পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষা-বিচাৰ

 সেই দেখি, আমি যদিও বৃক্ষ-বিহাৰী মৰ্কট-কুলৰ হে কুল-ধ্বজ তথাপিতো আমাৰ লেজ নাইকীয়া হল; কিন্তু বেছি হল হাত আঙুলি মুৰৰ ঘিউ ইত্যাদি। ইয়াৰে পৰাই ক্ৰমে ক্ৰমে লাহে লাহে অকামিলা হৈ আহা হাত-ভৰি আদি লোপ পাই, এটা প্ৰকাণ্ড মুৰত পৰিণত হৈ মানব-জাতিএ যে ঔ বাগৰাৰ দৰে বাগৰি ফুৰিব, ৰহস্যৰ ছলেৰে হলেও, অনেক লোকে এই কথা কয়।

 এটা ঘৰুৱা উদাহৰণ ললে— এজন চাহাবৰ লৰা আৰু এজন নগাৰ লৰাৰ ভিতৰত যি প্ৰভেদ দেখা যায়, সি কিহৰ ফলত? উত্তৰ, পাৰিপাৰ্শ্বিক অৱস্থাৰ বৈসাদৃশ্য। আমি অসমীয়া কথা কওঁ, চাহাবৰ লৰাই ইংৰাজী আৰু পশ্চিম ভাৰতৰ লৰাই হিন্দুস্থানী কথা কয়; কিয়?— পাৰিপাৰ্শ্বিক অৱস্থাৰ গুণত।

 এই দৰে, পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত কেতিয়াবা মিলিব পাৰি, আৰু কেতিয়াবা মিলিব নোৱাৰি, যি পৰিবৰ্তন ঘটে সেয়ে বিকাশ। অতি বহল অৰ্থত ইয়াকে শিক্ষাও বুলিব পাৰি।

 কিন্তু শিক্ষাৰ অৰ্থ আচলতে এই হোৱাহেতেন, শিক্ষককুলৰ একো অৱশ্যক নাথাকিল হয়। আন যেয়ে যিহকে বোলক, শিক্ষক সম্প্ৰদায়ৰ যে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰাৰ বিশেষ কিবা ইচ্ছা আছে, এনে ভাবিবৰ একো কাৰণ নাই। সেই দেখি, শিক্ষা-বিজ্ঞান শিক্ষাৰ অৰ্থ আন এফেৰি কথাকেহে বুজাইছে।