৱস্থাবোৰৰ পৰিবৰ্তন কৰিব পাৰিলেহে শিশুৰ পৰিৱৰ্তন কৰিব পাৰি, নহলে নোৱাৰি। এতিয় [  ] বিচাৰ কৰিব লাগে, পাৰিপাৰ্শ্বিক অৱস্থাৰোৰৰ কিবা পৰিবতন কৰিব পাৰি নে নোৱাৰি।

 আদিতে কথা এটা কৈ থোৱা যাওক,— যি সকলে সদীয়াৰ লৰা নদীয়াত আৰু চিলাতৰ লৰা বিলাতত থৈ শিক্ষা দিব খোজে, তলত কোৱা কথাখিনি তেওঁ-বিলাকত তিমানকৈ নাখাটিব; কিন্তু ই বাকী ৯০ জনৰ গাত ফলিৱা কথা।

 আগত কৈ আহি হল যে পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰধান কৈ দুটা ভাগ— এটা সামাজিক আৰু ইটো প্ৰাকৃতিক। চমুকৈ কব লাগিলে, প্ৰাকৃতিক পাৰিপাৰ্শ্বিক অৱস্থাবোৰৰ পৰিবৰ্তন কৰিব নোৱাৰি, বা কৰা কষ্টসাধ্য। কিন্তু সামাজিক অৱস্থাবোৰৰ অনেক পৰিমাণে পৰবতন কৰিব পাৰি। অসমীয়া লৰা এটাক আসামৰ যি প্ৰাকৃতিক অৱস্থা তাৰপৰা আঁতৰোৱা টান; কিন্তু তাৰ যি সামাজিক অৱস্থা তাৰ অনেকাংশ বদলাই দিব পাৰি। যেনে, তাৰ যদি মাক- বাপেক বলীয়া বা কানীয়া, তেনেহলে তাক মাক-বাপেকৰ পৰা আতৰাই নিব পাৰি; তাৰ যদি লগৰীয়া বোৰ অসৎ, সিহঁতৰ লগ নলগাকৈ ৰাখিব পাৰি। তেও কিন্তু ছলিটো সামাজিক অৱস্থাৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা নাই। সি স্বভাৱতেই অসমীয়া মানুহৰ দৰে মাত-কথা শিকিব, অসমীয়াৰ দৰে কাপোৰ-কানি পিন্ধিবলৈ ধৰিব, আৰু পশ্চিমীয়া সভ্যতাৰ [ ১০ ] পোহৰ পোৱা লোকৰ চকুত লেতেৰা লাগিলেও, হাতৰ আঙুলি চুৱাই খাবলৈ জানিব।

 এই খিনিতে সামাজিক অৱস্থাৰ দুটা ভাগ হল। এটা ভাগ হল— ইচ্ছা-পূৰ্বক এজন মানুহে যিখিনি বদলাই দিলে; আৰু ইটো হল— যি খিনি কোনোএ বদলাই নিদিলে। অসৎ লগৰীয়াৰ লগ এৰুৱাই অশ্লীল গালি শিকাৰপৰা ৰক্ষা কৰাটো হল, সামাজিক অৱস্থাৰ ইচ্ছাকৃত প্ৰভাৱ; আৰু অসমীয়া মাত কথা শিকাৰ কাৰণটো হল, সামাজিক অৱস্থাৰ স্বাভাৱিক প্ৰভাৱ।

 এই পৰ্য্যন্ত আমি তলত দিয়া কথাকেইটা বুজিবলৈ চেষ্টা কৰিছোঁ— মানব-শিশুৰ বিকাশ হয়: বিকাশৰ কাৰণ পাৰিপাৰ্শ্বিক অৱস্থা: পাৰিপাৰ্শ্বিক অৱস্থাৰ মুঠ দুটা ভাগ, সামাজিক আৰু প্ৰাকৃতিক: প্ৰাকৃতিক অৱস্থাবোৰৰ পৰিবৰ্তন দুঃসাধ্য, সামাজিক অৱস্থাবোৰৰ কিছু পৰিবৰ্তন কৰিব পাৰি, কিছু নোৱাৰি: সামাজিক অৱস্থাৰ যি ইচ্ছাকৃত পৰিবৰ্তন আৰু গুণত শিশুৰ বিকাশৰ পৰিবৰ্তন হয়: শিক্ষাদান অৰ্থ এনেকুৱাকৈ পৰিবৰ্তন সাধন কৰা।

সমাজৰ আদৰ্শ   ৭। এতিয়া প্ৰশ্ন এই— কি উদ্দেশ্য মনত ৰাখি, কি আদৰ্শলৈ লক্ষ্য কৰি আমি পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিবৰ্তন কৰিবলৈ অগ্ৰসৰ হম? [ ১১ ] কোনবিলাক অৱস্থা সলাবলৈ আৰু কোনবিলাকৰ প্ৰবল কৰিবলৈ চেষ্টা কৰা যাব?

  আমি আমাৰ লৰা-ছোৱালীক কি হবলৈ বিচাৰোঁ? অশোক, বিক্ৰম, কালিদাস, গোখলে, বিদ্যাৱাগৰ, দাদাভাই (ছোৱালীৰ পক্ষত লীলাবতী, খনা, জয়মতী)— আমাৰ সন্তানক এনেকুৱা দেখিলে ভাল পাওঁ; নে ৰেভিনিউ নাজিৰৰ কলাই পিয়ন, ব্ৰাউন চাহাবৰ বগাই খানচামা, বা চক-বজাৰৰ ৰঙাই বেপাৰী, এনেবিলাক হলে ভাল পাওঁ;— এই প্ৰশ্নৰ উত্তৰ মুকলিকৈ কোৱাৰ আৱশ্যক নকৰে। তাহানিৰ মহাভাৰতৰ গান্ধাৰীৰ এশ পুই শ্ৰেয়ঃ নে কুন্তীৰ পঞ্চ পুত্ৰই শ্ৰেয়ঃ— এই কথাৰো বিশদ আলোচনাৰ সকাম দেখা নাযায়।

  মুঠ কথা, আমি সকলোএ নিজক সকলোতোকৈ উৎকৃষ্ট কৰি তুলিব খোজোঁ; আৰু নিজৰ সন্তানক আমাতোকৈ উৎকৃষ্টতৰ কৰিবলৈ বিচাৰোঁ। কিন্তু উৎকৃষ্ট কোন বিষয়ত, ভাল কি গুণত? ইয়াৰ সংক্ষেপ উত্তৰ এই— সমাজে যি যুগত যিহকে ভাল বোলে আমি সেই যুগত তাতেই পটুতম হবলৈ ইচ্ছা কৰোঁ।

  মনত কৰা স্পাৰ্টাৰ কথা— যি দেশত প্ৰধান আৰাধনীয় বিষয় আছিল, শাৰীৰিক বিক্ৰম, সহিষ্ণুতা, কৌশল। স্পাৰ্টাৰ এজন ডেকাই শিয়ালৰ ছানা এটা চুৰ কৰি আনি পিন্ধা কাপোৰৰ তলত লুকাই থৈছিল— তেওঁৰ কৌশল দেখুৱাবলৈ। [ ১২ ] শিয়ালে তেওঁৰ পেট ফুটাই নাড়ী-ভুড়ি খাই পেলালে, তেও ডেকাৰ মুখেৰে যন্ত্ৰণাৰ কাতৰ ধ্বনি এটা নোলাল। সেই ডেকা স্পাৰ্টাৰ আদশ; আজিলৈ তেওঁৰ কাহিনী জিলিকি আছে। কৰ্ণ আৰু অৰ্জুনৰ পৰীক্ষাৰ কথা জানা নে? বীজ- গণিতৰ কমলা আৰু ভূগোলৰ নাম মুখস্থ কৰি, আমাৰ দৰে মহলাৰ উপৰি মহলাত উঠি, চৰকাৰী চাকৰি কৰি পেটৰ ভাত মোকোলাব লগীয়া হোৱাহেতেন, কি জানি অৰ্জুন আৰু কৰ্ণৰ ভাগ্যত আমাৰ বঙলা-ঘৰৰ দাৰোৱালৰ চাকৰিটোত মস্ত পাগুৰি মাৰি হাতত বল্লম লৈ থিয় দি হে থাকিব লাগিল হেতেন! তেওঁবিলাকৰ কপাল ভাল যে ডিগ্ৰী-বোলা বস্তুটো আৰু চৰকাৰী বিষয় বোলা অ-বস্তুটো তেতিয়াৰ দিনত আবিষ্কাৰ হোৱা নাছিল। ভিন ভিন সমাজলৈ মন কৰা। চাহাবৰ ‘বাচ্ছাই’ মেম-চাহাবৰ লগত নাচিব জানাটো এটা মহৎ গুণ; চাহাবৰ ‘লেৰকীএ’ গান গাব আৰু নাচিব জানাটো নিতান্ত লাগতিয়াল কথা! আমাৰ সমাজত এই ধৰণৰ ‘লেৰকা-লেৰকীএ’ কি আখ্যান পাব! শব্দ দুটা গ্ৰাম্য। নিজে ভাবি লোবা।

  একপ্ৰকাৰ দৃষ্টান্তৰ পৰা বুজিব পাৰি, সমাজ আদশৰ অনুৰূপ কৰি শিশুক তুলি লোৱাই আমাৰ সকলোৰে ইচ্ছা। অৱশ্য সমাজৰ আদৰ্শৰ বিভিন্নতা আছে, কালভেদে বিভিন্নতা আছে, দেশভেদে বিভিন্নতা আছে। মূলত কিন্তু কথাটো এই— সমাজে যি সময়ত যিহক ভাল বোলে আমি সেই সময়ত তাকে [ ১৩ ] আমাৰ আৰু আমাৰ সন্তানৰ পক্ষে উত্তম আদৰ্শ বুলি গ্ৰহণ কৰোঁ।

 

শিক্ষাৰ অৰ্থ  ৮। এতিয়া যদি আমি ঘূৰি শিক্ষাৰ সংজ্ঞাটো লওঁ, (৩ অনুচ্ছেদ) তেনেহলে তাৰ অৰ্থটো অনেক পৰিষ্কাৰ ৰূপে বুজিব পাৰিমহঁক। পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সংযোগ হৈ, ঘাত-প্ৰতিঘাত হৈ, মানব শিশুৰ বিকাশ হয়। কিন্তু মানুহে ইচ্ছা কৰি এই বিকাশৰ গতি বদলাই দিব বিচাৰে; কাৰণ, মানুহৰ ইচ্ছা যে নিজৰ ছলিক সমাজৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপ কৰি গঢ়ি তোলে। বিকাশৰ গতি যদিও বদলাবলৈ খোজে, তথাপি তাক সম্পূৰ্ণ ৰূপে বদলাব নোৱাৰে। কাৰণ পাৰিপাৰ্শ্বিক অৱস্থাৰ এটা অংশৰ পৰিবৰ্তন হে সাধাৰণ লোকৰ সাধা। এই অংশৰ পৰিবৰ্তন কৰি মানুহে শিশুৰ ওপৰত যি প্ৰভাৱ বিস্তাৰ কৰে সেই প্ৰভাৱৰ ফলত শিশুৰ বিকাশৰ গতি অন্য ৰূপ হয়।

  সাধাৰণৰ পক্ষে এই প্ৰভাৱ সামাজিক অৱস্থাৰ পৰিবৰ্তনৰ পৰাই হয়; ভাগ্যৱানৰ বেলিকা প্ৰাকৃতিক পৰিবৰ্তনো সম্ভৱ। যি পৰিমাণে মানুহৰ এই চেষ্টা ইচ্ছা-প্ৰসূত, সেই পৰিমাণে ই শিক্ষা [ ১৪ ] এই কথা সঙ্কেতেৰে বুজাবলৈ তলত এটা ঘৰ দিয়া হল:—

পাৰিপাৰ্শ্বিক অৱস্থা
প্ৰাকৃতিক
সামাজিক
ইচ্ছাকৃত
স্বাভাৱিক
প্ৰভাৱ
প্ৰভাৱ
প্ৰাকৃতিকসামাজিক
পৰিবৰ্তনপৰিবৰ্তন
শিক্ষা

কুল-সংক্ৰমণ
(Heredity)
আৰু
পূৰ্ব জন্মৰ সংস্কাৰ

৯। জন্ম-মৃত্যুৰ অতি প্ৰাচীন সমস্যা আজি পৰ্য্যন্ত নবীন হৈ থাকিল। ইয়াৰ পৰা বুজিব পাৰি, মানব-সমাজৰ অভিজ্ঞতাই কিমান উন্নতি কৰিছে। অনেকে আজি কালি আত্মিকবিদ্যাৰ (Spiritualism) আশ্ৰয় লৈ এই মহা সংশয়ৰ স্থানত বিশ্বাসৰ স্থাপনা কৰিছে। এই [ ১৫ ] বিদ্যাৰ সিদ্ধান্তবোৰ কোনো প্ৰত্যক্ষ ঘটনাৰ সাক্ষী নে কোনো বিকৃত মস্তিস্ক অস্থিৰ জল্পনা— এই কথাৰ বিচাৰ কৰাৰ আমাৰ আৱশ্যক নাই। কিন্তু এটা অৰ্থত অন্ততঃ, ‘পূৰ্ব জন্মৰ সংস্কাৰ’ কথাটো যে সম্পূৰ্ণ নিৰৰ্থক নহয়, তাকেহে কবলৈ বিচাৰছোঁ

  যি বিকাশৰ কথা কোৱা হল তাত ‘কুল-সংক্ৰমণ’ বা Heredity বুলি এটা কথা আছে। [২। ৫] এই পদটোৰ অৰ্থ বংশানুক্ৰমে পোৱা দোষ বা গুণৰ সমষ্টি। মানব শিশুৰ— আৰু সমস্ত বস্তুৰে— বিকাশ সাধন কৰে দুটা শক্তিএ, এটা পাৰিপাৰ্শ্বিক অবস্থা আৰু ইটো উত্তৰাধিকাৰী সূত্ৰে পোৱা দোষ-গুণৰ সমষ্টি।

  উপৰুৱা অৰ্থত, এই Heredity বা বংশানুক্ৰমে দোষ- গুণৰ অধিকাৰ পোৱাকে পূৰ্ব-জন্মৰ সংস্কাৰ বুলিব পাৰি। পূৰ্ব-জন্মৰ সংস্কাৰ অনুসৰি মানুহ ভাল বা বেয়া পাপী বা পুণ্যবান্‌, ধনী বা নিৰ্ধন, ৰোগী বা নীৰোগ হয়। প্ৰমাণ বিচাৰা যদি স্মৃতি-শাস্ত্ৰৰ পৰা ভাবে ভাবে শ্লোক আনি তোমালোকৰ মূৰত একোটো গেজেপা বোজা দি দিব পাৰোঁ। সেই দৰে কুল-সংক্ৰমণৰ ফলত মানুহ ভাল-বেয়া গুণী-নিৰ্গূণ ৰোগী বা নীৰোগ হয়। কথা আছে—

ভঙা হক চিঙা হক পাটৰ টঙালি।
সৰু হক বৰ হক ভূঞাৰ পোৱালী॥

[ ১৬ ]   এই ভূঞাৰ পোৱালী হোৱাৰ এটা গুণ আছে, এটা মহত্ত্ব

আছে।

  কিন্তু ইয়াতেই পূৰ্ব-জন্মৰ সংসাৰৰ লগত মিল শেষ। পূৰ্ব- জন্মৰ সংস্কাৰ হৈছে ব্যক্তিগত— মই নিজে যি কৰোঁ তাৰ ফলাফল পাছৰ জন্মত ভুগিবলৈ পাওঁ। কিন্তু কুল-সংক্ৰমণ পুৰুষানুক্ৰমিক— মোৰ শক্তি বা দৌৰ্বল্যৰ কাৰণে মই নিজতকৈ মোৰ পিতৃপুৰুষ সকল হে বেছি দায়ী; আৰু ই মানব-জাতি- গতও— গোটাই মানব জাতিএ ইমান দিনে যি অভিজ্ঞতা সঞ্চয় কৰিলে, তাৰ ফলত বৰ্তমানত আমি এই প্ৰকাৰে চলিব পাৰিছোঁ।

  পূৰ্ব-জন্মৰ সংসাৰেই বোলা বা কুল-সংক্ৰমণেই বোলা, ইয়াৰ লগত শিক্ষাৰ তিমান সাক্ষাৎ সম্বন্ধ নাই। বংশ-পৰম্পৰাই যি দোষ বা গুণৰ অধিকাৰ লৈ শিশু জন্ম গ্ৰহণ কৰে তাক আমি আচলতে পৰিবৰ্তন কৰিব নোৱাৰোঁ। সেই দেখি তাৰ প্ৰভাৱ আৰু সেই প্ৰভাৱৰ গুণত যেনে বিকাশ হোৱাৰ কথা, তাতে আমাৰ তিমান হাত নাই।

  কিন্তু সেই বুলি মানব সমাজৰ হিতৈষী সকল নিৰন্ত থাকা নাই। বতৰ্মান পীৰীৰ কাৰণে বিশেষ একো কৰিব নোৱাৰিলেও, ভবিষ্যত পীৰীৰ মঙ্গলৰ বাবে অনেক কৰিব পাৰি বুলি তেওঁলোকে ভাবে। সেই অৰ্থে পশ্চিমৰ অনেক দেশত যথেষ্ট চেষ্টাও চলিছে। বৰ্তমান পীৰীক ভালমতে শিক্ষা দি আমি [ ১৭ ] আগলৈ কুলসংক্ৰমণ ভাল হোৱাৰ দিহা কৰিব পাৰোঁহঁক। যাৰ বংশ বিশেষ-দোষ-বিশিষ্ট— যেনে বলিয়ালি, দুষ্টালি— বা যাৰ গাত কোনো সংক্ৰামক ব্যাধি থাকে— যেনে ক্ষয়, বাত- তেনে লোকৰ সতি-সন্ততি হবলৈ বাধা দি, তেনে লোকৰ লগত তাৰ বিপৰীত গুণমুক্ত লোকৰ বিবাহ-বন্ধন নিৰূপণ কৰি, অনেক পৰিমাণে কুল-সংক্ৰমণৰ বেয়া প্ৰভাৱ প্ৰতিৰোধ কৰিব পাৰি বুলি বৰ্তমান যুগৰ বৈজ্ঞানিক সমাজ সংস্কাৰক সকলে-বিশ্বাস কৰে। এওঁবিলাকে এই বিদ্যাৰ নামে দিছে ‘সৌজনন’ বিদ্যা বা Eugenics. যি হক শিক্ষা অৰ্থত সাধাৰণতে আমি যি বুজোঁ, তাৰ লগত এই বিদ্যাৰ সস্পৰ্ক কম।

 

শিক্ষা-দানৰ উপায়  ১০। আমি দেখি আহিলোঁ, বিশ্বব্ৰহ্মাণ্ডৰ আন আন সকলো বস্তুৰ দৰে মানব-শিশুৰো বিকাশ হয়। এই বিকাশৰ নিয়ামক দুটা শক্তি— শিশুএ পুৰ্ব-পুৰ্ব-পুৰুষৰপৰা যি শক্তি উত্তৰাধিকাৰী-সূত্ৰে পায়, আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰভাব। সমাজৰ ইচ্ছা, যেন শিশু সমাজৰ উৎকৃষ্ট আদৰ্শ অনুৰূপ হৈ বিকশিত হৈ উঠে। সেই ইচ্ছা কাৰ্য্যত পৰিণত কৰিবলৈ মানুহে কিছুমান চেষ্টা কৰে; এই চেষ্টাবোৰ ইচ্ছা-প্ৰসূত।

  এই দৰে চেষ্টা কৰিবলৈ মানুহে কিছুমান নিয়ম বান্ধি আৰু কিছুমান উপায় উলিয়াই লৈছে। এইবোৰক প্ৰধানতঃ পাঁচ [ ১৮ ] ভাগত ভগাব পাৰি— ১) ঘৰৰ শাসন, (২) সমাজৰ শাসন, (৩) ধৰ্মৰ শাসন, (৪) ৰজাঘৰীয়া শাসন আৰু (৫) স্কুলৰ শাসন।

  ঘৰৰ শাসনৰপৰা আৰম্ভ কৰি ক্ৰমাৎ কি কি কাৰণ-গুণত মানুহে স্কুল পাতি শিশুৰ ক্ৰিয়াবোৰ নিয়মিত কৰিব লগীয়া হল, তাৰ অলপ [৩। ৭ ] বহল আলোচনা তৃতীয় অধ্যায়ত পোৱা যাব। কিন্তু দেখা যায় যে সকলো সভ্য সমাজতেই এই কেই প্ৰকাৰ শাসনৰ সহায়ত মানুহৰ প্ৰবৃতিবোৰক সংযত কৰি মানুহক ‘সজ' বাটেৰে চলাবলৈ বিচাৰা হয়। এনেকি, অসভ্য সমাজ যাক বোলোঁ, তাতে প্ৰথম চাৰি প্ৰকাৰ শাসনৰ প্ৰভাব দেখা যায়; স্কুলৰ তিমান নাই; কাৰণ, স্কুল নিজৰ উন্নতিৰ কাৰণে কৰা অনুষ্ঠানবোৰৰ ভিতৰত মানব-সমাজৰ শেষৰ সৃষ্টি।

 

শিক্ষা আৰু শিক্ষা-বিজ্ঞান   ১১। মানব সমাজে এই পাঁচ বিধ শাসনৰ দ্বাৰা শিশুৰ সামাজিক অৱস্থাৰ পৰিবৰ্তন কৰিবলৈ চেষ্টা কৰে। গতিকে শিক্ষাকো আমি এই পাঁচ ভাগত ভগাব পাৰোঁ। (ক) ঘৰৰ শিক্ষা, (খ) সমাজ শিক্ষা, (গ) ধৰ্ম শিক্ষা, (ঘ) ৰজা ঘৰীয়া শিক্ষা, আৰু (৪) স্কুলৰ শিক্ষা। [ ১৯ ]  শিক্ষা বিজ্ঞানে এই আটাই কেইবিধ শিক্ষা নাসামৰে; সামৰে মুঠতে শেষৰ বিধ, বা স্কুলৰ শিক্ষা।

 শিক্ষকে স্কুল শিক্ষাকেহে নিয়মিত কৰিব পাৰে। ঘৰৰ ব্যৱহাৰ লৰ-চৰ কৰা, সমাজৰ বিধি-বিধানত হাত দিয়া, ৰজাৰ আইন-কানুনত বাদ-প্ৰতিবাদ কৰা, বা গুৰু-গোঁসাইৰ শৰণ-ভজনত দায়-দোষ খুচৰা, শিক্ষকৰ কৰ্তব্য নহয়। তাকে কৰিবলৈ গলে, ‘কুকুৰ আৰু গাধা’ৰ সাধুৰ গাধাৰ দশাৰ দৰে শিক্ষকৰ দশা হলে, তাৰ বাৰে আন কোনো জগৰীয়া নহয়। শিক্ষা বিজ্ঞানে সেই দেখি শিক্ষাৰ কেৱল সেই অংশৰ হে আলোচনা কৰে যি অংশ স্কুলৰ সহায়ত সাধিত হয়।

 ইয়াতে আৰু এটা ঘৰ দিয়া হল:—

বিকাশ
প্ৰাকৃতিক
সামাজিক
ইচ্ছা-প্ৰসূত
স্বাভাবিক
ঘৰসমাজধৰ্মৰজাস্কুল

 কিন্তু সেই বুলি আমি ঘৰৰ পিতা, সমাজৰ নেতা, ধৰ্মৰ গুৰু আৰু ৰাজ্যৰ মূৰীৰ ওচৰত হাত নাপাতি নোৱাৰোঁ। স্কুলৰ শিক্ষাৰ লগত এই সকলৰ শাসনৰ মিল নাথাকিলে শিক্ষাদান অসম্ভৱ। স্কুলত শিকালোঁ, ‘মিছা নকবা’; কিন্তু [ ২০ ] ঘৰত যদি তাৰ ওলোটা উপদশৰ হাতে হাতে শিক্ষা পায়, তেনেহলে স্কুলৰ শিক্ষাৰ লাভ কি? লৰাই স্কুল শিকিলে, ‘হিংসা কৰা পাপ’; কিন্তু নিজ-গাৱঁলৈ আহি যদি এটা দলত যোগ দি বিপক্ষ দলক বিপাঙত পেলাই পৰৰ নীতিৰ মৰ্য্যাদা ৰক্ষা কৰিবলৈ বিচাৰে, তেতিয়া কি ফল?

  এই কাৰণে স্কুলৰ শিক্ষাৰ উচিত ফল পাবলৈ হলে, ঘৰ আৰু সমাজ, ৰজা আৰু ধৰ্ম, সকলোএ স্কুলৰ শিক্ষাক সম্পূৰ্ণ- ৰূপে সমৰ্থন আৰু অনুমোদন কৰিব লাগিব।

  ইয়াৰ অৰ্থ এই যে সকলোএ শিক্ষাৰ নো কি উদ্দেশ্য তাক বেছ কৰি হৃদয়ঙ্গম কৰি লৈ, প্ৰত্যেকে এই উদ্দেশ্য সাধনৰ কাৰণে চেষ্টা কৰিব লাগিব। তেহে সমাজত প্ৰকৃত শিক্ষিত লোকৰ আবিৰ্ভাৱ হব পাৰিব।

 

মানব-জীবনৰ উদ্দেশ্য আৰু শিক্ষা   ১২। এতিয়া আমি শিক্ষাৰ উদ্দেশ্য কি এই বিষয়ে যৎ কিঞ্চিত আলোচনা কৰিব পাৰোঁ। আদি পাঠৰ পৰা আৰম্ভ কৰি অনেক গ্ৰন্থতে শিক্ষাৰ উদ্দেশ্যৰ কথা পৰোক্ষ ভাৱে বৰ্ণনা কৰা আছে। বঙালী শিশু শিক্ষাত আছে:—

‘লেখাপড়া কৰে যে
গাড়ী ঘোড়া চড়ে সে। ’

  গাৰী ঘোঁৰাত উঠি ডাঙৰ মানুহ কহলাই ফুৰিবলৈ যে [ ২১ ] কাৰো আপত্তি নাই, এই কথা নিঃসংশয়। সেই দেখি অসমীয়া কবিএ গাইছে,

‘অহে মোৰ প্ৰিয় লৰা উপদেশ ধৰা,
কায়মনোবাক্যে তুমি বিদ্যা শিক্ষা কৰা। ’

  ইয়াৰ চমু ব্যাখ্যা এই। তুমি যে গাৰী ঘোঁৰাত— আজি কালিৰ হলে মটৰ কাৰত উঠি, চাৰিওফালে হুৰহুৰাই, বাটত ধেনুভিৰীয়াকে আদি কৰি সকলো প্ৰকাৰ ‘চালাম’ আদায় কৰি, নিচলা খোজ কাঢ়ি ফুৰা মানুহৰ গাত ধুলি ছটিয়াই আৰু তাৰ বিনিময়ত তেওঁলোকৰ পৰা (মনে মনে হলেও) মধুৰ সম্বোধন এবাৰ পাই, বৰ মানুহ বোলাই ফুৰিব খোজা— ইয়াত বচবাচ্য একো নাই, ই তৰ্কৰ অতীত। এয়ে তোমাৰ সকলো যত্ন আৰু পৰিশ্ৰমৰ চৰম লক্ষ্য। যদি এই কথাই ঠিক, তেনেহলে এই লক্ষ্যলৈ ঘৰলৈ পোন বাট আছে— তুমি লিখা-পঢ়া কৰা।

  এইখিনি কথা লুটিয়াই চালেই আমাৰ প্ৰশ্নটোৰ এটা সাধাৰণ উত্তৰ ওলাই পৰিব। লিখা-পঢ়া কিয় কৰিব লাগে? যাতে আগলৈ গাৰী-ঘোঁৰাত উঠিব পাৰা। গাৰী-ঘোৰাত নো উঠাৰ কাম কি? কাৰণ, তেনেদৰে ডাঙৰ মানুহ হোৱাটো অনেকৰে জীৱনৰ উদ্দেশ্য।

 যদি কাছাৰিত ওকালতি কৰি জীৱনৰ অমিয়া ভূঞ্জিব খোজা, তেনেহলে ইউনিভাৰ্চিটিত সোমাই চিধা বি-এল্‌-দুৱাৰে [ ২২ ] দি ওলাই আহা। যদি কেৰানি-কৃত্যৰ দ্বাৰা জীৱন কৃতকৃত্য কৰিবলৈ বিচাৰা, তেন্তে মেট্ৰিককে মাতৃ বুলি ধৰি এপ্ৰেন্টিচ দুবাৰ-দলিত ভৰি দিয়া। আৰু যদি শিক্ষকতাৰ নিকাৰ ভূঞ্জিবৰ বাসনা, তেনেহলে হয় আমাৰ এই যন্ত্ৰৰ ভিতৰলৈ আহা, নহয় ইস্তফা-পত্ৰ লিখিবলৈ শিকি লোৱা। সভ্য সমাজত জীৱন-যাত্ৰা-নিৰ্বাহৰ আন অনেক উপায়ৰ কথা শুনা যায়; কিন্তু আমি পবিত্ৰ আৰ্য্যবংশোদ্ভৱ মানুহে হাত-ভৰি লৰি, হাতুৰি কোবাই, দাঁৰী-পাল্লা ধৰি, বা হালৰ মুঠিক অৱলম্বন কৰি, টকা আৰ্জিব লাগিলে, আমাৰ ইমান পুৰণি- কলীয়া আৰ্য্য জাতটো থাকে কেনেকৈ।

  মুঠ কথা, জীৱনৰ যি উদ্দেশ্য সেই উদ্দেশ্য সাধনত সহায় কৰিবলৈ আমাক শিক্ষাৰ আৱশ্যক, আমি ইয়াকে বুজি ললোঁ।

নীতি-শাস্ত্ৰত (Ethics) জীৱনৰ উদ্দেশ্য-বিষয়ক মতবাদ

  ১৩। ৰক্তবীজ দানবৰ কথা নিশ্চয় তোমালোকে শুনিছা। এই অসুৰৰ হেনো মূৰটো কাটিলে যি কেইটোপা তেজ মাটিত পৰে আকৌ সেই কেইটা ৰক্তবীজৰ পুনৰুদ্ভৱ হয়। মোৰ প্ৰৱন্ধটোৰো দুৰ্দশা তেনে হৈছে। ইয়াৰো এটা প্ৰশ্নৰূপী তেজৰ পৰা আন এটা প্ৰশ্ন উপস্থিত হৈছেহি।

  কিন্তু সেই বুলি বেছি ভয় খোৱাৰ আৱশ্যক নাই। [ ২৩ ] নীতিশাস্ত্ৰৰ সুখবাদ (Hedonism), লোকহিতৈষণা-বাদ (Utilitarianism), সম-বিকাশ-বাদ (Harmonious culture), আৰু আত্মপূৰ্ণতা-বাদ (Self-perfection) প্ৰভৃতি জীৱনৰ উদ্দেশ্য সম্বন্ধে যিবিলাক ভিন্ ভিন্ মত আছে– তাৰ সমন্বয় সাধন কৰা মই মুৰুখ-মতিৰ কাৰ্য্য নহয় নীতি শাস্ত্ৰৰ পৰা সাৰ কথা ইয়াকে পোৱা যায় যে দাৰ্শনিক পণ্ডিত সকলে— অৰ্থাৎ মানবজাতিৰ চিন্তাশীল অংশই— জীৱনৰ যে কিবা এটা উদ্দেশ্য আছে তাক স্বীকাৰ কৰে আৰু এই উদ্দেশ্য নো কি তাকে সঠিক কৈ কব নোৱাৰে;— পাৰাহেতেনে ভিন ভিন মত অবলম্বনৰ অৱসৰেই নাথাকে।

  তেনেহলে, এই প্ৰশ্নৰ মীমাংসা হোৱা নাই নে? ইয়াৰ উত্তৰ বিচাৰিবলৈ আমি আৰু আন কথা এক আখৰ ইয়াতে তুলিব লগীয়া হল।

  আমি যি-হক সঁচা বুলি, শুদ্ধ বুলি লওঁ, সি বৰ্তমান সময়ৰ কাৰণে আৰু আমাৰ নিজৰ অভিজ্ঞতাৰ মানত হে শুদ্ধ; সি আচলতে সত্য নহবও পাৰে— বা, তাৰ আচল সত্ত্বা নহবও পাৰে। যেনে ধৰা, ভূগোল-শাস্ত্ৰৰ ‘সৌৰ-কেন্দ্ৰিক’ (Helio- centric) আৰু ‘ভূ-কৈন্দ্ৰিক’ (Geo-centric) মতবাদ দুটা। যিমান দিনলৈ ভূ-কৈন্দ্ৰিক মত অনুসৰি নৈসৰ্গিক ব্যাখ্যা দি থাকিব পাৰা হৈছিল, সিমান দিন পণ্ডিত-সমাজে তাকেই সঁচা বুলি ধৰি আহিছিল। কিন্তু যেতিয়া এনে কেতবোৰ নৈসৰ্গিক [ ২৪ ] ঘটনা পোৱা গল যাৰ ব্যাখ্যা এই মত অনুসৰি দিব নোৱাৰি, তেতিয়া সৌৰ-কৈন্দ্ৰিক মত ভাবি চিন্তি স্থিৰ কৰা হৈছে। সময়ত এনে কিছুমান ঘটনা ওলোৱা সম্ভৱ, যাৰ ব্যাখ্যাত এই মতো যথেষ্ট নহব পাৰে। তেতিয়া পণ্ডিতসকলে নতুন মত এটা স্থিৰ কৰিব লাগিব। এই দৰে ‘মহাকৰ্ষণ’ ‘মাধ্যা- কৰ্ষণ’ প্ৰভৃতি সকলো মত ৰ ‘থিওৰিৰ’ এই দশা। যন্ত্ৰ কল কব্জা ইত্যাদিতো এই কথা খাটে। যেনে বাইচিকল, কাচ, লোহা, ইত্যাদি কোনেটো বস্তু সম্পূৰ্ণ নহয়; সময়ৰ লগে লগে উন্নতি আৰু পৰিবৰ্তন হবই লাগিছে।

  জীবনৰ উদ্দেশ্য বিষয়েও এনেকুৱা কোনো পণ্ডিতে আজি পৰ্য্যন্ত জীৱনৰ উদ্দেশ্য এই দৰে নিৰূপিত কৰি দিব পাৰা নাই যে সি সকলো সময় আৰু সকলো দেশৰ প্ৰতি সত্য। অথচ প্ৰত্যেক জাতিএ, প্ৰত্যেক সমাজে, এনে কি প্ৰতিজন ব্যক্তিএ, জীৱনৰ লক্ষ্যটো জ্ঞাত বা অজ্ঞতসাৰে বুজি লৈ হে জীৱন যাপন কৰিব পাৰিছে। এই বিষয়তো

নাসৌ মুনিৰ্যস্য মতং ন ভিন্নম্‌

কিন্তু অলপ গমি চালেই দেখা যায় যে ধৰ্মৰ তত্ত্ব-নিহিত এই গুহাৰ ভিতৰত পোহৰৰ ৰেখাৰ তেনেই অভাৱ হোৱা

 

* এই প্ৰবন্ধ ১৯১৭ চনত লিখা। তেতিয়া ৰুচিয়াৰ বিদ্ৰোহ আৰম্ভ হৈছে; মহাৰণ বৰ প্ৰকোপেৰে চলিছে; আৰু অধ্যাপক ইনষ্টিনৰ Relativity Theory প্ৰকাশ হোৱা নাই। [ ২৫ ] নাই, এই বিভিন্নতাৰ ভিতৰত এটা সাদৃশ্য আছে; সেই সাদৃশ্যটো হৈছে কোনো এটা আদৰ্শৰ উচ্চতম শীৰ্ষলৈ লক্ষ্য। ধনীএ ধন বিচাৰে, কাৰণ তেওঁৰ আদৰ্শ সৰ্বশ্ৰেষ্ঠ ধনী হোৱা। সন্ন্যাসীএ কঠোৰৰপৰা কঠোৰতৰ ব্ৰত উদ্‌যাপন কৰে, কাৰণ তেওঁৰ আদৰ্শ সৰ্বত্যাগী পৰমহংস হোৱা। চোৰে অঘাইতত- কৈও অঘাইত চুৰি কৰে, কাৰণ তেওঁৰ আদৰ্শ ডাঙৰ চোৰ হোৱা। একে কথাত, নিজৰ শ্ৰেণীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হবলৈ সকলোৰে একান্ত বাঞ্ছা আৰু লক্ষ্য। সেই দেখি মানুহৰ জীৱনৰ লক্ষ্যও মানুহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হোৱা— মনুষ্যত্বত সৰ্বশ্ৰেষ্ঠ স্থান অধিকাৰ কৰা।

  মনুষ্যত্ব নো কি?

 

বৰ্তমান সমাজৰ মনুষ্যত্বৰ পূৰ্ণ আদৰ্শ   ১৪। ৰক্তবীজৰ বংশৰ ইয়াতে শেষ নপৰিল বুলি ভয় খাব নালাগে। প্ৰশ্ন অৱশ্য ওলাইছে— মনুষ্যত্ব নো কি? কিন্তু ৰক্তবীজৰ এই নুমলীয়া বংশধৰক, হনুমানে অহিৰাৱণক বধ কৰাৰ দৰে, আমি সহজতে খতম কৰিব পাৰিম বুলি অনুমান কৰিছোঁ।

  বুৰঞ্জীৰ আগৰ যুগৰ কথা চোৱা। দেবৰাজ ইন্দ্ৰ যুজাৰু, বৃত্ৰকে আদি কৰি দানবৰ হন্তা! আদৰ্শ পুৰুষ ৰাম, অৰ্জুন, কৃষ্ণ, ভীম— প্ৰত্যেকে পৌৰুষ আৰু বীৰ্য্যৰ অৱতাৰ [ ২৬ ] ৰামায়ণ-মহাভাৰত পঢ়ি বুলিব নোৱাৰি এই সকল মহাপুৰুষ BLA bla, cLA cla প্ৰভৃতি সুমধুৰ নামখৰি ভাঙি আমাৰ দৰে নানান শাস্ত্ৰত সুপণ্ডিত হব পাৰিছিল নে নাই। জানি, মুঠতে তেওলোক ৰীৰ, মস্ত বলী,

‘ব্যুঢ়ৰস্কো বৃষস্কন্ধঃ শালপ্ৰাংশুঃ মহাভুজঃ। ’

 তাৰ পাছত বৌদ্ধ-যুগ। ললিত-বিস্তাৰত আছে বুদ্ধদেৱ এফালে যেনে সুশ্ৰী ইফালে তেনে বলী, এফালে যেনে বীৰ ইফালে তেনে পণ্ডিত; সকলো শাস্ত্ৰ আৰু সকলো কলা-বিদ্যাৰ জ্ঞানত বুদ্ধদেৱ অদ্বিতীয়।

  বুদ্ধৰ ধৰ্মত সন্যাস-যুগৰ আৰম্ভ কৰিলে। মানুহ লাহে লাহে ত্যাগী পণ্ডিত আৰু শাস্ত্ৰবাদী হৈ আহিল। ‘সংসাৰ অসাৰ, সাৰ ঈশ্বৰ হে’— এই আদৰ্শ লৈ মানুহে সুখ-সম্ভোগ বিলাস- বিভৱ সকলোকে এৰি দৰ্শন-শাস্ত্ৰত আৰু ধৰ্ম-চৰ্চাত মন দিলে।

 আজি পৰ্য্যন্ত এই আদৰ্শৰ প্ৰভাৱ আমাৰ মনৰ পৰা যোৱা নাই। পাঠশালাৰ আঠ-বছৰীয়া লৰা এটাক সোধা, সি পঢ়িছে কিয়; উত্তৰ পাবা, জ্ঞান-অৰ্জন কৰিবলৈ।

  কিন্তু কেৱল জ্ঞান-অৰ্জনৰ কাৰণে পঢ়া দিন আৰু নাই। আৰৈ চাউল এমুঠি কাছকল এচকল আৰু তিন্তিড়ি বৃক্ষৰ পত্ৰ চাৰিটিৰ দ্বাৰা উদৰ-প্ৰবৰ্তনৰ আদৰ্শ যিমানে কবিতাময় ধৰ্ম- জনক আৰু ধৰ্মশাস্ত্ৰৰ নিগূঢ় ৰহস্য-বোধৰ কাৰণে উপযোগী নহক, সি বৰ্তমান যুগত সাংসাৰিক জীৱনৰ নে সম্পূৰ্ণ [ ২৭ ] অনুপযোগী, এই কথা কেইটা আমাক বুজাই দিছে পাশ্চাত্য শিক্ষাই, যাক জড়বাদৰ ফল বুলি আমি আধ্যাত্মিক সকলে তাচ্ছীল্য কৰোহঁক।

  এই যুগত আমাৰ জীৱনৰ উদ্দেশ্য, আমাৰ সমাজৰ উৎকৃষ্ট আদৰ্শ হৈছে কৰ্ম; সকলো কাৰ্যত সুনিপুণ হোৱা, সকলো অৱস্থাতে ৰণ জয় কৰি আহিব পাৰা। মানুহৰ শৰীৰ এটা জটিল যন্ত্ৰ; তাৰ চালিকা শক্তি মন; আৰু মনৰো অধিকাৰ আত্মা। মানুহৰ এই ত্ৰিতয় বিভাগৰ বিভিন্ন বৃত্তি আছে। এই বৃত্তিবোৰৰ সম্যক বিকাশ, সম্যক কৰ্ষণ, হলে হে মানুহ সকলো অৱস্থাৰ প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হব পাৰে। এয়ে হৈছে আমাৰ বৰ্তমান সমাজেৰ আদৰ্শ— সৰ্বতোতাত্তে সকলো বিষয়তে উপযুক্ততা লাভ কৰা। এয়ে আমাৰ জীৱনৰো উদ্দেশ্য, শিক্ষাৰো লক্ষ্য।

  আমাৰ যোজনাত আছে,

‘ডোমৰ লগত মাৰোঁ চিতল।
মৰিয়াৰ লগত খুন্দো পিতল॥’

 

চৰিত্ৰ ১৫। অনেক পণ্ডিতে কৈছে, চৰিত্ৰ-গঠন হে শিক্ষাৰ উদ্দেশ্য। চৰিত্ৰ কি? কিছুমান অভ্যাসৰ সমষ্টি। অভ্যাস কি? আমাৰ কৰ্ম বাৰ বাৰ কৰাত স্বভাৱগত হোৱাই অভ্যাস। গতিকে কৰ্ম [ ২৮ ] কৰিলেহে চৰিত্ৰ-গঠন হব পাৰে। চৰিত্ৰবান্ সেয়ে, যাৰ চিত্ৰ উপযুক্ত সময়ত ‘বজ্ৰাদপি কঠোৰাণি’ আৰু সময়ত ‘মৃদুনি কুসুমাদপি। ’ সেয়ে চৰিত্ৰবান, যি সকলো অৱস্থাতে তাৰ অনুৰূপ ব্যৱস্থা কৰি নিজক সদাই অৱস্থাৰ ওপৰত ৰাখিব পাৰে। সেয়ে চৰিত্ৰবান্‌, যি অৱস্থাৰ দাস নহই অৱস্থাক নিজৰ দাস কৰি লব পাৰে।

  যি শিক্ষাই মানুহক এই সামৰ্থ্য দিব নোৱাৰে, সি বিদ্যা হব পাৰে, তাক জানি মানুহ পণ্ডিত হব পাৰে, কিন্তু তাৰ পৰা মানুহে প্ৰকৃত শিক্ষা নাপালে। সুপণ্ডিত আৰু সুশিক্ষিত লোকৰ প্ৰভেদ অসাথনত।

জীৱিকা অৰ্জন ১৬। কৰ্ম পটু হোৱাৰ এটা প্ৰধান আৱশ্যক মানুহৰ প্ৰত্যেকে নিজৰ জীৱিকা অৰ্জনত সক্ষম হব লাগে। বৰ্তমান যুগত নানাবিধ কল-কৌশলৰ গুণত দেশৰ, আৰু কিছু পৰিমাণে কালৰো, ব্যবধান টুটি আহি মানব-সমাজ দিনক দিনে ক্ৰমে জটিল হৈ উঠিছে। অভিমন্যুৰ চক্ৰব্যুহৰ দৰে এই জটিল সমাজৰ পাকে পাকে ফুৰি তাৰ ভিতৰলৈ সোমাব পাৰা আৰু নিৰাময়ে তাৰ পৰা ওলাই আহিব পাৰা জনেহে প্ৰকৃত শিক্ষিত; তেওঁ হে আজি কালিৰ দিনত যথেষ্ট পৰিমাণে ধন উপাৰ্জন কৰি ধনী মানী সম্ভ্ৰম হৈ সুখত জীৱন নিয়াব পাৰে। [ ২৯ ]   আজিকালিৰ দিনত, আমি অতি উত্তম ৰূপে বুজি লব লাগে, যে জীৱিকা-অৰ্জন জীৱনৰ প্ৰধান আৰু কঠোৰতম সমস্যা। আগৰ দিনত, আৰু কোনো দেৱানুগৃহীত দেশত, জীৱিকা-সমস্যা এটা কথাৰ কথা যেনেই নাছিল যি বিধাতাই হংসক শুক্ল, শুকক হৰিত বৰণীয়া, আৰু ময়ুৰক চিত্ৰিত কৰিছিল, সেই বিধাতাই কি জানি কোনোবা স্বৰ্ণময় অতীত যুগত আৰু কোনোবা স্বপ্নময় ৰাজ্যত মানুহৰো বৃত্তি বিধান কৰি থৈছিল। কিন্তু বৰ্তমান সময়ত, সত্যৰ গুণতেই বা দোষতেই, সমস্ত পৃথিবী আৰু সমস্ত মানব জাতি যেতিয়া আগৰ দিনৰ এখন গাওঁ আৰু গঞাৰ দৰে হৈ পৰিছে, তেতিয়া কোঁচ খাই অহা এই পৃথিবীৰপৰা সেই স্বপ্নময় সত্যযুগ আৰু স্বৰ্ণপুৰীও লোপ পালে আৰু সেই বৃত্তি-বিহোঁতা বিধাতাৰো অন্তৰ্ধান হল। খাটি নাখালে আজিও দয়াশীল বিধাতাই বৃত্তি বিধান নকৰে। আৰু পুৰণি দিনতো মুখ মেলি মেলি চৰাইক টোপ খুৱাই ফুৰা নাছিল।

  এই কথা আমি প্ৰায় পাহৰোঁ; আৰু আমাৰ লৰা ছোৱালীক যেতিয়া কুৰিএ কুৰিএ হাইস্কুল আৰু কলেজৰ বিলাসী শিক্ষা পাবলৈ থেলি-হেঁচি পঠিয়াওঁ, তেতিয়া সিহঁতে যে এদিন নিজে উপাৰ্জন কৰি খাৰ আৰু খুৱাব লাগিব, এই কথাও আমি সম্পূৰ্ণ বিস্মৰণ হওঁ। সেই দেখি, শিক্ষাৰ অন্যতম প্ৰধান উদ্দেশ্য— যে ই আমাক জীৱিকা [ ৩০ ] অৰ্জনত সহায় কৰিব লাগে— এই কথা সৰ্বদাই মনত ৰাখিব লাগে।

  ধন আৰ্জা শিক্ষাৰ উদ্দেশ্য বুলিলে অনেকে উপলুঙা কৰিব পাৰে। কিন্তু ব্যঙ্গই পেট ভৰাব নোৱাৰে; আৰু যিমান দিন আমি সংসাৰিক জীৱন নিয়াব লাগিব তিমান দিন সংসাৰৰ ভোগৰ এতি পৰিসিত বাসনাকো দৰ্শন শাস্ত্ৰৰ যুক্তিএ, উৰাইতো দিব নোৱাৰেই, বেয়া বুলিও প্ৰমাণ কৰিব নোৱাৰে।

  কৌপীন পিন্ধা সন্ন্যাসীএ নাৰিকলৰ কোৰোকা লৈ চাৰিওফালে খুজি মাগি গছৰ তলতে দিন নিয়াব লাগিব। ভো ভো মহামহোপাধ্যায় পণ্ডিতে চাৰি বেদ চৌধ্য শাস্ত্ৰ কণ্ঠস্থ কৰি এবেলা এমুঠা খাই, গাত ফটা কাপোৰ মেৰাই আৰু উৰুষা পঁজাত থাকিয়ে জীবন যাপন কৰিব লাগিব। কিন্তু সংসাৰৰ সুখ ভোগ কৰিব সেই সকলে যিসকল কৰ্মী পুৰুষ, সাত তৰপ সুকোমল তুলিৰ শয্যাত শুব, সেই সকলে যাৰ কৰ্মৰ শক্তি আছে— যি এই কলা-মলা মাটিৰ পৃথিবী খনতে কিবা সাৰ আছে বুলি ভাবি আৰু এই তিনি-চাৰি কুৰিবছৰীয়া দুদিনীয়া জীৱনটোতো কি সত্য আছে বুলি বিশ্বাস কৰি, তাৰ সুখৰ কাৰণে যত্ন আৰু পৰিশ্ৰম কৰিছে।

 

  ১৭। অৱশ্য মই ইমান নিৰ্বোধ নহওঁ যে জীৱিকা[ ৩১ ] সামৰণি আৰ্জনেই একমাত্ৰ জীৱনৰ উদ্দেশ্য বুলি কব খুজিছোঁ; বা যিয়েই জীৱিকা আৰ্জিছে তাকেই শিক্ষিত বুলিছোঁ। মই এই প্ৰৱন্ধৰ আগ ডোখৰত প্ৰকৃত কথা সাধ্যানুসৰি পৰিষ্কাৰ কৈ কই আহিছোঁ। মুঠে, শিক্ষা বিধানত আমি সাধাৰণতে এই সামান্য কথাটোৰ প্ৰতি মন নিদিওঁ দেখি হে এই সম্পৰ্কে দুটা কথা টানি কোৱা হল। এই কথাত কোনোএ আপত্তি কৰিব নোৱাৰে যে জীৱিকা অৰ্জন জীৱনৰ প্ৰধান কৰ্তব্য।

 

 ই নিশ্চয় এটা মুখ্য কাম; কিন্তু একমাত্ৰ কাম নহয়। জীৱনৰ বাকী কৰ্তব্য বিলাক সুন্দৰ ৰূপে কৰিব পাৰিলেহে আমি প্ৰকৃত শিক্ষিত নামৰ উপযুক্ত হব পাৰোঁ। আমাৰ পৰিজন-সতি-সন্ততিৰ প্ৰতি, আমাৰ সমাজৰ প্ৰতি, আমাৰ দেশ আৰু ৰাষ্ট্ৰৰ প্ৰতি আৰু সমস্ত মানব জাতিৰ প্ৰতি, আমাৰ কৰ্তব্য অনেক আছে। অকল সেয়ে নহয়। সমস্ত জীৱ জগত এক সূত্ৰত গাথা; আৰু গোটাই বিশ্ব ব্ৰহ্মাণ্ড এক শক্তিৰ বিকাশ। সকলো জ্ঞান কি বুদ্ধিৰ অতীত, সকলো ইন্দ্ৰিয় আৰু বাত্মনৰ অগোচৰ, সেই সৰ্বভূত জনক আৰু সব নিয়ন্ত্ৰী শক্তিৰ মহত্ব উপলব্ধি কৰি আৰু তেওঁৰ লগত নিজৰ সংযোগৰ সম্পৰ্ক হদয়ঙ্গম কৰি, আমাৰ জীৱনক বিশ্বৰ সেই অব্যক্ত মধুৰ সুৰৰ লগত একে সুৰত বান্ধিব পাৰিলেহে [ ৩২ ] আমি আচলতে সকলো বিলাক কৰ্তব্য সুনিয়মিত ৰূপে সুশৃংখলকৈ সহজ আৰু সৰল ভাৱেৰে কৰিবলৈ পাৰগ হব পাৰিম। শিক্ষাৰ চৰম উদ্দেশ্য এই। কিন্তু যেতিয়ালৈ সংসৰ সংসাৰ হৈ আছে, তেতিয়ালৈ শিক্ষাৰ উদ্দেশ্য সংসাৰিক বিষয়েৰে ব্যক্ত নকৰিলে নিজক ফাঁকি দিয়া হে হব।

  ইংলণ্ডৰ ভূতপুৰ্ব শিক্ষামন্ত্ৰী ফিছাৰ চাহাবৰ উক্তি এটাত এই কথা যিমান পৰিষ্কাৰ কৈ দিয়া আছে, তাতকৈ সহজকৈ সংসাৰিক জীৱনত শিক্ষাৰ উদ্দেশ্যৰ ব্যাখ্যান দিয়া টান। তেওঁৰ কথাৰ মৰ্ম আমি তলত দিলোঁ।

  “আমি শিক্ষাৰ সহায়ত ইয়াকে আশা কৰোঁ যেন আমাৰ সকলো মানুহ উত্তম গৃহস্থ হব পাৰে; তেওঁবিলাক যেন ঈশ্বৰ বিশ্বাসী আৰু কৰ্তব্য পৰায়ণ হয়; তেওঁলোকৰ শৰীৰ আৰু মন যেন নিঘুণ স্বাস্থ্যবান্ হয়, তেওঁবিলাক যেন নিজ নিজ ব্যৱসায়ত সুনিপুণ হয়; আৰু তেওঁ-লোকে যেন সজ আলোচনাৰ দ্বাৰা অৱসৰ সময়তো নিজৰ ভাল কৰিবলৈ পাৰগ হয়। ”

⸻o⸻

 
[ ৩৩ ]
 

দ্বিতীয় অধ্যায়

শিক্ষা-দানৰ অৰ্থ

ছাত্ৰ, বিষয় আৰু শিক্ষক   ১। সকলো ক্ৰিয়াতে তিনিটা অঙ্গ থাকে— কৰ্তা, কৰ্ম আৰু কৰণ। অনেক ঠাইত কোনোটাৰ উল্লেখ নাথাকে; কিন্তু তাৰ অস্তিত্ব সহজতে বুজা যায়। যেনে, মই ‘লিখিছোঁ’; ইয়াত মই কৰ্তা, ‘কথা’ কৰ্ম, আৰু কাগজ কলম- ইত্যাদি কৰণ বা যন্ত্ৰ, যাৰ সহায়ত মোৰ লিখন ক্ৰিয়া চলিছে।

  শিক্ষা-দান ক্ৰিয়াৰো এই তিনিটা অঙ্গ আছে। ইয়াৰ কৰ্তা শিক্ষক, কৰ্ম ছাত্ৰ, আৰু কৰণ বা যন্ত্ৰ বিষয়। প্ৰথমতে বিষয়ক কম-স্থানীয় যেন দেখা যায়; কিন্তু অলপ গমি চালেই পোৱা যাব যে শিক্ষকে বিষয়ৰ সহায় লৈ, বিষয়ৰ যোগে হে, ছাত্ৰক শিক্ষা দিব পাৰে।

  মিস্তিৰিএ কাঠ এডোখৰৰ পৰা টেবুল বা বাকচ বা যেই সেই ভাল বস্তু এখান তৈয়াৰ কৰিব পাৰে। ভাল মিস্তিৰিৰ হাতত পৰিলে সেই বাহানিখন নিমজ হয়, বেয়াৰ হাতত পৰিলে কাঠডোখৰ তেনেই নষ্ট হবও পাৰে। সেই দৰে [ ৩৪ ] শিক্ষকে স্বাভাৱিক প্ৰবৃত্তিৰ বশ, আচাৰ ব্যৱহাৰত অসভ্য, ছলিৰ পৰা সভ্য-ভব্য মাৰ্জিত লোক তৈয়াৰ কৰে। সকলো কাঠৰ সকলো ভাল বস্তু তৈয়াৰ নহয়, জানা মিস্তিৰিএ কাঠৰ প্ৰকৃতি চাই কোন কাঠ কিহৰ উপযোগী ঠিক কৰি লৈ হে কোনো আচবাব তৈয়াৰ কৰিবলৈ আগ বাঢ়ে। সেইদৰে সকলো ছাত্ৰ একে নহয়, অভিজ্ঞ শিক্ষক ছাত্ৰ প্ৰকৃতি বুজি য'ৰ যেনে উপযুক্ত তাক তেনে শিক্ষা দিবলৈ বিচাৰে।

  ওপৰৰ কথা,শিক্ষক ছাত্ৰ বিষয় অতি বহল অৰ্থত ধৰিলেও ৰজিব। যেয়ে শিকায়— পিতৃ মাতৃ, ভাই বন্ধু, শত্ৰু-মিত্ৰ - সেয়ে শিক্ষক; যিহকে শিকোৱা যায়— সজ অসজ, লাগতিয়াল- অলাগতিয়াল- সেয়ে বিষয়; আৰু যাকে শিকোৱা যায়— নবজাত শিশুৰ পৰা খৰঘৰীয়া বুৰা পৰ্য্যন্ত— সেয়ে ছাত্ৰ। এই তিনিটা অঙ্গ পুৰ হলেই, আৰু হলেহে, শিক্ষা দান কাৰ্য্য চলিব পাৰে। তেতিয়া পকা ঘৰ বা গছ-তল শিক্ষাৰ ঠাই, বাচ-বিচাৰ কৰাৰ আৱশ্যক নকৰে।

শিক্ষা-দানৰ অৰ্থ   ২। এই কথাকে অলপ বেলেগ ভাৱে ভাৱি চাব পাৰি। শিক্ষা-দান-ক্ৰিয়াত ছাত্ৰৰ লগত বিষয়ৰ সম্বন্ধ ঘটিব লাগে; এই সম্বন্ধ ঘটাই দিয়ে শিক্ষকে। ছাত্ৰ এটা সুকীয়া বস্তু, বিষয় আন এটা বস্তু। শিক্ষক এই দুই বস্তুৰ পৰিচয় হোৱাৰ দিহা লগাই দিয়ে। [ ৩৫ ]   এটা উদাহৰণ লোৱা যাওক। কেচুৱা ছলি এটাৰ আগত লেম এটা থোৱা হল। লেমৰ ঔজ্জল্যত শিশুৰ কৌতুহল প্ৰবৃত্তিৰ ক্ৰিয়া হল, আৰু সি লেমত হাত দিলে, হাতত চেঙা লাগিল, দুখ পালে আৰু হাত কোঁচাই আনিলে আগলৈ সি লেম লেখিলে, তাৰ ঔজ্জ্বল্যত মোহিত হব পাৰে, তাৰ প্ৰতি কিন্তু আৰু হাত নবঢ়ায়। তাৰ শিক্ষা হল— লেমৰ ঔজ্জল্য নো কি বস্তু সি বুজিলে।

  এই এটা শিক্ষা-দানৰ উদাহৰণ। ইয়াত বিষয়, ‘জলি থাকা লেমৰ ধৰ্ম’; উদ্দেশ্য, ‘কেচুৱাক লেমৰ জুয়ে যে হাত পোৰে’ এই কথাত অভিজ্ঞ কৰা। শিক্ষকৰ কাম, কেৱল লেমটো আগত থৈ এই দৰে চলা যেন কেচুৱাই হাতত দুখ যথেষ্ট পাই, অথচ তাৰ প্ৰকৃত অনিষ্ট একো নহয়।

  লেমটো চুই তাৰপৰা দুখৰ অনুভূতি নোহাৱা পৰ্য্যন্ত লেমটো শিশুৰ পক্ষে অৰ্থহীন আছিল; লেমৰ দুখ দিব পাৰা শক্তিৰ কথা জানাৰপৰা শিশুৰ মনত লেম অৰ্থযুক্ত হল। লেম এতিয়া তাৰ সম্পূৰ্ণ বাহিৰা বস্তু নহয়। এতিয়া লেমৰ লগত শিশুৰ সংযোগ ঘটিল। শিশুএ এই ৰহস্যময় বিশ্বৰ আৰু এটা ক্ষুদ্ৰ কণাৰ লগক্ত সম্বন্ধ পাতিলে; তাৰ জ্ঞানৰ পৰিমাণ বাঢ়িল; সি লেমৰ বিষয়ত কিছু অভিজ্ঞ হল।

  বিশ্বৰ বস্তুৰ লগত পৰিচয় বা জ্ঞান-অৰ্জুন বা অভিজ্ঞতা সঞ্চয় কৰাই দিয়াই শিক্ষা-দান। শিক্ষা-দান কৰি শিক্ষকে [ ৩৬ ] ছাত্ৰক তাৰ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত পৰিচয় কৰাই দিব লাগে; আন কথাত, তাৰ জ্ঞানৰ পৰিমাণ বেছি কৰিব লাগে, বা পাৰ্য্যমাণে তাক সকলো বিষয়তে অভিজ্ঞ কৰিব লাগে।

  প্ৰথম অধ্যায়ত আমি কৈ আহিছোঁ যে পৰিপাৰ্শ্বিক অৱস্থাৰ ঘাত-প্ৰতিঘাতৰ গুণত শিশুৰ বিকাশ ভিন্ন ভিন্ন হয়; আৰু সমাজে পাৰিপাৰ্শ্বিক অৱস্থা বদল কৰি দি শিশুৰ বিকাশ নিজৰ মনোমত কৰিবলৈ চেষ্টা কৰে; এয়ে শিক্ষা। পাৰিপাৰ্শ্বিক অৱস্থা বদল কৰাৰ অৰ্থে সমাজে শিক্ষকৰ ওপৰত ভাৰ দিছে। যিবিলাক অবস্থাৰ লগত ঘনিষ্ঠ পৰিচয় হোৱা আৱশ্যক বুলি ভাবো, শিক্ষকে সেই অৱস্থাবোৰ ছাত্ৰৰ ওচৰ চপাই দিয়ে; আৰু যিবিলাক অৱস্থাৰ পৰা আঁতৰি থাকা শিশুৰ পক্ষে ভাল বুলি বিবেচনা কৰোঁ, শিক্ষক সেইবোৰৰ প্ৰভাব প্ৰতিৰোধ কৰে।

 

শিক্ষা-দান নে শিক্ষা গ্ৰহণ   ৩। এনেকুৱা ক্ৰিয়াৰ ফলত শিশুৰ অভিজ্ঞতা বাঢ়ে; লগে লগে তাৰ কৰ্মৰ শক্তি আৰু ভোগৰ ক্ষমতাও বাঢ়ে।

  নতুন আম ওলাইছে; শিশুক আম কাটি খাবলৈ দিলোঁ; সি আম কি জানিলে। তাৰ পাছত আম দেখিলে কটাৰি আনি তাক পাৰাই নোৱাৰাই কাটিব চাব, দাঁতেৰে কামুৰি খাবলৈ যত্ন কৰিব। আমৰ বিষয় [ ৩৭ ] শিশুৰ অকল জ্ঞান হৈয়েই নাথাকিল, আমৰ প্ৰতি সি কেনে ব্যৱহাৰ কৰিব লাগে তাকে শিকিলে আৰু তাৰ সোৱাদত যে এটা সুখ আছে তাকো বুজি পালে।

  ইয়াতে এই কথা মন কৰিব লাগে যে এই প্ৰকাৰে অভিজ্ঞ হোৱাত শিক্ষকৰ কামত কৈ ছাত্ৰৰ কাম বেছি। পূৰ্বৰ লেম- বিষয়ক উদাহৰণটোকে আকৌ লওঁহঁক। শিক্ষকে লেমটো আনি ছাত্ৰৰ আগত থব পাৰে; ছাত্ৰই যদি কৌতুহল-প্ৰবৃত্তিৰ বশবৰ্তী হই লেমটো লাৰি নাচায়, তেনেহলে ছাত্ৰৰ হাতখন জোৰ কৰি লেমৰ গাত লগায়ো দিব পাৰে। কিন্তু লেমত হাত লাগিলতো যদি ছাত্ৰৰ দুখৰ অনুভূতি নহয়, তেতিয়া শিক্ষকে কি কৰিব পাৰে? আমি সাধাৰণত কওঁ যে লেমত হাত লাগিল দুখৰ অনুভূতি নহই নোৱাৰে। ঠিক কথা; কিন্তু দুখ অনুভূতি জন্মোৱাত শিক্ষকৰ কিবা হাত আছে নে?

  এই অনুভূতি জন্মিবলৈ লাগিল— প্ৰথম, লেমৰ পুৰিব পাৰা শক্তি, দ্বিতীয়, ছাত্ৰৰ হাত আৰু লেমৰ সংস্পৰ্শ; আৰু তৃতীয় ছাত্ৰৰ এনে এটা নিজা অন্তঃশক্তি যি শক্তি থাকাৰ হেতুকে সি দুখ পাইছে বুলি বুজিব পাৰে। লেমৰ জুইৰ পুৰিব পৰা ধৰ্ম স্বাভাৱিক, তাত শিক্ষকৰ একো হাত নাই; ছাত্ৰৰো অনুভৱ কৰিব পাৰা ধৰ্ম স্বাভাৱিক, তাতে শিক্ষকৰ একো হাত নাই। মুঠ জুইৰ স্বাভাৱিক ধৰ্মৰ লগত ছাত্ৰৰ স্বাভাৱিক ধৰ্মৰ যি অৱস্থাত ভালৰূপে পৰিচয় হব পাৰে সেই অৱস্থাটে [ ৩৮ ] শিক্ষকে তৈয়াৰ কৰি দিয়ে। সকলো শিক্ষণীয় বিষয়তে এই কথা।

  সাধাৰণতে কোৱা যায়, শিক্ষা দি শিক্ষক ছাত্ৰৰ অভিজ্ঞতা বঢ়ায়; কিন্তু প্ৰকৃততে কোনো শিক্ষকেই ছাত্ৰক শিক্ষা দান কৰা অসম্ভৱ। শিক্ষকে বিষয়খিনি সুগম অৱস্থালৈ আনি ছাত্ৰৰ আগত উপস্থাপিত কৰিব পাৰে; আৰু এই দৰে উপস্থাপিত কৰিব পাৰে, যাতে ছাত্ৰই সহজতে তাক গ্ৰহণ কৰিবলৈ পাৰগ হয়। কিন্তু যদি ছাত্ৰই নিজে গ্ৰহণ নকৰে, নিজে বুজি নলয়, তেনেহলে ভূ-ভাৰতৰ কোনো শিক্ষকৰ সাধ্য নাই যে তেওঁ কোনো বিষয় সম্বন্ধে জ্ঞান ছাত্ৰক দান কৰে। সেই দেখি প্ৰকৃত-পক্ষত ‘শিক্ষা দান’ কথা আখৰৰ অৰ্থ নাই; ‘শিক্ষা-গ্ৰহণ’ বুলিলেহে আচল কথা প্ৰকাশ কৰা হয়।

 

অভিজ্ঞতাৰ অৰ্থ   ৪। ইয়াৰ পৰা বুজিব পাৰিলোঁ যে জ্ঞান-অৰ্জন কথাটোৰ অৰ্থ আছে। কিন্তু জ্ঞান-দান কথাটোৰ অৰ্থ ঘূৰাই-পকাই হে সঙ্গতি খুৱাব পাৰি। জ্ঞান-অৰ্জন মানে নিজৰ বাহিৰত থাকা বস্তুবোৰৰ সম্বন্ধে কিছুমান কথা জানা। কিন্তু কোনো বস্তুকে নিঃশেষ ৰূপে জানা সাধাৰণ মানুহৰ পক্ষে অসম্ভৱ। মই যি কাকতৰ ওপৰত লিখিবলৈ লৈছোঁ, দেখাত সি অতি সামান্য সকলোএ জানা-শুনা বস্তু। কিন্তু সেই কাকতৰে [ ৩৯ ] আতি-গুৰি আমি কোনোএ ভালকৈ নাজানো। ইয়াক তৈয়াৰ কৰাত, নিমজ কৰাত, বগা কৰাত, কি কি বস্তুৰ ব্যৱহাৰ কৰিব লাগিছে, কি কি যন্ত্ৰৰ আৱশ্যক হৈছে, আমি কব নোৱাৰোঁ। সেই সেই বস্তু আৰু সেই সেই যন্ত্ৰ কত পোৱা যায়, কোনে কি কৰে তৈয়াৰ কৰে, ইত্যাদি কথাৰো গম নাপাওঁ। আৰু, লিখা কামৰ উপৰি আৰু কি কি ব্যৱহাৰত কাগজ লগাব পাৰি তাৰো সবিশেষ ভূ নাপাওঁ। আকৌ, যদিবা কোনোএ বৰ্তমানত কাগজ তৈয়াৰ-ব্যৱহাৰ আদি সম্পৰ্কে যাবতীয় কথা জানেই, ভবিষ্যতে যে আন কোনো বস্তুৰ পৰা কাগজ তৈয়াৰ নহব বা আন কোনো ব্যৱহাৰত ই নালাগিব — এই কথা কেৱে কব নোৱাৰে।

  কাগজৰ লগত মোৰ পৰিচয় তাৰ কেটামান ধৰ্মৰ যোগেহে। এইদৰে, বিশ্বৰ সকলো বস্তুৰ লগত আমাৰ পৰিচয় আংশিক। বস্তুৰ যি যি গুণ বা ধৰ্ম আমাৰ কামত লাগে আমি সাধাৰণতে বস্তুক সেই সেই গুণান্বিত বুলি ভাবি থওঁ। সেই দেখি আমাৰ পূৰ্ব পূৰ্ব জ্ঞান আৰু কৰ্মৰ প্ৰকৃতি অনুসৰি আমাৰ প্ৰত্যেকৰ অভিজ্ঞতাৰ প্ৰভেদ দেখা যায়। সোণ দেখিলে, আমাৰ মনত খেলায় তাৰ আৱশ্যক অলঙ্কাৰ গঢ়িবৰ কাৰণে; কিন্তু সোণৰপৰা কি উপায়ে নানাবিধ ঔষধ আৰু হৰেক প্ৰকাৰ যন্ত্ৰ আদি প্ৰস্তুত হব ধৰিছে, তাৰ খৰৰ একো নাজানো। চামৰা এখান দেখিলে মুচিএ মন কৰিব তাৰপৰা [ ৪০ ] কি কি ভাল কাম হব পাৰে, চামৰাৰ-বেপাৰীএ হিচাব কৰিব তাৰ দাম কিমান হব পাৰে ঢুলীয়াই ভাবি চাব যে তাৰপৰা এটা ভাল ঢোলৰ দন হয়, আৰু নৈষ্ঠিক হিন্দু এজনে তাকেই দেখি দুৰ দূৰ চেই চেই কৰে। নিঃশেষ কৰি প্ৰত্যেকে চামৰাৰ গুণ জানাহেতেন, ভিন্ ভিন্ ব্যক্তিৰ মনত ভিন্ ভিন্ ভাৱৰ উদয় হব নোৱাৰে।

  কাণাই হাতী চোৱা দৃষ্টান্তটো আটায়ে জানে। আচলতে আমি প্ৰত্যেকে তেনে একোটা কাণা। এই বিপুল বিশ্বৰূপ হস্তীৰ কোনো নখ এটা, কোনোএ নোম এডাল চুব পাৰি ভাবো, আমি এই সমস্ত বিশ্বকে জানিলোঁ বুলি। অভিজ্ঞতাৰ এনে সীমা, মানুহৰ জ্ঞানৰ এনে সংকীৰ্ণতা, উপলব্ধি কৰি হে নিউটনৰ দৰে অসামান্য শক্তিশালী পণ্ডিতেও ৰহস্যময় বিপুল বিশ্বৰ ৰহস্যৰ আগত মূৰ দোঁৱাইছিল।

  ফল কথা, মানুহৰ অভিজ্ঞতাৰ পৰিসৰ অতি ঠেক; আৰু সি ভিন্ ভিন্ ৰূপে প্ৰকাশ পায়।

 

জ্ঞান (বোধ), কৰ্ম আৰু অনুভূতি   ৫। এই অভিজ্ঞতাৰ অনুৰূপে আমি ক্ৰিয়া কৰোঁ। সেই দেখি আমাৰ প্ৰত্যেকৰ জ্ঞানৰ ৰূপ বেলেগ, আমাৰ প্ৰত্যেকৰ কৰ্মৰ প্ৰকৃতি বেলেগ, আৰু আমাৰ প্ৰত্যেকৰ অনুভূতিৰ ক্ষমতাও বেলেগ— যি বস্তু আমাৰ এজনৰ পক্ষে সুখ-দায়ক, [ ৪১ ] সেই বস্তু আন এজনৰ পক্ষে তেনে নহবও পাৰে, আৰু প্ৰায় স্থলতে নহয়।

  সকলো জ্ঞান কামত সমাপ্ত হয়; আৰু নতুন কামে নতুন জ্ঞান জন্মায়; সেই জ্ঞানে পুনৰ নতুন কামৰ ক্ষমতা দিয়ে। এই দৰে কাৰ্য্য-কাৰণৰ শৃংখলৰ ফৰে জ্ঞান আৰু কৰ্মও এক শৃংখলত আৱদ্ধ।

  এটা উদাহৰণ কওঁ। প্ৰথম, লিখাৰ প্ৰণালীটো কিছু পৰিমাণে শিকি লই (জ্ঞান) এটা ‘ক’ লিখিলোঁ (কম)। এই ‘ক’ টো নিজ হাতে লিখিবলৈ চেষ্টা কৰাত ক-লিখাৰ নিয়মটো আৰু অলপ দকৈ জানিলো (জ্ঞান), তাৰ ফলত দ্বিতীয় বাৰ ক লিখা সহজ হৈ উঠিল (কৰ্ম)। এইৰূপে ক্ৰমে ক্ৰমে চকু মুদিও ‘ক’ লিখিব পাৰা হলোঁ। মানুহৰ জীৱনত এই দৰে জ্ঞানে কৰ্ম আৰু কমই জ্ঞান বৃদ্ধি কৰি থাকে। গছ আৰু গুটিৰ সম্বন্ধৰ দৰে ইয়াৰ কোনটো আগ আৰু কোনটো পাছ, সেই বিষয়ে নানান মুনিৰ নানান মত। সেই আলোচনা আমাৰ অনাৱশ্যক।

  কোনো এক সময়ত কোনো এক মানুহৰ মনত যিমানখিনি জ্ঞান গোট খায়, আৰু সেই মানুহৰ যিমানখিনি কৰ্মৰ শক্তি হয়, তাৰ সমষ্টিক অভিজ্ঞতা বুলিব পাৰি। অভিজ্ঞতাৰ প্ৰথম দৃষ্টিতে এই দুটা ফাল দেখা যায়— জ্ঞানৰ আৰু কৰ্মৰ। কিন্তু ইয়াৰ তৃতীয় এটা ফাল আছে যি সমীনে কাৰ্য্যকৰী। ই [ ৪২ ] অনুভূতি। প্ৰত্যেক জ্ঞান আৰু কৰ্মৰ লগত ই একান্ত ভাবে জড়িত হৈ থাকে, আৰু ইয়েই আমাৰ জ্ঞান আৰু কৰ্মৰ প্ৰকৃতি অনেক পৰিমাণে নিৰূপণ কৰি দিয়ে। গোলাপ ফুল এটা গাছত দেখিলোঁ (জ্ঞান); মনত ভাল লাগিল (অনুভূতি); তাক তুলি আনিলোঁ (কৰ্ম)। আকৌ, কেঁচি এখান লৈ পাঞ্জাবী এটাৰ কাপোৰ কাটিলোঁ ( কৰ্ম); এই কামটো জানিব পাৰিলোঁ (জ্ঞান); মনত ভাল লাগিল ( অনুভুতি)। এই জ্ঞান বা বোধ, অনুভূতি, আৰু কৰ্ম বা ইচ্ছা— আমাৰ , অভিজ্ঞতাৰ এই তিনিটা ফালে একেলগে ক্ৰিয়া কৰি আমাক নতুন অভিজ্ঞতা সঞ্চয় কৰিবলৈ বাট মোকলাই দিয়ে।

  ৬। কিন্তু এই অভিজ্ঞতা সঞ্চয়ৰ পৰিমাণ আৰু নতুন সঞ্চিত এই অভিজ্ঞতাৰ প্ৰকৃতি মানুহ ভেদে বিভিন্ন প্ৰকাৰৰ গ্ৰহণৰ ক্ষমতা নিৰ্ভৰ কৰে— (১) স্বাভাৱিক প্ৰবৃত্তিৰ হয়। আগত কোৱা হৈছে যে সকলো লোকৰ জন্মগত কিছুমান স্বাভাৱিক শক্তি আছে। এই শক্তিবিলাকৰ কিছুমানৰ সহায়ৰে শাৰীৰিক, আৰু আন কিছুমানৰ সহায়েৰে মানসিক ক্ৰিয়া কৰোঁ। এই স্বাভাৱিক শক্তিবোৰৰ পৰিমাণ লৈ ৰে ক্ৰিয়াৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি। শাৰীৰিক ফালত যি দৰে শক্তিৰ ক্ৰমে বিকাশ হয়— অৰ্থাৎ সৰুতে বল কম থাকে, ডাঙৰ হলে বেছি হয়— [ ৪৩ ] মানসিক ফালতো, শক্তিৰ বিকাশ সেই দৰেই হয়। কোনো এক নিৰ্দিষ্ট সময়ত কোন এক নিৰ্দিষ্ট লৰাই তাৰ শাৰীৰিক আৰু মানসিক শক্তিৰ, অনুপাতে হে কাম কৰিব পাৰে। গতিকে শিশুৰ জ্ঞান গ্ৰহণৰ ক্ষমতা প্ৰথমে নিৰ্ভৰ কৰে তাৰ স্বাভাৱিক প্ৰবৃত্তি বা শক্তিৰ ওপৰত। যি বয়সত যিবিলাক প্ৰবৃত্তি সজাগ হয়, বা প্ৰবৃত্তিবোৰৰ যেনেবিলাক লক্ষণ প্ৰকাশ পায়, সেই বয়সত শিশুএ সেই সেই প্ৰবৃত্তিৰ বা সেই সেই লক্ষণৰ উপযোগী জ্ঞান হে গ্ৰহণ কৰিব পাৰে। ইয়াতে অৱশ্য এই কথা ফাঁকি মনত ৰাখা উচিত যে ব্যৱহাৰ কৰা ছাবিপাত সদাই চিক্‌চিকাই থাকে। অৰ্থাৎ শক্তি-অনুযায়ী নিয়মিত মতে পৰিশ্ৰম কৰি থাকিলে, কাম কৰিব পৰা ক্ষমতা বেছি হয়।

  শাৰীৰিক কালৰ কথা ইন্দ্ৰিয়-গোচৰ হয় দেখি তাক সহজতে বুজি। তেনে উদাহৰণ এটা দিয়া যাক। দহ বছৰীয়া নিয়মমতে পৰিশ্ৰম কৰা লৰা এটাই, একে বয়সীয়া একো-নকৰা লৰা এটাত কৈ বহুতো কাম জানে, বা তাৰ বলো বেছি হয়। কিন্তু দহবছৰীয়া লৰাটোক যদি ডেকা এটাৰ সমানে সমানে খটাবলৈ বিচাৰোঁ, তেনেহলে তাৰ স্বাস্থ্য বল শক্তি তেনেই ভগ্ন হব।

 মানসিক শক্তিটো এই কথাই হুবহু খাটে। গৰু এহালৰ শাৰীত পঞ্চাশ-মুণীয়া ভাৰৰ বোজা দিলে গৰু হালে তাক [ ৪৪ ] কঢ়িয়াব নোৱাৰে; লাগে তুমি যিমানেই মাৰা বা যি কৰা। মানসিক ক্ৰিয়াৰো এই ক্ৰম। যদিও তাৰ বোজাটো আমি চকুৰে নেদেখোঁ, সেই বুলি তাৰ ভাৰ নকমে। শিক্ষা- দান-কাৰ্য্যত এই স্বাভাৱিক প্ৰবৃত্তিবিলাকৰ পৰিমাণ আৰু প্ৰকৃতি ভাল দৰে বুজি লই, সেইবিলাকৰ উপযোগী কাম দি, সিহঁতক সজাগ আৰু কৰ্মক্ষম কৰি ৰাখিব লাগে।

 

 ৭। কাজীৰ বিচাৰৰ এটা সাধু আছে। তিৰোতা এজনীক লৈ পণ্ডিত আৰু খেতিয়কৰ বিবাদ— প্ৰত্যেকে আৰু (২) পূৰ্ব অভিজ্ঞতাৰ প্ৰকৃতিৰ ওপৰত তিৰোতাজনীক নিজৰ বুলি কয়; কিন্তু তাই হলে নামাতে, একো নকয়। সেই দিনৰ কাৰণে তিৰোতা জনীক কাজীএ নিজৰ ঘৰলৈ লৈ গল। পুৱা মহীচুঙা এটাত মহী ভৰাবলৈ বুলি কাজীএ তিৰোতাজনীক কলে। তাই অতি পৰিপটি কৈ সেই কাম কৰিলে। বিচাৰৰ সময়ত কাজীএ তিৰোতা জনীক পণ্ডিতক দি দিলে।

  এইজনা কাজীএ, দেখা যায়, বিশেষৰূপে মানুহৰ মনৰ ক্ৰিয়াৰ প্ৰণালী বুজিব পাৰিছিল। আমাৰ প্ৰত্যেকৰ মনত এই প্ৰকাৰেই ক্ৰিয়া হয়। আমাৰ সমুখত কোনো এটা নতুন গ্ৰহণীয় বিষয় উপস্থিত হলে, সি আমাৰ পূৰ্ব অভিজ্ঞতাৰ কোনো এটা অংশ টানি আনে; যি অংশ টানি আনে তাৰ [ ৪৫ ] প্ৰকৃতিৰ ওপৰত নতুন বিষয়টো কিৰূপে গৃহীত হব সেই কথা নিৰ্ভৰ কৰে। কালিদাস আৰু বিদ্যাবতীৰ আখ্যান মনত কৰা। বিদ্যাৱতীএ আঙুলি এটা দেখালে, যে ঈশ্বৰ এক। কালিদাসে ভাবিলে, তাই এটা আঙুলি দেখুৱালে যেতিয়া মই দুটা দেখুৱাওঁ। বিদ্যাৱতীএ বুজিলে, ‘এওঁ বৰ পণ্ডিত, সাংখ্য মতে পুৰুষ-প্ৰকৃতি দুই, তাকে হে কলে’। তেতিয়া বিদ্যাৱতীএ হাতৰ তলুৱা খন মেলি দেখুৱালে, যে পৃথিবীখান চেপেটা বুলি মোৰ বিশ্বাস। কালিদাসে ভাবিলে, মোক চাপৰ হে মাৰিব খুজিছে, বাৰু মই ভুকু মাৰিম বুলি ভয় দেখুৱাওঁ। ভুকু দেখি বিদাৱতী বুজি ললে, ‘এওঁ বৰ পণ্ডিত, পৃথিবী যে প্ৰকৃততে ঘূৰণীয়া, তাকে হে কলে। ’

  এই পৃথিবীত বিদ্যাৱতী আৰু কালিদাসৰ অভিনয় আমি সকলোএ সদাই কৰিবই ধৰিছোঁ; মুঠে তাকে বুজি হে নাপাওঁ। নাজানা গান প্ৰথম গোৱা নিলে তাৰ শব্দবোৰ আমি ধৰিব নোৱাৰো; জানা গানটোৰ আখৰে আখৰে বুজি পাওঁ। নুবুজা ভাষাত বক্তৃতা শুনিলে আমি খুটুং-খাটাং কিছুমান ধ্বনি হে শুনো; বুজা ভাষাত হলে প্ৰত্যেক শব্দকে বুজি পাওঁ। অনেক লিখাত বা ছাপাত কোনো কোনো শব্দৰ আখৰ-বিপৰ্য্যয় হয়; আমি সেইবোৰ বিশেষ পৰ্যবেক্ষণ নকৰিলে ধৰিবই নোৱাৰোঁ। এই আটাই বিলাকৰ কাৰণ— সমুখত যি নতুন নতুন বিষয় উপস্থিত হয়, তাক ধৰিবলৈ [ ৪৬ ] আমাৰ নিজৰ অতিজ্ঞতাৰ কোনো কোনোটো অংশ আগ বাঢ়ি যায়। নতুন বিষয়ৰ লগত পুৰণা অভিজ্ঞতাৰ চিনাকী যিমান ঘনিষ্ঠ তিমানে দুয়োৰো মিলন সহজ হৈ উঠে। যত এই চিনাকী নাই, ভাত পুৰণা অভিজ্ঞতাৰ প্ৰকৃতি অনুসৰি এই চিনাকী সংঘটন হয়।

  এই কাৰণে দেখা যায় যে সমান বয়সীয়া সমান শক্তিসম্পন্ন ভিন-ভিন শিশু এ ঠিক একে প্ৰকাৰে শিক্ষা লাভ কৰিও ভিন ভিন ৰূপে বিকাশ লাভ কৰে। একে শ্ৰেণীৰ কোনোটা লৰাই অঙ্ক ভাল দৰে জানে, কোনোটাই সাহিত্য পঢ়ি সোৱাদ পায়, কোনোটোই বুৰঞ্জী পঢ়ি আনন্দ লাভ কৰে, আৰু কোনোটোৰ বা বুৰঞ্জী দেখিলেই ভয়ত অণ্ঠ-কণ্ঠ শুকাই যায়। এনে বিভিন্নতাৰ কাৰণ বহুত— সৰু কালৰ শিক্ষা, ঘৰৰ প্ৰভাৱ, শিক্ষকৰ দোষাদোষ, কোনো এদিনৰ বা এটা ক্ষণৰ মনৰ গতি— ইত্যাদি অনেক অৱস্থাৰ পৰা এনেকুৱা বিভিন্নতাৰ উৎপত্তি হয়। এই আটাইৰে তলিত এটা সত্য দেখা যায়— যি যেনে প্ৰকাৰৰ পূৰ্ব অভিজ্ঞতা লৈ স্কুললৈ আহে, তাৰ গ্ৰহণৰ ক্ষমতা সেই অভিজ্ঞতাৰ অনুৰূপত হয়। যি লৰাই ঘৰ দৌৰা-দৌৰি মাৰা- মাৰি খেলা-ধুলা কৰি বেছি সময় কটাইছিল, তাৰ মনে ঢাল খাব স্কুলৰ খেল-আদিৰ ফালে; ব, তাৰ পূৰ্ব অভিজ্ঞতাই খেল- আদি সম্বন্ধীয় কৰা গ্ৰহণ কৰিবলৈ তাক বেছি পাৰগ কৰি তুলিব। যি লৰাক ঘৰত ‘গৰু পঢ়’ এই নীতি-বাক্যৰ তলত [ ৪৭ ] শাসিত কৰি ৰাখা হৈছিল, সি সম্ভবতঃ শ্ৰেণীৰ চুকত সোমাই কিতাপৰ ওপৰত মূৰ গুজি থাকিব বা উচ্ছৃংখলতাৰ চৰম সীমা পাবগৈ। যি অভিভাৱকে সংগীত চিত্ৰবিদ্যা সাহিত্য-আদি কলাবিদ্যাৰ অনুশীলন কৰে, তেওঁৰ ঘৰৰ ছলিৰ সেই সেই বিষয়ৰ প্ৰতি ৰাপ বহাৰ সম্ভাৱনা বেছি।

  আৰু এক প্ৰকাৰে গ্ৰহণৰ ক্ষমতা অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। নেওতাখান নাজিনিলে পূৰণ অঙ্ক কৰিব নোৱাৰি; গতিকে পূৰণ-শিক্ষা-গ্ৰহণৰ ক্ষমতা পূৰ্বৰ নেওতা- জানা-অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিছে। এই ৰকমে প্ৰত্যেক নতুন শিক্ষাকে পুৰণি অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি হে গ্ৰহণ কৰা সম্ভৱ। সেই দেখি আমি একান্ত ইচ্ছা কৰিলেও ‘ৰাম-ক বোলাৰ পাছতে ৰত্নাৱলী পঢ়াব নেৰাৰোঁ। ’

 

  ৮। সাতভাই চম্পা’ৰ সাধু কথাত কোৱা আছে— পানীৰ তলত থাকা সাত ৰাজকুমাৰে অভিভাৱকৰ ভুল সংস্কাৰ কাঠৰ ঘোঁৰা একোটা আনি সতীয়া মাক- হাতে গা ধুবলৈ আহাত ঘাটক আহি কয়, “কাঠৰ ঘোঁৰা, পানী খা, পানী খা। ” তাতে সতীয়া মাকহাঁতে কয়, “কাঠৰ ঘোঁৰাই নো কৰবাত পানী খায় নে?”

  সতীয়া মাকৰ সহজ জ্ঞানৰপৰা হোৱা এই কথা-আখৰ আমি আজিও ভালকৈ বুজা নাই। আমি ভাবোঁ, কাঠৰ [ ৪৮ ] ঘোৰাকো পানী খুৱাব পাৰি, আৰু চেৰা-ঢেকি-থোৰায়ে ৰাজ কুমাৰৰ দৰে আচৰণ কৰিব পাৰে। নহলে যিহকে তিহকে ছাত্ৰৰ আগত হাজিৰ কৰি, হাতত বেত এডাল লৈ, আমি কলোঁ হয় নে “গৰুহঁত, পঢ় পঢ়; নহলে বেতৰ কোবত ছাল ছিগিব। ”

 মই অৱশ্য জানো যে বৰ্তমান সময়ত শিক্ষাপ্ৰণালীৰ অনেক উন্নতি হৈছে আৰু এই ধৰণৰ ঢেকি-থোৰাই দি হেচি জ্ঞান- গিলোৱা-প্ৰণালী অৱলম্বন কৰা শিক্ষকৰ সংখ্যা দিনক দিনে কমি আহিছে। কিন্তু অভিভাৱক শ্ৰেণীৰ ভিতৰত হলে এই জৱৰদন্তী প্ৰথাৰ পক্ষপাত লোক হে বেছি দেখা যায়। তেওঁবিলাকে নিজৰ নিজৰ শিশুকালৰ শিক্ষালৈ মনত কৰে; আৰু সেই ধৰণৰ প্ৰণালী স্বত্বেও যে তেওঁলোকৰ জ্ঞান-গৰিমা ইমান গম্ভীৰ হল তাক ভাৱে; আৰু আন কোনো ফালে চকু নিদি নৈৰাশ্যৰ নিঃশ্বাস কৰি কয়, “গৰুহঁত, পঢ়-পঢ়”; আৰু— পঢ়ি পঢ়ি মৰ!

  “গৰুহঁত, পঢ় পঢ়” বুলি হুকুম কৰিলেই পঢ়িব পাৰা হলে, শিক্ষাদান কাৰ্য্য ইমান উজু হলহেতেন যে কোনো মহামহিম সম্ৰাটে গধুলি এখন ঘোষণা-পত্ৰ লিখি দি পাছৰ দিনা পুৱা তেওঁৰ সাম্ৰাজ্যৰ সকলো লোককে শিক্ষিত দেখি নিজক অভিনন্দন কৰিব পাৰিলেহেতেন। ছাত্ৰ-গৰু নালাগে, আচল গৰু এটাকো তাৰ শক্তিৰ অতিৰিক্ত কাম কৰোৱা অসাধ্য। [ ৪৯ ]   এই সামান্য কথা-কেইটাকে আমি ভালৰূপে বিবেচনা কৰি নাচাওঁ দেখি আমাৰ প্ৰত্যেকে বৰ্তমান শিক্ষা-প্ৰণালীৰ দোষ গুচাবলৈ দহোটা দহোটা ব্যৱস্থা দিওঁ। কোনোএ কওঁ— প্ৰাইমাৰী স্কুলৰ পৰা ব্যাকৰণ গুচাই দিয়াত শিক্ষাৰ নামেই নুমাল। আন কিছুমানে দোষ ধৰোঁ, ড্ৰইং-সংগীত-এইবোৰ শিকাই আমাৰ ছলিক নট-নটী কৰিলে। আন কিছুমানে খুট উলিয়াও,কোব মাৰিবলৈ দি হাতৰ কাম কৰিবলৈ লগাই, আমাৰ হেন মস্ত মস্ত লোকৰ ছলি-পলিৰ আত্ম-সন্মান নষ্ট কৰা হল। এই এক ফাল।

  আন ফালত আপত্তি উঠে— প্ৰাইমাৰী স্কুলত পঢ়ি আহে, পাট্টাখান চাই দিব নাজানে; মৌজাদাৰৰ বহি-বস্তাৰ বুজ নাপায়; মণ্ডলেও নাজানা জমাবন্দী আৰু দাগচিঠাৰ ফাৰমৰ হেডিংবোৰ মুখস্থ নাহে; চবডিপুটিও লটকালতে নোৱাৰা খাজানা কছিব নাজানে! আন একদলে শোক কৰে— প্ৰাইমাৰী পঢ়ি উঠিল, সন্ধি সমাস-কাৰকৰ জ্ঞান নহল, ভগ্নাংশ অঙ্ক নাজানিলে, কীৰ্ত্তন-পুথিৰ অৰ্থ ব্যাখ্যা কৰিব নোৱাৰিলে। এই শিক্ষাৰ নো কি লাভ।

  যেন লৰা স্কুলত সোমোৱা মাত্ৰে মহামহোপাধ্যায় পণ্ডিত হৈ উঠিব লাগে!

 

  ৯। পাঠ-বি-নিৰ্বাচন জানতে ইমান উজু কাম নহয়। [ ৫০ ] এই বিষয় কিবা এটা সিদ্ধান্ত কৰিব খুজিলে দেখাত পৰস্পৰ বিৰোধী দুই পক্ষৰ পৰা এই ছাত্ৰ আৰু পাঠ্য' কথা বিচাৰ কৰি চাব লাগিব। প্ৰথম পক্ষ ছাত্ৰৰ অভিভাৱক। এওঁবিলাকৰ শিক্ষা সম্বন্ধে মনৰ ভাৱ দুটা কথাত ব্যক্ত কৰিব পাৰি। (১) তেওঁৰ লৰাই লাগতিয়াল বিদ্যা যিমান বেছি পৰিমাণে শিকিব পাৰে শিকক; আৰু (২) সি এই বিদ্যা যিমান সোনকালে পাৰে তিমান সোনকালে শিকি আহক। মুঠ কথা, ‘কম খৰচত বেছি আৰ্জন’— জীৱনৰ আন আন কাজৰ দৰে শিক্ষা-বিষয়তো সাধাৰণ মানুহে এই মতে কাৰ্য্য সিদ্ধ হলে ভাল পায়।

  কিন্তু এনেকুৱা অল্প যত্নত সিদ্ধি জীৱনৰ কোনো কাৰ্য্য- ক্ষেত্ৰতে হোৱা দেখা নাষায়, আৰু শিক্ষাবিষয়তো নহয়। আমি ছাত্ৰক কম সময়তে অনেক শিকাবলৈ বিচাৰোঁ হয়, কিন্তু চাত্ৰৰ প্ৰকৃতিএ ইয়াত বাধা দিয়ে। ই দ্বিতীয় পক্ষ। আমি যিমান পৰিমাণৰ বিদ্যা যিমান সোনকালে শিকাবলৈ বিচাৰোঁ, তিমান বিদ্যা তিমান সময়ত গ্ৰহণ কৰাৰ ক্ষমতা ছাত্ৰৰ আছে নে নাই তাক আগেয়ে বুজি লোৱাৰ দৰকাৰ; কাৰণ ছাত্ৰৰ শক্তি- অনুযায়ী হে সি শিকিব পাৰিব। ইয়াৰ বাজেও, কোনো কোনো বিষয়— যাক আমি লাগতিয়াল বুলি ভাবোঁ— কোনো কোনো ছাত্ৰৰ পক্ষে ৰুচিকৰ নহব পাৰে; সেই ছাত্ৰই তেনে বিষয়ো শিক্ষা কৰা টান। সেইবোৰ বিষয় নো কি প্ৰকাৰে [ ৫১ ] শিকালে ছাত্ৰৰ মনত তৃপ্তি-প্ৰদ হব পাৰে, সিও এটা ভাবিব লগীয়া কথা।

  বিষয়-নিৰ্বাচনৰ এই দুটা ফাল। শিকিব লগীয়া অনেক বিষয় থাকে, যাৰ পৰা ছাত্ৰৰ ভবিষ্যত জীৱনত উপকাৰ হয়, বা উপকাৰ হব বুলি অভিভাৱকে ভাৱে। স্বভাৱতে তেনে বিষয়বোৰ শিকবলৈ অভিভাৱকৰ বেছি আগ্ৰহ। কিন্তু ছাত্ৰৰ মানসিক শক্তিৰ জোখায় নহলে, যিমানেই কাৰ্য্যকৰি নহক, তেনে বিষয় শিকাব নোৱাৰি। দেখাত এই দুই পক্ষ পৰস্পৰ বিৰোধী। কিন্তু এটা সুবিধা আছে— এই বিষয় যিয়েই নহক, তাৰ ভিতৰত এনে কিছু অংশ ওলায়, যাক শিশুৰ ভিন-ভিন বয়সৰ উপযোগী কৈ লবা পাৰা যায়। সমাজৰ মানত যিবোৰ বিষয় মানুহৰ লাগতিয়াল তাৰ পৰা ছাত্ৰই শিকিব-পাৰা-খনি বাজি উলিৱাটোই পাঠ্য-নিৰ্বাচনৰ সমস্যা।

  এই কথাৰে মীমাংসা কৰিব লাগে শিক্ষকে, অৱশ্য সমাজৰ মতামতলৈ যথেষ্ট শ্ৰদ্ধা দেখুৱায়। এই গুৰু কাৰ্য্যৰ ভাৰ, যিহক, আজি কালি তেনেই শিক্ষকৰ হাতত নাথাকে। প্ৰত্যেক ৰাজ্যতে ৰাজ্যৰ সকলো লাগতিয়াল ব্যৱসায়ৰ জানা বুজা প্ৰতিনিধিসকল গোট খাই পাঠ্য-নিৰ্বাচন কৰাৰ ভাৰ লোৱা দেখা যায়। তাত অৱস্য শিক্ষকৰ প্ৰতিনিধিও থাকে; আৰু তেওঁবিলাকৰ মতৰেই প্ৰাধান্য বৰ্তে। আন আন ব্যৱসায়ৰ [ ৫২ ] লোকৰ পৰা বুজা যায় যে সেই সেই সময়ৰ কাৰণে সমাজে কোনবিলাক বিষয় বেছি লাগতিয়াল বুলি ভাবে।

 

  ১০। কোন বয়সত কেনে পাঠ্য উপযোগী তাক ভাল ৰূপে জানিবলৈ হলে, কোন বয়সৰ কেনে শিশু-প্ৰকৃতিৰ সাধাৰৰ বিবৰণ লক্ষণ সেই বিষয়ে অলপ জানা উচিত। কাৰণ কোনো এক বয়সত ছাত্ৰৰ গ্ৰহণৰ ক্ষমতা নিৰ্ভৰ কৰে তৰ সেই সময়ৰ মানসিক বৃত্তিবোৰৰ ওপৰত।

  পণ্ডিত সকলে ছাত্ৰ-জীৱনক তলত লিখা দৰে ভাগ কৰে:—

(ক) জন্মৰ পৰা তিনি বছৰমানলৈ— কেছুৱা।
(খ) তাৰ পাছৰ চাৰি বছৰমান— শৈশৱ।
(গ) শাত আঠৰপৰ এঘাৰ-বাৰ বছৰলৈ—বাল্য।
(ক) তাৰ পাছৰ তিনি-ছাৰি বছৰ— কৈশোৰ।
(ঙ) তাৰপৰা ছাত্ৰ জীৱনৰ শেষলৈ— প্ৰথম যৌৱন।

  এই বেলেগ বেলেগ ভাগৰ আচলতে কোন নিৰ্ধাৰিত সীমা নাই। শিশুএ এৱস্থাৰ পৰা অজ্ঞাতসাৰেই তাৰ পৰবৰ্তী অৱস্থাত উপনীত হয়। কিন্তু প্ৰত্যেক অৱস্থাৰে বিশেষ বিশেষ লক্ষণবোৰ প্ৰকাশ পালে তাৰ পূৰ্ববৰ্তী অৱস্থাৰ লগত তাৰতম্য বিলাক ধৰিব পাৰি।

  (ক) কেছুৱা— এই কালত শিশুএ ক্ৰমে ক্ৰমে নিজৰ [ ৫৩ ] অঙ্গ প্ৰত্যাঙ্গাদিৰ ব্যৱহাৰ কৰিবলৈ শিকে। খোজ কাঢ়িব পাৰা হয়; আৰু আধ-ফুটা মাতেৰে কথা কবলৈ শিকে। এই সময়ত অনুকৰণ প্ৰবৃত্তি প্ৰৱল; আৰু সেই প্ৰবৃত্তিৰ সহায়েৰে ওপৰত কোৱা কথাবোৰ শিকে। এই বয়সত ভাল- বেয়া হিতাহিত জ্ঞান নজন্মে। কৌতুহল প্ৰবৃত্তিটো বৰ চঞ্চল হৈ থাকে।

  (খ) শৈশৱ— এই সমস্ত শৰীৰ ক্ৰমে পুষ্ট হৈ আহে। খোজ কাঢ়াত আৰু কথা কোৱাত কোনো যত্নৰ আৱশ্যক নকৰে। চাৰিও ফালৰ বস্তু জীৱ-জন্তু আৰু মানুহৰ লগত উপৰুৱা পৰিচয় ঘটে। কৌতূহল প্ৰবৃত্তি বিশেষ প্ৰৱল হয়। অনুকৰণৰ পৰা ভাল-বেয়া জ্ঞানৰ বিকাশ হয়। ৰং ধেমালি কৰিৱলৈ ভাল পায়। এই সময়তে সাধু কথা শুনিবলৈ আগ্ৰহৰ আৰম্ভ হয়। শৰীৰৰ অনুপাতে মস্তিষ্কৰ বিকাশ বেছি হয়; প্ৰকৃততে শিশু জীৱনৰ সাত-আঠ বছৰত মস্তিষ্কৰ অৱয়ব সম্পূৰ্ণ হয়।

 (গ) বাল্য— এই কালৰ আদি গুগতেই মস্তিস্কৰ আয়তন পূৰ্ণতা পাই দেখি এই বয়স অখুস্থ কৰাৰ উপযোগী সময়। নেতা আৰ্য্যা শ্লোক— এনেবোৰ কথা সহজতে ছাত্ৰই এই বয়সত, অৰ্থ সুবুজিলেও, মুখত আহাই থব পাৰে। কেছুৱা আৰু শৈশবত ছাত্ৰৰ শাৰীৰিক আৰু মানসিক বৃত্তি- বিলাক কোমল হৈ থাকে; এই কালত সিবিলাক ক্ৰমে [ ৫৪ ] কাৰ্য্যক্ষম হৈ আছে। সেই দেখি ডাঙৰ লোকৰ অনুকৰণৰ পৰা ছাত্ৰই এই কালত অনেক লাগতিয়াল কাম শিকিব, আৰু ঘৰুৱা কাৰ্য্যত বাপেক মাকৰ সহায় হবও পাৰে। এই বয়সত লৰাছোৱালীএ ক্ৰমে ক্ৰমে ডাঙৰ মানুহৰ কামবোৰৰ মৰ্ম বুজিবলৈ ধৰে। খেলা কৰিবলৈ আৰু সাধু কথা শুনিবলৈ আগ্ৰহ যথেষ্ট পৰিমাণে বিকাশ হয়। কৌতুহল, প্ৰতিযোগিতা, অনুকৰণ, স্বাৰ্থ প্ৰভৃতি মানসিক প্ৰবৃত্তিৰ প্ৰাধান্য দেখা যায়। ভাল-বেয়া হিতাহিত জ্ঞানৰ পুষ্টি সাধিত্ব হয়; কিন্তু মান্যৱন্ত জনৰ আচৰণৰ পৰা ভাল-বেয়া নিৰূপণ কৰি লয়।

  (ঘ) কৈশোৰ— ১১। ১২ বছৰৰ পৰা ১৫। ১৬ বছৰলৈ এই কাল ডোখৰৰ নাম কৈশোৰ। মানুহৰ গোটাই জীৱনৰ ভিতৰত এই ডোখৰেই শঙ্কট সময়। এই সময়ত শৰীৰ আৰু মন বিশেষ ৰূপে বিস্তৃতি লাভ কৰে। মানুহজন ওখ হয়; গা ক্ষীণাই যায়; স্বৰ গম্ভীৰ হয়; দাৰি-গোফ ঠুটিয়ায়; আৰু মৰ্মস্থানবোৰত নোমৰ উদ্ভৱ হয় এই সময়ত প্ৰকৃতি চঞ্চল— ক্ষণে কষ্ট ক্ষণে তুষ্ট হোৱা এই বয়সৰ স্বভাৱ। আগৰ বয়সত যদিও যৌন-জ্ঞান অলপ অচৰপ থাকা দেখা যায়, এই সময় যে যৌন-সম্পৰ্কীয় অনুভূতি দেখা দিয়ে। এই বয়সত বিচাৰ শক্তিৰ বিকাশ হবলৈ ধৰে; সেই দেখি পুৰণি-কলীয়া আচাৰ ব্যৱহাৰৰ অৰ্থ বুজিবলৈ আগ্ৰহ হয়; অন্য অন্য বিষয়ৰো কাৰৰ্য্য-কাৰণ-সম্বন্ধ-বিচাৰ কৰি চাবলৈ [ ৫৫ ] মন শক্তিশালী আৰু আগ্ৰাহান্বিত হয়। মনে নতুন এক স্বাধীন ভাৱৰ আস্বাদ পায়, আৰু অনেক মহৎ ভাৱৱ আবেশত মত্ত হৈ উঠে। ভবিষ্যত জীৱনৰ একো একো সুমধুৰ কল্পনা উদয় হৈ মন আনন্দিত কৰে। এই কালডোখৰত অনেক লৰ বিপথে যায়। ইয়াৰ আগত চিন্তা-শক্তি বস্তুগত থাকে; ক্ৰমে ভাৱগত হৈ আহে।

  (ঙ) প্ৰথম যৌৱন— কাল ডোখৰো মানসিক ভাৱৰ খেলাত প্ৰায় কৈশোৰৰ দৰে। এই সময়ত শৰীৰ পুষ্ট, অঙ্গ নিপোটল, হবলৈ ধৰে। চৰিত্ৰৰ চাঞ্চল্য ক্ৰমে কমি আহে; কাল্পনিক ভাৱবোৰৰ আতিশয্যও নিয়মীয়া হবলৈ ধৰে। ভবিষ্যত জীৱনৰ উদ্দেশ্য আৰু কাৰ্য্য-প্ৰণালী সম্বন্ধে কাৰ্য্যকৰী বুদ্ধি হয়।

  ওপৰৰ এই সংক্ষেপ বিবৰণৰ পৰা আমি জটিল মানব- প্ৰকৃতিৰ, আৰু তাতোকৈ জটিল শিশু প্ৰকৃতিৰ বিষয়ে বিশেষ একো বুজিব নোৱাৰোঁ। কিন্তু এইখিনিৰ পৰায়ে কোন সময়ৰ কি উপযোগী পাঠ্য এই সম্বন্ধে বিচাৰ কৰিব পৰা হওঁ। যেনে, ব্যাকৰণ বা জ্যামিতি শাস্ত্ৰ পঢ়িবলৈ বা বুজিবলৈ কাৰ্য্য-কাৰণ জ্ঞান উপজিব লাগে। আৰু চিন্তা ভাৱ-গত হব লাগে। কৈশোৰ বসৰ পূৰ্বে— অৰ্থাৎ ১২। ১৩ বছৰৰ আগেয়ে— এইবোৰ মানসিক শক্তিৰ উদ্ভৱ নহয়। গতিকে প্ৰাইমাৰী স্কুলত ব্যাকৰণ বা জ্যামিতি শিকাবলৈ চেষ্টা কৰা [ ৫৬ ] অন্যায়। এই জ্ঞানৰপৰা শিক্ষা-প্ৰণালী সম্বন্ধেও আমি অনেক কথাৰ মীমাংসা কৰিব পাৰোঁ। গুটি-কাঠি ব্যৱহাৰ কৰি শিক্ষা দিয়া প্ৰণালীটোত অনেক লোকে খুঁট ধৰে। কিন্তু শৈশৱত চিন্তা তেনেই বস্তুগত হৈ থাকে; সেই দেখি বস্তুৰ সহায় লৈ হে ভাৱবোধক বিষয়— যেনে সংখ্যা জ্ঞান, বৰ্ণ জ্ঞান ইত্যাদি— শিকাব পাৰি। আকৌ, কেচুৱা বা শৈশৱত শাৰীৰিক আৰু মানসিক বৃত্তি কোমল আৰু কৌতুহল চঞ্চল হৈ থাকে। এই সময়ত একে কথাকে ছাত্ৰক বহু সমলৈ শিকাব নোৱাৰি; আৰু তাঁহাতক অনেক ক্ষণ স্কুলতো বান্ধি ৰাখা উচিত নহয়, নহলে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়ে ভগ্ন হব। শৈশৱত উজ্জ্বল চকমকীয়া বস্তুত কৌতুহল থাকে; বাল্যত সাধুকথা শুনিবলৈ ভাল পায়;— ইত্যাদি বিলাক কথাৰ সহায় লৈ অনেক লাগতিয়াল কথা ছাত্ৰক আনন্দজনক কৰি শিকাব পৰি।

  শিশু প্ৰকৃতিৰ আৰু কেইটামান প্ৰধান লক্ষণলৈ মন কৰিব লগীয়া আছে। প্ৰথম— সকলো দেখে যে ছলি- পলিৰ খেল-ধেমালী এটা প্ৰধান কাৰ্য্য। জেঙৰ বৰ-কইনা, ধুলাৰ ভাত, বাঁহৰ খোৰা, কল-দোনাৰ ঢোল, খোলাৰ তাল প্ৰভৃতি লৈ ৰং নকৰা শিশু দেশত নোলায়। ডাঙৰ লোকে এইবোৰ খেলাৰ গূঢ় অৰ্থলৈ মন নকৰে; আৰু লৰাৰ ধেমালি বুলি সিবিলাকৰ প্ৰতি কৃপাপূৰ্ণ অৱজ্ঞাৰ ভাৱ প্ৰকাশ কৰে। [ ৫৭ ] প্ৰকৃততে কিন্তু খেলা শিশুৰ প্ৰথম আৰু প্ৰধান বিদ্যালয়। লৰাৰ সমস্ত ধেমালি অনুকৰণ আৰু কল্পনা বৃত্তিৰ কাৰ্য্য। ভাঙৰে ভাত-ৰান্ধা অনুকৰণ কৰি লৰাছোৱালীএ ধূলিক চাউল কল্পনা কৰি ভাত-ৰান্ধা ধেমালি কৰে। খেলাৰ পৰা সিহঁতে, কাম কৰি যি তৃপ্তি পোৱা যায় সেই তৃপ্তি লাভ কৰে; আৰু নিজৰ অঙ্গ-প্ৰত্যঙ্গৰ লগতে আন হৰেক ৰকম বস্তুৰ ব্যৱহাৰ শিকে।

  শিশু প্ৰকৃতিৰ দ্বিতীয় প্ৰধান লক্ষণ কৌতুহল প্ৰবৃত্তি। অনুমান কৰা যায়, জন্মৰ প্ৰথম সপ্তাহ মানৰ পৰাই এই প্ৰবৃত্তি জাগি উঠে। সৰুতে ই চঞ্চল থাকে, ক্ৰমে ক্ৰমে স্থিৰ হৈ কেচুৱা আৰু শৈশৱ কালত উজ্জল ৰঙাল আৰু উৎকট বস্তুৰ প্ৰতি কৌতুহল জন্মে; ক্ৰমে সূক্ষ্মতৰ বস্তু আৰু ভাৱৰ প্ৰতিও কৌতুহল থাকা হয়। চকমকীয়া স্কুল বা ছবি এটা দেখিলে ছলি তাক পাবলৈ আকুল হয়; কিন্তু পালেই তাক নানা প্ৰকাৰে ভাঙি-চিঙি চায়। নাজানি আমি ভাবোঁ, দুষ্ট প্ৰকৃতিৰ লৰাই ভাঙি-চিঙি বস্তু নষ্ট কৰে। আচলতে সি এই দৰে বিশ্বৰ জ্ঞান আৰু সৌন্দৰ্য্য ভঁড়ালৰ ৰত্নৰ স্বৰূপ হে বুজিবলৈ চেষ্টা কৰিছে।

  এই কালৰ তৃতীয় প্ৰধান লক্ষণ, কৰ্মত আগ্ৰহ। স্বাস্থ্যবান সৰু ছলিক এখন্তকো এনে বহি থাকা দেখা নাম্বাৰ। ইৰ নাচি বাগি, নহয় কথা কই, হয় খেলা কবি, নহয় ভাঙি-চিঙি বা [ ৫৮ ] কান্দি-কাটি, কিবা এটা নে এটা কৰি সি থাকিবই। ছলিৰ এনেবোৰ কাৰ্য্যক আহ তাৰ দুষ্টালি বুলি ভাৰি তাক দাবি- ধমক দিওঁ; আৰু আমাৰ দৰে গহীন গম্ভীৰ হৈ হাত-ভৰি মুখ-নোহোৱাৰ দৰে নাথাকিলে তাক অঘাইত অঘাইত নাম দিওঁ। আমি পাহঁৰি যাওঁ যে ছলি কালত গহীন গম্ভীৰ হৈ থাকাটোহে অস্বাভাৱিক। যি ছলি সেই দৰে সদাই থাকে— মুখত হাঁহি নাই, গাত ফুৰ্তি নাই, মাতত সুৰ বাজি নুঠে, কথাত মৌ নবৰষে— তাক আমি গহীন গম্ভীৰ লোকে অতি নম্ন ভাল সাধু লৰা বুলি শলাগ লব পাৰোঁ; কিন্তু বিচক্ষণ লোকে তেনে ছলিৰ কোনো শাৰীৰিক বা মানসিক পীড়া আছে বুলি বুজি পায়।

  ১১। শিশু প্ৰকৃতিৰ এই কেইটা কথা আজিকালিৰ নতুন শিক্ষাৰ মূল। ‘কিণ্ডাৰ-গাৰ্টেন’ৰ ক্ৰোৰেল আৰু মণ্টেচৰি নাম নাজানা মানুহ প্ৰায় নাই। এইটো এটা জাৰ্মাণ ভাষাৰ শব্দ। ‘কিণ্ডাৰ’ শব্দৰ অৰ্থ ছলি (Children); আৰু ‘গাৰ্টেন’ বা বাগিছা (Garden) শব্দ-বিলাসী বঙালিএ এই শব্দৰ অনুবাদ কৰিছে ‘নন্দনকানন’ বা ‘কুমাৰ-কানন’। অনুবাদ যিয়েই নহক, ইয়াৰ মূল ভাৱটো এই:— যি দৰে বিজ্ঞ মালীএ গাছ পুলি ৰুবলৈ হলে তাক কাটিকুটি নষ্ট নকৰে; বৰং যাক যেনে [ ৫৯ ] সাৰ লাগে, যাক যেনে আশ্ৰয় লাগে, তেনে সাৰ আৰু আশ্ৰয় দিয়ে; সেই দৰে বিচক্ষণ শিক্ষকেও ছলিক শিখাবলৈ গৈ হাতত বেত আৰু চকুত খং লৈ তাৰ প্ৰতি ফলন কৰিবলৈ বিচাৰিলেই নচলিব; বৰং ছলিৰ প্ৰকৃতি বুজি, তাৰ সামৰ্থ্যৰ পৰিমাণ লৈ সেই অনুযায়ী তাক শিক্ষা দিব লাগিব।

  শিশু প্ৰকৃতি, তথা মানব প্ৰকৃতি, সম্বন্ধে এই ধাৰণাৰ প্ৰথম জন্মদাতা (অন্ততঃ শিক্ষাদান বিষয়) যিবিলাক পণ্ডিত লোক আছিল, সিবিলাকৰ ভিতৰত ফ্ৰোবেলেই অগ্ৰগণ্য। ফ্ৰোবেল সাধাৰণতে জাৰ্মান বুলি গণ্য। কিন্তু চুইজাৰলণ্ডৰ লগত তেওঁৰ জন্মৰ সংশ্ৰৱ আছিল। তেওঁ নিজে শিক্ষকতা কৰি এই সত্যত উপনীত হৈছিল যে শিশু-প্ৰকৃতি দমন কৰি শিক্ষা দিবলৈ যি চেষ্টা কৰা যায় সি ফলৱতী হব নোৱাৰে; শিশু-প্ৰকৃতি অনুসৰি শিক্ষা দিলেহে সেই শিক্ষাৰ পৰা প্ৰকৃত উপকাৰ পোৱা যায়। পূৰ্বে পণ্ডিত লোকে ভাবিছিল যে মানব প্ৰকৃতি, বিশেষ শিশু প্ৰকৃতি, স্বভাৱতে দুষ্ট। এই দুষ্ট প্ৰকৃতি দমন কৰাই শিক্ষাৰ প্ৰধান কাম। এই বিশ্বাসৰ পৰাই নানা প্ৰকাৰ অমানুষিক শাস্তি-বিধান শিক্ষাৰ অঙ্গ হৈ পৰিছিল। ৰুঁচো, ফ্ৰোবেল, পেষ্টালৎচি আদি পণ্ডিতসকলে প্ৰথম ঘোষণা কৰিলে যে ঈশ্বৰে কাকো বেয়া বা দুষ্ট প্ৰকৃতি দি সৃষ্টি কৰা নাই। [ ৬০ ] মানুহৰ হাতত পৰি হে ঈশ্বৰৰ অনেক দানৰ পৰা অমৃত নিঃস্যন্দন নহই বিষ জৰি পৰে। মানব প্ৰকৃতি সম্বন্ধে ধাৰণাৰ এই আমূল পৰিবৰ্তনৰ ফল ফ্ৰোবেলৰ যত শিক্ষা- দান বিষয়তো অনতিবিলম্বে দেখা গল। আগৰ কঠোৰ শাস্তিৰ পৰিবৰ্তে ছলিৰ মন মুহিব পাৰা শিক্ষাৰ ব্যৱস্থা হল; আগৰ স্কুল আছিল ভীষণ কাৰাগাৰৰ সদৃশ, তাৰ পৰিবৰ্তে স্কুলক আনন্দ আৰু কৰ্মৰ ক্ষেত্ৰ কৰিবলৈ শিক্ষাবিদ- সকল যত্নপৰ হল।

  ফ্ৰোবেলে আকৌ দেখুৱালে যে শিক্ষা মানে বাহিৰা কথা। মুখস্থ কৰা নহয়; শিক্ষা মানে নিজৰ শক্তিক বাহিৰৰ বস্তুৰ সহায়েৰে প্ৰকাশ কৰা। শিক্ষা-দান তিমান লাগতিয়াল নহয়, যিমান শিক্ষা-গ্ৰহণ অৱশ্যকীয়— শিক্ষকে যত্ন কৰি একো শিকাব নোৱাৰে, যদি লৰাই নিজৰ শক্তি কৰ্মত প্ৰয়োগ নকৰে।

  ফ্ৰোবেলেৰ মতে জন্মত যাৰ যি প্ৰকৃতি, সি ভালো নহয়, বেয়াও নহয়, সি স্বাভাৱিক। এই প্ৰকৃতিৰ গূঢ় মৰ্ম বুজি তাৰ সহায়ত শিশুৰ উপযুক্ত বিকাশ কৰিবলৈ চেষ্টা কৰা হে উৎকৃষ্ট শিক্ষা-বিধানৰ লক্ষ্য। শিশু-প্ৰকৃতি পৰ্য্যবেক্ষণ কৰি চাই ফ্ৰোবেলে পালে যে— শিশু জ্ঞান-আহৰণৰ কাৰণে ব্যস্ত; শিশুএ ডাঙৰৰ সমস্ত ক্ৰিয়া-কলাপ অনুকৰণ কৰি বৰ তৃপ্তি লাভ কৰে, এয়ে ধেমালি; আৰু শিশুএ সদাই কামত লাগি থাকিবলৈ ভাল পায়। এই তিনটা সত্যকে ফ্ৰোবেলে [ ৬১ ] মূল বুলি ললে; আৰু বহুত ভাবি চিন্তি আঁতি গুৰি লগাই তেওঁ শিশু-শিক্ষাৰ কাৰণে কিছুমান সজুলি, কিছুমান খেল, কিছুমান গীত আৰু কেইটামান কাজ উদ্ভাৱন কৰিলে। এইবিলাক সাজ-সৰঞ্জামৰ ভিতৰত তেওঁৰ নিজা দাৰ্শনিক মতৰো এটা গূঢ় ব্যাখ্যা সুমাই থলে-এই মতৰ আলোচনৰ ই ঠাই নয় আৰু ইয়াত আৱশ্যকো নকৰে। এই সজুলি, গীত আদি নিয়মিত ৰূপে ব্যৱহাৰ কৰাই কিণ্ডাৰ-গাৰ্টেন-শিক্ষা।

 ফ্ৰোবেল ঊনবিংশ শতিকাৰ আদি ভাগৰ লোক। ক্ৰমে মনোবিজ্ঞান আৰু শৰীৰ-বিজ্ঞানৰ জ্ঞান বহল হল; ফ্ৰোৱেলে অনেক পৰিমাণে অতীন্দ্ৰিয় গানৰ সহায়েৰে শিশু- প্ৰকৃতিৰ যি আভাস মাত্ৰ দিছিল, অনেক নিঃস্বাৰ্থ জ্ঞান-যোগীৰ সাধনাৰ ফলত সেই জ্ঞানৰ পৰিসৰ ৰাঢ়িল। তেতিয়া পণ্ডিত সকলে বুজিব পাৰিলে যে শিশুৰ বিকাশত যিমান পৰিমাণে স্বাধীনতা দিব পাৰি তিমান ভাল। আৰু প্ৰত্যেক শিশুৰ নিজত্ব যিমান পৰিমাণে ৰক্ষা কৰি শিকাব পাৰি তিমান মঙ্গল-জনক।

 কিন্তু শিক্ষা অৰ্থই স্বেচ্ছা-চাৰিতাত বাধা-দান, অন্ততঃ কিছু পৰিমাণে। আৰু প্ৰত্যেকৰ ব্যক্তিত্ব ৰক্ষা কৰিবলৈ হলে, শ্ৰেণী পাতি একেলগে শিক্ষাদান কৰাও অসম্ভৱ। ইয়াতে শিশু-প্ৰকৃতিৰ লগত শিক্ষা-প্ৰণালীৰ এটা বিৰোধ উপস্থিত [ ৬২ ] হল। এই বিৰোধৰ মীমাংসা কৰিলে, সম্পূৰ্ণকৈ নহলেও বহুত পৰিমাণে, ইতালি-দেশৰ শিক্ষয়িত্ৰী মন্টিছৰীএ। *

 ডাক্তাৰ মণ্টিছৰী এতিয়াও জীয়াই আছে। এওঁ আগ ডোখৰত চিকিৎসাশাস্ত্ৰ আৰু শৰীৰতত্ত্ব অধ্যয়ন কৰিছিল; আৰু অনেক দিন কলা-বেঙা-নিৰ্বোধ প্ৰভৃতি শিশুৰ আশ্ৰম এখনৰ অধ্যক্ষ আছিল। এওঁ বহুদিনৰ পৰ্য্যবেক্ষণ পৰীক্ষণ আৰু অধ্যয়নৰ ফল স্বৰূপে শিশু শিক্ষাৰ অৰ্থে কিছুমান যন্ত্ৰৰ উদ্ভাৱন কৰিলে। এই যন্ত্ৰবোৰৰ বিশেষত্ব এই যে তাক শিশুএ নিজে ব্যৱহাৰ কৰিব পৰে আৰু ভুল হলে নিজে ধৰিব পাৰে। এই যন্ত্ৰবোৰৰ সহায়ত শিশুএ ধেমালিৰ ছলতে দশ- ইন্দ্ৰিয়ৰ উৎকৰ্ষ সাধন কৰিব পাৰে, আৰু জানিব লগীয়া অনেক কথা শিকিব পাৰে।

 মণ্টিছৰীৰ শিক্ষা-পদ্ধতিৰ নতুনত্ব এই যে ছলিএ যেতিয়া ইচ্ছা তেতিয়া যন্ত্ৰবোৰৰ ব্যৱহাৰ কৰে, যেতিয়া ইচ্ছা নাই তেতিয়া দৌৰা-দৌৰি কৰে বা আন ধেমালি কৰে বা শোৱে। আৰু মণ্টিছৰীৰ স্কুলত শ্ৰেণী নাই—প্ৰত্যেক ছলি যিমানখিনি শিখিছে তিমানখিনিৰ পৰা নিজৰ কাম কৰিবলৈ আৰম্ভ কৰে। শ্ৰেণী পাতি শিক্ষা দিলে শিশুৰ ব্যক্তিত্বৰ বিকাশত বাধা জন্মে;


[ ৬৩ ] আৰু বুদ্ধিত কমবোৰ পিছ পৰি থাকে, বুদ্ধিত প্ৰখৰবোৰেও

আগ বাঢ়িব নোৱাৰে—সকলোএ মজামাজি ধৰণৰ এবিধ শিশুৰ দৰে হৈ পৰে। মণ্টিছৰী স্কুলত এই অসুবিধা নাই। মণ্টিছৰীৰ মতে, শিশুএ নিজে নিজে হে শিকে; শিক্ষকৰ কাম শিক্ষা দিয়া নহয়, শিশুক শিক্ষা-কামত সহায় কৰা হে। এই কথাকে মনত ৰাখিবলৈ তেওঁ শিক্ষক বা শিক্ষয়িত্ৰীক পৰিচালক বা পৰিচালিকা হে বোলে।

 ফ্লোৰেল বা মণ্টিছৰীৰ উদ্ভাৱিত যন্ত্ৰৰ সহায়ত হে যে শিশু-শিক্ষা দিব পাৰি, আন একাৰে নোৱাৰি, এই কথা হব নোৱাৰে। মূল তথ্য কেইটা বুজি লই যি-সেই বস্তুৰ সহায়ত বা যি সেই প্ৰণালীত শিক্ষা দিলে নিশ্চয় দোষ নঘটে। কিন্তু প্ৰত্যেক শিক্ষকৰ পক্ষে ফ্লোৰেলৰ পৰ্য্যবেক্ষণ-শক্তি আৰু অতীন্দ্ৰিয় জ্ঞান বা মণ্টিছৰীৰ গভীৰ গবেষণা আৰু সহানুভূতি লাভ কৰা সম্ভৱপৰ নহয়।

 ১২। সেই দেখি শিক্ষক হব, খুজিলে এইসকল মহা মহা পণ্ডিতৰ মত আৰু তেওঁলোকে শিক্ষাব্যৱহাৰ কৰা যন্ত্ৰ পাতি আলোচনা নকৰিলে নহয়। আমাৰ দেশৰ বাবে কিণ্ডাৰ-গাৰ্টেন বা মণ্টিছৰীৰ সকলোবিলাক সজুলি উপযোগী নহয়, আৰু উপযোগী হলেও সেইবিলাক, বিশেষ-কৈ মণ্টিছৰীৰ যন্ত্ৰ[ ৬৪ ] বিলাক, ইমান দামী যে আমাৰ দৰে দুখীয়া দেশত সেইবোৰৰ ব্যৱহাৰ কৰি শিক্ষা দিব পাৰি বুলি কল্পনা কৰিবও নোৰাৰি।

 শিক্ষক শিক্ষা-কাৰ্যৰ গুৰিয়াল। তেওঁ নিজে সমস্ত কথা বুজি লই ছাত্ৰক যি দৰে চলাবলৈ বিচাৰে ছাত্ৰ সেই দৰে চলিব। ছাত্ৰ শিক্ষা পথত ভ্ৰমণ কৰে, শিক্ষকে তেওঁক সুগম বাট লগাই দিয়ে। সেই দেখি শিক্ষকৰ কাৰ্য্য গুৰু। ঘোঁৰাক লাগাম লগাই যি ফালে খুচি লৈ যাব পাৰি। কিন্তু অশ্বমেধৰ ঘোঁৰা নিজ খুচি মতে হে ফুৰে; তাৰ ৰক্ষকে হলে যেনেকৈ পাৰে, ঘোঁৰাক নিজ খুচিমতে ফুৰিবলৈ দিও, তাক সম্বৎসৰৰ মূৰত যজ্ঞ-স্থাপন উপস্থিত কৰিব লাগিব। এনে ঘোঁৰাৰ চালক হোৱা অৰ্জুন আৰু লক্ষ্ণণৰ দৰে বীৰৰ হে কাম। শিক্ষকো অশ্বমেধ-যজ্ঞৰ ঘোঁৰা চালক; তেওঁৰ ছত্ৰই সেই ঘোঁৰা। শিক্ষকে ছাত্ৰৰ প্ৰকৃতি অনুসৰিহে তেওঁৰ বিকাশত সহায় কৰিব পাৰে বা শিক্ষা দিব পাৰে। কিন্তু কি শিক্ষা দিব, কিমান দিনত কিমান পৰিমান শিকাব আৰু সেই শিক্ষাৰ সহায়ত ছাত্ৰক কি দৰে গঢ়ি তুলিব—এই আটাইবিলাক কথাৰ স্থিৰ সিদ্ধান্ত কৰিব লাগিব তেওঁ হে।

 সেই দেখি কোৱা আছে—যেনে শিক্ষক, তেনে স্কুল। শিক্ষকে নিজৰ আদৰ্শৰ অনুৰূপে ছাত্ৰক গঢ়ি তোলে। শিক্ষকৰ যদি বিশ্বাস মানুহ কৰ্মী, দক্ষ, অধ্যৱসায়ী, নিৰলস, [ ৬৫ ] ইত্যাদি প্ৰকাৰ গুনী হব লাগে, তেনেহলে তেওঁ সেইবোৰ গুণ ছাত্ৰৰ মাজত প্ৰকাশ হবৰ কাৰণে চেষ্টা কৰে। আৰু তেওঁ যদি ভাৱে মুখস্থ বিদ্যা আৰু পৰীক্ষা-পাছেই মানুহৰ জীৱনৰ লক্ষ্য, তেওঁৰ যত্নও সেইমুখীয়া হয়। আকৌ, জ্ঞাত বা অজ্ঞাতসাৰে ছাত্ৰই শিক্ষকক অনুকৰণ কৰে। সেই দেখি শিক্ষক যেনে প্ৰকৃতিৰ তেওঁৰ ছাত্ৰও সেই প্ৰকৃতিৰ হোৱা দেখা যায়। কৰ্মদক্ষ প্ৰফুল্লচিত শিক্ষকৰ চিন তেওঁৰ স্কুলৰ ঘৰ, চোতাল, ফুলনি, চাকৰ-নাকৰ, এই সকলোতে ফুটি ওলায়—ছাত্ৰৰ কথাই নাই।

 এই কাৰণে, শিক্ষকৰ প্ৰধান কৰ্তব্য, যিমান কথাত পাৰি তেওঁ ছাত্ৰৰ আগত জীৱন্ত আদৰ্শ স্থানীয় হব লাগে। সকলো মহৎ সৎ আৰু পবিত্ৰ কামত ছাত্ৰই শিক্ষককেই আদৰ্শ পাব লাগে। চৰিত্ৰৰ সকলো বিলাক লোভনীয় গুণত— নিৰলসতা, কৰ্মপটুতা, প্ৰফুল্লতা, দয়া, সহানুভূভি—শিক্ষক ছাত্ৰৰ আগত সেই গুণবোৰৰ কায়িক অৱতাৰ যেন হব লাগে। দ্বিতীয়তে, শিশু-চৰিত্ৰত শিক্ষকৰ গভীৰ অভিজ্ঞতা লাগে। এই অভিজ্ঞতাৰ কাৰণে মনোবিজ্ঞানৰ পুথি অধ্যয়নৰ তিমান আৱশ্যক নকৰে, যিমান আৱশ্যক ছাত্ৰ-জীৱনৰ লগত শিক্ষক সহানুভূতিৰ। ছাত্ৰই কোন প্ৰবৃত্তিৰ বশত কি কাম কৰিলে, কোন কথা ছাত্ৰৰ পক্ষে বুজা টান, কোনটো নিয়মত ছাত্ৰ‌ই আত্মসন্মানত হাত পৰা বুলি ভাৱে, কেনে ব্যৱহাৰ ছাত্ৰৰ প্ৰতি [ ৬৬ ] অপ্ৰীতিকৰ—ইত্যাদিবিলাক কথা উত্তম শিক্ষকৰ পক্ষে বুজাব নিতান্ত প্ৰয়োজন। নহলে পদে পদে শিক্ষা-কাৰ্য্যত ছাত্ৰৰ পৰা বাধা পোৱা সম্ভৱ। তেতিয়া শিক্ষা-কাৰ্য্য সংসাৰৰ যাৱতীয় কাৰ্য্যৰ ভিতৰতে উৎকৃষ্ট নহই, সকলোতকৈ অপকৃষ্ট হৈ হে পৰে।

 এইবিলাক কথা আলোচনা কৰি হে বিজ্ঞ লোকে কয়, “প্ৰকৃত শিক্ষক ক্ষণজন্মা পুৰুষ আৰু তেওঁৰ আসন পৃথিৰীৰ ধৰ্মগুৰু সকলৰ তলতে। ”

⸺৹⸺
[ ৬৭ ]
তৃতীয় অধ্যায়
শিক্ষা-দানৰ প্ৰণালী।
 ১। ‘শিক্ষা-দান’ পদটোৰ অৰ্থ আমি আগৰ অধ্যায়ত পাই আহিছোঁ। শিক্ষকে আচলতে শিক্ষা-দান-
প্ৰণালী
শিক্ষা দান নকৰে, ছাত্ৰৰ শিক্ষা গ্ৰহণৰ উপায় সহজ কৰি হে দিয়ে। আন এটা দৃষ্টান্ত দি এই কথা আখৰৰ কথাটো আৰু পৰিষ্কাৰ কৰি কবলৈ চেষ্টা কৰা যাক। যেনে, ‘অন্ন-দান’। ইয়াৰ অৰ্থ এই যে অন্ন খাবলৈ আগ্ৰহান্বিত মানুহৰ অভাৱ নাই, অভাৱ অন্নৰ আৰু অন্ন যোগাওঁতাৰ; অন্ন-দান অৰ্থ প্ৰীতিকৰ কৰি অন্ন যোগান ধৰা; খাওঁতাৰ মুখত সুমাই দি নিগিলিলেও ঢেকি-থোৰাৰে অন্ন গিলোৱা কথা নুবুজায়। ‘শিক্ষা-দান’ বা ‘বিদ্যা-দান' অৰ্থও তদ্ৰূপ। সাধাৰণতে দেখা যায় যথেষ্ট প্ৰীতিকৰ কৰি যোগান ধৰিৰ পাৰিলে, শিক্ষা গ্ৰহণ কৰিবলৈ আগ্ৰহান্বিত লোকৰ অভাৱ নাই; অভাৱ হৈছে তেনে লোকৰ যি শিক্ষা প্ৰীতিকৰ কৰি যোগাবলৈ পাৰগ। শিক্ষকৰ পক্ষে শিক্ষা-দান কৰা অৰ্থ নীৰস আৰু কঠিন বিষয় ৰসাল আৰু ছাত্ৰৰ গ্ৰহণোপযোগী কৰি যোগান ধৰা।

[ ৬৮ ]  এই ৰূপে যোগান ধৰাৰ যি ভাল উপায় সেয়ে শিক্ষা-দানৰ উৎকৃষ্ট প্ৰণালী। শিক্ষণীয় বিষয় কি দৰে প্ৰস্তুত কৰি ললে সি ছাত্ৰ পক্ষে লোভনীয় হয়, অৰ্থাৎ সি সহজতে ছাত্ৰৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে, তাক জানা সকলো শিক্ষক আৰু অভিভাবকৰ কৰ্তব্য।

 ২। নীৰস বিষয় কি ৰূপে ৰসাল কৰিব পাৰি, বা কঠিন বিষয় কি প্ৰণালীৰে সহজ কৰিব পাৰি, জ্ঞানাৰ্জন আৰু মনতাক জানিবলৈ হলে জ্ঞানাৰ্জনৰ স্বাভাৱিক প্ৰণালী কি, সেই কথা ভাল দৰে বুজি লব শাগে। সংক্ষেপত কবলৈ গলে—শিক্ষা গ্ৰহণৰ স্বাভাৱিক প্ৰণালীয়েই শিক্ষা-দানৰ স্বাভাৱিক প্ৰণালী। কোনো কোনো বিশেষ বিশেষ অৱস্থাত মানুহে একো যত্ন নকৰাকৈয়ে বিষয়ৰ জ্ঞান অৰ্জন কৰিব পৰা দেখা যায়; জ্ঞাতব্য বিষয়- বোৰক তেনে অৱস্থালৈ আনিব পাৰিলে জ্ঞানাৰ্জন সুগম কৰি দিয়া হয়। এই অবস্থাবোৰ নো কি অমি ক্ৰমে ক্ৰমে বুজিবলৈ চেষ্টা কৰিম।

 এই ৰহস্যময় বিশ্বৰ লগত পৰিচয়, পাৰিলে ঘনিষ্ঠ সম্বন্ধ পাতাই জ্ঞান-অৰ্জন। সি কেনেকৈ হয়?

 মানুহৰ চৈতন্যময় যি শক্তি—যি শক্তিৰ অস্তিত্ব থাকাৰ কাৰণে আমি যাবতীয় কামবোৰ কৰিব পাৰিছোঁ বুলি জানিব [ ৬৯ ] পাৰিছোঁ, আৰু নিজে কৰোঁ বা জানো বুলিও বুজিব পাৰিছোঁ—সেই শক্তিয়ে মানুহৰ আত্মা। আত্মাৰ বাহিৰা যি সি অনাত্মা। শেষ অৰ্থত অনাত্মাক আত্ম-গত কৰি লোৱাই জ্ঞানাৰ্জন। আন প্ৰকাৰে এই কথা কবলৈ হলে—‘মই’, এটা বস্তু আৰু ‘মই’ৰ বাহিৰ ইবিলাক আন বস্তু। আদিতে ‘মই’ৰ লগত ‘মইৰ বাহিৰ’ৰ পৰিচয় নাথাকে। ‘মই’-এ ‘মন’ৰ সহায়ত ‘মইৰ বাহিৰ’-ৰ বস্তুৰ লগত চিনাকী পাতে। এয়ে জ্ঞানাৰ্জন।

 ‘মনৰ’ কাম এই সম্বন্ধ পাতাত সহায় দিয়া। মনৰ এই কাৰ্য্যক দুটা ভাগত ভগাব পাৰি—জ্ঞানাৰ্জন আৰু ক্ৰিয়াকৰণ। বাহিৰৰ কোনো এটা বস্তুৰ বিষয়ে জানিব লগীয়া কথাখিনি জানা হল জ্ঞানাৰ্জন; আৰু সেই বস্তু যি যি ব্যৱহাৰত লাগে সেই সেই ব্যৱহাৰত খটোৱা, ক্ৰিয়া-কৰণ। প্ৰকৃতত, জ্ঞানাৰ্জন আৰু ক্ৰিয়া-কৰণ, মনৰ এই দুই-বিধীয়া কাৰ্য্য একেলগে হোৱা দেখা যায় , কোনোটাত ইটো বা সিটোৰ প্ৰাধান্য থাকে মাত্ৰ। আগৰ অধ্যায়তো দেখুৱা হৈছে যে জ্ঞানে কৰ্মৰ শক্তি প্ৰৱল কৰে, আৰু ক্ৰিয়াই জ্ঞান বহল কৰে। কিন্তু শিক্ষা- দানৰ প্ৰণালীৰ তত্ত্ব ভালৰূপে বুজিবৰ অৰ্থে মনৰ এই দুই- বিধীয়া কাৰ্য্যৰ কথা মনত ৰাখিব লাগিব।

 ৩। মনে তাৰ কাৰ্য্য কৰে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ আৰু পঞ্চ [ ৭০ ] কৰ্মেন্দ্ৰিয়ৰ সহায়ত। ‘আত্মা’ যি দেহযন্ত্ৰত বাস কৰে, সেই যন্ত্ৰৰ এই দহোটা সংকেত-স্থান মন আৰু শৰীৰ(Switch)। মনে এই ইন্দ্ৰিয় বিলাকৰ দুৱাৰে দি আত্মা আৰু অনাত্মাৰ সম্বন্ধ ঘটাই দিয়ে।

 এই সম্বন্ধ কি প্ৰকাৰে সংঘটন হয়, তাক বুজিবলৈ আমাৰ শৰীৰ-যন্ত্ৰটোৰ গঠন সম্পৰ্কে অলপ কথা জনা আৱশ্যক।

  মনস্তত্ত্ববিদ আৰু শৰীৰতত্ত্বজ্ঞ পণ্ডিত সকলে অনেক পৰীক্ষণ আৰু পৰ্য্যবেক্ষণৰ ফলত ঠিক কৰিছে যে জীৱ-শৰীৰৰ স্নায়ু-মণ্ডলৰ ওপৰত মনৰ সমস্ত কাৰ্য্য নিৰ্ভৰ কৰে। তেওঁলোকে কয় যে মানসিক ক্ৰিয়াৰ লগে লগে স্নায়ুমণ্ডলৰ পৰিবৰ্তন হয়; আৰু স্নায়ুমণ্ডলৰ পৰিবৰ্তনৰ লগে লগে মানসিক ক্ৰিয়া উৎপন্ন হয়। কিন্তু স্নায়ু-মণ্ডলৰ পৰিবৰ্তনৰ ফলত মানসিক ক্ৰিয়া হয়, বা মানসিক ক্ৰিয়াৰ ফলত স্নায়ু-মণ্ডলৰ পৰিবৰ্তন হয়—এই দৰে নকয়। তেওঁলোকৰ মতে এই দুই-বিধ ক্ৰিয়া একেলগে উৎপন্ন হয়; আৰু আমি স্নায়ু-মণ্ডল ব্যতিৰেকে কেতিয়াও মনৰ ক্ৰিয়া দেখা নাপাওঁ।

 স্নায়ু-মণ্ডলৰ প্ৰধানকৈ দুটা ভাগ—স্নায়ুকেন্দ্ৰ আৰু স্নায়ু- সংঘোগ। মূৰৰ খোলাৰ মাজত থাকে মস্তিষ্ক বা মগজু; আৰু ৰাজ-হাৰৰ মাজত কলচীয়া বৰণীয়া ঘিউৰ দৰে যি বস্তু থাকে, সি মজ্জা। মজ্জা আৰু মস্তিষ্ক একে যোগ হৈ আছে; আৰু দুয়ো একে প্ৰকাৰ পদাৰ্থ। মজ্জাৰ ওপৰত মস্তিষ্কৰ তলত [ ৭১ ] আৰু মূৰৰ পাছৰ ফালে স্নায়ুকেন্দ্ৰৰ আৰু এটা ভাগ আছে, তাৰ নাম ক্ষুদ্ৰ মস্তিষ্ক এই তিনিটা স্নায়ুকেন্দ্ৰৰ প্ৰধান ভাগ।

  স্নায়ু-কেন্দ্ৰৰ পৰা কিছুমান সূতাৰ দৰে পদাৰ্থ ওলাই গৈ আমাৰ সমস্ত শৰীৰ ছাটি আছে। এইবিলাকে আমাৰ শৰীৰৰ প্ৰত্যেক অংশক স্নায়ুকেন্দ্ৰৰ— আমাৰ মজ্জা-মস্তিষ্কৰ— লগত সংযুক্ত কৰি থৈছে। এয়ে স্নায়ু-সংযোগ। এই সূত্ৰবোৰৰ সংখ্যা জ্ঞানেন্দ্ৰিয় বিলাকত সৰহ। এই সূত্ৰবোৰৰো দুটা ভাগ— জ্ঞান-বাহী বা অন্তশ্চাৰী আৰু শক্তি-বাহী বা বহিশ্চাৰী।

  কোনো এটা বস্তু আমাৰ ইন্দ্ৰিয়-গোচৰ হোৱাৰ অৰ্থ, স্নায়ুমণ্ডলৰ সহায়ত মনে সেই বস্তুটোৰ বিষয় জানিব পাৰে। যেনে, মই এই টেবুলত বহি ‘কামিনী’ ফুল জোপা দেখিছোঁ। ইয়াৰ অৰ্থ— কামিনী ফুল জোপাই বিশ্বব্যাপী ইথাৰত তৰঙ্গ উৎপাদন কৰিছে। সেই তৰঙ্গৰ উত্তেজনা মোৰ সমস্ত গাত লাগিছে, আৰু ফুল জোপাৰ চাৰিও ফালৰ সকলো বস্তুতে লাগিছে। কিন্তু সেই তৰঙ্গৰ উত্তেজনা কেৱল চক্ষুঃ-যন্ত্ৰৰ সহায়েৰে-হে বোধগম্য হব পাৰে। এই ক্ষেত্ৰত মোৰ চকুৰ মণিটোৰ ভিতৰে দি এই উত্তেজনা ‘ৰেটিনা’ত লাগিছে। ৰেটিনাত অনেক স্নায়ুসূত্ৰ আছে। তাৰে মাজৰ জ্ঞানবাহী সূত্ৰই সেই উত্তেজনা নি মোৰ মস্তিষ্ক পোৱাইছে। তাৰ ফলত মই বুজিৰ পাৰিছোঁ যে মোৰ সমুখত কামিনী ফুল জোপা আছে। বাহিৰৰ উত্তেজনা ভিতৰলৈ নিয়ে, আৰু তাৰ ফলত [ ৭২ ] আমাৰ জ্ঞান হয়, সেই দেখি এইবিধ স্নায়ুসূত্ৰৰ নাম অন্তাশ্চাৰী বা জ্ঞানবাহী।

  সেই উত্তেজনা যেতিয়া মস্তিষ্ক পালে, মস্তিষ্কৰ পৰা আৰু নতুন এবিধ উত্তেজনাৰ আৰম্ভ হল। এই উত্তেজনা শক্তিবাহী সুত্ৰৰ সহায়ত আমাৰ কোনো মাংস-পেশী পায়হি; তাৰ ফলত আমি কোনো কাম কৰিব পাৰোঁ। এই উদাহৰণত, শক্তিবাহী সূত্ৰৰ সহায়ত যি উত্তেজনা মোৰ হাত আৰু ভৰি পালেহি তাৰ ফলত মই ফুল জোপাৰ গুৰিলৈ গৈ তাৰ যি টি ভাল বেয়া হৈ আছিল সেই ডালটো ভাল কৰি দিলোঁ। মস্তিষ্কৰ পৰা বাহিৰলৈ, অৰ্থাৎ মাংস-পেশী সমুহলৈ, শক্তি বহন কৰে দেখি এইবিধ সূত্ৰৰ নাম বহিশ্চাৰী বা শক্তিবাহী।

  দৰ্শন-ইন্দ্ৰিয় সম্বন্ধে যেনে, আন আন ইন্দ্ৰিয় সম্বন্ধেও তেনে। বাহিৰৰ বস্তুৰ উত্তেজনা আমাৰ কোনো জ্ঞানেন্দ্ৰিয় পায়হি; জ্ঞানবাহী আৰু স্নায়ু সূত্ৰই সেই উত্তেজনা স্নায়ুকেন্দ্ৰ পোৱায়গৈ। তাত আকৌ নতুন এক প্ৰকাৰ উত্তেজনাৰ উদ্ভৱ হয়। সেই উত্তেজনা শক্তি-বাহী সূত্ৰই দি মাংস-পেশীবোৰ পায়হি; তাৰ ফলত ক্ৰিয়া হয়।

স্নায়ুকেন্দ্ৰৰ তিনিটা ভাগৰ কথা কোৱা হৈছে। ইহঁতৰ প্ৰত্যেকৰ বেলেগ বেলেগ কাম। যিবিলাক কাম অচিন্তিত ভাৱে হয়— যেনে মই লিখি থকাত মহ এটাই ভন্‌ ভন্‌ কৰিছে, মই লিখিব নেৰিও মহটো খেদাই, দিব পাৰিছোঁ [ ৭৩ ] (আৰু বিশেষ মন নিদিয়া হলে এই কথাটো মনতে নপৰিল হয়)— সেই বিলাকৰ কেন্দ্ৰ মজ্জাত। অৰ্থাৎ মজ্জাৰপৰাই সেইবিলাক কামৰ কাৰণে আৱশ্যকীয় শক্তিৰ উদ্ভৱ হয়। অভ্যাস মূলক কামবোৰৰ কেন্দ্ৰ ক্ষুদ্ৰ মস্তিষ্কত। যেনে, এই প্ৰৱন্ধ লিখিবৰ সময়ত যি আখৰ লিখন ক্ৰিয়া, সেই ক্ৰিয়া আদিত মোৰ পক্ষে বৰ টান আছিল; এভিয়া অভ্যাস কৰোঁতে কৰোঁতে আখৰ লিখা কথাটো মোৰ পক্ষে বৰ উজু হৈ পৰিছে। এই কামৰ বাৰে মোৰ বৃহৎ বা আচল মস্তিষ্কই একো কাম কৰিব নালাগে; এই বিলাক কামৰ কাৰণে আৱশ্যকীয় শক্তি ক্ষুদ্ৰ মস্তিষ্কতে উদ্ভৱ হয়। চিন্তা কৰি যিবোৰ কাম কৰিব লাগে— যেনে, এই প্ৰবন্ধত কি লিখিম কি নিলিখিম ইত্যাদি ঠিক কৰা— সেইবোৰৰ কেন্দ্ৰ হে প্ৰকৃত মস্তিষ্কত।

  এনে সুকৌশলেৰে স্নায়ুমণ্ডল নিৰ্মিত হোৱাৰ হেতুকে, দেহ-যাত্ৰা-নিৰ্বাহৰ অৰ্থে সাধাৰণতে আৱশ্যকীয় কামবোৰৰ কাৰণে আমাৰ মস্তিষ্কৰ কোনো পৰিশ্ৰম নহয়; মজ্জা আৰু ক্ষুদ্ৰ মস্তিষ্কৰপৰাই সেইবোৰ কাম হব পাৰে। সেই দেখি উচ্চ চিন্তা আৰু নতুন কৌশল উদ্ভাৱন কৰা আদি কামৰ কাৰণে আমাৰ মস্তিষ্কই সম্পূৰ্ণ আজৰি পায়। এই দৰে ক্ৰমে ক্ৰমে মানৱ-জাতিৰ উন্নতি হয়।

  মনৰ ক্ৰিয়া স্নায়ুমণ্ডলৰ লগে লগে হোৱাৰপৰা সহজতে [ ৭৪ ] বুজিব পাৰি যে স্নায়ুমণ্ডল যিমানে বলী আৰু সুস্থ হয়, মানসিক ক্ৰিয়াও সেই পৰিমাণে শক্তিশালী হয়। সুস্থ দেহৰ স্নায়ুমণ্ডলো স্বাস্থ্যৱান। এইবাৰে কোৱা আছে, ‘সুস্থ দেহ সবল মন’। অপৰ পক্ষত, মনৰ ধল যথেষ্ট থাকিলে সৰু- সুৰা অসুখ-বিসুখে শৰীৰটোকে পাৰি লব নোৱাৰে।

 

  ৪। শৰীৰ আৰু মনৰ সম্বন্ধৰ বিষয়ে এই চুম্বক বৰ্ণনাৰ পৰা জ্ঞানাৰ্জনৰ স্বাভাৱিক প্ৰণালী সম্পৰ্কে মুঠ কথাকেইটা বুজিব পাৰি। জ্ঞানাৰ্জনৰ প্ৰাৰম্ভিক প্ৰণালী ধৰা, মই মোৰ সমুখত ৰঙীন এখন কাপোৰ দেখিছোঁ। এই দেখা, কিবা সৰু সৰু ক্ৰিয়া গোট খাই হৈছে নে ই সৰল এটা ক্ৰিয়া?

  কাপোৰখনৰপৰা উত্তেজনা আহি মোৰ চক্ষুৰিন্দ্ৰিয়ত আঘাত কৰিলে। তেতিয়া সেই ইন্দ্ৰিয়ত থকা জ্ঞান-বাহী সূত্ৰই নি সেই উত্তেজনা বোৰ মস্তিষ্কত উপনীত কৰিলে। ইয়াৰ ফলত মোৰ অনুভৱ হল যে মই কি এটা দেখিছোঁ; কিন্তু কি দেখিছোঁ, কৰপৰা এই উত্তেজনা আহিছে, নাজানো। খন্তেকতে ধৰিব পাৰিলোঁ, এই অনুভৱৰ গুৰি এটা বস্তু আৰু সি মোৰ সমুখত আছে; এতিয়াও কিন্তু কি বস্তু আৰু তাক চিনিব পাৰা নাই। মোৰ মনত যি অস্পষ্ট অনুভৱটো হল, সি মোৰ মনত ৰং আৰু কাপোৰৰ বিষয়ে যি ধাৰণাবোৰ সুপ্ত হৈ [ ৭৫ ] আছিল, সেইবোৰক জাগ্ৰত কৰি তুলিলে। তেতিয়া এই নতুন অনুভৱ আৰু পুৰণি ধাৰণাৰ কত মিল-অমিল তাক বিচাৰ কৰি চালোঁ। তাৰ ফলত মোৰ জ্ঞান হল যে মোৰ আগত থাকা বস্তু-খন এখান ৰঙীন কাপোৰ।

  এই দৰে বাহিৰৰ বস্তু বিষয়ত মোৰ বোধ জন্মিল। দৰ্শন- ইন্দ্ৰিয়ৰ বিষয়ত যেনে ধৰণে ক্ৰিয়া চলে, আন আন ইন্দ্ৰিয়ৰ সম্পৰ্কেও তেনে।

 

  ৫। এতিয়া এই প্ৰণালীটোৰ সম্বন্ধে কেইবাটাও কথা মন কৰিব লগীয়া ওলাইছে। প্ৰথমতে, বিষয়ৰ চিন্তাকৰ্ষণী শক্তি মোৰ সমুখত অকল ৰঙীন কাপোৰখান হে থাকা নাই। কিমান কিতাপ, কলম, ঘৰৰ বেৰা, কিতাপ থোৱা ৰেক— ইত্যাদি হৰেক ৰকম বস্তু আছে। তেনেহলে অকল ৰঙীন কাপোৰখান হে দেখিলোঁ। কিয়? ইবিলাক বস্তুৰপৰা উত্তেজনা আহি মোৰ চক্ষুৰিন্দ্ৰিয়ত আঘাত কৰা নাছিল নে?

  প্ৰকৃততে, ইবিলাক বস্তুৰ উত্তেজনাই আহিও মোৰ চক্ষুঃ বস্ত্ৰত আঘাত কৰিছিল। কিন্তু ইন্দ্ৰিয়-দুৱাৰৰ দ্বাৰী মন। মনে ইবিলাক উত্তেজনাক মোৰ মস্তিষ্কলৈ যাব নিদিলে; দিলে মাথোন ৰঙীন কাপোৰৰ উত্তেজনাক। কিয়, বিচাৰ কৰা বাৰু। [ ৭৬ ]   মোৰ সমুখত যিবোৰ বস্তু আছে, সেই আটাইকেইটাৰ ভিতৰত ৰঙীন কাপোৰখানেই বেচি উজ্জল। চুণ-কাম-কৰা বগা বেৰা, বা ধূসৰবৰ্ণৰ কিতাপৰ দাম, বা লুকাই থাকা কাঠৰ ৰেক— ইত্যাদিবোৰ বস্তুৰ চাকচিক্য ৰঙীন কাপোৰৰ তুলনাত অতি কম। মোৰ সমুখত যিবোৰ বস্তু আছে তাৰ মাজত ৰঙীন কাপোৰ ডোখৰৰে মোৰ মন আকৰ্ষণ কৰিব পাৰা শক্তি বেছি। গতিকে মনে ইবিলাক বৰ উত্তেজনাক বন্ধ কৰি থৈ ৰঙীন কপোৰৰ উত্তেজনাক ভিতৰ সোমাবলৈ বাট দিলে। বিষয়ৰ এই চিত্তাকৰ্ষণী শক্তি বেছি হলে স্বভাৱতে সি সহজতে ইন্দ্ৰিয়-গ্ৰাহ্য হয়। যেন, কোনো অৰ্থশালী লোকৰ দুৱাৰীএ মূল্ল্যৱান পোছাক পিন্ধা লোকক সহজতে বাট এৰি দিয়ে, কিন্তু হীন কাপোৰ লোৱা লোকৰ মুখৰ ওপৰতে দুৱাৰ বন্ধ কৰি থয়।

 

  ৬। যি বস্তু উজ্জল, নতুন, জীৱন্তু সেই বস্তুৰ আকৰ্ষণী শক্তি বেছি। স্বাভাৱতে এইবোৰ বস্তুৰ মনোযোগ প্ৰতি মনোযোগ বহে। চকমকীয়া কাপোৰ-পিন্ধা লোকমাত্ৰই ভাল মানুহ নহয়, আৰু মলি-পৰা কপোৰৰ মাজতো উজ্জল আত্মা লুকাই থাকে। এই কথা বুজিব পৰা দুৱৰীএ সজ-অসজ চাই হে দুৱাৰ খুলি দিয়ে বা বন্ধ কৰে। মনেও, ঠিক এই দৰে, স্বাভাৱিক চিত্তাকৰ্ষণী [ ৭৭ ] শক্তি-বিশিষ্ট অলাগতিয়াল বিষয়ৰপৰা পোৱা উত্তেজনালৈ আওকাণ কৰি, লাগতিয়াল কিন্তু তেৰে শক্তি-সম্পন্ন-নোহোৱা বিষয়ৰ গ্ৰহণৰ নিমিত্তে ইন্দ্ৰিয়ৰ দ্বাৰ মুকলি কৰি দিব পাৰে। মই মোৰ আৱশ্যক অনুসৰি নানাপ্ৰকাৰ বিৰক্তিকৰ অৱস্থালৈ আওকাণ কৰি সূক্ষ্ম বিষয় মনোযোগ দিব পাৰোঁ। বৈজ্ঞানিক সকলে অনেক বস্তুৰ নতুন নতুন তত্ত্ব উদ্ঘা‌টন কৰে; সেইবোৰ বস্তুৰ যিবিলাক গুণে সাধাৰণ লোকৰ মনোযোগ আকৰ্ষণ কৰে, তেওঁলোকে সেইবোৰলৈ ভ্ৰূক্ষেপো নকৰি তেওঁলোকৰ আৱশ্যকীয় গুণত মনোযোগ দিয়ে। জবৰৰ দামত সোণৰ এটা খুটাৰা হৰাল; জাবৰৰ নানা প্ৰকাৰ আৰু পৰিমাণলৈ মন নিদি অকণমানি সোণত মন দি হে সোণ বিচাৰিব পাৰি।

  ওপৰৰ এই কথাৰপৰা জ্ঞানাৰ্জনৰ সম্পৰ্কে আমি দুটা সিদ্ধান্ত পালোঁ। প্ৰথম কোন বিষয় আমাৰ মনে গ্ৰহণ কৰিব বা নকৰিব, এই কথা নিৰ্ভৰ কৰে সেই বিষয়ৰ স্বাভাৱিক চিত্তাকৰ্ষণী-শক্তিৰ ওপৰত। কিন্তু দ্বিতীয়, মনোৰোগৰ সহায়েৰে স্বাভাৱিক-চিত্তাকৰ্ষণী-শক্তি-সম্পন্ন বিষয়লৈ আওকাণ কৰি আমাৰ ইচ্ছা-অনুযায়ী আন বিষয়কো গ্ৰহণ কৰিব পাৰোঁহঁক।

  জ্ঞানাৰ্জনত মনোযোগৰ একান্ত আৱশ্যক; সেই মনোযোগ বিষয়ৰ স্বাভাৱিক শক্তিয়ে টানি আনক বা আমি নিজে জোৰ [ ৭৮ ] কৰিয়ে লগাই দিওঁ। আমি আমাৰ চাৰিওফালে নানাবিধ গাছ পক্ষী লতা ফুল— ইত্যাদি দেখি থাকোঁ কিন্তু কেইজনে সেইবোৰৰ যথাযথ বিবৰণ জানো? কাৰণ, এইবোৰ বস্তুৰ প্ৰতি আমি যথেষ্ট মনোযোগ দিয়া নাই। পৰ্য্যবেক্ষণশীল লোকে অনেক আবৰ্জনাৰ মাজতো লাগতিয়াল অতি ক্ষুদ্ৰ বস্তু বা চিনকো ধৰি লব পাৰে। সিবিলাকে সেই সেই বস্তু বা চিনৰ প্ৰতি বিশেষ মনোযোগ দিয়াই ইয়াৰ কাৰণ।

 

  ৭। আকৌ, কাপোৰখনৰ কথালৈ যাওঁহঁক। মই ইয়াত বহি থাকিয়েই জানিব পাৰিছোঁ যে ভিন্ন ভিন্ন ইন্দ্ৰিয়-গৃহিত
ধাৰণাৰ সংযোগ
কাপোৰখন দীঘল বহলে প্ৰায় সমান; তাৰ স্পৰ্শ কোমল; সি অনেক সূতাৰ সমষ্টি; আৰু মই যি চকিত বহি আছোঁ তাৰপৰা ১০। ১১ ফুট মান আঁতৰত আছে। ইয়াত মন কৰিব লাগে ইয়াকে, যে মোৰ চক্ষুৰিন্দ্ৰিয় সহায়ত মই কাপোৰ-খনৰ ৰং-টোহে দেখা পাইছোঁ; তাৰ স্পৰ্শ বা দূৰত্বৰ বিষয়ে এই ইন্দ্ৰিয়ৰপৰা মই একো জ্ঞান পাব নোৱাৰোঁ। তথাপিতো দেখা মাত্ৰকতে মই কেনেকৈ জানো যে তাৰ স্পৰ্শ কোমল?

  সেই দৰে গছত আম আছে; মই দূৰৰপৰা দেখা মাত্ৰকতে বুজিব পাৰিছোঁ যে সেই আম টেঙা, সি কেঁচাই আছে গতিকে টান, আৰু তাৰ বিশেষ প্ৰকাৰৰ এটা গন্ধ আছে। মই [ ৭৯ ] দৰ্শন ইন্দ্ৰিয়ৰ সহায়ত কেৱল আমৰ বৰণটো হে জানিব পাৰোঁ; তাৰ গন্ধ, সোৱাদ, স্পৰ্শ, এইবিলাকৰ বিষয়ে দৰ্শন- ইন্দ্ৰিয়ই জ্ঞান দিয়ে কেনেকৈ?

 প্ৰকৃত পক্ষত দৰ্শনৰপৰা গন্ধাদি-সম্বন্ধে আমাৰ জ্ঞান হব নোৱাৰে। কিন্তু নাক, জিভা, ছাল ইত্যাদি ইন্দ্ৰিয়ৰপৰা আমৰ সম্বন্ধে হোৱা ধাৰণাবোৰ চকুৰপৰা পোৱা ধাৰণাৰ লগত বাৰ বাৰ সংযোগ হই পৰাত, আমি যেতিয়াই আম দেখোঁ তেতিয়াই তাৰ গন্ধাদি বিষয়ক ধাৰণাও আমাৰ মনত উদিত হয়। আন আন ইন্দ্ৰিয়ৰপৰ পোৱা ধাৰণাৰ বিষয়তো এই ক্ৰম।

  জহঁ-কালি গধূলি জোনাকত বাহিৰত বহি আছোঁ; বতাহৰ শাখাত মিঠা গন্ধ ভাহি আহিছে; তেতিয়াই স্কুলৰ কম্পাউণ্ডত থাকা হাচানা-হানা ফুল-জোপা দেখিবলৈ কেনে, কিমান ডাঙৰ ইত্যাদি কথাৰ বিষয় মোৰ মনত পৰিল। ইয়াতো হাচানাৰ গন্ধৰ লগত তাৰ দশন স্পৰ্শ সম্বন্ধে ধাৰণ- বোৰৰ পৰস্পৰ সংযোগ হৈ আছে।

  ৮। আৰু, এই হাচানা-জোপা সম্বন্ধে কত কি কথা মনত পৰে হি! ইয়াৰ ডাল আনা হল কৰ উপস্থিত বিষয়ৰ সহিত
অভিজ্ঞতাৰ ঘনিষ্ঠ সম্পৰ্ক
পৰা, কোনে তাক ৰুলে, তেওঁ কি দৰে এজোপা মোৰ নিজা ফুলনিতো ৰুই [ ৮০ ] দিছিল, সেই জোপা কিয় মৰিল, মোৰ অতি আপ্ত বন্ধু এগৰাকীএ এই ফুল কবলৈ মোক কি উপদেশ দিছিল, তেও আজি কি ভাগ বিপৰ্য্যয়ত ৰজাঘৰত নিগৃহিত— ইত্যাদি অনেক গোপন-কথাৰ সপোন মনত উদয় হৈ মোক কি বাস্তৱ অৱাস্তৱৰ ৰাজ্যলৈ লৈ যায়! হাচানা মোৰ নিজা অভিজ্ঞতাৰ এক অংশৰ লগত এই দৰে একান্ত ভাবে জড়িত। হাচানাৰ গন্ধৰ অৰ্থ মোৰ সম্বন্ধে যিটি, সেইটি আন এজনৰ, সম্বন্ধত নহয়।

  কাপোৰখনৰ কথাও এই দৰৰ। সেই কাপোৰখান কোনে আনিলে, মই কেনেকৈ পালোঁ— ইত্যাদি বিলাক কথাৰ সেই কাপোৰখানাৰ লগত ঘনিষ্ঠ সম্পৰ্ক।

  কোনো কোনো বস্তুৰ লগত আমাৰ অন্তৰৰ গভীৰ ভাৱবোৰ এইদৰে মেৰ-পাক খাই থাকে দেখি সেই বস্তু আমাৰ চকুত যিমান মূল্যৱানআনৰ চকুত তিমান হব নোৱাৰে। প্ৰিয়জনৰ হাতৰ আখৰ এটাই মনত কিমান ভাৱৰ উদয় কৰিব পাৰে। মৃত সন্তানৰ গাৰ চিৰা কানি এজখৰে অন্তৰত শোক কি ঢৌ তোলে! এইবিলাক সকলোএ অনুভৱ কৰা ক্থা।

  এতিয়া জ্ঞানাৰ্জনৰ সম্বন্ধে আমি আৰু দুটা কথা পালোঁ। তৃতীয়, ভিন ভিন ইন্দ্ৰিয়ৰপৰা হোৱা ধাৰণাবিলাক একেযোগ হৈ কোনো এটা বস্তু সম্বন্ধে আমাৰ জ্ঞান হয়। [ ৮১ ] আৰু চতুৰ্থ, প্ৰত্যক বস্তু বা বিষয় সম্বন্ধীয় জ্ঞান আমাৰ নিজ নিজ অভিজ্ঞতাৰ লগত বিশেষ এক সম্পৰ্কত যোগ হৈ থাকে। এই সম্পৰ্ক মানুহে পতি ভিন্ ভিন্।

 

  ৯। ওপৰৰ এই চাৰিটা কথাৰপৰা শিক্ষাদান প্ৰণালী সম্বন্ধে লাগতিয়াল উপদেশ পাব পাৰি। আমি কোনো এটা বিষয় সহজতে শিকিব পুৰণিক নতুন,আৰু নতুনক পুৰণি কৰা পাৰা বা নোৱাৰা কথা প্ৰথমতে বিষয়ৰ চিত্তাকৰ্ষণী শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। এই শক্তিটো কি?

 দেখা যায় যে যেতিয়া মন কোনো গধুৰ কথাত লিপ্ত নাথাকে তেতিয়া উজ্জ্বল উৎকট ডাঙৰ ভীষণ— এনেবিলাক কথাই মন আকৰ্ষণ কৰিব পাৰে। এই বিলাক অসাধাৰণ। মৰুভূমিৰ মাজৰ অকণ মানি ফুল এটাও মন আকৰ্ষণ কৰিবলৈ সক্ষম। কিন্ত ফুলনিৰ ফুলৰ থুলত অনেক সুন্দৰ সুন্দৰ ফুলো চকুত নপৰে। চাৰিওফালৰ অৱস্থা চাই যিটি অসাধাৰণ, যিহত অলপ নতুনত্ব আছে, সেহে মন আকৰ্ষণ কৰিব পাৰে।

 ইয়াৰে পৰা শিক্ষা-দানৰ নিয়ম পোৱা যায়— 'পুৰণিক নতুন কৰা'। গৰু বা ছাগল, কাগজ বা কলৰ সম্বন্ধে পাঠ এটা সাধাৰণ ভাৱে দিবলৈ চেষ্টা কৰা; কোনো ছাত্ৰই মন নিদিয়ে। গৰুৰ চাৰিখন ভৰি এখান মুখ— কলমেৰে চিয়াহি তুলি কাকতত লিখা হয়— এনেবিলাক কথা ইমান [ ৮২ ] সাধাৰণ যে সিহঁতৰ মন আকৰ্ষণ কৰিব পাৰা শক্তি প্ৰায় নাই। কিন্তু গৰুৰ ভৰি চাৰিখানৰ গঠন, তাৰ ফালা খুৰা ইত্যাদি- বিলাক কথা, বা কলমৰ মুখ ফালা মাজত ফুটা, এনেবিলাক কথা, আলোচনা কৰিবলৈ আৰম্ভ কৰা; দেখিবা বেছি ভাগ লৰাই তোমাৰ ব্যাখ্যা মন দি শুনিছে। সেই দেখি যেতিয়া কোনো পৰিচিত বিষয়ৰ সম্বন্ধে পাঠ দিবলৈ আৱশ্যক হয়, তেতিয়া তাৰ সম্বন্ধে ছাত্ৰই নাজানা কথা শিকাবলৈ যত্ন কৰিব লাগে।

 কিন্তু সম্পূৰ্ণ নতুন বা নাজানা কথায়ো আকৌ মনোযোগ আকৰ্ষণ কৰিব নোৱাৰে। যেনে, মই জন্তু-তত্ত্ব-বিষয় একো নাজানো। প্ৰথমতে যদি এই বিষয়ক কঠিন ওখ-চাপৰ পুথি কিনি আনি পঢ়িবলৈ আৰম্ভ কৰোঁ, তেন্তে নিশ্চয় মই এই বিদ্যা কেতিয়াও আয়ত্ত কৰিব নোৱাৰোঁ॥ কিন্তু যদি প্ৰথমতে জন্তুবোৰৰ খাদ্যা-খাদ্য আচাৰ-ব্যাৱহাৰ বিষয়ক গ্ৰন্থৰপৰা আৰম্ভ কৰোঁ, তেন্তে কালত এই বিষয়ে মোৰ যথেষ্ট জ্ঞান হব পাৰে।

 ইয়াৰ পৰা শিক্ষা-দানৰ আন এটা নিয়ম পোৱা যায়— 'নতুনক পুৰণি কৰা'। ইয়াৰ অৰ্থ এই—যেতিয়া কোনো এটা এনে বিষয় পোৱা যি তোমাৰ ছাত্ৰৰ পক্ষে সম্পূৰ্ণ নতুন, তেতিয়া বিচাৰি চাব। ছাত্ৰৰ পুৰণা অভিজ্ঞতাৰ কোনো অংশৰ লগত তাৰ সংযোগ ঘটাব পাৰি নে নাই। সাধাৰণতে, [ ৮৩ ] দেখা যায় কিবা নে কিবা প্ৰকাৰে প্ৰায় নতুন কথাক পুৰণা অভিজ্ঞতাৰ লগত মিল খুৱাব পাৰি। যত নোৱাৰি, তত বুজিব লাগিব যে তোমাৰ, ছাত্ৰই এতিয়া যিমানখিনি জ্ঞান পাইছে, তাৰ সহায়ত এই নতুন কথা শিকোৱা অসম্ভৱ।

 এটা উদাহৰণ কোৱা হক। (ক+খ) = ক+২কখ +খ। এই কথা বীজগণিতৰ যোগ-বিয়োগ-পূৰণ-জানা ছাত্ৰৰপক্ষেও নতুন; আৰু তৃতীয় মানত পঢ়া অমিশ্ৰ-যোগ বিয়োগ-পূৰণ-জানা-ছাত্ৰৰ পক্ষেও নতুন। প্ৰথম বিধ ছাত্ৰক তাৰ পুৰণা অভিজ্ঞতাৰ সহায়ত এই সংকেতটো শিকোৱা সমূলি টান নহয়; কিন্তু যিমানেই পৰিশ্ৰম নকৰা দ্বিতীয় বিধ ছাত্ৰক এই কথা শিকাব নোৱাৰা। শিকাব খুজিলে, আগেয়ে তাহাঁতক বীজগণিতৰ যোগ-বিয়োগ-পুৰণলৈ শিকাৰ লাগিব। ঘূৰি আমি আগৰ কথাকে পাওঁ—আমি যিহক গ্ৰহণ কৰিব পাৰোঁ। সি আমাৰ পূৰ্ব অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে, শিক্ষা-দানৰ সময়ত পূৰ্ব জ্ঞানলৈ মন দিবা। তেতিয়াহে নতুন জ্ঞান শিকাব পাৰিবা।

 ১০। আমি পূৰ্বে পাই আহিছোঁ যে মনোযোগ নবহিলে কোনো বিষয়েই আমাৰ অন্তৰত প্ৰৱেশ কৰিব নোৱাৰে। মনোযোগ আকৰ্ষণ কৰাইন্দ্ৰিয়- মন; মনে যেতিয়া যি ইন্দ্ৰিয়ত কাম কৰে, বা যি বিষয়ৰ [ ৮৪ ] ওপৰত কাম কৰে, তেতিয়া সেই ইন্দ্ৰিয়-গ্ৰাহ্য বিষয় বা সেই বিষয় হে গৃহিত হব পাৰে।

 সেই দেখি কোনো বিষয় শিকাবলৈ হলে তাৰ প্ৰতি মনোযোগ আকৃষ্ট হোৱাৰ দিহা কৰিব লাগে।

 চিত্তাকৰ্ষণী-শক্তি-বিশিষ্ট প্ৰীতিকৰ বিষয়ৰ প্ৰতি মন দি থাকিলেই আমাৰ সংসাৰ নচলে। পৰীক্ষাৰ পুথি যিমানেই অপ্ৰীতিকৰ নহক, তাক পঢ়িব লাগে; জীৱিকা-অৰ্জনৰ কাৰণ কাৰ্য যিমানেই কষ্ট-সাধ্য নহক, তাক কৰিব লাগে। সংসাৰত অপ্ৰীতিকৰ বিষয় অনেক কষ্ট-সাধ্য কাৰ্য অনেক, যাক আয়ত্ত কৰিব পাৰাৰ ওপৰত আমাৰ সংসাৰিক উন্নতি নিৰ্ভৰ কৰিছে। এনে বিধ অপ্ৰীতিকৰ কাৰ্য্য বা বিষয়ৰ প্ৰতি আমি ইচ্ছা কৰি মনোযোগ দিব পাৰোঁ, আমি জোৰ কৰি আনি আমাৰ মনক এনেকুৱা বিষয়ত লগাই দিব পাৰোঁ।

 পণ্ডিত সকলে মনোযোগৰ এই দুই প্ৰকৃতিৰ পৰা ইয়াক দুটা ভাগত ভাগ কৰিছে। স্বভাৱতে বহা মনোযোগৰ নাম, স্বাভাৱিক মনোযোগ; আৰু ইচ্ছা কৰি দিয়া বিধৰ নাম, ইচ্ছা-সাপেক্ষ মনোযোগ। ইচ্ছা-সাপেক্ষে মনোযোগক স্বাভাৱিক মনোযোগলৈ পৰিৱৰ্তন কৰিব পাৰিলে শিক্ষা কাম সুগম হৈ উঠে। শিক্ষা-দান-প্ৰণালীৰ এই এটা প্ৰধান লক্ষ্য।

 অপ্ৰীতিকৰ বিষয়ৰ প্ৰতি মনোযোগ আনাৰ এটা মাত্ৰ উপায় আছে—প্ৰীতিকৰ কৰা। তুমি লটাৰি-টিকট [ ৮৫ ] কিনিছা; জিকা টিকটবোৰৰ নম্বৰ খবৰৰ ফাগজত ওলাব লগীয়া আছে; নিৰ্দিষ্ট তাৰিখৰ কাগজখান কেতিয়া আহি পায়, এই কথাত তোমাৰ কিমান ঔৎসুক্য! আৰু নম্বৰ- কেইটা তুমি কিমান মনোযোগ দি পুংখানুপুংখৰূপে চোৱা। তুমি নিজে পৰীক্ষাৰ্থী বা তোমাৰ কোনোবা আত্মীয়ই পৰীক্ষা দিছে। তেতিয়া বঙালি খবৰৰ কাকতৰ খুদখুদীয়া পঢ়িব নোৱাৰা আখৰবোৰলৈ তোমাৰ কিমান মনোযোগ! তেওঁ লটাৰিৰ টিকট কিনা নাই, বা পৰীক্ষাৰ ফলাফলত তেওঁৰ স্বাৰ্থ নাই; তেওঁৰ পক্ষে লটাৰিৰ নম্বৰ আৰু পাছ হোৱা ছাত্ৰৰ নাম বিৰক্তিকৰ লেপথেপীয়া আখৰ মাত্ৰ। অপ্ৰীতিকৰ বিষয়ক নিজৰ স্বাৰ্থৰ লগত সংশ্লিষ্ট কৰি লব পাৰিলে তাৰ প্ৰতি স্বভাৱতে মনোযোগ বহিব।

 কিন্তু ইচ্ছা-সাপেক্ষ মনোযোগ শক্তি সংসাৰ-যাত্ৰীৰ পক্ষে সাৰ্বতিকাল অত্যন্ত লাগতিয়াল।  ই আমাৰ চৰিত্ৰ দৃঢ় অধ্যৱসায়ী আৰু একাগ্ৰতাপৰ কৰে।  এইবিলাক গুণ সংসাৰত উদগতিৰ কাৰণে একান্ত আৱশ্যকীয়। স্বাভাৱিক মনোযোগৰ ক্ৰিয়া নদীৰ গতিৰ দৰে অবিৰাম, লানি নিছিগা; ইয়াৰ কতো জোৰৰ আৱশ্যক নকৰে। ইচ্ছা-সাপেক্ষ মনোযোগ ইঞ্জিনৰ থক-থকনিৰ দৰে; এটা হেঁচাই কিছু দূৰ কাৰ্য্য কৰে, তাৰ পাছত আৰু এটা হেঁচাৰ আৱশ্যক হয়। যি লোকে যিমান বেছি পৰিমাণে ইচ্ছা কৰি মনোযোগ শক্তিৰ প্ৰয়োগ [ ৮৬ ] কৰিব পাৰে, তেওঁ তিমান পৰিমাণে সংসাৰত কৃতকাৰ্য্য হয়। এই বাবে, পঢ়িব লাগা বা শিকিব লাগা বিষয়-বোৰৰ ভিতৰত এনে অংশ থাকিব লাগে যাৰ প্ৰতি ইচ্ছা-সাপেক্ষ মনোযোগ প্ৰয়োগ কৰাৰ আৱশ্যক হয়।

 ১১। পূৰ্বে আমি ইয়াকো পাই আহিছোঁ যে যিবিলাক বস্তু-বিষয়ক জ্ঞান আমাৰ মনত দৃঢ় ৰূপে বদ্ধমূল হৈছে বেলেগ বেলেগ ইন্দ্ৰিয়-
গহিত ধাৰণাবোৰক
পৰস্পৰ সম্বন্ধ কৰা
সেই-বোৰ বস্তুৰ সম্বন্ধে কোনো এটা ইন্দ্ৰিয়ৰ ধাৰণা পাই তাৰ অনেক কথা কব পাৰোঁ। এই ঘৰত বহি আছোঁ; দূৰত সংগীতৰ শব্দ। হাৰমোনিয়ামটো কেনে, কিমান ডাঙৰ, কেনেকৈ তাক বজায়— ইত্যাদিবিলাক কথা মনত হয়। কাৰণ হাৰমোনিয়াম সম্বন্ধে যিবিলাক ধাৰণা সেইবিলাক পৰম্পৰ সম্বন্ধ হৈ আছে।

 এই দেখি যি বিষয়ত আমি বিশেষ প্ৰকাৰে জ্ঞান লাভ কৰিব বিচাৰোঁ, যদি সেই বিষয়টো ইন্দ্ৰিয়-গ্ৰাহ্য হয়, তেন্তে প্ৰতিটো ইন্দ্ৰিয়ৰ সহায়েৰে তাক গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগিব। কেৱল চিন্তা-শক্তিৰ সহায়ত শিকিব লগীয়া বিষয় হলেও, তাৰ সম্বন্ধে শুনি, তাৰ কথা কই, তাৰ বিষয় লিখি, যিমান প্ৰকাৰে পাৰি তাক আয়ত্ত কৰিবলৈ চেষ্টা কৰিব লাগিব। তেতিয়া বস্তু বা কথা সম্বন্ধে চকু কাণ হাত-ভৰি [ ৮৭ ] জিভা বাক্‌যন্ত্ৰ প্ৰভৃতি ইন্দ্ৰিয়লব্ধ ধাৰণা একে যোগ হৈ সেই বস্তু বা কথাৰ জ্ঞান পৰিপুষ্ট হয়।

 এই কাৰণে নিয়ম আছে, কোনো কথা শিকিবলৈ যিমান বেছি ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰিব পাৰা তিমানে শিক্ষা সহজ আৰু জ্ঞান পুষ্ট হব।


 ১২। মনৰ প্ৰকৃতি এই যে সি কোনো এটা নতুন ধাৰণা গ্ৰহণ কৰা মাত্ৰকতে পুৰণা তুলনা আৰু সংযোগঅভিজ্ঞতাৰ কোনো শ্ৰেণীত পেলাবলৈ বিচাৰে। অভিজ্ঞতাৰ শ্ৰেণী অৰ্থ এই— আমাৰ জ্ঞান-সমষ্টি বিশৃংখল হই থাকা নাই, শ্ৰেণীবদ্ধ হৈ হে আছে। যেনে, ‘মানুহ’ বুলিলে অভিজ্ঞতাৰ এটা অংশ বুজায় সি এক শ্ৰেণীৰ; ‘গৰু’ বুলিলে অভিজ্ঞতাৰ যিটি অংশ বুজায় সি আন এক শ্ৰেণীৰ। একপ্ৰকাৰে ‘গজ’, ‘লণ্ডন’, ‘দয়া’, ‘হিংসা’, ‘ভাল, ‘যোৱা’—ইত্যাদি প্ৰত্যেক শব্দকে এক প্ৰকাৰে আমাৰ অভিজ্ঞতাৰ ভিন ভিন শ্ৰেণীৰ নাম বুলিলেও বুলিব পাৰি।

 নতুন অভিজ্ঞতাক এই দৰৰ শ্ৰেণীবদ্ধ কৰিবলৈ মনৰ যি শক্তি তাৰ নাম তুলনা। শিক্ষিত-অশিক্ষিত সকলো লোকে অতিজ্ঞতাৰ শ্ৰেণী বিভাগ কৰে। কিন্তু নানা লোকৰ শ্ৰেণী বিভাগ অনেক সময়ত ভুল হয়; তাৰ ফলত জ্ঞান অপূৰ্ণ [ ৮৮ ] থাকে। এটা সাধাৰণ উদাহৰণ ধৰা যাক। বাদুলিক আমি চৰাই বুলিম নে জন্তু বুলিম? আমি অনেকে, চৰাইৰ দৰে বাদুলি পাখা আছে আৰু সি উৰি ফুৰে দেখি, বাদুলিক চৰাই হে বোলোঁ। কিন্তু আমি সাধাৰণতে এইটো নাজানো যে চৰাইৰ দৰে বাদুলিএ ডিমা নাপাৰে, জন্তুৰ দৰে ছানা হে জগায়। সেই দেখি ই যে চৰাই নহবও পাৰে এই কথাটো আমি নাভাবোঁ।

 তুলনা সম্বন্ধে এই কথাই বিশেষ মন কৰিব লগীয়া। আমি অনেক সময়ত বস্তুৰ বাহিৰ গুণৰ প্ৰতি বা সাধাৰণ দৃষ্টিত দেখা গুণৰ প্ৰতি মাত্ৰ মন দিওঁ; তাৰ লুকাই থাকা গুণবোৰৰ প্ৰতি শিক্ষাৰ অভাৱত মন দিব নোৱাৰোঁ। এই কাৰণে, কোনো বিষয়ে বিশেষ-বেত্তা লোকসকলে সেই বিষয়ে যিমান কথা জানে আনে নাজানে। নতুন কৈ শিকা বিষয়ে যিমান বেছি কথা আমাৰ পূৰ্বৰ অভিজ্ঞতাৰ লগত মিলাই লব পাৰোঁ, তিমানে সেই বিষয়ক জ্ঞান পূৰ্ণ হয়।

 তুলনা দুই প্ৰকাৰ—সদৃশ আৰু বিসদৃশ; অৰ্থাৎ, এইটো বস্তুৰ এইটোৰ লগত ইয়াতে মিল আৰু ইয়াতে অমিল; গতিকে ইয়াক অমুকৰ লগত এক শ্ৰেণীৰ কৰিব পাৰি, কিন্তু অমুকৰ পৰা ই বেলেগ।

 তুলনাৰ কাম শ্ৰেণীবদ্ধ কৰা। যি দৰে অনেক কাগজ থব লাগিলে, ভাগ ভাগ কৈ থহেহে, যেতিয়া যিখন লাগে [ ৮৯ ] সেইখন পাব পাৰি, সেই দৰে জ্ঞান স্থায়ী হবলৈ তাক শ্ৰেণী-গত কৰি লোৱা আৱশ্যক। মনৰ স্বাভাবিক ধৰ্মৰ বলত জ্ঞান শ্ৰেণী-গত হবই; শিক্ষাৰ কাম তাক উপযুক্ত শ্ৰেণীত পেলোৱা।

 তুলনাৰ লগৰীয়া সংযোগ। নতুন জ্ঞান পুৰণা যি অভিজ্ঞতা-শ্ৰেণীৰ লগত মিলিল, তাৰ লগত লগ লাগি গল; এয়ে সংযোগ। সংযোগ হোৱাৰ দুটা পদ্ধতি। প্ৰথম, সদৃশৰ লগত সদৃশৰ সংযোগ হয়। যেনে হিমালয় আৰু আল্‌পচ্‌, দুয়ো ওখ পৰ্বত; হ্ৰদ পুখুৰীৰ দৰে; ইত্যাদি। আকৌ সদৃশ-বিসদৃশেও সংযোগ হয়। যেনে ‘ৰঙা’ আৰু ‘কলা’। ইয়াত দুয়ো বিসদৃশ হলেও দুয়োৰো এটা মিলন স্থল আছে, ‘ৰং’; গতিকে ৰং বিষয়ত দুয়ো সদৃশ। দ্বিতীয়, একেলগে থাকা বা হোৱা কথাৰো সংযোগ ঘটে। যেনে, কাগজ আৰু কলম; দুয়ো একেলগে থাকে, সেই দেখি ইটোই সিটোই সংযুক্ত হয়। ১৯১৪ চনৰ আগষ্ট মাহৰ ৪ তাৰিখ আৰু মহাৰণ—একেলগে হোৱা কথা দেখি পৰস্পৰ সংযুক্ত হৈ আছে।

 শিক্ষা-দান-প্ৰণালী সম্বন্ধে এই আলোচনাৰ পৰা এই উপদেশ পোৱা যায়। যি কথা শিকাব খোজা আৰু স্থায়ী কৰিবলৈ পুৰণা অভিজ্ঞতাৰ কোনো অংশৰ লগত তুলনা কৰিবা, আৰু নানা প্ৰকাৰে তাৰ লগত সংযোগ কৰি দিবা, [ ৯০ ] সেই জ্ঞান দৃঢ় হব। সংযোগৰ সংখ্যা সৰহ হয় মানে জ্ঞান বেছিকৈ মনত থাকিব।

 

 ১৪। মনত থাকা শক্তিয়েই স্মৃতি। স্মৃতি পদটোৰে আচলতে আমি তিনিটা বিভিন্ন কিন্তু স্মৃতি একেজাতীয় শক্তিৰ কথা প্ৰকাশ কৰোঁহঁক। জুলাই মাহৰ ১০ তাৰিখৰপৰা মোৰ জ্বৰ হৈছিল। ইয়াত প্ৰথমতে জ্বৰ হোৱা কথাটো জানা এটা কাম; ই গ্ৰহণ। সেই কথাটো মনত থাকা আন এটা কাম; ই ধাৰণ। আৰু আজি এই প্ৰৱন্ধ লিখিবৰ সময়ত এই কথাটো মনত পৰা তৃতীয় এটা কাম; ই স্মৰণ।

 স্মৃতিত আমি অনেক কথা ধাৰণ কৰোঁহঁক। যেনে, সৰু কালত কোন স্কুলত পঢ়িছিলোঁ, কোন মাষ্টাৰৰ কাপোৰ-কানি কেনে, কোন সময়ত কোনো বিশেষ উৎসৱ দেখিছিলোঁ, আমাৰ ঘৰৰ চৰাঘৰ-বৰঘৰ, কোনো ডাঙৰ নদী আৰু তাৰ ওপৰৰ নাও— ইত্যাদি হৰেক ৰকমৰ কথা আমাৰ মনত গাজ খাই আছে। তাৰে কোনো এটা অংশহে সেই সময়ত আমাৰ মনত পৰে বা স্মৰণ হয়।

  কথা কিন্তু মনত থাকে, তাক আগত কোৱা হল। যি বিষয়ৰ চিত্তাকৰ্ষণী শক্তি বেছি, অৰ্থাৎ যি বিষয়ে আমাৰ মনত বিশেষ প্ৰকাৰে চিন থব পৰিছে, সেই বিষয়টোক আমি [ ৯১ ] এবাৰ মাত্ৰ দেখি না শুনি মনত ৰাখিব পাৰোঁ। সকলো মানুহৰে দুটা এটা তেনে ঘটনাৰ স্মৃতি থাকে। যি বিষয়ত মনোযোগ বেছি দিয়া হয়, আৰু যি বিষয় বাৰ বাৰ অভ্যাস কৰা যায়, সেই বিষয়ো মনত থাকে। চতুৰ্থত, যি বিষয়ৰ লগত পুৰণা অভিজ্ঞতাৰ সংযোগ যিমান বেছিকৈ ঘটে সেই বিষয় তিমান সহজতে মনত থাকে।

  মনত পৰাৰ, অৰ্থাৎ স্বৰ বেৰাৰ কাৰণ সংযোগ। অলপ আগতে মোৰ জ্বৰ হোৱাৰ কথা মনত পৰিল। কাৰণ, জ্বৰ হোৱাৰ দিনালৈকে মই এই প্ৰৱন্ধ নকল কৰিছিলোঁ। জ্বৰ হোৱাৰ দিনাৰপৰা আজিহে আকৌ এই কাম হাতত লৈছোঁ। ইয়াত এই বহি-কাগজ-লিখন ইত্যাদিৰ লগত জ্বৰ হোৱা কথাটো সংযুক্ত হৈ আহিল। প্ৰথম বিধ চকুৰ আগত পৰা মাত্ৰকে দ্বিতীয় বিধৰ স্মৰণ হল। কোনো এটা কথা হঠাৎ মনত পৰা যেন পালে, এই দৰে তাৰ আগৰ কথা ভাবি চাবা, দেখিবা যে কোনোটো কথাই মনত নপৰে; তাৰ পূৰ্বৰ কথাৰ লগত সেই কথাৰ কিবা প্ৰকাৰৰ সংযোগ আছেই; অনেক সময়ত সেই সংযোগ গুপ্ত ভাৱে থাকে, অলপ ভাবি চালেহে ধৰিব পাৰি।

  সেই দেখি কোনো কথা এটা মনত পেলাব লাগিলে তাৰ সংযোগ বিচাৰি চাব লাগিব। ধৰা, অলি বাটত এজন মানুহ দেখিলা, মুখ চিনি পালা, কিন্তু নাম নাজানা আৰু এই মানুহ [ ৯২ ] জনে কি কৰে তোমাৰ লগত কেনেকৈ চিনাকি এইবিলাক কথাও মনত নপৰে। তেতিয়া কি কৰিবা? তুমি ভাবিব লাগিব এনেকুৱা দীঘল জাঙিৰ গোফ থাকা মানুহ কত দেখিছিল। তোমাৰ মনত পৰিল তুমি কোনো বন্ধুৰ ঘৰত থাকোতে তেওঁৰ লগত এনে মানুহ এজনৰ ঘৰ গৈছিলা। তাৰপৰা তোমাৰ স্মৰণ সহজ হৈ আহিল-এওঁ অমুক মৌজাৰ মৌজাদাৰ, কেইবছৰমান পূৰ্বে তুমি তোমাৰ বন্ধুৰ লগত এওঁৰ ঘৰক গৈছিলা, তেতিয়া তোমাক এওঁ অনেক আদৰ সাদৰ কৰি জা-জলপান খুৱাই পঠাইছিল। তাৰ পাছত তেওঁৰ সম্বন্ধে অনেক কথা মনত পৰিব⸺তেওঁৰ চৰা ঘৰটো, তাৰ মেজ-মাচিয়া, তেওঁৰ কথা-বাতৰা লৰা-ছোৱালী ইত্যাদি। এই আটাইবিলাক মনৰ মুলত সংযোগ। ইটোৰ পৰা সিটো, সিটোৰ পৰা তাৰ পাছৰটো--এই ক্ৰমে নানান কথা মনত পৰি যায়।

 স্মৰণৰ মুল সংযোগ বুজিব পাৰি, আমি কৃত্ৰিম উপায়েৰে কথা মনত ৰাখিবলৈ বিচাৰোঁ‌। কাপোৰত গঠি দি থৈ কথা মনত পেলোৱাৰ উপায় বুদ্ধিটো সকলোৰে জনাজাত। ইয়াৰ মূলতো এই কথা। গঠি-টো হাতত লাগিলেই মনত পৰিব কিয় গাঠি দিছিলা, তাৰপৰা তোমাৰ আৱশ্যকীয় কাম সিদ্ধ হব। খুটাত বা মাৰি থোৱা, কোনো বিশেষ ঘটনাৰ স্মাৰক ৰূপে গছ-পুলি ৰোৱা⸺ আটাইবিলাকৰ মূলত সংযোগৰ নিয়ম। [ ৯৩ ]  মনৰ এই স্মৃতি শক্তিৰ দৰে আমাৰ আন আন অঙ্গ- প্ৰত্যঙ্গৰো এক প্ৰকাৰ স্মৃতি শক্তি আছে। মই লিখিব ধৰাত আখৰৰ ভাজলৈ মই মুঠে মন কৰিব লগীয়া হোৱা নাই; মোৰ আঙুলিৰ পেশীবোৰ এই কামত ইমান অভ্যস্ত হৈ গৈছে যে চকু মুদি লিখাও মোৰ পক্ষে একো টান কাম নহয়। চাইকোলত উঠা লোকৰ চাইকেল চালনা, বাজনাদাৰৰ বাজনৰ ওপৰত আঙলি-চালনা,— ইত্যাদি অনেক প্ৰকাৰৰ কাম আমাৰ মাংসপেশীবোৰে আয়ত্ত কৰি থয়। এইবিলাকৰ মূল অভ্যাস। মুখস্থ বিদ্যাও এই প্ৰকাৰৰ অভ্যাসৰ ফল। লাগতিয়াল কাৰ্য্য আৰু কথা এইদৰে অভ্যাস কৰাত আৰু লাভত বাদে লোকচান নাই। অনেকে আজি কালি মুখস্থ কৰা প্ৰথাটোকে অভ্যাস বুলি ভাৱে। কিন্তু কিছুমান লাগতিয়াল কথা— যেনে আৰ্য্যা শ্লোক, নেওতা,— ইত্যাদি মুখস্থ কৰা বৰ ভাল নিয়ম। মুঠে, মুখস্থই একমাত্ৰ শিক্ষা হব নালাগে; আৰু বুজা-টো মুখস্থৰ ওপৰ বুলি জানিব লাগে।

 কোনোটো শব্দৰ বানান ভাল দৰে মনত নপৰে, কিবা এট। আখৰত সন্দেহ। বিশেষ নাভাবি খৰকৈ শব্দটো লিখি পেলোৱা; প্ৰায়েই দেখা যায় সেই দৰে লিখা শব্দটো শুদ্ধ হৈছে। ইয়াৰ কাৰণ পেশীবোৰৰ স্মৃতি-শক্তি।

  সেইদৰে চকু-কাণ আদি ইন্দ্ৰিয়ৰো এক প্ৰকাৰ সুকীয়া স্মৃতি আছে। এটা শব্দ ভুলকৈ লিখিলোঁ; তোমাৰ চকুএ [ ৯৪ ] ধৰিব পাৰে যে শব্দটো দেখাত ঠিক হোৱা নাই, কি যেন কি হৈছে। গু শু প্ৰভৃতি আখৰবোৰ এই দৰে নিলিখি গ শ এই দৰে লিখিলে, তোমাৰ চকুত নিশ্চয় কিবা লাগে।

  ১৫। ওপৰত জ্ঞানাৰ্জনৰ কথা আৰু তাৰ নিয়ম প্ৰণালীহে বেছি কৰি কোৱা হৈছে। কাৰণ, স্কুলত চৰিত্ৰ-গঠন⸺
কৰ্ম্ম
শিক্ষা অৰ্থত জ্ঞানাৰ্জনকেই মুখ্যকৈ বুজা যায়। কিন্তু মনৰ প্ৰধান কাৰ্য্য যে দুটা— জ্ঞানাৰ্জন আৰু ক্ৰিয়া কৰণ আৰু শিক্ষাৰ উদ্দেশ্যও চৰিত্ৰ-গঠন তাক আগতে কোৱা হৈছে। চৰিত্ৰ-গঠনৰ কাৰণে জ্ঞানাৰ্জনৰ সমানে সমানে ক্ৰিয়া-কৰণো আৱশ্যকীয়; বৰং ক্ৰিয়াকৰণ বেছি আৱশ্যকীয় হে বুলিব পাৰি। জ্ঞানৰ আৱশ্যক ক্ৰিয়াৰ কাৰণে হে; আৰু শেষত সকলো জ্ঞান ক্ৰিয়াৰূপে প্ৰকাশ পায়। আকৌ, মানুহৰ জীৱন-ক্ৰিয়াটো, শেষ কথাত, পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত সম্বন্ধ-স্থাপন; ইয়াৰ বাবে ক্ৰিয়া-কৰণহে বেছি আৱশ্যকীয়।

  কৰ্ম চৰিত্ৰ-গঠনৰ উপায় আৰু উপাদান। সহজ কথাত চৰিত্ৰ গঠন অৰ্থ কিছুমান আৱশ্যকীয় অভ্যাস আয়ত্ত কৰি লোৱা। ইয়াক কৰিব পাৰি কৰ্মৰ দ্বাৰায় হে। সেই দেখি, যিবিলাক অভ্যাস আমাৰ পক্ষে লাগতিয়াল, পুনঃ পুনঃ চেষ্টা [ ৯৫ ] কৰি আমি সেই বোৰ সম্পূৰ্ণৰূপে আয়ত্ত্বাধীন কৰিব লাগে। অভ্যাসৰ গুণত টান কাম উজু হয়, দুঃসাধ্য সাধ্য হয়।

  সংসাৰত উন্নতি কৰিলৈ হলে আমি দৃঢ়সংকল্প, কষ্টসহিষ্ণু বিবেচক, কাৰ্য্যক্ষম, নিৰলস, প্ৰফুল্লচিত্ত আৰু উদ্যোগী হব লাগে। অভ্যাসৰ বলত মানুহ এইবোৰ গুণৰ অধিকাৰী হব পাৰে। সেই দৰে বিপৰীত অভ্যাস-দোষত মানুহ বিলাসী, সুখ-পৰায়ণ জড়তাভাৱাপন্ন আৰু কষ্ট-কাটি-কৰি-থোৱা হৈ উঠে।

 জ্ঞান যিমানেই বেচি নহওক, কাম নকৰাকৈ কোনো কামিলা হব নোৱাৰে। শিল্পী হব খুজিলে, শিল্প-বিষয়ক কিতাপ পঢ়িলেই কোনো শিল্পী হব নোৱাৰে। হাতে হাতে কাম কৰিলে হে পাৰিব। জ্ঞানৰ আৱশ্যক কামত পটুতা লাভৰ কৰণেহে।

 সেই দেখি কৰ্ম শিক্ষাৰ প্ৰধান অঙ্গ। স্কুলত নানাবিধ বিদ্যা অধ্যয়ন কৰি যি শিক্ষা হয়, সেইশিক্ষা কোনো না কোনো প্ৰকাৰে জীৱনৰ লাগতিয়াল কামত আমাৰ সহায় হব লাগে। সেই শিক্ষা অনুযায়ী আমি নানাবিধ কাম কৰি সজ অভ্যাস গঠন কৰি লব লাগে। অভ্যাসৰ সমষ্টিৰ নাম চৰিত্ৰ। গোটেই জীৱন আমাৰ শিক্ষাৰ সময়; আৰু জীৱনৰ প্ৰত্যেক কামে আমাৰ চৰিত্ৰ গঠনত সহায় কৰে। [ ৯৬ ]  ১৬। সজ অভ্যাস গঠনৰ কাৰণ শাসনৰ মূল্য ভাল নাজানি নকৰা লোক সংসাৰত বিৰল; চৰিত্ৰ-গঠন—
শাসন
সৰহ তেনে যি ভাল বুজে, কৰিব নোৱাৰে। সেই দেখি শাসনৰ আৱশ্যক।

 দণ্ডৰ ভয়ত মানুহে বেয়াৰপৰা নিবৃত্ত হৈ থাকিব পাৰে, কিন্তু ভালত প্ৰবৃত্ত নহয়। সেই দেখি শিক্ষা দানত যি শাসনৰ আৱশ্যক তাৰ দণ্ডই প্ৰধান অস্ত্ৰ হব নোৱাৰে। শাসনৰ প্ৰধান কাম দুটা— দুষ্টৰ দমন আৰু অপৰাধীৰ সংশোধন। দুষ্টক কেৱল দমন কৰিলেই তাৰ চৰিত্ৰ গঠন নহয়; আন হব-খোজা-দুষ্টৰ প্ৰতি দণ্ডৰ উদাহৰণ হলেও নিজৰ একো লাভ নহয়। কিন্তু শিক্ষাৰপৰা শিক্ষাৰ অধীনত থাকা প্ৰত্যেক ব্যক্তিৰ চৰিত্ৰ-গঠন হব লাগে। এই কাৰণে শিক্ষা-বিধানৰ দণ্ড-নীতিত অপৰাধীৰ সংশোধন হে শাসনৰ মুখ্য উদ্দেশ্য।

 সংশোধনৰ কাৰণে বেয়া অভ্যাস এৰিলেই যথেষ্ট নহয়; ভাল অভ্যাস আয়ত্ত কৰিব লাগে। গতিকে ভালত প্ৰবৃত্ত হবৰ কাৰণে যি যি উপায় কৰা আৱশ্যক সেইবোৰ উপায় স্কুল শাসনৰ প্ৰধান অঙ্গ।

 এইবোৰ উপায়ৰ ভিতৰত শিক্ষকৰ প্ৰতি ছাত্ৰৰ ভক্তি শ্ৰদ্ধা আকৰ্ষণ কৰিব পাৰাটোই প্ৰধান। ছাত্ৰৰ মনত আত্ম-সন্মান, বেয়াৰ প্ৰতি ঘৃণা, মানবৰ প্ৰকৃত মহত্ত্ব প্ৰভৃতি [ ৯৭ ] ভাৱৰ বোব জন্মাই দিব পাৰিলে শাসন কাৰ্য উজু হয়। এইবিলাক অৱশ্য বাল্যাৱস্থা পাৰ হৈ যোৱা ছাত্ৰৰ পক্ষে হে উপযোগী।

 সৰু লৰাৰ পক্ষত পুৰস্কাৰ শাসনৰ প্ৰধান সহায়। পুৰস্কাৰ অৰ্থ কোনো টকা বা মূল্যৱান বস্তুয়েই নহয়— যদিও কেতিয়াবা কেতিয়াবা মূল্যৱান পুৰস্কাৰ দিয়া উচিতো হব পাৰে। শিক্ষকৰ প্ৰশংসাই উৎকৃষ্ট পুৰস্কাৰ। যি ছাত্ৰই শিক্ষকে ভাল পাব বুলি ভাল কাম কৰে, তাৰ চৰিত্ৰ গঠনৰ আৰম্ভণ ডাঠ বুলিব লাগে; আৰু যি ভাল দেখিয়েই ভালত প্ৰবৃত্ত হয় তাৰ চৰিত্ৰ-গঠন সম্পূৰ্ণ হল বুলিব পাৰি।

  প্ৰত্যেক শিক্ষাৰ্থীৰে, আৰু এই সংসাৰৰ প্ৰত্যেক লোকে, চৰিত্ৰ-গঠনত নিয়ে নিজৰ শিক্ষক হোৱা কৰ্তব্য। বেয়া কৰিবলৈ মন থাকিলে তাৰ সুযোগ ইমান বেছি যে ভূ-ভাৰতৰ কোনো শিক্ষকে বা কোনো অভিভাৱকে ছাত্ৰক বেয়াৰপৰা সদাই নিবৃত্ত কৰি ৰাখিব নোৱাৰে। নিজে ভাল হবলৈ অন্তৰেৰে সৈতে চেষ্টা কৰিলে ভাল হোৱা অত্যন্ত সহজ।

  ইয়াৰ মূল মন্ত্ৰ, আগতে কোৱা হৈছে, অসজ অভ্যাস ত্যাগ আৰু সজ অভ্যাস অৰ্জন। অসজক এৰোঁ বলি এৰা বৰ টান; তাৰ কথা সমূলি নাভাবি সজক অৰ্চিব লাগে।

 বেয়া অভ্যাসৰ প্ৰলোভন এটা আছে। সেই প্ৰলোভনৰ দেশ কাল পাত্ৰ সৰ্বতোভাৱে পৰিহাৰ কৰিব লাগে। যেতিয়ালৈ [ ৯৮ ] ভাল অভ্যাস সম্পূৰ্ণৰূপে আয়ত্ত নহয় তেতিয়া-পৰ্যন্ত তাক পালন কৰাত অলপো ক্ৰুটি কৰিব নালাগে। ভাল বা বেয়াৰ ফালে এটা খোজ দিলে সেই খোজে পাছৰ খোজটো অনেকাংশে সহজ কৰি তোলে— অভ্যাসৰ এই নীতি সদাই মনত ৰাখিব লাগে। আৰু কোনো সজ অভ্যাস যি পৰিমাণে আৰ্জিবৰ আৱশ্যক আদিতে তাতকৈ বেচি পৰিমাণলৈ লক্ষ্য ৰাখিব লাগে।

  আত্ম-শিক্ষা আৰু আত্ম-শাসনৰ এইবোৰ উপায়।

 

 ১৬। আত্ম-উন্নতি-প্ৰয়াসী লোকে আৰু এটা কথা মন কৰিব লাগে যে উধাই-মুধাই চকু চৰিত্ৰ গঠন—
আদৰ্শ
মুজি কাম কৰি থাকিলে একো ফল নহয়। গন্তব্য স্থান স্থিৰ কৰি ললে, ধীৰগতি হলেও, এদিন নে এ নৌদিন সেই স্থানত উপস্থিত হব পাৰি বা তাৰ ওচৰ চাপিব পাৰি। কিন্তু যাৰ কোনো এটা লক্ষ্য নাই, সি সমস্ত জীৱন হাবাথুৰি খাই দৌৰি ফুৰিও যতে আৰু ততে থাকিব পাৰে। সেই দৰে নিদিষ্ট উদ্দেশ্যহীন লোকে এদিন এটা আন এদিন আন এটা কাৰ্যত বৰ উৎসাহ আৰু শক্তি খটায়ো একো লাভৱান নহয়; কিন্তু অপেক্ষাকৃত ঢিলা লোকেও এক উদ্দেশ্যলৈ লক্ষ ৰাখি কাম কৰি থাকিলে শেষত গৈ জীৱনত অনেক উন্নতি কৰিব পাৰে। এই ভেদ [ ৯৯ ] নুবুজাৰ কাৰণেই ছাত্ৰাৱস্থাৰ অনেক বুদ্ধিমান চতুৰ ডেকাক সংসাৰত অকৃতকাৰ্য হোৱা দেখা যায়।

  “লাগি থাকিলে মাগি নেখায়”—এই কথা-আখৰৰ মূল ইয়াতে।

 উন্নতি কামী লোকৰ পক্ষে জীৱনৰ আৰম্ভণতে এটা উচ্চ আদৰ্শ গ্ৰহণ কৰা একান্ত কতব্য। যুবক-মনৰ বিশেষত্ব এই যে মহত্ব আৰু অসাধৰণতাত সি সদাই আকৃষ্ট হয়। ই এয়া বিপদ।

  ডাঙৰ চোৰৰ কাহিনী শুনি তাৰ দৰে হবলৈ ইচ্ছা কৰা ডেকা অনেক আছে। ফুটবল খেল চাই খেলুৱৈ, চাৰ্কাচ চাই কুস্তিগিৰ, বাজি চাই বাজিকৰ, সভা দেখি বক্তা, ভাল পুথি পঢ়ি গ্ৰন্থকাৰ, সঙ্গীত শুনি গায়ক— ইত্যাদি নানান অৱস্থাতে নানা প্ৰকাৰে কৃতিত্ব লাভ কৰিবৰ মন সকলো ডেকা লৰাৰে দেখা যায়। কিন্তু ইয়াতে সাৱধান হোৱা আৱশ্যক।

 আচলতে তুমি কি বিষয় ভাল পোৱা আৰু কি বিষয়ৰ উচ্চ-সাধনাৰ প্ৰতি তোমাৰ বৃত্তি-সমুহ অনুকুল, এই কথা বিশেষ ৰূপে ভাবি চাবা। ই এটা দুৰুহ কাম। তোমাৰ শিক্ষক বা অভিভাৱকে এই বিষয় তোমাক সহায় কৰিব পাৰে; কিন্তু তেওঁলোকেও সম্পূৰ্ণৰূপে তোমাৰ উপযুক্ত বিষয়ৰ কথা জানিব নোৱাৰে। তুমি নিজে এই কথাত মোৰ প্ৰধান সাৰথি। তাৰ পাছত সেই বিষয়ত কৃতিত্ব লাভ কৰিবৰ [ ১০০ ] কাৰণে চেষ্টা কৰিবা। সেই বিষয়ে উচ্চ আদৰ্শ জীৱনৰ আদিতে মনৰ আগত দৃঢ় কৰি বহুৱাবা। তাৰ পাছত তোমাৰ সকলো কৰ্ম, সকলো জ্ঞান, সকলো শক্তি, সেই আদৰ্শ লাভ কৰিবৰ কাৰণে নিয়োগ কৰিবা। ক্ৰমে দেখিবা তোমাৰ বহুল উন্নতি হব ধৰিছে।

 তুমি বাচি লোৱা বিষয়ত কৃতী কোনো প্ৰধান ব্যক্তিক আদৰ্শ কৰি লব পাৰিলে, জীৱনৰ গতি সেই আদৰ্শ-অনুযায়ী চলাবলৈ অনেক সুচল হয়।

 তুমি তোমাৰ আদৰ্শত লাগি থাকিলে তোমাৰ জীৱনৰ সমগ্ৰ চেষ্টা সেই আদৰ্শোন্মুখিনী কৰিলে, কোনো সন্দেহৰ অৱসৰ নাই যে তুমি কৃতকাৰ্য্য হবা।


 ১৭। আমাৰ নিজৰ শক্তিৰ প্ৰতি এই বিশ্বাস নাথাকাৰ কাৰণে আমি জীৱনত পাছ পৰি থাকোঁ। প্ৰত্যেক লোকে ভাবি চালে পাব যে উচ্চাকাংক্ষা আৰু আত্ম-বিশ্বাসতেওঁ লৰা-কালৰপৰা যিবিলাক লোকৰ লগ পাইছে, তাৰ ভিতৰত অনেক পাছ পৰি ৰল, অনেক আগ বঢ়িল; অথচ পাছ-পৰি-ৰোৱা লোকৰ অনেকেই স্কুলৰ পঢ়া-শুনাত আগ-বাঢ়া আছিল। সেইবিলাক মানুহৰ জীৱনৰ কথা ভাল দৰে ভাবি চোৱা; পাবা, যাৰ আকাংক্ষা আছিল, যাৰ নিজ-ক্ষমতাত বিশ্বাস আছিল, তেওঁ কৃতী হব পাৰিছে। [ ১০১ ]  ঈশ্বৰে যি দৰে সৰহ ভাগ মানুহকে লাগতিয়াল অঙ্গ-যুক্ত কৰি স্ৰজন কৰিলে, সেই দৰে সৰহ ভাগ মানুহকে আৱশ্যক জোখায় মানসিক শক্তিকো দিলে। ভেদ মুঠে উনৈশ-বিশ। যি কৰে নিজৰ শাৰীৰিক আৰু মানসিক শক্তিক নিয়ম মতে খটায়, আৰু একাগ্ৰমনে নিজ কৰ্তব্যত লাগি থাকে, তেৱেঁই হয় কৃতী। কৰ্তব্যত যাৰ একাগ্ৰতা নাই, তেওঁ নিজ শক্তিৰ অপচয় কৰে মাত্ৰ।

 পৃথিবীত যিমানবিলাক ডাঙৰ লোক হৈছে, তাৰ ভিতৰত অলপ সংখ্যক হে অসাধাৰণ বুদ্ধি-বৃত্তি লৈ জন্ম-গ্ৰহণ কৰিছিল। বেছি ভাগেই সাধাৰণ শ্ৰেণীৰ মানুহ। তেওঁবিলাকে উচ্চাকাংক্ষা, আত্মবিশ্বাস আৰু কৰ্মৰ প্ৰতি একাগ্ৰতাৰ গুণত সংসাৰত কৃতিত্ব লাভ কৰিছে। ডাঙৰ লোকৰ জীৱনিৰ পৰা এই শিক্ষাটোকেহে পোৱা যায়।

 সেই দেখি, নিৰাশ নহবা, মনক সৰু হবলৈ নিদিবা। তোমাৰ ভিতৰতো মহত্তৰ বীজ সঞ্চিত আছে। একাগ্ৰমনে কৰ্ত্তব্য কৰা; উদ্দেশ্যৰ প্ৰতি মন কৰি, নিৰ্দিষ্ট আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি, অগ্ৰসৰ হোৱা, নিশ্চয় সিদ্ধি তোমাৰ ওচৰ চাপিব। মনত ৰাখিবা যে তুমিও ইবিলাক কৃতীৰ দৰে যথেষ্ট শক্তি সম্পন্ন।

 মন এটা আচৰিত পদাৰ্থ। ইয়াৰ মূল আমি এতিয়াও পোৱা নাই। কিন্তু বিশ্বাসৰ প্ৰভাৱ যে কি অপৰিমেয়, তাৰ [ ১০২ ] দৃষ্টান্ত বহুত আছে। সেই দেখি বিশ্বাস কৰিবা তুমি সক্ষম, বিশ্বাস কৰিবা তুমি শক্তিশালী, বিশ্বাস কৰিবা তুমি উদ্যোগী;— সেই বিশ্বাসৰ অনুৰূপে তোমাৰ চৰিত্ৰ গঠিত হব।

 আত্ম শক্তিত বিশ্বাস, আৰু বিৰক্তি নমানি আদৰ্শ-লাভৰ কাৰণে অবিৰাম চেষ্টা,—সিদ্ধি লাভৰ এই দুই প্ৰধান পন্থা। ইয়াতে চলা, কৃতী হবা। সন্দেহ নকৰিবা, টান দেখি ঢিলাই নিদিবা। মনত ৰাখিবা,

“নায়মাত্মা বলহীনেন লভ্যঃ। ”
⸺•⸺
[ ১০৩ ]
চতুৰ্থ অধ্যায়
শিক্ষা-সাধন

 ১। এই অধ্যায়ৰ আলোচনীয় কথা ওলায় মানে আন দুটা মান কথা তুলিব লাগিব। তাৰ আগৰ সংক্ষেপ সাৰ আগতে প্ৰথম আধ্যাৰ দুটামান কথাৰ সংক্ষিপ্ত সাৰ ইয়াত ঘূৰাই চোৱাৰ আৱশ্যক হৈছে।

 আমি দেখি আহিছোঁ যে অতি বহল অৰ্থত বিকাশকে শিক্ষা বুলি ধৰিব পাৰি। দুই অৱস্থাৰ গুণত বিকাশ দুই প্ৰকাৰ হয়—সামাজিক আৰু স্বাভাৱিক। স্বাভাৱিক বিকাশক শিক্ষাৰ ভিতৰত ধৰিৰ নোৱাৰোঁ, এই কাৰণে, যে তাত প্ৰত্যক্ষ ভাৱে মানুহৰ সহায় নাথাকে। সেই দৰে সামাজিক যি বিকাশ হয়, তাৰে কাৰণ ভিন্ ভিন্‌—নামতঃ, ঘৰ, সমাজ, ধৰ্ম, শাসন আৰু স্কুল।

 ইয়াৰ ভিতৰত, শিক্ষা অৰ্থত আমি স্কুল শিক্ষাকেহে বুজিব লাগে; প্ৰধানতঃ এই কাৰণে, যে সচৰাচৰ শিক্ষা-শব্দেৰে স্কুল, পণ্ডিত, ছাত্ৰ আৰু এই বোৰৰ আনুষঙ্গিক বস্তু আৰু ক্ৰিয়াবোৰক কোৱা যায়।

 স্কুলৰ এই শিক্ষাৰ উদ্দেশ্য, আমাৰ জীৱন-নিৰ্বাহত সহায় কৰা—অৰ্থাৎ, আমাৰ সংসাৰ যাত্ৰাৰ ৭০। ৮০ বছৰৰ ভিতৰত [ ১০৪ ] যিমানবিলাক ঘটনা ঘটিব পাৰে সেই সকলোবোৰৰ লগত মিলিবৰ কাৰণে আমাৰ মনক সাজু কৰা।

 ইয়াৰ অৰ্থ—মানৱ-জীৱনৰ যাবতীয় কাৰ্যত শিক্ষাই আমাক নিপুণ কৰি তুলিব পাৰিব লাগে।

 আগত আমি ইয়াকো দেখি আহিছোঁ যে জীৱনৰ যাৱতীয় কাৰ্য্যৰ ভিতৰত জীবিকা-অৰ্জনেই প্ৰধান। ধন-সাচোঁতা মানুহক ধন-সাঁচিব-নোৱাৰা মানুহে কালৰ আদিৰপৰা, সজ- অসজ অনেক আখ্যান দি আহিছে। পিপৰাই জাৰ কালিৰ খাদ্য, আৰু মৌমাখিএ অসময়ত আহাৰ সাঁচি থোৱাত আমি বাহাবা দিওঁ; কিন্তু দোষ দেখোঁ মানুহৰ বেলিকা! গালি পাৰিলেই, নিজক আৰু জাতিক ৰক্ষা কৰিবৰ কাৰণে আমাৰ সঞ্চয়ৰ যি প্ৰবৃত্তি, তাক গুচাব নোৱাৰি বা তাৰ অনাৱশ্যকতাৰ প্ৰমাণ নহয়।


২। জীৱিকা-অৰ্জন আমাৰ ঘাই কৰ্তব্য হলে, প্ৰশ্ন উঠে এইটো—এই ক্ৰিয়াৰ কাৰণে কেনে বিধৰ উদাৰ আৰু সংকীৰ্ণ শিক্ষা শিক্ষা আমাৰ পক্ষে বিশেষ উপযোগী। জীৱিকা-অৰ্জনৰ অনেক বাট আছে। মিউনিছিপালিটিৰ ভিতৰত ৰাতিপুৱাতে যিসকল ভদ্ৰলোকে গাৰীৰে গৈ প্ৰতি গৃহস্থৰ ঘৰ পাই আহে, তেওঁলোকৰপৰা আৰম্ভ কৰি ৰাজা-মহাৰাজা, জমিদাৰ-জোৎদাৰ, হাকিম-উকিল [ ১০৫ ] প্ৰভৃতি সকলোএ জীৱিকা আৰ্জে; আৰু প্ৰত্যেকৰ কাৰ্যৰে একোটা সুকীয়া পন্থা আছে।

 ইয়াৰ ভিতৰত কোনটো আমি শিক্ষা দিয়া উচিত? মোৰ লৰা-ছলিক হাল ববলৈ শিকাম; নে কাঠ কাটিবলৈ শিকাম; নে কাছাৰিৰ ভিতৰত কাঠৰ ছালীৰৰ ওপৰত চকি পাৰি বহি আৰু মাজে মাজে উকীল-সকলক ভালে-মন্দই দুই আখৰ কই লোকক চাজা দিবলৈ শিকাম; অথবা সেই ছালপীৰাৰ সমুখ ৰেইলিঙত ও ধৰি থিয় হৈ থাকি দুৰ্ভগীয়া সাক্ষী-সকলক থৰক- বৰক লগাবলৈ শিক্ষা দিম; নাইবা হাতত এছাৰি, বগলত কিতাপ, মুখত গালি আৰু চকুত খং লৈ আমাৰ 'ভবিষ্য- বংশোদ্ধাৰায়' শিক্ষক নামধাৰী অশিক্ষক হবলৈ শিক্ষা দিম।

 ই এটা ডাঙৰ সমস্যা। প্ৰাচীন হিন্দু সমাজত ইয়াৰ এটা মীমাংসা কৰা হৈছিল—যাক আজি কালিৰ সনাতন-ধৰ্ম-প্ৰচাৰ- কামী-সকলে ‘বৰ্ণাশ্ৰম' নাম দি গৌৰৱান্বিত কৰিছে, সেই প্ৰথাৰ দ্বাৰা। জাতিভেদ আৰু তাৰ দোষ-গুণ আলোচনা কৰিবৰ ই ঠাই নহয়; আৰু সেই তৰ্ক-ক্ষেত্ৰত নামাৰো আমাৰ ইচ্ছা নহয়। সেই সময়তো কেনেকৈ জীৱিকা-অৰ্জন সমস্যাটোই, কোকৰ মাজৰ জীৱা কাৱৈ মাছৰ দৰে, মনীষী- সকলৰ মূৰত খলমলাই দিছিল, তাকেহে কব খুজিছোঁ।

 এই প্ৰথাটোৰ কিছু কিছু দোষৰ ভিতৰত গুণো ইয়াকে দেখা যায় যে সমাজৰ বান্ধনত চিজিল লগাই দিয়াৰ ফলত এই [ ১০৬ ] প্ৰথাৰপৰা মানুহৰ ব্যক্তিগত, সামাজিক আৰু জাতীয় জীৱনত এটা শৃঙ্খলা লাগিছিল—যি শৃঙ্খলাৰ ফলত তেল-দিয়া গাৰীৰ চাকাৰ দৰে সমাজ-চক্ৰ কিছু দিনলৈ কতো ঘহঁনি নাখাই চলি আছিল; আৰু গাৰীৰ ধুৰাৰ দৰে জীৱনটোই কতো বিশেষ আজাৰ নাপাইছিল। কিন্তু আন সকলে যন্ত্ৰৰ দৰে, ইয়াৰো কোনো কোনো অংশত যেতিয়া মামৰে ধৰিলে, আৰু সেই মামৰ চাফ কৰিবলৈ গৈ যেতিয়া নতুন স্মৃতিকাৰ-ৰূপ-মিস্তিৰি- বিলাকে তাৰ ভিতৰত প্ৰবেশ কৰি মামৰ নুগুচাই তাত আৰু কিছু বালি-বোকা সানি থৈ আহিল, আৰু স্মৃতিকাৰসকলৰ কাৰ্য পৰিদৰ্শন কৰিবলৈ যেতিয়া ক্ষমতাপন্ন হিন্দু-ৰাজা বা তৎ-স্থানীয় লোকৰ অভাৱ হল, তেতিয়া যন্ত্ৰ বিকল হল, চাকা নুঘুৰা হল, আৰু ধুৰাডালো অকামিলা হৈ আন্ধাৰ চুকত পৰি থাকিল।

 এই দৰে আমাৰ জাতীয় জীৱন-সোঁতত আৱৰ্জনা কিছুমান পৰি সোঁত বন্ধ হল। ফলত ব্যক্তিগত জীৱন কিছুমান আচাৰ-পালনৰ মেৰপাকত ঘূৰি থাকি অৱশেষত মানসিক আৰু আধ্যাত্মিক ক্লান্তিত শুই পৰিল।

 অকল বৰ্ণাশ্ৰম-ব্যৱস্থাতে নহয়। সকলো প্ৰকাৰ অতি- শৃংখলাবদ্ধ অনুষ্ঠানৰ দশা এনে হয়। এনে প্ৰকাৰ বিধি- ব্যৱস্থাই ব্যক্তিৰ উদ্ভাৱনী শক্তি নষ্ট কৰে আৰু শংকট সময়ত মানুহক আনৰ মুখাপেক্ষী হবলৈ শিকায়।

 শিক্ষাৰ এই ধাৰাক সংকীৰ্ণ শিক্ষা বুলিব পাৰি। তুমি [ ১০৭ ] অমুকৰ লৰা, অমুক ব্যৱসায় হে তোমাৰ—এই প্ৰকাৰে নিয়ম বান্ধি দিলে জাতীয় জীৱনত জড়তা উপস্থিত হয়। আজি- কালিৰ দিনৰ কল-কাৰখানাৰ কুলি মজুৰ মিস্তিৰিৰো এনে অৱস্থা। তেওঁবিলাকেও নিজৰ কামখিনিৰ হে ভূ পায়; সেইবোৰ কাম যি বৃহত্তৰ কামৰ অংশ তাৰ বাৰ্তা নাজানে। সেই দেখি পৰিচালকৰ অভাৱ হলে তেওঁলোক কৰ্মক্ষম নাথাকে—তেওঁবিলাক জীৱিত যন্ত্ৰৰ নিচিনা!

 উদাৰ শিক্ষাৰ গতি ইয়াৰ বিপৰীত। এই শিক্ষাৰ গুণত লোক মন উদাৰ হয়, নিজ ব্যৱসায়ৰ কথা আতি-গুৰি মাৰি জানিব পাৰে, টাকা আৰ্জাৰ উপৰিও যে জীৱন-সম্ভোগৰ নানাবিধ সজ পন্থা বৰ্তমান এই কথাৰ সম্ভেদ পায়, আনক দুখত পুতৌ আৰু আনন্দত সহানুভূতি কৰিবৰ সামৰ্থ্য লাভ কৰে। নিজে সকলো অৱস্থাত ভাবি চিন্তি উচিত ব্যৱস্থা কৰিবলৈ শিকে; আৰু সকলো প্ৰকাৰে মানুহৰ বুদ্ধি-বৃত্তিৰ উচিত ব্যৱহাৰ কৰি জীৱনক আনন্দময় কৰি তুলিব পাৰে।


 ৩। ইংৰাজী ১৮৬৮ চনত ভাৰতৰ বিশ্ববিদ্যালয়-বিলাকত ভাল লৰাক বিদেশত পঢ়াৰ সুবিধা শিক্ষা আৰু বৰ্তমান সমাজৰ গতিদিবলৈ গিলক্ৰাইষ্ট বৃত্তিৰ ব্যৱস্থা হয়। ১৮৭২ চনলৈ এই চাৰি বছৰত মুঠ আঠোটা বৃত্তি দিয়া হয়। তাৰে দুটা, অসমীয়া ছাত্ৰ— [ ১০৮ ] আনন্দৰাম বৰুৱা আৰু বলিনাৰায়ণ বৰা—এওঁলোক দুজনে পায়। সেই সময়ৰ ডাইৰেক্টৰ উড্‌ৰো চাহাবে এই কথাৰপৰা তেওঁৰ বাৰ্ষিক ৰিপোৰ্টত লিখিছিল বোলে আসাম-উপত্যকাৰ দৰে আন্ধাৰ চুকৰপৰা এনে দুজন ছাত্ৰ ওলোৱাত এই কথা প্ৰমাণ হয় যে প্ৰতিভা শক্তি কত লুকাই থাকে তাক জানিবৰ একো উপায় নাই।

 বৰ্তমান সমাজে যি দৰে মাটি খান্দি হীৰা—আৰু হীৰাতকৈও মূল্যৱান 'কলা হীৰা; (লোহা আৰু কয়লা) উলিয়ায়, সেই দৰে পৃথিৱীৰ চুক-কাণৰপৰাও প্ৰতিভা বিচাৰি উলিয়াব খোজে। প্ৰতিভাশালী লোক শক্তিৰ উৎস; তেওঁলোকৰ নিৰ্মল ভাৱ-প্ৰস্ৰৱণ সমাজৰ আবিলতাৰ সংশোধক। ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ অভ্যুত্থান হলে তেওঁলোকেহে পুনৰ সংসাৰত ধৰ্ম স্থাপন কৰি জীৱন শান্তিময় কৰি তোলে। ধুমুহা বতাহৰ দৰে, তেওঁলোকেহে ‘দানবোত্থা বাধা’ৰ ডাঠ ডাৱৰ গুচাই সংসাৰিক আৰু সামাজিক জীৱন উদাৰ আকাশৰ দৰে নিৰ্মল কৰি দিয়ে। আজিৰ সমাজে এই কথা বুজি, বেয়া ঠাইৰপৰা সোণ, দুকুলৰপৰা স্ত্ৰীৰত্ন তুলি লোৱাৰ দৰে, নীচ বা অসত্য সমাজৰপৰাও প্ৰতিভা তুলি লবলৈ যত্ন কৰে।

 এই কাৰণে তেনে শিক্ষা বৰ্তমান সমাজৰ অনুপযোগী, যি সকলোৰে প্ৰতিভা বিকাশত সহায় কৰিৰ নোৱাৰে। এই দেখি এটা ব্যবসায় বা এটা বিষয়ৰ গণ্ডীৰ ভিতৰত মনক [ ১০৯ ] আৱদ্ধ ৰাখি তাকেহে মাত্ৰ ধিয়াই থাকিলে, তাৰ উপৰিও যে সংসাৰত কিবা এটা থাকিব পাৰে, মানুহে এই কথা পাহৰি যায়। তেতিয়া সংকীৰ্ণতাই মন অধিকাৰ কৰে, নিজৰ কথাত বাজে আনত ভাল নেদেখা হয়, উচ্চতৰ চেষ্টা বা বিকাশৰ কাৰণে মন দুৰ্বল হৈ পৰে।

 এই ক্ৰমত— নতুন মত মাত্ৰকে উদ্‌ভণ্ডালি বুলি উপেক্ষা কৰা যেনে সংকীৰ্ণ শিক্ষাৰ ফল, সেই দৰে পুৰণা আচাৰ মাত্ৰকে অন্ধ সংস্কাৰ বুলি আগৰ কালৰ লোকসকলৰ অজ্ঞতা প্ৰমাণ কৰিবলৈ বিচাৰাও তেনে সংকীৰ্ণ শিক্ষাৰ ফল। মানুহৰ মন এটা আচৰিত বস্তু— ই এফালে যেনেকৈ পুৰণিক সাবটি ধৰি নিঃপয় মাৰি শুই থাকিব খোজে, আন ফালে তেনেকৈ কোনো আচাৰ-অনুষ্ঠানৰ বাধা নগণি আকাশৰ উৰ্ধতম অংশত নো কি আছে তাকে বিচাৰি উলিয়াবলৈ সাহ কৰে। শিক্ষাৰ ফলত মন এফালে অনন্ত উন্নতি-কামী হৈয়ো আন ফালে সংযত হব লাগে; এফালে চলিতকে সত্য বুলি গ্ৰহণ নকৰিও আন ফালে প্ৰতিপদৰে সত্যাসত্য নিৰূপণ কৰিব পাৰিব লাগে। সকলোৰে সত্য নিৰ্ধাৰণ, সকলোৰে ভালৰ অংশ গ্ৰহণ, আৰু সত্য আদৰ্শৰ অনুৰূপ কাৰ্যকৰণ, ইয়াৰ কাৰণে যথেষ্ট শক্তি-লাভেহে শিক্ষাৰ ফল হব লাগে।

 ওপৰৰ কথাৰপৰা এইটো বুজিব নালাগে যে ব্যৱসায় শিক্ষা কৰিলে মনত সংকীৰ্ণতা আহে। তেনে কথা হবই নোৱাৰে। [ ১১০ ] জীৱিকা-আৰ্জনৰ কাৰণে কোনো এটা ব্যৱসায় শিকা প্ৰত্যেকৰে আৱশ্যক। এই ব্যৱসায় নিজৰ অৱস্থানুযায়ী— বিশেষকৈ আৰ্থিক অৱস্থানুযায়ী— কম বা বেছি বয়সৰপৰা আৰম্ভ কৰিব লগীয়া হয়; আৰু অৱস্থাৰ ভিন্নতাৰ গুণত মানুহে ভিন্ ভিন্ ব্যৱসায় অৱলম্বন কৰিব লগীয়াত পৰে। পলুৰ চোকোৰাটোৰদৰে, যেতিয়া লৈকে নিজ ব্যৱসায়ৰ মেৰে আমাৰ মন-পলুক-ৰেচমৰ হলেও— এনে বাহৰ মাজত আৱদ্ধ কৰি ৰাখিব নোৱাৰে, তেতিয়ালৈকে মনৰ উদাৰতা লোপ নাপায়। কিন্তু যেতিয়া শিক্ষক হৈ কব খোজোঁ যে উকিলসকল গাঁৱৰ মানুহক লুটি পুটি খাবলৈ হে বিৰাজ কৰিছে, বা উকিল হৈ কওঁ শিক্ষকসকলৰ বুদ্ধি দীঘল কণীয়া আতৈৰ লগত সমান, তেতিয়া বুজিব লাগিব অনক সংকীৰ্ণতা ভূতে পালে। এই ভূতে তাক চেপা খুৱাই ইমান সৰু কৰিব পাৰে যে কালত নিজৰ ব্যৱসায়-বেজিটি থোৱাৰ বাহিৰে আন একোৰে তাত ঠাই নাথাকিব গৈ। মনৰ প্ৰকৃত ধৰ্ম সি নহয়। মন এক অতুলনীয় সম্পত্তি। তাৰ স্বভাৱ আকাশৰ দৰে উদাৰ, পৃথিবীৰ দৰে ধীৰ, সাগৰৰ দৰে গম্ভীৰ, চন্দ্ৰ-সূৰ্য্যৰ দৰে উজ্জ্বল আৰু বায়ু বৰুণৰ দৰে পবিত্ৰ। মনৰ এই স্বভাৱ ৰক্ষা কৰা সকলো লোকৰ অতি মাত্ৰ কৰ্তব্য। আৰু ইয়াৰ উপায় উদাৰ শিক্ষা— যি শিক্ষাৰ ফলত সকলোতে সত্য সুন্দৰ আৰু শিবৰ অধিষ্ঠান দেখা যায়। [ ১১১ ]  ৪। উদাৰ শিক্ষা ব্যক্তিৰ কাৰণে উপযুক্ত, ই যেই-সেই মানুহকে যথেষ্ট মনৰ স্বাধীনতা দিব পাৰে, ব্যক্তি, সমাজ আৰু ষ্টেট বুলি মানিলোঁ। কিন্তু সেই পৰিমাণে ই সমাজৰ আৰু ষ্টেটৰ হিতকৰ হব নে? সাধাৰণ শিক্ষা পাই মানুহৰ মন মুকলি হলে, সকলো কথা ভু-ভতং পালে, মানুহ সমাজৰ বিধি আৰু ষ্টেটৰ শাসনৰ বিৰোধী হৈ উঠাৰ দৃষ্টান্তৰ তো অভাৱ নাই। তেন্তে ব্যক্তিৰ পক্ষে উদাৰ শিক্ষা যিমান উপযোগী নহক, সমাজ আৰু ষ্টেটৰ ই পৰোক্ষে অহিতকাৰী নহয় নে?

 ব্যক্তি আৰু সমাজ, ব্যক্তি আৰু ষ্টেটৰ লগত বিবাদ, পুৰণি কলীয়া বিবাদ। সাধু-কথাৰ দিনত পেটৰ লগত হাত মুখ আদি অঙ্গ-প্ৰত্যঙ্গই কাজিয়া কৰি কোনে কি গতি পাইছিল আমি জানোহঁক। প্ৰকৃততে, সেই সাধুকথাৰ বিবাদৰ দৰে, এই বিৰোধিতাৰো কোনো হেতু নাই।

 বাহুল্যকৈ কোৱাৰ সকাম নাই; কিয়নো সকলোৰে জানা আৰু সহজতে বুজা কথা যে ব্যক্তিৰ বাতিৰেকে সমাজ বা ষ্টেটৰ কোনো সত্ত্বা নাই। ব্যক্তিৰ নিয়মাবদ্ধ সমষ্টি সমাজ; আৰু ব্যক্তিৰ হিতৰ কাৰণে সমাজে ষ্টেটৰ সৃষ্টি কৰে। এতেকে যি ব্যক্তিৰ হিতকৰ সি সেই পৰিমাণে ষ্টেট বা সমাজৰো উপকাৰত আহে।

 এনে হোৱা কিন্তু অসম্ভৱ নহয়— যি দৰে কোনো মাংস [ ১১২ ] পেশীৰ চালনাৰপৰা তাৰ পুষ্টি হয় কিন্তু সাধাৰণ স্বাস্থ্যৰ একো উন্নতি নহবও পাৰে, সেইদৰে অনেক সময়ত ব্যক্তিগত উন্নতি ষ্টেট বা সমাজৰ প্ৰত্যক্ষ হিতত নালাগে। কিন্তু যি-পৰ্য্যন্ত, অধিকা মঙহৰ দৰে, তেনে উন্নতি ষ্টেট বা সমাজৰ বিৰুদ্ধে নাযায়, সেই পৰ্য্যন্ত সি কোনো অহিত কৰিব নোৱাৰে; বৰঞ্চ, কেতিয়াবা, পৰোক্ষ হলেও, হিতত হে লাগিব পাৰে।

 অথচ, বুৰঞ্জীএ আবহমানকাল ব্যক্তিৰ লগত সমাজৰ, আৰু প্ৰজাৰ লগত ৰাজাৰ সংঘৰ্ষণকেহে কীৰ্তন কৰি আহিছে। বেণ-আৰু পৃথু-ৰাজাৰ দিনৰপৰা জাৰ নিকোলাচৰ দিনলৈকে ৰাজা-প্ৰজাৰ যি দুৰ্ঘোৰ বিবাদ চলি আহিছে, প্ৰজা-সৃষ্টিৰ আৰম্ভৰপৰা আজি পৰ্য্যন্ত সমাজে ব্যক্তিগত স্বাধীনতাত যি বাধা দি আহিছে, ইয়াৰ কাৰণ কি তেনেহলে?

 এই প্ৰশ্নৰ উত্তৰ, এই সম্পৰ্কে বিচাৰ কৰা পণ্ডিতসকলে এই দৰে দিছে যে পৰস্পৰে পৰস্পৰৰ উদ্দেশ্য ভুল কৰি বুজে। ৰাজাই প্ৰজাৰ হিতৰ কাৰণে কাৰ্য নকৰি নিজৰ স্বাৰ্থ-সিদ্ধিত মন দিলে বিদ্ৰোহৰ বীজ বপন কৰা হয়; আৰু সমাজে ব্যক্তিগত অত্যাচাৰৰপৰা নমাই আনি লাহেকৈ স্বাধীনতাৰ ওপৰত হাত দিব খুজিলেই সামাজিক উচ্ছৃংখলতাৰ সূত্ৰপাত কৰা হয়। স্বাধীনতা উচ্ছৃংখলতা নহয়, নিয়মৰ অধীনতা; উচ্ছৃংখলতাৰ সকলোতোকৈ নিকৃষ্ট পৰাধীনতা। [ ১১৩ ]  ধৰ্ম-বিবাদৰ মূলতো এই ভুল। ধৰ্মই ঈশ্বৰত বিশ্বাস, পৰকালৰ অস্তিত্ব, আৰু পাপ-পুণ্যৰ ফল— এই তিনিটা কথাৰ সহায়ত, কাকো ভয় দেখুৱাই কাৰো মনত আশাৰ আশ্বাস- বাণী শুনাই, ব্যক্তিগত কৰ্মৰ অত্যাচাৰ নিয়মীয়াকৈ ৰাখে। এই কথা এৰি যেতিয়াই ধৰ্ম মত-বাদিতাত পৰিণত হৈছে, তেতিয়াই ব্যক্তিৰ ওপৰত তাৰ অত্যাচাৰ সকলোতকৈ হেয় আৰু অধম আকাৰ লৈছে। নহলে, মানুহৰ মনত শান্তি আৰু ঔদাসীন্যৰ ভাৱ জগাই দি ধৰ্মই মানুহক সংসাৰৰ শোক- তাপ সহিবলৈ পাৰ্গত কৰি তোলে।

 এই বাবে কাৰো আশঙ্কাৰ কথা নহয়, যে ব্যক্তিগত উন্নতি বা স্বাধীনতাই সমাজ, ষ্টেট বা ধৰ্মানুষ্ঠানৰ অহিত কৰিব পাৰে।

 

 ৫। শিক্ষা-সাধনৰ উপায়ৰ কথা কবলৈ আহি আগৰ ইমানখিনি কথা অবান্তৰ যেন মনত হব শিক্ষাৰ সম্বন্ধত সমাজ
আৰু ষ্টেটৰ কৰ্তব্য
পাৰে। আগৰ কথাখিনিত মই ইয়াকে বুজাই লিখিব খুজিছিলোঁ যে ব্যক্তি সমাজ আৰু ষ্টেটৰ স্বাৰ্থ ভিন নহয়, এক আৰু ষ্টেট আৰু সমাজ ব্যক্তিৰ হিতৰ অৰ্থে হোৱা সমবেত অনুষ্ঠান। গতিকে, ব্যক্তিৰ হিত কৰিবলৈ যেনে শিক্ষা দিয়াৰ দৰকাৰ তাৰ ভাৰ সৰ্বতোভাৱে সমাজে আৰু ষ্টেটে গ্ৰহণ কৰিব লাগে। [ ১১৪ ]  বৰ্তমান যুগত এই কথা প্ৰমাণ কৰিবলৈ কোনো বাদানুবাদৰ আৱশ্যক নাই। সমস্ত সত্য দেশতে বাধ্যতা-মূলক প্ৰাথমিক শিক্ষা, তাৰ পাছতো কাম-কাজ-কৰি খাব-লগীয়া ডেকাবিলাকৰ কাৰণে শিক্ষাৰ নানাবিধ অনুষ্ঠান, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ব্যয় কমাই আনা, অনেক ঠাইত বিশ্ববিদ্যালয় পৰ্য্যন্ত সকলো শিক্ষা অবৈতনিক কৰা— এনেকুৱা শত প্ৰচেষ্টাৰপৰা বুজিব পাৰি যে ষ্টেট আৰু সমাজে ব্যক্তি-শিক্ষাৰ এই সিদ্ধান্ত সম্পূৰ্ণৰূপে গ্ৰহণ কৰিছে।

 কি দৰে ষ্টেট আৰু সমাজে তেওঁবিলাকৰ এই গুৰু কৰ্তব্য সাধনৰ কাৰণে যত্ন কৰা উচিত এই বিষয়ে যথেষ্ট মতভেদ বৰ্তে আৰু আছেও। প্ৰধানতঃ, স্কুল পাতি প্ৰত্যেক জাতিৰ উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰা ষ্টেটৰ কৰ্তব্য; আৰু শিক্ষা আৰু শিক্ষকক গৌৰৱ কৰা সমাজৰ কৰ্তব্য।

 

 ৬। সমাজ আৰু ষ্টেটে যে তেওঁলোকৰ এই প্ৰধান কৰ্তব্যটোত হাতত লৈছে তাৰ প্ৰমাণ— আমি শিক্ষক সকল— যাক বুলিলে বুলিব পাৰি স্কুলগৃহস্থৰ কুপোষ্য— আৰু আমাৰ প্ৰায় বাস-স্থান, মুৰুব্বিসকলৰ গালি খোৱাৰ ঠাই, ছাত্ৰক তাৰ প্ৰতিশোধত গালি পাৰাৰ আবাস, আৰু খিচমিচ-আখৰৰ এক্‌চাৰচাইজ্‌ চাই চকু আৰু মূৰৰ শ্ৰাদ্ধ কৰাৰ তীৰ্থ, এই স্কুল বা পঢ়াশালি। [ ১১৫ ]  স্কুলৰ উৎপত্তি কেতিয়া হল, এই প্ৰশ্নৰ উত্তৰ বুৰঞ্জীত নাই। কিন্তু যেতিয়াই মানৱ-জাতিৰ আদি অৱস্থাত কোনো যুদ্ধৰ কৌশল, বা খাদ্য-আহৰণৰ সহজতৰ উপায়, বা ব্যাধিৰ আক্ৰমণৰপৰা সাৰিবৰ কাৰণে প্ৰেত-পূজাৰ পদ্ধতি প্ৰভৃতি, তেতিয়াৰ সমাজৰ অতীব লাগতিয়াল বিষয় এজনে আন এজনক শিকাব লগীয়া আৱশ্যক হল, বুলিব পাৰি, তেতিয়াই শিক্ষাৰো আৰম্ভ হল, স্কুলৰো উৎপত্তি হল। কাৰণ, শিক্ষৰ ঘাই অঙ্গ যি তিনটা— শিক্ষক, ছাত্ৰ আৰু অধ্যাপনীয় বিষয়— সেই তিনিওটা এই সময়তে যোৰা খালে।

 মানৱ-জাতিৰ বুৰঞ্জীৰ সেই আদি আধ্যাৰ পৰা আজি পৰ্য্যন্ত স্কুল নামক এই অনুষ্ঠানটোই নানান ঠাইত নানা ভাবে পৰিণতি লাভ কৰিছে। কোনো প্ৰত্বতত্ত্ব-পিপাসু লোকে এই প্ৰশ্ন লৈ আলোচনা কৰিলে এই ক্ৰম-পৰিণতিৰ সম্বন্ধে অনেক কথা উলিয়াব পাৰে। সি হি হক, স্কুলৰ গতিৰ প্ৰতি লক্ষ্য কৰিলে এই কথা দেখা যায়, যে আগৰ দিনত জ্ঞান গোপ্য আছিল, ক্ৰমাৎ ই প্ৰকাশ্য হৈ আহিল। এতিয়া জ্ঞান-সূৰ্য্য চক্ৰবাল-ৰেখা পাৰ হৈ মাজ-আকাশ পাওঁ-পাওঁ হৈছে। আজি-কালি জ্ঞানৰ প্ৰকাশ প্ৰসাৰ আৰু প্ৰচাৰ সকলোৰে কৰ্তব্য ভিতৰত পৰিছে। আজিকালিৰ মানবহিতাৰ্থী পণ্ডিত সকলে কয়, সে সময় মানব জাতিৰ পক্ষে জ্ঞানৰ আৰাধনাৰ দৰে আৱধ্যকীয় কাৰ্য্য একো নাই। [ ১১৬ ]  জ্ঞান প্ৰচাৰৰ এই ভাৰ পৰিছে স্কুলৰ ওপৰত। এই কাৰণে নাৰ্চাৰি-স্কুলৰ পৰা (কেচুৱাৰ পঢ়াশালি) ডাঙৰ ডাঙৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ সৃষ্টি। যাৰ যিমান সুযোগ আৰু যাৰ যিমান সাধ্য, তেওঁ সেই পৰিমাণে জ্ঞানৰ পৱিত্ৰ কিৰণ পাই জীৱন ধন্য কৰক। জ্ঞান-বিতৰণৰ এই মহাব্ৰত শিক্ষকৰ আৰু স্কুলৰ।

 

 ৭। কিন্তু সেই বুলি সন্তানৰ পিতৃ মাতৃসকলৰ কৰ্তব্যৰ ভাৰ কমিল বুলি ভাবিব নালাগে। শিক্ষা আৰু ঘৰৰ প্ৰভাৱ আমাৰ ছলিক শিক্ষকে যথাৰীতি শিক্ষা দি সকলো কাৰ্য্যত পাৰ্গত আৰু আমাৰ সুখ-আহৰণৰ অৰ্থে ধন-উপাৰ্জনৰ যন্ত্ৰ কৰি তৈয়াৰ কৰি দিব —এই দৰে ভাবিলে মহা ভুল কৰা হয়। স্কুল আৰু ঘৰ শিক্ষা-যন্ত্ৰৰ দুটা কইল। স্কুলত যি গঠন দিয়া যায় ঘৰত সেই গঠন মিহি হব লাগে, তাত বাৰ্নিছ পৰিব লাগে, তেহে গঠনটো নিখুঁট হয়।

 এই কথাটো অলপ বহলকৈ কোৱাৰ আৱশ্যক হৈছে। আমি বেছি ভাগে লৰাক স্কুলত নাম লগাই দিলেই তাৰ শিক্ষাৰ যথেষ্ট বন্দৱস্ত কৰি দিয়া হল বুলি ভাবোঁ। কিছুমানে লৰা স্কুললৈ গৈছে নে নাই, তাৰ সময়ত আহিছে নে নাই, স্কুলৰ পঢ়া-শুনা ভালৰূপে চলাইছে নে নাই, আৰু ঘৰত থাকা পৰ[ ১১৭ ] খিনিত লান্ত-শিষ্ট হৈ থাকি পঢ়া, মিলা কৰিছে নে নাই— এই কেইটা কথাৰ খবৰ ললে যথেষ্ট কৰা হল বুলি বিশ্বাস কৰোঁ।

 কিন্তু প্ৰকৃততে ই কথা নহয়। আমাৰ দেশত সন্তান মাক-বাপেকৰ আশ্ৰমত থাকি হে ডাঙৰ-দীঘল হয়। সিহঁতে স্কুলত দিনটোৰ চাৰিভাগৰ এভাগ সময় হে কটায়; বন্ধ, হাফ, অনুপস্থিতি, বিদায়— এইবোৰ বাদ দিলে বছৰৰ ৩৬৫ দিনৰ ভিতৰত ৪০ দিন কৈ সৰহ সময় লৰাই স্কুলত থাকিব নালাগে। এই সময়খিনিও সিহঁতে নানাবিধ নিয়ম অৰু শাসনৰ অধীন হৈ কটাব লাগে। এনে স্থলত, আমাৰ শিক্ষকে আমাৰ লৰা-ছোৱালীৰ চৰিত্ৰ সম্পূৰ্ণ ৰূপে গঠন কৰি দিব বুলি আশা কৰা অনুচিত। ইয়াৰ উপৰি সৰু কাল ডোখৰ ছলিএ সম্পূৰ্ণৰূপে ঘৰত হে কটায়। শিশু চৰিত্ৰত অভিজ্ঞ জ্ঞানী লোকসকলে কয়, যে এই কাল ডোখৰত শিশুএ চৰিত্ৰ সম্পৰ্কত যি বাট লয় তাৰ গতি ফিৰাই দিয়া টান কাম। শিক্ষকে অৱশ্যে বাট পোনাই দিব পাৰে; কিন্তু সেই বাটেৰে গতি কৰিবলৈ জোৰ দিব লাগিব অভিভাৱকে। নহলে নৈতিক চৰিত্ৰ, মনৰ বল, কৰ্মৰ স্পৃহা, আলশ্যক ঘৃণা, অন্যায়ৰ ত্যাগ, সত্যৰ অৱলম্বন, বিপদত ধৈৰ্য্য, বিপৰীত অৱস্থাত সাহ— মানৱ-চৰিত্ৰৰ এইবিলাক অতি মহনীয় আৰু দেৱ- লোভনীয় গুণবোৰৰ বিকাশ হব নোৱাৰে।

 এই অৰ্থে পিতৃ-মাতৃ চাকৰ-নাকৰ বন্ধু-বান্ধৱ, সকলোৰে [ ১১৮ ] উত্তম আদৰ্শৰ আৱশ্যক। ‘উপদেশতকৈ আদৰ্শ কাৰ্য্য কৰি’— এই নীতি-আখৰ এই ক্ষেত্ৰত বিশেষ অৰ্থযুক্ত। ছলিএ ডাঙৰৰ আদৰ্শ অনুকৰণ কৰিবই; ডাঙৰে ধঁপাত খালে যিমানেই বিপৰীত উপদেশ নিদিয়া ছলিও হোকা হুপিব।

 সঙ্গ আৰু চাকৰ-নাকৰ সম্বন্ধেও বিশেষ সাৱধান হোৱা আৱশ্যক। অনেক কু-কথা কু-ৰীতি ছলিএ যে সঙ্গ আৰু দায়িত্বহীন চাকৰৰপৰা শিখে। পাৰ্য্যমনে ছলিক চাকৰৰ সঙ্গ লবলৈ দিব নালাগে।

 পাশ্চাত্য দেশ অনেক ছলি বোৰ্ডিং-স্কুলত থাকি ডাঙৰ হয়। সেই দেশতকৈ আমাৰ দেশৰ অভিভাৱকৰ কৰ্তব্য বিশেষ গুৰুতৰ। শিক্ষা-বিষয়ত স্কুল আৰু ঘৰে পৰস্পৰ সহায় বিচাৰে। স্কুলৰ উপকাৰ আৰু ঘৰৰ উদাহৰণ; স্কুলৰ বিদ্যা আৰু ঘৰৰ জ্ঞান; স্কুলৰ পাণ্ডিত্য আৰু ঘৰৰ চাৰিত্ৰ;— এইবোৰ গুণৰ পৰস্পৰ ঘনিষ্ঠ সম্পৰ্ক হলেহে আদৰ্শ মানব- চৰিত্ৰ গঠিত এ পাৰে।

 আমাৰ সতি-সন্ততিৰ ওপৰত যেনেকৈ জাতিৰ সকলো গৌৰৱ আৰু ভাল-বেয়া নিৰ্ভৰ কৰিছে, সেইদৰে আমাৰ ওপৰতো সন্তান-সফলৰ চৰিত্ৰ-গঠনৰ ভাৰ পৰিছে। আজি আমাৰ সন্তানক যি দৰে গঢ়ি তোলোঁ, কালি আমাৰ জাতি সেই দৰৰ গঠন লৈ উঠিব। যি লোকে জানি-বুজি এই কৰ্তব্যত আওহেলা কৰে— যি দহ শিকাৰ পাৰা শক্তি থাকাটো [ ১১৯ ] সন্তানক পাঁচ শিকায়ে সন্তুষ্ট হয়—তেওঁ অকল নিজৰ আৰু নিজ সন্তানৰ অন্যায় কৰিয়েই নেৰে; তেওঁ তাৰ উপৰিও নিজৰ জাতিৰ নিজৰ সমাজৰ আৰু নিজৰ দেশৰ দ্ৰোহ আচৰণ কৰে।


 ৮। অপ্ৰিয় হলেও হিত কথা কোৱা শাস্ত্ৰৰ যুক্তি। সেই দেখি সন্তান-শিক্ষা-বিষয়ত পিতৃ- মাতৃৰ কৰ্তব্যৰ সম্বন্ধে কিছু টান ভাৱে বাধ্যতা-মূলক
প্ৰাইমাৰী শিক্ষা
কব লাগাত পৰিছে। কিন্তু তাতোকৈ গন্তীৰ সুৰত কবলগীয়া শিক্ষা সম্পৰ্কে আন এটা কথা আছে; সেয়ে হৈছে বাধ্যতা-মূলক শিক্ষা।

 বিংশ শতাব্দীৰ এই ভাগত বাধ্যতা-মূলক শিক্ষা যে জাতীয় উন্নতিৰ এটা প্ৰধান উপায় আৰু জ্ঞান-প্ৰচাৰৰ যে সৰ্ব্বোৎকৃষ্ট প্ৰণালী, তাক কাকো কৈ দিয়াৰ আৱশ্যক নাই। সমগ্ৰ সভ্য দেশতে বাধ্যতা-মূলক শিক্ষাৰ প্ৰচলন হৈছে। আৰু গত অৰ্ধ শতাব্দীৰ ভিতৰত প্ৰজা-পালন আৰু দেশ- শাসনৰ যি সকল চিন্তাশীল ব্যক্তি ওলাইছে, সকলোএ এক বাক্যে স্বীকাৰ কৰিছে যে বাধ্যতামূলক কৰাৰ বাহিৰে শিক্ষা প্ৰচাৰৰ দ্বিতীয় পন্থা নাই।

 ১৮৭০ খৃষ্টাব্দত ইংলণ্ডৰ শিক্ষা-আইন পাৰ্লিয়ামেণ্টত উপস্থিত কবি গ্লেডষ্টোনে কৈছিল, বোলে—‘আমাৰ উন্নত [ ১২০ ] সভ্যতাৰ আৰু অতুলনীয় ঐশ্বৰ্য্যৰ পক্ষে এইটো লাজৰ কথা, যে বাধ্য-বাধকতাৰ মাজলৈ আনি হে আমি ছলিক শিকাবলগীয়া হৈছে। কিন্তু অনেক চিন্তা কৰি দেখা গল, যে বাধ্য নকৰিলে কেতিয়াও সকলো লৰা-ছোৱালীক স্কুললৈ আনিব নোৱাৰি।

 ১৯১১ খৃষ্টাব্দত ভাৰতীয় ব্যৱস্থাপক সভাত প্ৰাইমাৰী শিক্ষা-বিল উপস্থাপিত কৰাৰ সময়ত গোখেলে কৈছিল, বোলে— ‘সমগ্ৰ পৃথিবীৰ শিক্ষাৰ বুৰঞ্জীএ যদি কিবা কথা স্পষ্টকৈ প্ৰমাণ কৰিছে, তেনেহলে সি এই, যে কোনো ষ্টেটে বাধ্য নকৰাকৈ তাৰ প্ৰজাৰ মাজত সম্পূৰ্ণৰূপে শিক্ষা-বিস্তাৰ কৰিব নোৱাৰে। ’

 বাধ্যতা-মূলক শিক্ষা-প্ৰচলনৰ বিৰুদ্ধে যে কাৰো মত নাই এনে নহয়। এই বিষয়ত যিবিলাক আপত্তি হব পাৰে তাক বহলাই আলোচনা কৰি খণ্ডন কৰাৰ আৱশ্যক নাই; কাৰণ, এই আপত্তিবিলাক অমূলক বুলি সকলোএ জানে। যি-সকলে এই বিষয়ে সবিশেষ বুজিবলৈ বাঞ্ছা কৰে যি-সকলে গোখেলৰ প্ৰাইমাৰী-শিক্ষা সম্বন্ধীয় বক্তৃতা কেইটা আৰু তাৰ সম্পৰ্কত ভাৰতীয় ব্যৱস্থাপক সভাত হোৱা বাদানুবাদ খিনি পঢ়ি চাব পাৰে।

 মই তলত ভাৰতবৰ্ষত শিক্ষা বাধ্যতা-মূলক কৰা সম্বন্ধে তিনিটা মাত্ৰ প্ৰধান আপত্তিৰ কথা সংক্ষেপে কব খুজিছোঁ। এই কেইটাৰ বাহিৰে যিবিলাক কথা কোৱা হয়; সেইবোৰ সম্পূৰ্ণ যুক্তিহীন। [ ১২১ ]  ইয়াতে ইয়াকো কৈ থওঁ যে * লিখিত কথাখিনি প্ৰায়েই গোখেলৰ বক্তৃতাৰ সাৰাংশ।


 ৯। বাধ্যতা-মূলক শিক্ষা * সম্বন্ধে প্ৰথম আপত্তি যে আমাৰ * এতিয়াও তেনে শিক্ষা লবৰ কাৰণ প্ৰস্তুত হোৱা নাই। এই সময়ত * চৰকাৰে বাধ্য কৰি ছলি শিক্ষা দিয়া নিয়ম প্ৰচলন কৰে, * প্ৰজাৰ অসন্তোষৰ কাৰণ হব।

 ইয়াৰ উত্তৰত বোধ কৰঁ * কলেই যথেষ্ট—যে আমি খোৱা-পিন্ধা পাকা-মিলা * চাকা কথা-বাৰ্তা সকলো কথাতে কোনো না কোনো * বেয়া নিয়মৰ বাধ্য হৈ হে চলিছোঁ। সেই বিলাকত বাধ্য কৰাত যদি প্ৰজাৰ অসন্তোষ কাৰণ হোৱা নাই, তেনেহলে শিক্ষা-বিষয়ত বাধ্য কৰাৰ পৰাও অসন্তোষ উপজিব বুলি আশঙ্কা * কাৰণ দেখা নাযায়।

 আৰু, ধৰিলোঁ অসন্তোষে* হল। পিতৃস্থানীয় ষ্টেটৰ যিটো কৰ্তব্য, ষ্টেটে সেই বুলি সেইটো নকৰি থাকা অনুচিত— যেনেকৈ অখহ ছলিএ ঔষধ নাখালেও মাক-বাপেকে জোৰ কৰি ঔষধ খুৱায় আৰু সন্তানৰ তজ্জনিত ক্ৰন্দনৰ প্ৰতি মন নকৰে।


১০। দ্বিতীয় আপত্তিৰ কথা এই; শিক্ষা বাধ্যতা-মূলক [ ১২২ ] বৰ্তমা প্ৰচলিত শিক্ষা
ভাল শিক্ষা নহয়
কৰিব পাৰি, কৰা উচিত; কিন্তু আজি কালিৰ প্ৰচলিত যি শিক্ষা সি অশিক্ষা নাম পাবৰ হে যোগ্য। তাক বাধ্যতা-মূলক কৰাৰ কোনো দৰকাৰ নাই। আগেয়ে ভাল ঘৰ, ভাল আচবাব, ভাল শিক্ষক তৈয়াৰ হক; তাৰ পাছত হে শিক্ষা!

 কোৱা বাহুল্য যে যদি আমি এতিয়াই শিক্ষা বাধ্যতা- মূলক নকৰোঁ, তেনেহলে সেই দিন আহিবলৈ এতিয়াও আমাৰ বহু শতাব্দী আছে, যি দিনত পকা ঘৰ চিকমীকিয়া যন্ত্ৰ আৰু গ্ৰেজুএট শিক্ষকেৰে আমি প্ৰাইমাৰী শিক্ষা চলাব পাৰিম। আৰু যি দেশত বনৰ মাজৰ আশ্ৰম আছিল শিক্ষাৰ স্থল, আৰু সৰ্বত্যাগী সন্ন্যাসী আছিল শিক্ষা-গুৰু, সেই দেশত যে পাশ্চাত্য সভ্যতাৰ জাকজমক আমদানি নকৰিলে শিক্ষা দিব নোৱাৰি, এনে ভাষাৰ কোনো কাৰণ নাই। বিশেষ, যি কোনো কাম কৰিব খুজিলে, আৰম্ভণতে তাৰ সকলো খৰচি মাৰি লব নোৱাৰি; লাহে লাহে হে সকলো অঙ্গ সম্পূৰ্ণ হয়।


 ১১। তৃতীয় আৰু সকলোতকৈ * আপত্তিটো হৈছে ধনৰ কথা। টকা নহলে শিক্ষক ৰাখিব নোৱাৰি, শিক্ষক নহলে স্কুল নচলে— এইটো শিক্ষা আৰু ঘৰৰ প্ৰভাৱঅতি চিধা কথা।

 টকা কৰ পৰা হব পাৰে আৰু কিমান টকাৰ আৱশ্যক এই [ ১২৩ ] কথাৰ আলোচনা ইয়াত কৰিব নোৱাৰি। কিন্তু এইটো ঠিক যে গভৰ্নমেণ্টৰ ইমান আয় আৰু ব্যয়ৰ হিচাপ এইদৰে থাকিলে, এই আয়ৰ টকাৰপৰা শিক্ষা বাধ্যতা-মূলক কৰাৰ খৰচ নোলায়। গতিকে কোনো প্ৰকাৰৰ কৰ বহুৱাই হে টকাৰ যোগাৰ কৰিব লাগিব।

 এই কথাত প্ৰজাৰ বিশেষ আপত্তি। কিন্তু আপত্তি হলেও উপায় নাই। নিজৰ হিতৰ কাৰণে সকলো দেশত প্ৰজাই কিছু অধিকা কৰ দিব লাগে। এই কথা আমি বুজা উচিত আৰু আনকো বুজোৱা উচিত। শিক্ষা-কৰ এটা বহুৱালে শিক্ষা বাধ্যতামূলক কৰা সহজ হৈ পৰে।

 কোৱা বাহুল্য যে বাধ্য শিক্ষা অৰ্থ মাছুল-নেহোৱা শিক্ষা। এই বিষয়ত আমাৰ প্ৰদেশৰ এটা ডাঙৰ সুবিধা আছে এই যে, মজলীয়া অসমীয়া স্কুললৈ কোনো ছাত্ৰই মাছুল দিব নালাগে।

 অলপতে শিক্ষা বাধ্যতা-মূলক কৰাৰ সম্বন্ধে বিল এখনৰো পাণ্ডুলিপি ওলাইছে।


 ১২। ছাত্ৰৰ কিমান বয়সলৈ শিক্ষা বাধ্যতামূলক কৰিব পাৰি আৰু কৰা উচিত—এই দুই প্ৰশ্নৰ বাধ্যতামূলক শিক্ষা
বিষয়ক আন কথা
কোনো সদুত্তৰ নোলায়। দেশৰ ঐশ্বৰ্য্য অনুসৰি কোনো কোনো দেশত দহ বছৰলৈ আৰু কোনো কোনো দেশত ওঠৰ বছৰ পৰ্য্যন্ত— এই [ ১২৪ ] দুই সীমাৰ ভিন ভিন বয়সলৈ শিক্ষা বাধ্যতামূলক কৰা হৈছে। তলৰ ফালৰ বয়স ৫ বা ৬ৰ পৰা আৰম্ভ কৰা হৈছে। আমাৰ দেশ দুখীয়া, ইয়াত খৰচৰ অনাটন হে শিক্ষা বাধ্যতা-মূলক কৰাৰ প্ৰধান বাধা। আমাৰ দেশত আৰম্ভণতে ছয়ৰ পৰা দহলৈ বা এনে কি সাতৰ পৰা দহলৈ— বাধ্য কৰাৰ এয়ে যথেষ্ট বয়স|

 শিক্ষা বাধ্যতামূলক কৰিলে প্ৰকৃততে কিছুমান মানুহৰ পক্ষে অসুবিধা হয়। অনেক লোকে আঠ-দহ বছৰীয়া ছলিৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হয়। অনেক স্কুল দূৰ বা অসুবিধাজনক ঠাইত। তেনে স্থলত লৰা-ছোৱালীক বাধ্য নকৰাকৈ ৰাখিব পাৰি।

 কিন্তু এইটো মন কৰিব লাগে যে স্কুলত ৩,৪ ঘণ্টাৰ বেছি সময় আৱশ্যক নহয়। আমাৰ ছলি তিনি-চাৰি নালাগে আঠ-দই ঘণ্টা পৰিমিত কাল একো কাম নকৰি কটায। তাহাঁতৰ যে ৩। ৪ ঘণ্টা কাল অৱসৰ নোহাৱাৰ কাৰণে শিক্ষা কৰিব নোৱাৰে—এই কথা সম্পূৰ্ণ শ্ৰদ্ধাযোগ্য নহয়।

 সৰু ছলিক চাকৰ ৰখা অনেক লোকৰো অৱশ্যে অসুবিধা হ'ব পাৰে। সি নিত্যন্ত অধৰ্তব্য। সমাজ যথেষ্ট উন্নত হলে, সৰু ছলিক চাকৰ ৰাখা অপৰাধ বুলি গণ্য হলহেতেন। সি যি হক, যি তেনে চাকৰ নহলে নহয় বুলি ভাবে, তেওঁ সেই ছলিক ৩। ৪ ঘণ্টাৰ কাৰণে স্কুললৈ যাবলৈ অৱসৰ দিবৰ নিয়ম হ'ব লাগে।

[ ১২৫ ] মুঠ কথা, বাধ্যতামূলক শিক্ষাৰ পৰাহে গোটাই জাতিৰ শিক্ষা হোৱাৰ সম্ভাৱনা দেখা যায়। তাকে নকৰি, বৰ্তমান ৰীতি অনুসৰি চলি থাকিলে শতকৰা ৫০ জন ছলি শিক্ষিত হবলৈকো আৰু এক শতাব্দী চেষ্টাৰ আৱশ্যক হব—অতিকম পক্ষত।


 ১৩। সম্প্ৰতি জাতীয়-শিক্ষা বুলি এটা আৰ্তৰাৱ উঠিছে, অথচ জাতীয় শিক্ষা কি কোনোএ ভাবি জাতীয়-শিক্ষানাচায়। ইংৰাজী এৰি হিন্দি আৰু বিজ্ঞান এৰি সূতাকাটা শিকিলেই জাতীয় শিক্ষা হল বুলি অনেকে ভাৱে। এই ধাৰণা ভুল।

 শিক্ষাৰ উদ্দেশ্য চৰিত্ৰ গঠন। যি শিক্ষাই জাতিৰ চৰিত্ৰ গঠন কৰি দিব পাৰে সেযে জাতীয় শিক্ষা। সকলো জাতিৰ চৰিত্ৰ একে নহয়, গতিকে সকলো জাতিৰ পক্ষে জাতীয় শিক্ষা একে হব নোৱাৰে। কোনো জাতিৰ চৰিত্ৰত যি গুণৰ আধিক্য দেখা যায়, আন জাতিৰ সম্ভৱতঃ সেই গুণ নাথাকিব পাৰে। দোষৰ সম্বন্ধেও এই কথা। এই কাৰণে কোনো জাতিৰ জাতীয় শিক্ষাৰ ব্যৱস্থা কৰিব লাগিলে, সেই জাতিৰ প্ৰকৃতি-গত দোষ- গুণৰ সম্যক হিচাব লব লাগিব। জাতি-গত গুণৰ উৎকৰ্ষ- সাধন আৰু দোষৰ নিৰাকৰণ জাতীয় শিক্ষাৰ মূল উদ্দেশ্য।

 এই উদ্দেশ্য সিদ্ধিৰ কাৰণ বিষয়ৰ অধ্যাপনা তিমান

আৱশ্যকীয় নহয়, স্বভাৱ গঠন কৰা যিমান লাগতিয়াল।

[ ১২৬ ]  অসমীয়া মানুহৰ কথা যদি ধৰোঁ— আমাৰ স্বভাৱত অলপমান স্বাধীনতা দেখা যায়। এই গুণটো শিক্ষাই কৰ্ষণ কৰিব পাৰিব লাগে। ইফালে অসমীয়া মানুহ এলেহুৱা, সুখীয়া আৰু কাম-পাচলৈ-পেলাই-থোৱা। এই কেইটা আমাৰ দোষ। শিক্ষাৰ পৰা এই কেইটা দোষ গুচিব লাগে।

 আৰু জাতি হিচাবে, অসমীয়াৰ মাজত সকলো লোককে একে শ্ৰেণীৰ বুলিব পাৰি। টকা-পাইচাৰ তাৰতম্যত এতিয়াহে আন এটা শ্ৰেণীৰ লোকৰ আৱিৰ্ভাৱ হব খুজিছে, যিবিলাকে নিজক অভিজাত বংশৰ বুলি পৰিচয় দিব খোজে। কিন্তু প্ৰকৃততে আমাৰ দেশত অভিজাত শ্ৰেণী এটা নাই। আহোম ৰাজাৰ দিনত উচ্চ আহোম বংশ কেইটামান আছিল। তেওঁলোক তেতিয়া প্ৰকৃত অভিজাত শ্ৰেণীৰ আছিল। বৰ্তমান হাৱাত তেওঁলোকে সেই গৌৰৱ এৰিছে; যি ধৰিব খোজে, তেওঁলোকৰ তেনে গৌৰৱৰ একো হেতু নাই। অনেক কথাত জাতিৰ পক্ষে ই এটা ভাল কথা। সেই দৰে প্ৰায় প্ৰত্যেক অসমীয়া মানুহৰে অলপ অলপ মাটি আৰু খেতিৰ যোগাৰ আছে। ইও এটা আমাৰ শুভ লক্ষণ।

 অসমীয়া মানুহৰ উপযুক্ত জাতীয় শিক্ষা হব তেনে শিক্ষা, যি আমাৰ এই প্ৰকৃতিবোৰলৈ লক্ষ্য ৰাখি আমাৰ নৈতিক, মানসিক আৰু আৰ্থিক জীৱন-গঠনত সহায় কৰিব পাৰে।

[ ১২৭ ]  ১৪। যেতিয়ালৈকে এই মূল উদ্দেশ্য মনত ৰাখি শিক্ষাৰ বিধান কৰা হয়, তেতিয়াপৰ্য্যন্ত শিক্ষাদানৰ ভাষাকোন ভাষা শিক্ষা কৰিম বা কোন ভাষা নকৰিম, এই প্ৰশ্নৰ তিমান মূল্য নাথাকে। কিন্তু বিদেশী ভাষা এটাৰ সহায়ত হে আমি সাধাৰণ বুৰঞ্জী ভূগোল গণিত বা বিজ্ঞান শিক্ষা কৰিব পাৰোঁ, আমাৰ নিজৰ ভাষাত নোৱাৰোঁ—এই বিশ্বাস অত্যন্ত ভ্ৰান্ত। যিবিলাকে এই কথা কয়, তেওঁলোকে দেখুৱায় যে আমাৰ ভাষাত— অৰ্থাৎ অসমীয়া, বঙালী বা হিন্দি আদি ভাষাত—উপযুক্ত কিতাপ নাই। এই কথা কিছু সত্য; আৰু ইয়াৰ কাৰণ তেনে কিতাপৰ অৱশ্যকতা হোৱা নাই; হোৱা মাত্ৰকতে যে যথেষ্ট কিতাপ ওলাব তাত আশঙ্কা কৰিবৰ সমূলি কাৰণ নাই।

 নিজ মাতৃ-ভাষাত সমস্ত শিক্ষা হোৱা একান্ত উচিত যদিও আমাৰ পক্ষে সকলোএ ইংৰাজী ভাষা কাৰ্য চলাকৈ আয়ত্ত কৰিব পাৰাৰ বন্দবস্ত থাকিব লাগে। ইংৰাজী ভাষা সমগ্ৰ পৃথিবীৰ সমস্ত বিদ্যাৰ সঞ্চাৰ-কাঠি আৰু সকলো ব্যৱসায়ৰ বাহন। জ্ঞান আৰু অৰ্থ—উভয়ৰ উপাৰ্জনৰ কাৰণ এই ভাষা শিক্ষা আমাৰ প্ৰত্যেকৰ পক্ষে লাগতিয়াল।


 ১৫। এই খিনিতে মই মোৰ এই প্ৰবন্ধৰ সামৰণি [ ১২৮ ] উপসংহাৰ* খুজিছোঁ। এই চাৰি অধ্যায়ৰ *চনাত অনেক সমস্যাৰ কথা ওলাইছে; সেইফ**কেৱাৰ ইয়াত ঠাই হোৱা নাই, মাত্ৰ অলপ আভাস * হৈছে। আৰু ইয়াত যিবিলাক মত দিয়া হল ** নিজস্ব বুলি কবলৈ কাৰণ নাই, খ * কথাৰ অনুকৃতি কৰি নিজে বিশ্বাস নকৰা বা নুবুজা ** লিখা নাই বুলি মোৰ ধাৰণা।

 সি যি হক *বন্ধত মই তিনিটা কথা বিশেষকৈ কবলৈ চেষ্টা *— প্ৰথম শিক্ষাৰ প্ৰকৃত অৰ্থ; দ্বিতীয়, শিক্ষাই হে *গত চৰিত্ৰ উন্নত কৰিব পাৰে; আৰু তৃতীয়, শিক্ষা ** আৰু ষ্টেটৰ কৰ্তব্য অতি গুৰু।

 শিক্ষাত * কৰো। আমি আমাৰ সকলো লোককে প্ৰকৃ* দিব পাৰিলে, আমাৰ মানুহৰ কামৰ শক্তি বাঢ়িব * সকলো কথা প্ৰকৃত ৰূপে বুজিবলৈ বুদ্ধি ওলাব, * আনন্দ সুন্দৰ ৰূপে উপভোগ কৰিব পাৰা বৃত্তিবিলক* হব, আৰু পৃথিবীৰ ভিতৰত নিৰ বাবে শ্ৰেষ্ঠ ** ঠাই এখন উলিয়াই লবৰ ইচ্ছা আৰু সামৰ্থ্য হব * গুণতে ৰোগ-জৰ্জৰিত আলস্য- নিদ্ৰিত বিষাদ *ই জাতিৰ অস্থি-পঞ্জৰৰপৰা স্বাস্থ্যত নিঘূন কৰ্মত *ময় নতুন জাতি এটাৰ সৃষ্টি হব।

 কোনে কব ** দিন আমাৰ সমুখত পৰাহি নাই!

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২১ চনত ১ জানুৱাৰী ১৯৬১ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )