এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষা-বিচাৰ
প্ৰথম অধ্যায়।
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য।
শিক্ষা-ব্যৱসায়ৰ সম্বন্ধে দুটা এটা কথা শুনিব খোজা মানুহৰ অভাৱ বৰ্তমানত পাতনিনাই। কাৰণ, নানাবিধ কাৰণৰ সময়ত লোকে বুজিছে যে জাতীয় জীৱনৰ শিক্ষা এটা প্ৰধান অঙ্গ; আৰু জাতীয উন্নতিৰ কাৰণে শিক্ষা এটা প্ৰধান লাগতিয়াল আহিলা।
তথাপিতো যে শিক্ষা-ব্যৱসায়ৰ প্ৰতি সাধাৰণৰ অৱহেলাৰ ভাৱ দেখা যায়, তাৰ এটা গূঢ় কাৰণ আমাৰ শিক্ষক-সকলৰ গাত হে। অনেক শিক্ষকে নিজক নিজে ভাৱে যে শিক্ষাদানত কোনো পকাৰ বিশেষ ব্যুৎপত্তিৰ আৱশ্যক নকৰে। কথমপি ক খ প ম জানিলে, বকিব পাৰিলে, আৰু আৱশ্যক অনুসৰি চিকনি চলাব পাৰিলে, শিক্ষকতা কাৰ্য্য সুকলমে কৰিব পাৰি। সেই দেখি, চাৰিওফালে কাম-কাজ কতো নাপালে— কেৰানি, ৰেলৰ টিকট বাবু, পিয়াদা, মণ্ডল, চাপ্ৰাচী