পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিক্ষা-বিচাৰ

— এই আটাইবোৰ বিষয়ত ‘ফেল’ হৈ আহিলে তৈতিয়াহে মানুহে শিক্ষকতা কাম বিচাৰে; আৰু, আমাৰ ঔদাৰ্য্যৰ গুণত পায়ো।

 বোধ কৰো “Failures are the pillars of Success” [হাৰিলেহে জিকাৰ বাট মুকলি হয়]— এই কথা আখৰ শিক্ষকেই বন ই দিয়া। আন কোনো বিষয়ত এই কথা খাটে নে নাখাটে কব নোৱাৰোঁ। কিন্তু দেখা যায়, আন সকলো ব্যৱসায়ত failure (পৰাস্ত) হৈ যি কেইটা pillar (থাম) বহুৱাই দিব পাৰি, সেইকেইটাই শিক্ষকতা-ব্যৱসায়ৰ Succes (সিদ্ধি) টো ডাঙি ধৰি থাকে!

 ২। যদিও সাধাৰণতে শিক্ষা আৰু শিক্ষকতাৰ এনে অৱস্থা, তথাপিতো এই ব্যৱসায়টোৰ এখন বিজ্ঞান আছে। আৰু এইবিজ্ঞানো যেনে তেনে বিজ্ঞান নহয়! শিক্ষা-বিজ্ঞানতাহানিখন বোলে অগস্ত্যই এক চলু কৰি সপ্ত সমুদ্ৰৰ পানী পেটত সুমাই থৈছিল; কলি যুগত শিক্ষকসকলেই অগস্ত্যৰ পো-নাতি এওঁলোকেও বিশ্বব্ৰহ্মাণ্ডৰ যিমানবিলাক বিজ্ঞান আছে আটাইকে গুলি পকাই এই শিক্ষা-বিজ্ঞান-খন তৈয়াৰ কৰিছে। এই বিজ্ঞানত, শৰীৰ-বিজ্ঞান মনো-বিজ্ঞান আত্ম-বিজ্ঞান— ইত্যাদিবিলাকৰ কথা সম্যকৰূপে থাকেই; তাৰ উপৰি চৌষষ্টি