পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২৬
শিক্ষা-বিচাৰ

ৰামায়ণ-মহাভাৰত পঢ়ি বুলিব নোৱাৰি এই সকল মহাপুৰুষ BLA bla, cLA cla প্ৰভৃতি সুমধুৰ নামখৰি ভাঙি আমাৰ দৰে নানান শাস্ত্ৰত সুপণ্ডিত হব পাৰিছিল নে নাই। জানি, মুঠতে তেওলোক ৰীৰ, মস্ত বলী,

‘ব্যুঢ়ৰস্কো বৃষস্কন্ধঃ শালপ্ৰাংশুঃ মহাভুজঃ। ’

 তাৰ পাছত বৌদ্ধ-যুগ। ললিত-বিস্তাৰত আছে বুদ্ধদেৱ এফালে যেনে সুশ্ৰী ইফালে তেনে বলী, এফালে যেনে বীৰ ইফালে তেনে পণ্ডিত; সকলো শাস্ত্ৰ আৰু সকলো কলা-বিদ্যাৰ জ্ঞানত বুদ্ধদেৱ অদ্বিতীয়।

  বুদ্ধৰ ধৰ্মত সন্যাস-যুগৰ আৰম্ভ কৰিলে। মানুহ লাহে লাহে ত্যাগী পণ্ডিত আৰু শাস্ত্ৰবাদী হৈ আহিল। ‘সংসাৰ অসাৰ, সাৰ ঈশ্বৰ হে’— এই আদৰ্শ লৈ মানুহে সুখ-সম্ভোগ বিলাস- বিভৱ সকলোকে এৰি দৰ্শন-শাস্ত্ৰত আৰু ধৰ্ম-চৰ্চাত মন দিলে।

 আজি পৰ্য্যন্ত এই আদৰ্শৰ প্ৰভাৱ আমাৰ মনৰ পৰা যোৱা নাই। পাঠশালাৰ আঠ-বছৰীয়া লৰা এটাক সোধা, সি পঢ়িছে কিয়; উত্তৰ পাবা, জ্ঞান-অৰ্জন কৰিবলৈ।

  কিন্তু কেৱল জ্ঞান-অৰ্জনৰ কাৰণে পঢ়া দিন আৰু নাই। আৰৈ চাউল এমুঠি কাছকল এচকল আৰু তিন্তিড়ি বৃক্ষৰ পত্ৰ চাৰিটিৰ দ্বাৰা উদৰ-প্ৰবৰ্তনৰ আদৰ্শ যিমানে কবিতাময় ধৰ্ম- জনক আৰু ধৰ্মশাস্ত্ৰৰ নিগূঢ় ৰহস্য-বোধৰ কাৰণে উপযোগী নহক, সি বৰ্তমান যুগত সাংসাৰিক জীৱনৰ নে সম্পূৰ্ণ