পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
শিক্ষা-বিচাৰ

আমি আচলতে সকলো বিলাক কৰ্তব্য সুনিয়মিত ৰূপে সুশৃংখলকৈ সহজ আৰু সৰল ভাৱেৰে কৰিবলৈ পাৰগ হব পাৰিম। শিক্ষাৰ চৰম উদ্দেশ্য এই। কিন্তু যেতিয়ালৈ সংসৰ সংসাৰ হৈ আছে, তেতিয়ালৈ শিক্ষাৰ উদ্দেশ্য সংসাৰিক বিষয়েৰে ব্যক্ত নকৰিলে নিজক ফাঁকি দিয়া হে হব।

  ইংলণ্ডৰ ভূতপুৰ্ব শিক্ষামন্ত্ৰী ফিছাৰ চাহাবৰ উক্তি এটাত এই কথা যিমান পৰিষ্কাৰ কৈ দিয়া আছে, তাতকৈ সহজকৈ সংসাৰিক জীৱনত শিক্ষাৰ উদ্দেশ্যৰ ব্যাখ্যান দিয়া টান। তেওঁৰ কথাৰ মৰ্ম আমি তলত দিলোঁ।

  “আমি শিক্ষাৰ সহায়ত ইয়াকে আশা কৰোঁ যেন আমাৰ সকলো মানুহ উত্তম গৃহস্থ হব পাৰে; তেওঁবিলাক যেন ঈশ্বৰ বিশ্বাসী আৰু কৰ্তব্য পৰায়ণ হয়; তেওঁলোকৰ শৰীৰ আৰু মন যেন নিঘুণ স্বাস্থ্যবান্ হয়, তেওঁবিলাক যেন নিজ নিজ ব্যৱসায়ত সুনিপুণ হয়; আৰু তেওঁ-লোকে যেন সজ আলোচনাৰ দ্বাৰা অৱসৰ সময়তো নিজৰ ভাল কৰিবলৈ পাৰগ হয়। ”

⸻o⸻