পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

বিস্তাৰ কৰে; সেই প্ৰভাৱটো সমাজে ইচ্ছা কৰি কৰা,— গতিকে ইচ্ছা কৰি নকৰা আৰু এটা প্ৰভাৱ আছে। এনেকুৱা কৰাৰ উদ্দেশ্য, সমাজৰ উৎকৃষ্ট আদৰ্শৰ অনুৰূপত শিশুৰ বিকাশ হব লাগে।

 এই ‘বিকাশ’ শব্দটোৰ কাৰণে ডাৰুইনক আমাৰ সমৰক্ষেত্ৰত অৱতীৰ্ণ কৰাব লগীয়া হৈছে।

 বিবৰ্তন-বাদ বা অভিব্যক্তি বাদ বা ক্ৰম-বিকাশ-বাদ বা Theory of Evolutionৰ কথা বিশদৰূপে কোৱাৰ ই ঠাই নহয়। ‘Survival of the Fittest’ বা ‘যোগ্য-ভোগ্য বসুন্ধৰী’— এই কথা আখৰৰ সাধাৰণ আৰু গূঢ় অৰ্থও অনেকে জানে।

 চাৰিওফালৰ নানানবিধ অৱস্থাৰ ভিতৰত পৰি সকলো বস্তুএ এটা নে এটা প্ৰকাৰে পৰিণতি লাভ কৰে। এই চাৰিওফালৰ অৱস্থাবোৰৰ বৈজ্ঞানিক নাম ‘পাৰিপাৰ্শ্বিক অবস্থা’ [Environment]। মানুহ এজনৰ পাৰিপাৰ্শ্বিক অৱস্থা— তাৰ চাৰিওফালৰ প্ৰাকৃতিক দৃশ্য, জল বায়ু, পশু-পক্ষী, মানুহ, সমাজ, ইত্যাদি ইত্যাদি। গছ এজোপাৰ পাৰিপাৰ্শ্বিক অৱস্থা– তাৰ থাকা ঠাই, সেই ঠাই ৰদাল নে ছেছুক, সেই ঠাইৰ বৃষ্টিপাত, মানুহৰ আতি পতি, ইত্যাদি ইত্যাদি।

 এই পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত ঘাত-প্ৰতিঘাত হৈ সকলোৰে বিকাশ হয়। বিকাশ অৰ্থ উন্নতি নহয়, পৰিবৰ্তন।