সমললৈ যাওক

পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শিক্ষাৰ অৰ্থ আৰু উদ্দেশ্য

নীতিশাস্ত্ৰৰ সুখবাদ (Hedonism), লোকহিতৈষণা-বাদ (Utilitarianism), সম-বিকাশ-বাদ (Harmonious culture), আৰু আত্মপূৰ্ণতা-বাদ (Self-perfection) প্ৰভৃতি জীৱনৰ উদ্দেশ্য সম্বন্ধে যিবিলাক ভিন্ ভিন্ মত আছে– তাৰ সমন্বয় সাধন কৰা মই মুৰুখ-মতিৰ কাৰ্য্য নহয় নীতি শাস্ত্ৰৰ পৰা সাৰ কথা ইয়াকে পোৱা যায় যে দাৰ্শনিক পণ্ডিত সকলে— অৰ্থাৎ মানবজাতিৰ চিন্তাশীল অংশই— জীৱনৰ যে কিবা এটা উদ্দেশ্য আছে তাক স্বীকাৰ কৰে আৰু এই উদ্দেশ্য নো কি তাকে সঠিক কৈ কব নোৱাৰে;— পাৰাহেতেনে ভিন ভিন মত অবলম্বনৰ অৱসৰেই নাথাকে।

  তেনেহলে, এই প্ৰশ্নৰ মীমাংসা হোৱা নাই নে? ইয়াৰ উত্তৰ বিচাৰিবলৈ আমি আৰু আন কথা এক আখৰ ইয়াতে তুলিব লগীয়া হল।

  আমি যি-হক সঁচা বুলি, শুদ্ধ বুলি লওঁ, সি বৰ্তমান সময়ৰ কাৰণে আৰু আমাৰ নিজৰ অভিজ্ঞতাৰ মানত হে শুদ্ধ; সি আচলতে সত্য নহবও পাৰে— বা, তাৰ আচল সত্ত্বা নহবও পাৰে। যেনে ধৰা, ভূগোল-শাস্ত্ৰৰ ‘সৌৰ-কেন্দ্ৰিক’ (Helio- centric) আৰু ‘ভূ-কৈন্দ্ৰিক’ (Geo-centric) মতবাদ দুটা। যিমান দিনলৈ ভূ-কৈন্দ্ৰিক মত অনুসৰি নৈসৰ্গিক ব্যাখ্যা দি থাকিব পাৰা হৈছিল, সিমান দিন পণ্ডিত-সমাজে তাকেই সঁচা বুলি ধৰি আহিছিল। কিন্তু যেতিয়া এনে কেতবোৰ নৈসৰ্গিক