সমললৈ যাওক

মেঘদূতম

ৱিকিউৎসৰ পৰা

[ বেটুপাত ]

 

মেঘদূতম্

“যথা স্ত্রীণাং তথা বাচামসাধুত্বে দুর্জ্জনাে জনঃ’’

—ভৱভূতি—


শ্ৰীকুমুদেশ্বৰ বৰঠাকুৰ৷

প্রকাশক–শ্রীবসুনাথ বৰঠাকুৰ
মেনেজিং প্রপ্ৰাইটাৰ ছাত্ৰবান্ধৱ ।
শিৱসাগৰ।
৩৯ /১ নং শিবনাৰায়ণ দাসেৰ লেনত
কাত্যায়নী প্ৰেছত,
শ্ৰীঅমৃতলাল সৰকাৰ দ্বাৰা ছপা হ’ল ।
কলিকাতা।

[ প্ৰকাশন ]
 

মেঘদূতম্‌

 

“যথা স্ত্ৰীণাং তথা বাচামসাধুত্বে দুৰ্জ্জনো জনঃ”

 

⸺ভবভূতি⸺

 

শ্ৰীকুমুদেশ্বৰ বৰঠাকুৰ।

 

প্ৰকাশক—শ্ৰীবসুনাথ বৰঠাকুৰ

 

মেনেজিং প্ৰপ্ৰাইটাৰ

 

ছাত্ৰবান্ধৱ

 

শিৱসাগৰ।

 

⸻⸺

 

বেচ আট অনা। 

 

[ পাতনি ]  কথিত আছে যে কালিদাসক দিনৌ ফুল যোগোৱা এজনী মালিনী আছিল। মালিনীক ফুলৰ বেচ দিব নোৱাৰি তেওঁৰ নতুন কবিতা আৰু গ্ৰন্থৰ প্ৰথম সোৱাদ মালিনীক দিয়াটো তেওঁৰ দৈনন্দিন কৰ্ত্তব্যৰ ভিতৰত পৰিছিল। কালিদাসে ‘মেঘদূত’ লিখি আটাই মালিনীক শুনোৱাত মালিনীয়ে খুং কৰি “এইখন কি লিখিছা” বুলি গুচি যাব খোজাত কালিদাসে কৈছিল “মালিনী, নাৰিকলৰ বাকলি বৰ টান আৰু খহটা, ফালি চোৱা সি কেনে কোমল আৰু সুন্দৰ।"তেতিয়াহে মালিনীয়ে আকৌ শুনিবলৈ বহি পৰিল। এইখন দন্দ্বৰ প্ৰধান কাৰণ মেঘদূতৰ প্ৰথমৰ শ্লোক কেইটামান শুকান আৰু খহটা। —বিষ বৃক্ষত পঢ়া মনত পৰে।
 “মেঘদূত কালিদাসৰ আত্মকাহিনী।” মেঘদূতৰ নায়ক “যক্ষ” কালিদাস নিজেই। মাতৃগুপ্তৰ, গুপ্ত, গুহ্য আৰু যক্ষ, প্ৰতিশব্দিক নাম। যক্ষ শব্দে মাতৃগুপ্ত কালিদাসক বৰ্ণিত কৰিছে। ৰাজ তৰঙ্গিনীৰ মতে বিক্ৰমাদিত্যই কাশ্মীৰ জয় কৰি মাতৃগুপ্তক কাশ্মীৰৰ শাসন কৰ্ত্তা পদত নিযুক্ত কৰে। পাচত, কালিদাসে ৰাজকন্যা বিবাহ কৰি কাৰ্য্যত অনবহিত হোৱত নাগপুৰৰ ওচৰৰ ৰামগিৰি পৰ্ব্বতত নিৰ্ব্বাসিত হয়। তেওঁ সেই অৱস্থাত আহাৰৰ 'প্ৰথম দিবস বা শেষ দিনা পৰ্ব্বত শৃঙ্গত মেঘ দেখি তাকে দূত কৰি কাশ্মীৰস্থিত বাসভবনত প্ৰিয়াৰ ওচৰলৈ পঠিয়াবলৈ সংকল্প কৰি

এই কাব্যৰ জন্ম দিয়ে। কালিদাসৰ প্ৰত্যেক গ্ৰন্থই তেওঁৰ নিজৰ [ পাতনি ]

৵৹

জীবন-চৰিত। ই ‘Transfigured life of the author’ বা বেনামী জীবন চৰিত। ‘শ্ৰুতবোধত’ তেওঁ সেই প্ৰথমা পত্নী, বিদ্যুন্মালাক ছন্দৰ তথ্য বুজাইছে। 'ঋতুসংহাৰত' তেওঁ সখিগণ সমন্বিত প্ৰথমা পত্নীক ঋতুবিহাৰ শুনাইছে। ’ৰঘুবংশত’ তেওঁ সেই প্ৰথমা পত্নী বিদ্যুন্মালাৰ নিমিত্তে কান্দিছে। ‘কুমাৰ সম্ভৱত’ তেওঁ কাশ্মীৰৰ ৰাজকন্যাৰ পাণিপ্ৰাৰ্থি হৈ তৎপ্ৰতিযোগী ৰজা বিক্ৰমাদিত্যক নিহত কৰি 'তাৰাক' বিবাহ কৰিলে। 'মেঘদূতত' তেওঁ সেই দ্বিতীয়া পত্নী তাৰাৰ ওচৰলৈ মেঘক দূত কৰি পঠাইছে।” এয়ে গত ১৮৪১ শকৰ ৩০ আহাৰ মঙ্গলবাৰে আবেলী যশোহৰ চহৰৰ 'ভূপেন্দ্ৰ হলত' পতা ‘মেঘদূত উৎসৱ’ উপলক্ষে কলিকতাৰ পৰা সমাগত শ্ৰীযুক্ত মন্মথনাথ কাব্যতীৰ্থ মহাশয়ৰ ’হিতবাদী’ত প্ৰকাশিত বক্তৃতাৰ সাৰাংশ।

 'অনুবাদকৰ কাম বৰ টান। তেওঁ পৰাধীন— পৰৰ খোজত চলিব লাগে। তেওঁ যদি নিজ ভাষা ভাল কৰিবলৈ যায়, হলে মূলৰ পৰা পিছলি দুৰৈত পৰেগৈ; আৰু যদি ছাঁৰ দৰে মূলপাচ ধৰে, কথাৰ সলনি কথা বহাই যায় তেনেহলে নিজৰ ভাষা বাং-কৰা হৈ পৰে, কেতিয়াবা অৰ্থও নহয়।' আমি পাৰো মানে মূলৰ অৰ্থ ৰাখি ভাঙনি লিখিছো, কেবল দুই এক ঠাইত হে অৰ্থ ৰাখিব পৰা নাই, ভাব মাথোন ৰৈছে;—৺লম্বোদৰ বৰাই যেতিয়াএনেকৈ কৈছে, আমাৰ ‘কা কথা’।

 'অল্প বিষয়ামতি’ আমি এই কাব্য অনুবাদ কৰি ‘গমিষ্যাম্যুপহাস্যতাম।' এইটোও ভালকৈ বুজিছো যে এই ‘লেউসেউ’ ভাঙনিৰে আমি “প্ৰাংশুলভ্যে ফলে লোভাদুদ্বাহুৰিব বামনঃ। এইটো সকলোৱে জানে যে⸺ [ পাতনি ]

ভিনত্তি ভীমং কৰিৰাজকুম্ভং
কৰোতি বাসং গিৰি গহ্বৰেষু
বিভৰ্ত্তি বেগং পবনাদধিকং ষঃ
তথাপি সিংহঃ পশুরেব নান্যঃ।”

 ইমানতো মৰণত শৰণ দি মহাকবিৰ নাম লৈ অনুবাদ কৰি আমি কওঁ;⸻

“কবিতে, দুৰ্জ্জন সমক্ষে লঘুতয়া তাপিনী মা ভূয়াঃ ।
আনন্দয়তি কিমন্ধং মৃদুগতিৰিন্দিবৰাক্ষীণা॥

 শেষত অগাধ পণ্ডিত পূজ্যবৰ স্বৰ্গীয় ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ মহাশয়ৰ ভাষাতে কওঁ, ‘হে পাঠক পঠিকা সকল, আপোনালোকৰ ওচৰত মোৰ প্ৰাৰ্থনা এই, আপোনালোকে যেন, এই মেঘদূত দেখি, কালিদাসৰ মেঘদূতৰ উৎকৰ্ষ পৰীক্ষা নকৰে।”

 অগ্ৰজ প্ৰতিম শ্ৰদ্ধাস্পদ শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী বি, এ, ৰি টি, মহাশয়ে আৰু শ্ৰীযুত অনরুদ্ধ শৰ্ম্মা ব্যাকৰণতীৰ্থ, কাব্যতীৰ্থ মহাশয়ে এবাৰ চকু ফুৰাই চোৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো⸻

অৱশ্যে দোষখিনি মোৰ ।

গোৱালপাৰা
১২ নবেম্বৰ ১৯১৯
ৰাইজৰ সেৱক―
ইতি অনুবাদকস্য ৷
 

[ উছৰ্গা ]
 

কুরি শতিকার

প্ৰতীচ্য শিক্ষাৰ সোঁতত ভাহি যোৱা দিনতো
পৃথিবীৰ অতি পুৰণি দেব ভাষাত –
অগাধ ব্যুপত্তি আৰু ৰচনা শক্তি
থকা অকল আসামৰে নহয়
গোটই ভাৰতৰ
বাণীৰ বরপুত্ৰ-
দ্বিতীয় কালিদাস
পূজ্যপাদ
স্বৰ্গীয় মহামহোপাধ্যায় ধীৰেশ্বৰ কবিৰ দেৱৰ
কাল্পনিক শ্ৰীচৰণ যুগলত নিঃকিনৰ
ভ্ৰমপূৰ্ণ অনুবাদ
উৎসৃষ্ট হ’ল।

[ ভূমিকা ]

অনুবাদক আরু যক্ষ
ময়োতাে বিৰহী যক্ষ, শাপগ্ৰস্ত আজি,
আছো-দূৰ-দূৰণিত, সাদৰীক এৰি
আৰু এৰি ইষ্ট-মিত্ৰ-বন্ধুবৰ্গ যত⸺
বসতি কৰিছো আহি গোৱাল-গিৰিত।
এৰচৰ নিৰ্ব্বাসন যক্ষৰ কাৰণে;
অনিশ্চিত মোৰ কিন্তু—ইচ্ছা গৰাকীৰ।
পঠালে বাতৰি যক্ষে মেঘৰ পিঠিত,
পঠাও বাতৰি ময়ো হুমুনিয়া সহ
দূৰণি গাঁৱৰ পৰা পিয়নৰ হাতে।
ভেদাভেদ নাই দূয়ে, যক্ষে আৰু মোত,
—যক্ষৰ আছিল মাথো প্ৰিয়াৰ বিৰহ,
মোৰ কিন্তু সকলোটি, অতি চেনেহৰ।

[  ]
 

নমো সৰস্বত্যৈ।

মেঘ দূতম্।

পূৰ্ব্ব মেঘঃ।

অমনোযোগীতা হেতু নিজৰ নিয়োগে
শপিলে প্ৰভূৱে তাক, যক্ষ একজন,
—শুনি শোক লগা— এবচৰ (কৰি) নিৰ্ব্বাসন
নিতান্ত দুঃসহ হ’ল কান্তাৰ বিৰহ
লগে লগে সামৰ্থ্যও সবিশেষ হানী।
সেই অৱস্থাৰে স’তে কৰিলে বসতি
সুশোভিত আশ্ৰমত ৰামগিৰি পাশে—
ছাযা দিয়া তৰু সব য’ত বিৰাজিত,
পবিত্ৰ ভাবেৰে ভৰা যাৰ জলৰাশি,
জনক জীয়াৰী তাত স্নান কৰা হেতু। ১।
মণিবন্ধ শূন্য কৰি কনকবলয়ে
দেখুৱায় বিৰহীৰ কৃশ শৰীৰক।

[  ]

ইদৰে বসতি কৰি কেই মাহমান
দেখিলে যক্ষই মেঘ তট প্ৰদেশত
সেই গিৰিবৰ কাষে হোৱা একেলগ—
—উৎখাত-ধেমালি-ৰত গজসব যেন—
আহাৰ মাহৰ সেই প্ৰথম দিনত। ২ ।
উচ্ছলিত বাস্পভাৰ অন্তৰত থই,
অভিলাষ ওপজোৱা মেঘৰ আগত।
কথমপি ঠিয় হই ভাবিব লাগিলে
বহুক্ষণ; মেঘ দেখি সুখীৰো চিত্তত
হয় আনভাব; প্ৰেয়সীৰ আলিঙ্গন
ডিঙি ধৰাধৰি, মাথো আশা যাৰ, যদি
সুদূৰত, লাগে জানো ক’ব কোনোবাই
কিদৰে বিকৃত হ’ব দেখি মেঘ তেওঁ?। ৩ ।
বিৰহ দুঃখত যাতে প্ৰিয়াৰ বিঘিনি
নোহে, কোনো হানী, তাৰ প্ৰতিবিধানলে
সমুৎসুক হই, আহাৰৰ শেষ দিনা,
কুটজকুসুমে কৰি পূজা অনুষ্ঠান,
প্ৰীতিভৰে কৰি প্ৰীতিবচনবিন্যাস,
জিজ্ঞাসি কুশলবাৰ্ত্তা জীমূতে সাদৰি
ভাবিলে কুশলবাৰ্ত্তা পঠাও ইয়াৰে। ৪ ।
ধূমজ্যোতি সলিল মাৰুত যোগে সৃষ্ট
যিবা মেঘ; ইন্দ্ৰিয় সমৰ্থ প্ৰাণী সবে

[  ]

দিব পাৰে বাৰ্ত্তা যিবা; কত ভেদ দুয়ে?
বিচাৰ নকৰি ইটো, ঔৎসুক্যৰ হেতু,
যক্ষে যাচ্ঞা কৰিলে মেঘত; কামাতুৰ
স্বভাবতে জ্ঞানশূন্য চেতনাচেতন।৫।
“পূস্কৰাবৰ্ত্তক বংশে, ভুবনবিদিত,
জনমিছা তুমি, মেঘ ইন্দ্ৰৰ সোঁহাত,
কামৰূপ তুমি; বিধাতাৰ বিধানত
কান্তাৰ বিয়োগী হই প্ৰাৰ্থী তব কাষে।
বিফলতা শ্ৰেষ্ঠ, কৰি যাচ্ঞা উত্তমত;
সফল হোৱাও নীচ অধম সমীপে।৬।
প্ৰবাসবিৰহ কিম্বা আতপতাপত
ৰক্ষা কৰা, তুমি মেঘ, সদা নিজগুণে;
ধনপতি-ক্ৰোধে পৰি প্ৰিয়া বিয়োগত
খাটো যেন নিয়া বাৰ্ত্তা প্ৰিয়াৰ সমীপে;
যোৱা যেন তুমি যক্ষেশ্বৰে বাস কৰা
অলকা পুৰীলে'—য'ত হৰশিৰে থকা
জোনৰ কিৰণ পৰি কৰিছে নিৰ্ম্মল
বাহ্যোদ্যানস্থিত ধনিক ভবন সব।৭।
পথিকবনিতাসবে চাব চকু মেলি
শূন্যত উৰিলে তুমি, আনিছা নিশ্চয়
বুলি, নিজা প্ৰিয়তম অহাৰ বাৰতা
বিৰহ বিধুৰা জায়া উপেক্ষা কৰিব

[  ] ‌‌

কোনে পাৰে মোৰ দৰে—মই পৰাধীন—
উদিত হ'লেহি তুমি আকাশ পথত?।৮।
অনুকুল পৰনৰ সহায়ত, তুমি,
ধীৰে ধীৰে ধৰি গতি উঠিলে আকাশে,—
সুমধুৰ গীত গাব গৰ্ব্বিত সম্বন্ধী
চাতকে তোমাৰ, মেঘ, বাওফালে ৰই;
সেবিব সদলে, সেই বকবধূসবে
গৰ্ভাধান-আমোদত শূন্যে দল বান্ধি
দেখিলে তোমাক, তুমি নয়নসুভগ।৯।
সাদৰীয়ে মোত বাজে নাজানে আনক,
গণিছে নিতকে আৰু দিন কত বাকী;
সেইবাবে এতিয়াও ধৰিছে জীবন
আশাত আবদ্ধ থাকি–বৃক্ষ-বৃন্ত হেন–
দেখিবা অৱশ্যে, তুমি, তব ভ্ৰাতৃজায়া।
স্বভাৱতে নাৰী সব প্ৰণয়প্ৰবণ
সেই বাবে সুকুমাৰ কুসুমৰ দৰে;
বিৰহৰ আবেশত শীঘ্ৰে শেষ হয়,
থাকে লই প্ৰাণ মাথো ৰই আশাতেই।১০।
পৃথিবীৰ কন্দলিকা ওপৰলে তুলি
সফলা কৰিব পৰা, শ্ৰবণ সুভগ
তোমাৰ গৰ্জ্জন শুনি, ৰাজহাঁহসবে
মৃণালাগ্ৰখণ্ড লই পাথেয় স্বৰূপে

[  ]

মানসসৰসী দিশি যাবৰ হেপাহে
সহায় তোমাৰ হ’ব কৈলাস-অবধি।১১।
বিশ্বজন পূজনীয় ৰঘুপতি পদে
অঙ্কিত কৰিছে যাৰ নিম্বতপ্ৰদেশ
সেই তব প্ৰিয় সখা ও চিত্ৰকুটে
আলিঙ্গন কৰি তুমি কৰা আমন্ত্ৰণ।
তোমাৰ সংযোগে আহি প্ৰতি বৰ্ষাকালে
উষ্ণ বাস্প বৰ্যি দিয়ে স্নেহ পৰিচয়
⸺চিৰবিৰহত বোৱা চকুলো এধাৰি।১২।
শুনা কওঁ, যাব লাগে কোন বাটে তুমি
আৰু শুনা, সাগ্ৰহেৰে শুনিব লগীয়া
নিবা যিবা বাতৰিটি প্ৰিয়াৰ সমীপে।
যাওঁতে যাওঁতে যদি হোৱা ক্ষীণবল,
পৰ্ব্বতে পৰ্ব্বতে, তুমি, পদন্যাস কৰি
লভিবা বিশ্ৰাম, খীণ যদি হয় দেহা,
বোৱতী পানীৰে-যিবা অতীব পাতল ⸺
উপযোগ কৰি, তুমি, কৰিবা গমন।১৩।
সৰলা অবলা বালা সিদ্ধাঙ্গনাসবে
চকিতপ্ৰকাৰে সব উদযোগ তোমাৰ,
‘পবনে গিৰিৰ শৃঙ্গ কৰিছে বহন'
বুলি শঙ্কা কৰি মনে, তেনে অৱস্থাত
সৰস নিচুল হন্তে উত্তৰ মুখেদি

[  ]

বিৰাজিবা আকাশত-মাথো পথমাজে
পৰিহৰি স্থূলহস্তে কৰা (অ) বলেপণ
দিঙ্ নাগ সবৰ, এয়ে অনুৰোধ মম।১৪।
সউ উঁইহাফলুৰ মুৰেদি ওলোৱা
আতিকই মনোহৰ ৰামধেনুখনি
—পদ্মৰাগ আদি মণি সমূহৰ প্ৰভা
একেলগ হ’ল যেন—আহি সংসৰ্গত
তব শ্যাম কলেবৰ শোভিৰ আতিকে-
শোভে যথাঁ‌ গোপবেশধাৰী বিষ্ণুদেহ
হ’লে লগ ম’ৰা পাখী উজ্জ্বল কান্তিৰ।১৫।
“কৃষিফল তোমাৰে অধীন সদা,” জানি
গাঁৱলীয়া তিৰীসবে-আজলী নিচেই,
অকৃত্ৰিম প্ৰেমৰসে সদাই আপ্লত,
চকুৰে নাজানে দেহি বিলাবহি প্ৰেম,-
সাদৰে তোমাক চাব চকু মেলি মেলি।
এনেদৰে বৰ্ষি তুমি উঠিবা ওখত,
গিৰি সম উচ্চ স্থানে, সুৰভি বিলায়
যাতে লাঙলাকৰ্ষণে; অলপ পাঁচতে
খৰখেদা কৰি যাবা উত্তৰ ফালেই।১৬।
প্ৰশমিলে বনদাহ ধাৰেৰে বৰষি,
আম্ৰকূট-নাম ধৰা সানুমান গিৰি
মস্তক উপৰি থ'ব; পথশ্ৰান্ত দেখি;

[  ]

আগে কৰা উপকাৰ আলোচন কৰি
ক্ষুদ্ৰজনো নহয় বিমুখ, মিত্ৰজন
সমাগত হয় যদি আশ্ৰয়-আশাত;
কিবা ক'ম মহীয়ান্ আম্ৰকুট-কথা?।১৭।
পৰিণত ফলে শোভা বনচূত সবে
আবৰিছে আম্ৰকুট; গতিকেই তাত
শ্যাম বৰণীয়া, মিহি, বেণী হেন তুমি
আৰোহিলে শিখৰত, সেই পৰবত
⸺মাজে শ্যাম পাণ্ড বৰ্ণ বাকী ডোখৰত⸺
পৃথিবীস্তনৰ দৰে, দৰশিব লগা
খেচৰৰ অৱস্থা দৰশি, ৰ'বা, যথা
ভাগৰি টোপনি যায় কামিনীকুচত
কামীজনে তুমি তথা গিৰিৰ ওপৰে।১৮।
বনচৰবধূসবে বিহাৰে কুঞ্জত;
অৱস্থিতি কৰি তাত অলপ সময়,
বৰষি জলৰ ধাৰা পাতলাই দেহ,
পৰবৰ্ত্তী গিৰিপথ শীঘ্ৰে অতিক্ৰম
দেখা পাবা বোৱা 'ৰেবা' বিন্ধ্যপদমূলে⸺
শৃঙ্গাৰ হেতুকে হোৱা হাতীৰ শৰীৰে
বিৰচিত-ভূতি শোভে, বুলি বোধ হয়।১৯।
বনগজমদে সুবাসিত, জম্বুকুঞ্জে
প্ৰতিহত বেগ, সেই ৰেবাৰ জলত;

[  ]

বৰষি পুনৰ জল কৰিবা গ্ৰহণ,
নলবা ভৰাই কিন্তু পেট ডিঙৰাই,
হ'লে তেনে, নোৱাৰিব পবনে তুলিব;
ৰিক্ত হলে লঘু হয়, পূৰ্ণতা গৌৰব।২০।
দেখুৱাই একেলগে হৰিণ সকলে
হৰিতকপিশ বৰণৰ কেশৰেৰে
তৰুৱা কদম ফুল; জলপ্ৰায় দেশে
ভক্ষি কন্দলীক প্ৰথম মুকুল হোৱা;
ঘ্ৰাণি অৰণ্যত অধিক সুৰভি গন্ধ
পৃথিবীৰ; মেঘ, সূচিব তোমাৰ পথ।২১।
সিদ্ধ সবে, জলবিন্দুগ্ৰহণ চতুৰ
চাতকক দেখি, আৰু শাৰীপাতি থকা
বক পংক্তি, একদুই, তিনি কৰি গণি
হাতেৰে নিৰ্দ্দেশ হেতু কৰিব যতন;
তেবে তব গৰজনি শুনি, সি সবৰ
প্ৰিয় সহচৰীসবে কঁপি, ভয় কৰি
আলিঙ্গিলে, সংবৰ্দ্ধনা কৰিব তোমাক।২২।
কুটজকুসুম গন্ধে পৰ্ব্বতে পৰ্ব্বতে
সময় কটোৱা যেন দেখিছে ইয়াতে
—প্ৰিয়াহেতু দ্ৰুতগতি হ’বা যদিওবা
প্ৰাৰ্থনা কৰিছে তব আশুগতি হেতু
সজলনয়নে ম'ৰা কেকাধ্বনি কৰি
“স্বাগত, স্বাগত” বুলি মতাৰ পাচত,

[  ]

শেষ হলে অতিথি সৎকাৰ কৰা, যেন
হোৱা সাজু কোনোমতে শীঘ্ৰে যাবলই |২৩|
ওচৰ চাপিলে তুমি কেতেকীবৃক্ষৰ
মুকুলাগ্ৰ বিকসিত হই, দশাণৰ্ৰ *
উপবনে থকা হালধীয়া বৃতিসবে
তুষিব তোমাক; সেই গ্ৰামস্থিত
চৈত্যবৃক্ষে গ্ৰাম্যপক্ষী, কাক আদি কৰি
বিনিৰ্ম্মিত নীড়সবে পৰিব্যাপ্ত হ'ব
পকা ফল হেতু, জম্বুবন শ্যাম হই
হ'ব ৰম্য অতি; আৰু ৰ’ব কিছুদিন
স্থায়ীভাবে হংসসবে সেই স্থানতেই। |২৪।
প্ৰসিদ্ধ বিদিশা নাম দিঙ্ মণ্ডলত
দশাণৰ্ৰ ৰাজধানী। যোঁৱা মাত্ৰে তালে
বিলাসিতা ফলপ্ৰাপ্ত হ’বা পুৰাকই;
বেত্ৰবতী নামে নদী প্ৰবাহিত তাত,
চঞ্চল তৰঙ্গ যাৰ সুস্বাদু সলিল,
গৰ্জ্জি তাৰ তীৰে পিবা জলধাৰা, যথা
কামীজন ভ্ৰুকুটিভূষিত অধৰত |২৫।
লভিবা বিশ্ৰাম পাচে নীচই গিৰিত।

[ ১০ ]

তোমাৰ সংসৰ্গে তাত হলে বিকসিত
কদম্ব কুসুম, হ'ব গিৰি ৰোমাঞ্চিত।
কন্দৰে উদ্যাৰি দিলে ৰতি পৰিমল
বাৰ বনিতাৰ, পুৰবাসী সকলৰ
প্ৰদানিব পৰিচয় উদ্দাম-যৌবন।২৬।
বিশ্ৰামি গিৰিত, বননদীতীৰজাত
ফুলনীসবৰ যুথিকাকুসুম সবে
নবজলকণা বালি, পাতলাই দেহা;
ছায়া দানি ৰমনীকে — কুসুমা হৰিণী,
মোহাৰোতে ঘাম (যাৰ বয় কপোলত),
ম্লান হয় কৰ্ণোৎপল,— অলপ সময়
পৰিচয় সুখলাভ কৰি তাহাঁতেৰে,
গমন কৰিবা তুমি, বাৰ্ত্তাবহ মেঘ।২৭।
যাওঁতে উত্তৰ দিশি, যদিওবা হ’ব
বেকা উজ্জয়িনী-পথ, অবস্থিতি কৰি
তথাপিতো উজ্জয়িনী-সৌধৰ ওপৰে,
বিমুখ নহবা তাৰে চিনাকী হোৱাত।
দেখা পাই ৰমনীৰ — উজ্জ-বাসিনীৰ—
চঞ্চল কটাক্ষ দৃষ্টি—চকিত ভাবৰ,
বিদ্যুল্লতা বিস্ফুৰণ হেতু,-নকৰিলে
অমোদানুভব, জনম বিফল তব।২৮।
সুভগগতিত যিবা হইছে স্খলিত,

[ ১১ ]

পকনীয়া সোঁ‌তে যাৰ নাভি দেখুৱায়,
চঞ্চল তৰঙ্গ হেতু বিহগশ্ৰেণীয়ে
মুখৰ হই যে শোভে কাঞ্চীগুণ হেন,
উজ্জয়িনী-পথে বিন্ধ্যাই জনম দিয়া,
নিৰ্ব্বিন্ধ্যা নদীৰ সেই ৰস পান কৰা।
বিভ্ৰম প্ৰকাশ যিবা কৰে তিৰোতাই
নিজা নিজা নাথৰ সমীপে, সকলোটি
তাহাঁ‌তৰ প্ৰথমৰ প্ৰণয়বচন।২৯।
বেনী হেন আকাৰত, জল স্বল্প মাথো
জীৰ্ণপত্ৰ সংসৰ্গত তৰু সমুহৰ
পাণ্ডুবৰ্ণ ধৰিছে সলিলে; সেই নদী
বিৰহিনী প্ৰকাশিছে সৌভাগ্য তোমাৰ,
কৰিব লাগিব তাৰ কৃশতাৰ হানী
কি কোনো উপায়ে, বিধি তুমি নিজগুণে।৩০।
উদয়ন-কথা-জনা গ্ৰামবৃদ্ধ-থকা
অৱন্তীক এৰি, পূৰ্ব্বে কোৱা জনপদে
—মহতী সম্পত্তিশালী, বিশাল নগৰী
কৰিবা গমন তুমি, দেখি বোধ হয়
পুণ্যফল কম হোৱা স্বৰ্গবাসী সবে
ভূতলে পৰোতে যেন বাকী পূণ্যফলে
লগত আনিছে এক খণ্ড মনোহৰ।৩১।
প্ৰস্ফুট মধুৰ ধ্বনি অবিচ্ছেদে গাই

[ ১২ ]

সাৰস চৰায়ে, উজ্জয়িনী-নগৰীত,
শিপ্ৰানদী সমুখিত প্ৰাতঃ সমীৰণে
বিকসিত কমলৰ সৌৰভ সংসৰ্গে
আমোদিত আৰু সুখস্পৰ্শ হই, হৰে
প্ৰতিদিনে তিৰোতাৰ সম্ভোগৰ খেদ;-
সুৰত প্ৰাৰ্থনা কালে প্ৰিয়তমজন
মন দিয়ে যথা প্ৰিয়বচন প্ৰয়োগে।৩২।
গবাক্ষেদি অহা কেশ-সংস্কাৰৰ ধূপে
কৰিব শৰীৰ তব পৰিপুষ্ট অতি;
বন্ধুৰ প্ৰীতিৰ হেতু ঘৰুৱা ম'ৰাই
প্ৰদানিব নৃত্য-উপহাৰ; আমোদিত
অট্টালিকা তাৰ, কুসুম সুৰভি-হেতু;
ললিত বনিতাপাদ শোতে লাক্ষাৰসে;
ৰই তাত, চাই তাৰ বিপুল সমৃদ্ধি
পথশ্ৰম বিনোদন কৰিবা, জীমুত।৩৩।
আমোদিত জলকেলিৰতা যুবতীৰ
চন্দনেৰে, উৎপলপৰাগগন্ধে
সুৰভিত হই, “গন্ধবতী তৰঙ্গিনী
হন্তে সমুখিত সমীৰণে, উপবন
তাৰ কৰে আন্দোলিত; নীলকণ্ঠ.কণ্ঠ
হেন জ্যোতি ভাবি, সেই সময়ত
প্ৰথমে কৰিব, সখা,সাদৰে দৰ্শন;

[ ১৩ ]

ত্ৰিভুবন গুৰু কাত্যায়নী বল্লভৰ
পৰম পবিত্ৰ স্থান, যাক জনা যায়
‘মহাকাল’ বুলি, গমন কৰিবা তালে।৩৪।
গধূলিৰ বাজে যদি আন্ সময়তো
যোৱা তুমি মহাকাললই, ৰবা তাত
তুমি, সূৰ্য্য় অস্ত নোযোৱা পৰ্য্যন্ত; তেহে
তব ঈষদগম্ভীৰ ধ্বনিক ত্ৰিশূলীৰ
পৰম প্ৰশস্ত পূজা পটহৰূপেৰে
নিযোজন কৰি, অবিকল ফল পাবা তাৰ।৩৫।
সন্ধ্যাকালে তাত, প্ৰতিখোজে শব্দ কৰে
ৰুণু ৰুণু জুনু জুনু ককাঁ‌লৰ হাৰে,
ৰত্ন কান্তিদন্ত চামৰৰ ব্যজনত
বিলাসৰ কঁপনিত ক্লান্ত হস্ত যাৰ,
সেই নাচনি বেশ্যাই, তুমি দান কৰা
নখক্ষত-সুখকৰ বৰষুণ-কণা
পাই, মধুকৰমালা হেন, দীঘলীয়া
কটাক্ষেৰে, মেঘ, তাত কৰিব দৰ্শন।৩৬।
তাৰ পাচে পশুপতি নাচ আৰম্ভিলে,
ধৰি তুমি সান্ধ্যতেজ অৰুণ বৰ্ণৰ
অভিনব জবাকুসুম সদৃশ; কৰি
পৰিব্যাপ্ত, মণ্ডল আকাৰে, ত্ৰিশূলীৰ
অতি ওখ ভুজৰূপ তরু বন; আৰু

[ ১৪ ]

দৰশাই নিৰুদ্বিগ্ন নিশ্চল নয়নে
ভক্তি ভবানীক; কৰা ইচ্ছা নিবৰ্ত্তন,
হাতীছাল শোণিতৰ ধৰি ৰূপ নিজে।৩৭।*
ৰজনীত ৰমনীয়ে ৰমণভবনে
যাব যেবে ৰাজ পথে, কণামুনা লগা,
সূচী-ভেদ্য অন্ধকাৰ হেতু, দেখুৱাবা
পথ তাহাঁতক, তেজোময় সৌদামিনী
বিস্ফুৰণ কৰি, স্বৰ্ণময় নিকষৰ দৰে
কিন্তু, সাবধান যেন কদাপিতো তুমি
বৰ্ষণ গৰ্জ্জন দ্বাৰা নোহোৱা মুখৰ;
ভয় খাব তেনে হ’লে,-ভীৰু যে তাহাঁ‌ত?।৩৮।
তোমাৰ বিজুলী-তিৰী খীণাব সচাঁ‌ই
বহুপৰ পৰকাশ হেতু, সেইবাবে
ৰাতিটো কটাই তুমি, শোৱা-পাৰ-থকা
ওপৰত কোনোবা ঘৰৰ, দেখা পালে
বেলি পুৱা, পুনৰপি বাকী বাট যাবা।
ভাবি চাবা সুহৃদৰ কাৰ্য্যসাধনৰ
বাবে কৰি অঙ্গীকাৰ, নোহোঁ‌হকে পাচ
কোনোজনে, কেতিয়াও, কোনোবা ৰকমে।৩৯।
সূৰ্য্যোদয় সময়ত শান্তি-দান কৰে

[ ১৫ ]

প্ৰণয়ীসকলে খণ্ডিতানায়িকাৰ
নয়নজলৰ। সিকাৰণে বাট এৰি
দিবা শীঘ্ৰে সূৰ্য্য দেবতাক; তেঁৱো আহে
ঘুৰি সিকালত মুচিবলে’ শিশিৰাশ্ৰু
নলিনীৰ কমলবদন হন্তে,—যদি
কৰা ৰোধ, ৰোষ বহু দেখুৱাব পাৰে।৪০।
প্ৰবাহিত তাত গম্ভীৰা নদীৰ জল,
চিত্ত হেন, নিৰ্ম্মল আতিকে; সেই হেতু
স্বভাবসুন্দৰ তব প্ৰতিবিম্ব-দেহা
প্ৰবেশিব তাত, লুটি-বাগৰাত হোৱা
চঞ্চল মাছৰ দৃষ্টি, কুমুদৰ ন্যায়,
আতিকে নিৰ্ম্মল তাত, ধৃষ্টতাৰ হেতু
নকৰা বিফল যেন, অনুৰক্ত হোৱা। ৪১।
গম্ভীৰাৰ তটৰূপ তপিনাৰ পৰা
খহিছে সলিলৰূপ নীলা বস্ত্ৰখানি,
তাতে পুনু লগা দেখি বেতৰ শাখাত
বোধ হয় কোনোবাই ধৰিছে হাতেৰে
হৰি সেই সলিলবসন, তাৰ ভাৰে
লম্বমান হ’বা। সেই সময়ত তুমি
কথমপি বাবহে পাৰিবা। কোৱা, সখা,
ৰস অনুভব কৰি পাৰে বাৰু কোনে
যাব এৰি অনাবৃতজঘনা ৰমনী? ৪২।

[ ১৬ ]

উচ্ছ্বসিত হ’লে ডুব তোমাৰ বৃষ্টিত
যিবা গন্ধ হ’ব সমুদ্ভুত, সংসৰ্গত
তাৰ, বায়ূ, (ৰমনীয় ভাব ধৰি), ধীৰে
কৰিব ব্যজন, হই সুশীতল, গলে
দেবগিৰি পিনে। গোন্ধতে আপোন ভুলি
মতলীয়া হই, দলে দলে হাতীসবে
শুড়েৰে শবদ কৰি শুঙিব ৰঙেৰে;
আৰু সেই গোন্ধতেই হই ৰঙচুৱা
পকি যাব যত আছে ডিমৰুবিলাক।
বাসবৰ সেনাসব ৰাখিবৰ হেতু
বেলিকো পেলোৱা চেৰ অগ্নিৰ মুখেৰে
শিবই শকতি যিবা কৰিলে নিহিত
(সেই ) তেজোৰূপ কাৰ্ত্তিকেয় দেবগিৰি প'ৰে
নিয়তবসতি কৰে। কামৰূপ তুমি।
নিজক কুসুমবৰ্ষী মেঘৰূপ কৰি
আকাশী গঙ্গাৰ জলে, আৰ্দ্ৰীভূত হোৱা
বৰষি কুসুম দেবে অভিষিক্ত কৰা।৪৪।
প্ৰতিধ্বনি হেতু গৰজনি গুৰু হ’ব
সোমালে গুহাত তুমি; সেই গৰ্জ্জনেৰে
নচুৱাবা অভিষেক পাচে কাৰ্ত্তিকৰ
ময়ুৰক-হৰশশিকিৰণত যাৰ
নয়নান্ত অতি ধবলিত; আ ক যাৰ

[ ১৭ ]

জ্যোতিৰ্ম্ময় পিচ্ছ হয় নিজে বিগলিত,
কৰিছে ধাৰণ যাক কাণৰ বিন্ধাত
—পদুমৰ পাহি পিন্ধা যিবা উপযোগী—
ভগবতী ভবানীয়ে পুত্ৰ প্ৰীতি হেতু।৪৫।
শৰজন্মা কাৰ্ত্তিকক আৰাধা পাচত;
জলকণভয়হেতু, বীণাবাই ফুৰা
সিদ্ধমিথুনে পথ দিয়াৰ পাচত;
কিছুদূৰ আগবাঢ়ি সৎকাৰ-কাৰণে
নামি যাব লাহে লাহে চৰ্ম্মণ্ব,নদীত-
গোগণ-নিধন হন্তে যিবা জন্ম লয়,
আৰু বোধ হয়, সোঁতৰ মূৰতি ধৰি
বন্তিদেব-কীৰ্ত্তি যেন পৰে পৃথিবীত।৪৬।
গোপালৰ বৰ্ণচোৰ, নামিবা যেতিয়া
ল’বলে সলিল তুমি চৰ্ম্মণ্ব-নদীৰ
—যদিও বহল আতি সচঁসঁ‌চি কই—
দেখিবা আতিকে সৰু দূৰণিৰ পৰা।
গগনবিহাৰী সবে চাব থৰ লাগি
—নিয়মিত কৰি দৃষ্টি— দেখিব সচাঁ‌ই
শোভিছে এডাল যেন মুকুতাৰ হাৰ
মাজে ইন্দ্ৰনীলমণি থকা, পৃথিবীৰ।৪৭।
এৰাই সি নদী তুমি কৰিবা গমন;
তোমাৰ মূৰতি কৰি চকুৰ বিষয়

[ ১৮ ]

দেশপুৰবিহাৰিনী বমনী সবৰ-
যি সবে দেখাব তেবে ভ্ৰুলতা-বিভ্ৰম;
চকুপতা চেলোৱাত নয়ন-উপৰি
দেখুৱাব ক’লা-ৰঙা বৰণ তেতিয়া
নয়নে হৰণ কৰে, যিবা সকলৰ,
ভোমোৰা দলৰ শোভা, যিবা ভোমোৰাই
লৰে পাচে পাচে, হালি জালি থকা
পবনৰ সহায়ত, কুন্দ কুসুমৰ।৪৮।
পাচে পৰবেশি ব্ৰহ্মাবৰ্ত্ত জনপদ
যাবা তুমি সুপ্ৰসিদ্ধ কুৰুক্ষেত্ৰলই,—
য'ত মৃতকৰ শিৰকপালাদি সবে
পৰকাশে মহাযুদ্ধ কুৰুপাণ্ডবৰ,—
যত বৰষিলে ৰাজন্যৰ বদনত
গাণ্ডীবধনুকধাৰী অৰ্জ্জুনৰ শৰে,
( সুশাণিত যিবা), যথা তুমি ধাৰাপাতে
সুকোমল কমলত কৰা বৰষণ।৪৯।
বন্ধু হেতু⸺নোহে ভয়ে-সমৰবিমুখ
বলদেৱ⸺ৰেবতীৰ লোচনে অঙ্কিত—
ত্যজি সুৰা অভীষ্ট স্বাদৰ, সেবিছিল
যাক, সেবি সেই সৰস্বতী—সলিলক,
অন্তঃশুদ্ধি লভিবা, সুভগ,-শ্যাম তব
বৰণ মাথোন,—নহয় পাপৰ বাবে।৫০।

[ ১৯ ]

হিমালয় সমীপৰ পৰা সমুদ্ভুতা,
সগৰ তনয় হেতু, শোভমানা যিবা
স্বৰগলে’ যোৱা সোপান পংক্তিৰ দৰে;
আৰু যেন ফেণবোৰে ঘঁহি ভ্ৰুভঙ্গীক
—গৌৰীৰ বদনে যিবা হয়হি উদিত—;
জোনৰ লগতে থই নিজা ঢেউ হাত
ধৰিছে শিবৰ কেশ—সতিনী-ৰোষত।
যাবা তুমি পূণ্যতোয়া সেই জাহ্নবীলে।৫১।
আকাশত পাচফাল থই যদি তুমি
আগডোখৰেৰে ঘপৰাই পিব খোজা,
দিগগজ হেন, তব প্ৰতিবিম্ব পৰি
ফটিকৰ ধাৰা যেন জলে খনিকতে
দেখুৱাব অবিকল মূৰ্ত্তি অভিৰাম—
গঙ্গাৰে সঙ্গম হ'লে স’তে যমুনাৰ
ধৰিব যিদৰে ৰূপ প্ৰয়াগব্যতীত।৫২।
উপবিষ্ট হৰিণৰ নাভিগন্ধে যাৰ
আমোদিত শিলা, গঙ্গাৰ জনম য'ত,
তুষাৰে ধবল কৰা পাই সি অচল,
পথশ্ৰম হৰা, শৃঙ্গে কৰি অৱস্থান,
কৰিবা বিস্তাৰ শোভা, শোভে পঙ্ক যথা
বিদাৰিত শ্বেতবৰ্ণ বৃষে সুৰেশৰ।৫৩।
বনবায়ু হ'লে প্ৰবাহিত, পীড়ে যদি

[ ২০ ]

হিমালয় প্ৰাদুভুৰ্ত হোৱা দাবাগ্নিয়ে
সৰল-বৃক্ষৰ স্কন্ধ সংঘৰ্ষণ হেতু
চমৰীৰ পোড়ে কেশ শিখাক বিস্তাৰি,
বৰষি সহস্ৰ ধাৰা নিৰ্ব্বাপিবা তাক।৫৪।
অষ্টাপদ হৰিণৰ নামে শৰভৰ
উত্পতনৰ পথ দিলে এৰি তুমি
সিহঁ‌তৰ ভিতৰৰ যেয়ে সবেগেৰে
স্বাঙ্গভঙ্গ কৰিবলে’ লঙ্ঘিব তোমাক
বৰষা কৰকা ৰাশি সিহঁ‌তৰ প'ৰে।
কোৱা, সখা, বাৰু, নিস্ফল কৰ্ম্মৰ হেতু
কৰি উদযোগ তিৰষ্কৃত নোহে কোন?।৫৫।
প্ৰকটিত পাষাণত চৰণ-বিন্যাস,
অৰ্ধইন্দুমৈলী মহাদেব দেবতাৰ
সৰ্ব্বদা সিদ্ধই যাৰ ৰচে পূজাবিধি
আৰু শ্ৰদ্ধাসহকাৰে কৰিলে দৰ্শন,
সৰ্ব্বথা নিষ্পাপ হই, মৰণৰ পাচে,
পাব পাৰি অবিনাশী পদ প্ৰমথৰ,
ভক্তিনম্ৰ হই তাক কৰা প্ৰদক্ষিণ।৫৬।
পবনেৰে পূৰ্য্যমান হই, কৰি থাকে
মধুৰ শবদ তাত বাঁ‌হৰ ধাৰিয়ে,
ত্ৰিপুৰ-বিজয় গীত গায় কিন্নৰীয়ে
মিলিজুলি; তাতে যদি কন্দৰত তুমি

২০

[ ২১ ]

কৰা ধ্বনি মুৰজ-নিচিনা , পূৰ্ণ হ’ব
সদায় বিৰজা তাত শিবৰ সঙ্গীত।৫৭।
সেই হিমাদ্ৰিৰ তট সমীপত তুমি
অতিক্ৰমি অতিশয় উত্তম-দ্ৰব্যক
কৰিবা গমন। মানস-সৰসী-যাত্ৰী-
হংসসকলৰ দ্বাৰ হেন যিবা, আৰু
য’ৰ পৰা প্ৰবৰ্ত্তিত জমদগ্নি-যশ,
তুমি সেই ক্ৰৌঞ্চৰন্ধে,—সেই ছিদ্ৰযোগে,-
বলিক বান্ধিব হেতু প্ৰবৰ্ত্তিত হোৱা
শ্যাম-পদ বিষ্ণু-দেবতাৰ যথা -ধৰি
ক্ষিপ্ৰ-দৈৰ্ঘ্য -শোভা, সত্বৰ প্ৰবেশ হেতু
উত্তৰ দিশৰ ফালে হ’বা ধাবমান।৫৮।
তাৰ পাচে উৰ্দ্ধে উঠি, বিশ্লেষিত যাৰ
সানুসন্ধি ৰাৰণৰ ভূমে, আৰু যিবা--
দেববালাসকলৰ দৰপণ হেন,
অতিথি হ’বাগে’ সেই কৈলাস-গিৰিৰ।
-নিৰমল যিবা গিৰি কুমুদৰ দৰে,
অতি উচ্চ শৃঙ্গে যাৰ বিয়াপে আকাশ,
অট্টহাঁহি দেবেশৰ প্ৰতিদিনে যেন
হই আছে ৰাশিৰাশি, দেখি বোধ হয়।৫৯।

[ ২২ ]

নিশ্চল নয়নে লোকে কৰে দৰশন
শ্যামবস্ত্ৰে বলদেবস্কন্ধে শোভা ষিবা,
মসৃন-দলিত-আভা-কজ্জলৰ তুমি
ধবলহিমাদ্ৰিতটে হলে সমাগত
মনোলোভা শোভা হ’ব, সদ্যহতে ছিগা
হাঁতীদাঁত হেন বুলি কৰে অনুভব।৬০।
ধেমালিৰ হেতু থকা ক্ৰীড়াশৈলে বহি,
ভবানীৰ ভয়ে ভীত ভবানী-পতিয়ে
ভুজগবলয় হেন কৰি পৰিহাৰ,
প্ৰদান কৰিলে হাত অৱলম্ব হেতু
পাৰ্ব্বতীয়ে পাদচাৰে যদিহে বিচৰে
তেনে তুমি ত্যাগ আগ হই, ঘনীভূত কৰি
জলৰ প্ৰবাহ তব নিজা অন্তৰৰ,
বিৰচিত বপু কৰি পৰ্ব্ব-ৰচনাৰে,
সোপান-স্বৰূপ হ’বা মণিময় তটে—
ভগবতী ভবানীৰ আৰোহণ-হেতু৷ ৬১।
সুৰযুবতীয়ে তাত নিতউ নিতউ
শতকোটি কঙ্কণেৰে কৰিব যেতিয়া
পানী নিগড়োৱা হেতু জল উদঘাটন
পৰিণত হ'বা হেৰা কৃত্ৰিমতা পূৰ্ণ
ধাৰাগৃহত্বত তুমি। জহকালি পাই
সখা, তাঁহাতে তোক যদি এৰি নেদে।

[ ২৩ ]

আৰু ক্ৰীড়াসক্তা হয়, গৰজনি মাৰি
শ্ৰুতিকটুসুৰে, তৰাসিবা তাহাঁতক।৬২।
মানস-সরসীজল—জন্ম দিয়ে যিবা
কনক-কমলদল—কৰিবা গ্ৰহণ,
ঐৰাবতমুখপট প্ৰীতি উদ্ভাবন
কৰি জলদানকালে,—পাতলকাপোৰ
যথা মেঘবাত হেতু কম্পসম্পাদন
কৰে কল্পদ্ৰুম কিশলয়, এইদৰে
কৰি বহুবিধ চেষ্টা আৰু ক্ৰীড়া, সেই
নগৰাজে বহুভাবে ভোগ কৰোৱাবা।৬৩৷
প্ৰণয়িসদৃশ কৈলাসৰ কোলামাজে
কামিনীৰ দৰে শোভে শুৱণী অলকা—
দুকুলবিস্ৰন্ত কৰা গঙ্গানদী যথা—
দেখামাত্ৰে চিনি পাবা তাক, কামচাৰি
পৰিবৃতা বৰ্ষাকালে উন্নতবিমানে
—কামিনীৰ মুক্তাজালগ্ৰথিত অলক
হেন—জলবৰ্ষীমেঘ কৰিছে বহন।৬৪।

ইতি পূৰ্ব্ব মেঘঃ

[ ২৪ ]

উত্তৰ মেঘঃ।

অনেক সাদৃশ্য আছে তোমাৰে সইতে
অলকাৰ প্ৰাসাদৰ, বিশেষ ভাবেৰে;
বিৰাজিত বিজুলী তোমাত, প্ৰাসাদত
ললিতবনিতা; ৰামধেণু আছে তব,
প্ৰাসাদত ৰমনীয়ো চিত্ৰেৰে ভূষিতা;
তুমি পূৰ্ণ সুমধুৰ গভীৰ ধ্বনিৰে,
সিসবে সিদৰে পূৰ্ণ তাড়িত মৃদঙ্গে;
সলিল অন্তৰ তব, অলঙ্কৃত সেই বোৰো
মণিময় ভূমিভাগে; অতি ওখ তুমি,
সেইবোৰো অভ্ৰভেদি শিখৰ সম্পন্ন। ১।
কমলে কৰিছে শোভা লীলাহেতু সদা
অলকাৰ নাৰীৰ হাতত; কুন্তলত
শোভে কুন্দ অভিনব; বদনমণ্ডলে
বিৰাজে পাণ্ডূতা লোধ্ৰকুসুম পৰাগে;
কেশপাশে নব কুৰবক; দুইকাণে
সুচাৰু শিৰীষ ফুল; আৰু সেওঁতাত
শোভিছে কদম ফুল তুলি অহা বাবে।২।
পাদপসকল নিত্যে পুষ্পে অলঙ্কৃত,
নিতে মুখৰিত মদমত্ত মধুকৰে;
নলিনীসকল নিত্যে পদ্মবিভূষিত;

[ ২৫ ]

হংসশ্ৰেণী বিৰচিত-ৰশনা-শোভিত;
ঘৰুৱা ময়ুৰ সব উজ্জ্বলিত সদা
নিত্যে জ্যোতিঃ শিখা হেতু, নিত্য কেকামাতে
বিৰাজিত নিশাকালে জোনৰ পোহৰ,
সেইহেতু তমোবৃত্তি কৰে প্ৰতিহত।৩।
আনন্দতে চকুপানী বয় বিত্তেশেৰ—
নোহে অন্য হেতু; কুসুম-শৰৰ দ্বাৰা
জনমে সন্তাপ, নোহে অন্য তাপ হেতু;—
শেষ হয় সি সন্তাপ আহে যেতিয়াই
নিজা প্ৰিয়জন; প্ৰণয় কলহ হেতু
ঘটেহি বিৰহ, নোহে অন্য হেতু; যত
যুবা কাল বিনে নাই অইন বয়স৷ ৪৷
য’ত যক্ষবৰে ললিতবনিতা সহ,—
স্ফটিক মণিৰে ৰচা, তাৰ সংসৰ্গত
তাৰকাৰ ছায়াৰূপ পুস্পে পৰিষ্কৃত
হৰ্ম্যস্থলে আহি,—পিয়ে ৰতিফল-মধু
কল্পবৃক্ষ-সমুদ্ভুত। তোমাৰ নিচিনা
গম্ভীৰ-ধ্বনিৰ বাদ্য-ভাণ্ড-মুখসবে
লাহে লাহে বাজে সেই শুভ-সময়ত।৫।
দেবতা-বাঞ্চিত যক্ষ-কুমাৰীসকলে
কনক বালুক-মুষ্টি কৰি নিক্ষেপন
লুকাই মাণিক তাত, দুনাই বিচাৰি

[ ২৬ ]

খেলা খেলি ফুৰে। সেবে তেবে সমীৰণ
—অতীব শীতল হোৱা মন্দাকিনী-জলে,—
তটত বিৰজা তাত মন্দাৰ বৃক্ষই
হৰে সুৰূঘৰ তাপ ছায়াক বিস্তাৰি।৬৷
প্ৰিয়সবে য’ত গাঢ় অনুৰাগভৰে
বিস্তাৰি চঞ্চল হস্ত আৰু ঢিলা কৰি
গেৰুৱা-কাপোৰ, মেখলাৰ গাঁথি খুলি
সাজু হ’লে আহৰণ-হেতু বিস্বাধৰা
লাজত বিধুৰা হয় এনেকুৱা কই
সমুখত থাকিলেও উন্নত শিখাৰ
ৰত্নৰ প্ৰদীপসব নোৱাৰে নুমাব
কুঙ্কুমাদি চূৰ্ণমুষ্টি নিক্ষেপ কৰিও।৭।
তোমাৰ নিচিনা মেঘে, আহি বতাহত
ভূমিস্থিত সাততলা ঘৰ’ৰ ওপৰে
মনোময় চিত্ৰসবে জনমাই দোষ
নিজা জলকণা দ্বাৰা, দূৰ হয় যেন
ভয়হেতু ক্ষণিকতে গবাক্ষৰ মাজে
নিপুণতা দেখুৱাই ধোঁৱা যোৱা দৰে।৮।
য’ত মাজৰাতি, চন্দ্ৰকান্তমণি সবে
–বিতান-লম্বিত-সূত্ৰত ওলমি থাকি—
নঢকা বাবেৰে তুমি হোৱা নিৰমল
জোনৰ কিৰণ স’তে হই একেলগ,

[ ২৭ ]

বৰষি জলৰ কণা বিশিষ্ট ভাবেৰে,
আঁতৰায় অঙ্গগ্লানি সুৰতজনিত
ৰমনীসবৰ, যিবা শ্লথ শ্ৰান্ত হেতু
প্ৰিয়তম ভুজপাশে সন্নিবদ্ধ হই।৯
বিৰাজিছে যাৰ ঘৰে ক্ষয়হীন-নিধি,
সেই কামীসবে, অপ্সৰী-বেশ্যাৰ লগে
বিবিধ আলাপ কৰি, স’তে কিন্নৰৰ
—ধনপতি যশোগান গায় যি সকলে
মধুৰ কণ্ঠেৰে,—দিনে পতি বাহিৰৰ
বৈভ্ৰাজাৰামত, কৰেহি বিহাৰ সুখে।১০।
ইফালে-সিফালে পৰা পাতৰ লতাই,
অলকাৰ পৰা সৰা মদাৰৰ ফুলে,
কনককমলে খহি কানৰ পৰাই,
মুৰৰ মুকুতা জালে, ৰচি-চিঙি-পৰা
স্তনে থকা হাৰে, দেখুৱায় কোন বাটে
গ’ল নিশাকালে বিহাৰিণী বামাদল-
খাওঁতে কঁপনি উঠি বেলি দেখি পুৱা।১১।
বসতি কৰিছে ভাবি সেই অলকাত
ধনপতি সখা শিব, ভয়তে মদনে
বয় ধনু মধুকৰ ৰূপ গুণ থকা।
কাৰ্য্যসিদ্ধি হয় তবু চকুৰ ঠাঁৰেৰে
কৰা দৃষ্টি-সঞ্চালন, তাতে পুনু যিবা

[ ২৮ ]

সফলপ্ৰয়োগ হয় কাম লক্ষ্য কৰি
চতুৰা নাৰীৰ তেনে বিভ্ৰমৰ পৰা।১২।
চকুত চমক লগা বিচিত্ৰ বসন,
(যিবা) ৰমনীয় পল্লবেৰে পুষ্প ওপজায়,
বিশেষ ভূষণ দিয়ে, আৰু লাক্ষাৰাগ
উপযোগী চৰণৰ, আদি অলঙ্কাৰ
অবলাৰ যাবতীয় যোগায় অকলে
কল্পবৃক্ষে তাত সেই অলকা-পুৰীত।১৩।
এনে অলকাৰ, ধনপতি-ভবনৰ
উত্তৰ দিশৰ ফালে আছে মোন ঘৰ,
দূৰতে দেখিবা—সুন্দৰ তোৰণসহ
ৰামধেনু যেন। শোভে তাৰ দাঁতিতেই
পুলি কল্পতৰু—হাতে চুব পৰা আগে—
—লম্বমান আগৰ ভৰতে,—যিবা পুলি
তোলনীয়া লৰা হেন মোৰ প্ৰেয়সীৰ
—তেঁৱে তাক তুলিছিল আদৰি-সাদৰি।১৪।
আছে তাত সৰোবৰ, সোপান সমূহ
যাৰ মৰকত শিলাৰে বন্ধোৱা, আৰু
ঢাকি আছে ফুলি থকা কনক কমলে-
যিবা কমলৰ নলা হোৱে নিৰমান
স্নিগ্ধ-বৈদূৰ্য্যেৰে। আছে তাত যিবা হাঁহ
—পালেও তোমাক দেখা—বীতদুঃখ হই
নাযাব মানস-সৰে, ওচৰ যদিও।১৫।

[ ২৯ ]

তাৰ তীৰে বিৰাজিছে ক্ৰীড়াশৈল এক
ৰচিত শিখৰ তাৰ চাৰু ইন্দ্ৰনীতে।
আছে তাৰ কেউকাষে কনক-কদলী
সেইবাবে দেখি তাক পৰম সুন্দৰ;
অতি প্ৰিয় প্ৰিয়া মোৰ তাৰ প্ৰতি;
সেইহে কাৰণে, সখি! দৰশি তোমাক—
কনক-কদলী হেন তব সৌদামিনী
প্ৰস্ফুৰিত তোমাৰ প্ৰান্তত; সুৱঁৰিছো
ক্ৰীড়াশৈল সেই বৰ বিয়াকুল হই।১৬।
কুৰৰক পাদপৰ আৰৰণে আছে
যিবা লতাগৃহ তাত মাধবী-লতাৰ,
আছে তাৰ কাষে চঞ্চল-পল্লব-থকা
ৰাঙলী অশোক আৰু শুৱনী বকুল।
মোৰ স’তে সখা হেন অশোকে বিচাৰে
বাঁও ভৰি দুটি, সখে, তোমাৰ সখাৰ;
বকুলে বিচাৰে কিন্তু, সখা যদিওবা,
তোমাৰ সখীৰ, সখে, বদনমদিৰা।১৭।
অশোক-বকুল মাজে আছে, যষ্টি এক
ময়ূৰৰ অৱস্থিতি হেতু; সেই যষ্টি
সোণ যেন, তাৰ বেদি স্ফটিকেৰে গঢ়া
মূলদেশ মণিময়—যিবা মণিবোৰ
বৰণত কুমলীয়া বাঁহৰ নিচিনা।

[ ৩০ ]

যষ্টিৰ ওপৰে বহে, দিবা অবসানে
তোমাসাৰ বন্ধু বৰ, সাদৰী ময়ুৰ।
সিকালত মোৰ প্ৰিয়া পিন্ধি অলঙ্কাৰ
বলয়েৰে ধ্বনি কৰি তালে তাল দানি
নচুৱায় নীলকণ্ঠে সেই তালে তালে।১৮।
যি সব লক্ষণ ক’লে নাপাহৰি যেন
চাবা ঘৰখনি, দেখিব দুৱাৰ কাষে
শঙ্খ-পদ্মাকৃতি। সেই ঘৰ সুনিশ্চয়
হ’ল শোভাহীন—মোৰ বিৰহৰ বাবে।
বেলি গলে নলিনীয়ে নোৱাৰে ৰাখিব
আপোনাৰ মনোলোভা শোভা কেতিয়াও।১৯।
সোনকালে সোমাবলে’ সেই মুহুৰ্ত্ততে
—হাতী-পোৱালীৰ দৰে—অলপ শৰীৰ
ধৰি, আৰু আগে-কোৱা ক্ৰীড়াশৈলে বহি
—ৰমনায় সানু থকা—ঘৰৰ মাজত
অলপ পোহৰ থকা আৰু শাৰী-পতা
জোনাকী-পৰুৱা আৰু, চকুত চমকা
বিজুলী-বিকাশ হেন পেলাবা পোহৰ।২০।
আছে যিবা বামা সেই ঘৰৰ মাজত
খীণ দেহ, যদিওবা বয়সে গাভৰু,
দাঁত দুপাৰিও যাৰ শিখৰ বিশিষ্ট,
ওঁঠ দুটি পকা কোঁৱাভাতুৰিৰ দৰে,

[ ৩১ ]

খীণ যাব মাজভাগ, দেখা যায় যাৰ
চকিত হৰিণী হেন নয়নযুগল,
নিম্ন নাভি, ধীৰ গতি তপিনাৰ ভাৰে,
অবনত দেহা যাৰ ভৰে পিয়াহৰ—
বোধ হয় বিধাতাই কৰিছে সৃজন
তেঁওকেই কৰি আদি যুবতী প্ৰধান।২১।
জানিবা তেওঁকে মোৰ দ্বিতীয় পৰাণ
বুলি,—কয় কম কথা। আছোঁ দেখি দূৰে,
চাকয়নী হেন, অকলশৰীয়া হই,
বিষম বিৰহ দুঃখে হয় অভিভূতা।
অতিকে দীঘল দিন বিৰহ কাৰণে—
বোধ হয় হিমহত পদ্মিনী-সদৃশ
প্ৰিয়াৰ সুৰূপ যেন হ’লহি কুৰূপ।২২।
প্ৰবল ৰোদন হেতু প্ৰিয়াৰ লোচন
উখহিছে সুনিশ্চয়; নাই সি বৰণ
অধৰ ওঠত আৰু—এৰাত নিতউ
তপত নিশাহ; অসংস্কৃত কেশখিনি
দীঘলীয়া হই, ইফালে-সিফালে পৰি
লোপ কৰে বিকসিত ভাব আননৰ;—
ম্লান হলে তব কান্তি, আবৰণ থকা,
শোচনীয় হয় যেনে জোনৰ অৱস্থা।২৩৷
গ’য়েই দেখিব পাবা সেই মুহুৰ্ত্ততে

[ ৩২ ]

ব্যাপৃতা প্ৰেয়সী, হয়, পূজাৰ কাৰণে
—যাতে মই সোনকালে পাওগই লগ,—
নহলে আঁকিছে চিত্ৰ মোৰ আকৃতিৰ
বিৰহত খীণ হোৱা দেহা মোৰ ভাবি;
সজা-মাজে থকা আৰু মধুৰ-ভাষিনী
সেই সাৰিকাক তেওঁ সুধিছে ইদৰে;—
“পৰেনে মনত তব প্ৰিয়তমে মোৰ
বৰ ভাল পাইছিল তেওঁ যে তোমাক,
ক’বানে, ৰসিকে, মোক ক’বানে এবাৰ।
নহলে দেখিবা, সাধো! মোৰ বিৰহত
মলিনবসনা তেওঁ; তেনে অৱস্থাত
থই বীণা উৰুৰ ওপৰে, যেতিয়াই
গান এটি, ৰচি মোৰ নাম-থকা-পদ
গাব খোজে তেতিয়াই তন্ত্ৰী তিঁতি যায়
নয়ন-সলিলে, বহু যতনাই পাচে
মোহাৰি নয়ন, কৰিও বহুত শ্ৰম
পাহৰে মূৰ্চ্ছনা যিবা ৰচিছিল নিজে।২৫।
নহলে দেখিব পাবা, জীমূত বাহন।
ভূতলত বহি প্ৰিয়া, দুৱাৰ দলিত
থই ফুল শাৰী শাৰী, গণে বাকী দিন
—আৰম্ভন কৰি লেখ প্ৰথমৰ পৰা
যেতিয়া বিৰহ হ’ল প্ৰিয়াৰ সহিতে।

[ ৩৩ ]

অথবা ভাবিছে চাগে আপোন-মনতে
কিবা সুখ লভিছিল মোৰ সঙ্গ সুখে।
প্ৰিয়ৰে বিৰহ হ’লে কামিনীসকলে
কটায় ইদৰে কাল ৰঙ্গ কৰি মনে।২৬।
নোৱাৰে পীড়ন দিব সাদৰিক মোৰ
দিন ডোখৰত—থাকে দেখি কাম কৰি;
বিনা কামে থকা দেখি নিশীথ কালত
গুৰুতৰ শোকভাৰে কৰে আক্ৰমণ;
সেইবাবে মাজৰাতি গই প্ৰিয়া-কাষে
—শুই আছে ধৰাতলে নিদ্ৰা পৰিহৰি—
ঘৰৰ বেৰত থকা খিড়িকিত ৰই
সাধ্বীক সাক্ষাত কৰি দিবাগে বাতৰি
যাতে তেওঁ লভে সুখ বিশেষ ভাবেৰে।২৭।
খীণ হ’ল দেহা মোৰে স’তে বিৰহত,
বিৰহ-শয়নে শোৱে একটিয়া কই;
—বোধ হয় যেন উদয়গিৰিৰ প্ৰান্তে
কলা মাত্ৰ বাকী থকা জোনৰ শৰীৰ
হয় একেলগ;—যিবা ৰাতি ক্ষণ হেন
হইছিল আগে, মোৰ সতে থকা কালে
ইচ্ছামতে বিহৰাত, সেই সুখ-ৰাতি
আতিকে দীঘল হ’ল বিৰহৰ হেতু;-
শোকৰ চকুলো টুকি নিয়ে কোনোমতে।২৮

[ ৩৪ ]

সোমাই গবাক্ষ-পথে জোনৰ কিৰণ
—অমৃত-সদৃশ যিবা অতীব শীতল—
হ'ব বুলি পুনু, হায়, আনন্দজনক
উলটি ওলাই আহে অতি সোনকালে
দুঃসহ আতিকে দেখি। ঢাকি চকু দুটি,
চকুলো ভৰত ভাৰি হই চকুপতা,
প্ৰবুদ্ধ সুসুপ্ত হেন থাকে প্ৰিয়া মোৰ
স্থল-কমলিনী যেন সেই দুৰ্দ্দিনত।২৯।
নিশ্চয় প্ৰিয়াৰ মোৰ কুটুলা কুন্তল
পৰিছে কঠিন হই কপোল ওপৰে
তৈলাদিৰহিত স্নান কৰাৰ কাৰণে;
ক্লেশ-ওপজোৱা নিশাহে নিতউ কৰে
কেশ-বিক্ষেপন অধৰ-পল্লবোপৰি।
আশা কৰি মোৰ স’তে স্বপ্নতো সম্ভোগ
টোপনি আকাঙ্খা কৰে-নাহে যদিও বা
চকুলোৱে অগাভেটা কৰাত সদায়।৩০।
যিদিনাৰ পৰা হয় বিৰহ আমাৰ
সেইদিন হন্তে ত্যজি মালা মস্তকৰ
বান্ধিলে যি শিখা তেওঁ, কৰিম মোচন
শাপৰ শেহত মই বীতশোক হই।
দেখিবলে' পাবা গ'য়ে, তুমি বাৰ্ত্তাবহ,
নকটা নখৰ হাতে কপোলৰ পৰা

[ ৩৫ ]

কৰিছে আঁতৰ তেঁও একবেণী শিখা
স্পৰ্শন কৰিলে যাক ক্লেশ বোধ হয়
কঠিন বিষম যিবা সংস্কাৰ অভাবে।৩১।
এনেয়ে খীনোৱা দেহা, তাতে বলহীন
আৰু খীন হোৱা হেতু, ত্যাগ-আভৰণ
কৰিছে এতিয়া তেঁও। দুঃখভোগ কৰি
বিবিধ প্ৰকাৰে, ৰাখে দেহা শয্যাক্ৰোড়ে।
নবজল ৰূপ অশ্ৰু টুকিবা তুমিও
নিশ্চয় দেখিলে দশা মোৰ সাদৰীৰ।
কোমল হিয়তে হয় কৰুণা সঞ্চাৰ।৩২।
তোমাৰ সখীৰ মন অনুৰাগ থকা
বুলি মোৰ প্ৰতি, জানো মই ভালকই।
মনত ভাবিছো মই প্ৰথম—বিৰহে
হ'ব বুলি সেই দশা সেইহে কাৰণে।
কৰা নাই বাচালতা জানিবা নিশ্চয়
নিজক সুভগ ভাবি,—অচিৰে দেখিবা
যিবা কলো বন্ধুবৰ! সকলো নিজেই।৩৩।
অপাঙ্গৰ প্ৰান্তৰূদ্ধ কৰিছে অলকে;
নয়নত অঞ্জনৰ স্নিগ্ধতা-বিহীন;
মদ্যপান-বিৰহত পাহৰিলে তাতে
আঙি-ভুঙি কৰিবলে’ চকুৰ পতাৰে।
ওচৰ চাপিলে তুমি, তোমাৰ সখীৰ

[ ৩৬ ]

নিশ্চয় স্পন্দন হ’ব নয়ন-ওপৰে—
লুটি-বাগৰোতে যথা পুঁথি মাছবোৰে
বঢ়ায় চেউৰ শোভা জলে অতিকই।৩৪।
এবে য'ত নাইকিয়া নখ-চিহ্ন মোৰ
দৈববশে এৰে যাক কটি-ভূষণেও—
যিবা চিৰপৰিচিত,—সম্ভোগ-শেষত
যাক কৰো লুৰ্ ফুৰ্, নিজৰ হাতেৰে,
সৰস-কদলীস্তম্ভ যিবা সাদৃশ্যত
গৌৰবৰ্ণ হেন, প্ৰিয় বাম উৰু সেই
মোৰ প্ৰেয়সীৰ, উঠিব স্পন্দিত হই।৩৫।
তেবে যদি দেখা, মেঘ! টোপনিৰ সুখ
লভিছে প্ৰিয়াই মোৰ, তেনেহলে যেন
এৰি গৰজনি, তেঁওৰ পাচত ৰই
যামমাত্ৰ থাকা; এনে হ’ব পাৰে তেবে
কোনোমতে লভি মোক—মই যে প্ৰণয়ী—
কৰে গাঢ়-আলিঙ্গন, সপোনৰ মাজে;
তাতে তব গৰজনি শুনিব লাগিলে
ভুজলতা গ্ৰন্থি যেন সাদৰি প্ৰিয়াৰ
নোহে মোৰ কণ্ঠ হন্তে চ্যুত সেইক্ষণে।৩৬।
জলকণা-থকা সুশীতল সমীৰেৰে
জগাবা তেওঁক তুমি, আৰু অভিনব
জাতীকুসুমৰ কলিৰে বিশেষ ভাবে

[ ৩৭ ]

সান্তনা দানিবা, তেবে তব অধিষ্ঠিত
গবাক্ষলে নিলেপিলে নিশ্চল নয়ন,
ধীৰ হই ক’বা কথা, বিদ্যুদগৰ্ভ তুমি?
গাঁথি কথা—গৰজনি হেন-মানিনীক ।৩৭।
ক’বা এই বুলি তুমি, “হেৰা অবিধবে?
হিয়াত নিহিত কৰি স্বামীৰ সংবাদ
আহিছো তোমাৰ কাষে তোমাৰ স্বামীৰ
পৰম সুহৃদ মই, জানা মই মেঘ—
পথশ্ৰান্ত পথিকক সমুৎসুক যিবা
নিজা নিজা তিৰোতাৰ বেনী-মোচনত,
গভীৰ গাজনি মাৰি দানো খৰখেদা।৩৮।
ক’লে এনেদৰে তেওঁ হই উৰ্দ্ধাননা
বিকসিতচিত্তা হই ঔৎসুক্য-কাৰণে,
দৰশি তোমাক কৰি বিশেষ সৎকাৰ,
স্বামি বন্ধু ভাবি আৰু হই অবহিতা
শুনিব তোমাৰ কথা সৰল চিত্তেৰে।
সুহৃদৰ মুখে পোৱা স্বামীৰ বাৰতা
অলপ মাথোন কম সঙ্গম অপেক্ষা।
খাটে এই কথা, সাধো! সকলো তিৰীত ৷৩৯!
হে আয়ুস্মন! তুমি মোৰ কথামতে
আৰু কৰি উপকাৰ-কৰিবৰ হেতু
নিজক কৃতাৰ্থ নিজে-ক’বা স্ত্ৰীক পুনুঃ—

[ ৩৮ ]

“চিত্ৰকূট-আশ্ৰমত আছে তব পতি,
মৰা নাই তেঁও; বিয়োগ দুখত পৰি
কুশল-বাৰতা মাথো সুধিহে অবলে?”
বিপদ সুলভ সদা জীৱবিলাকৰ,
সেইহে কুশল কথা সুধিবা আদিতে।৪০।
দূৰণিত আছে তব প্ৰিয় সহচৰ
ৰোধিছে তেওঁৰ পথ বিধিবৈৰী হই।
হবই লাগিছে তব তেওৰে নিচিনা
খীণদেহা আতিকই, শসন্তপ্ত বীৰ
আবেগেৰে ভৰপুৰ চকুলোৰে ঢকা,
প্ৰবল নিশাহে পূৰ্ণ বিয়োগৰ হেতু।
কৰিছে কল্পনা তেওঁ মনত ইসব
দেহাৰ লক্ষণ, পৰবেশে তব দেহে।৪১।
অধৰ পানৰ লোভে, সখীৰ আগত
কাণে কাণে কবলই অতি লোভ হোৱা
—যিবা কথা চিঞঁৰিও ক’ব পৰা যায়-
তেওঁ আজি আছে তব চকুৰ আঁৰত
কৰ্নপথ অতিক্ৰমি; সেইহে কাৰণে
বচনবিন্যাস কৰি অতি উৎকণ্ঠাৰে
মোৰ মুখে কোৱাইছে কথা এইখিনি।৪২।
“দেখো সদা অঙ্গ তব প্ৰিয়ঙ্গ-লতাত;
চকিত-হৰিণী-নেত্ৰে তোমাৰ চাহনি;

[ ৩৯ ]

শশধৰে ধৰে যেন মুখকান্তি তব;
ম’ৰাৰ পাখাত আছে তব কেশদাম,
খীণ নদী তৰঙ্গত ভ্ৰুবৰ বিলাস;
তথাপি, কোপণে! অতি দুখৰ বিষয়
নেদেখো সাদৃশ্য তব একটি বস্তুতে।৪৩।
ধাতুৰে বৰণ সানি শিলৰ ওপৰে
আঁকো তব প্ৰতিকৃতি প্ৰণয় কুপিত,
ইচ্ছা কৰো আত্মা মম, সেই মুহূৰ্ত্ততে,
চৰণপতিত তব কৰিবৰ গুণে,
চকুলো উপচি পৰি ৰোধে দৃষ্টিপথ।
ক্ৰুৰ দৈবে আমাসাৰ নসহে সঙ্গম। ৪৪।
কোনোমতে সপোনত দৰশি তোমাক,
মেলিলে যুগল ভূজ গাঢ় আলিঙ্গনে
শূন্যৰ মাজত, থলৰ দেবতাসবে
দৰশি ই দশা, টোকে তৰুপল্লবৰ
মুকুতা সদৃশ স্থূল অশ্ৰুকণা বাৰে।৪৫।
হিমাচল হন্তে যিবা সমীৰ-প্ৰবাহ
দেবদাৰু বিৰিখৰ ভেদি পত্ৰপুট
সদ্যহতে, আমোদিত হই অতি
তাৰ ক্ষীৰস্ৰাবে, বয় দক্ষিণলে;
আলিঙ্গন কৰে তাক, ভাবি, গুণবতি,
কৰিছিল অঙ্গ তব আগে পৰশন। ৪৬।

[ ৪০ ]

দীঘলীয়া ৰাতিবোৰ ক্ষীণ হেন হই
কিদৰে হ’বনো চুটি, আৰু দিনবোৰ
সকলো কালতে হ’ব কম তাপ-থকা,
দুৰ্ল্লভ প্ৰাৰ্থনা কৰে, চঞ্চলনয়নে!
এইদৰে মোৰ মনে—যাক তব তীব্ৰ
বিয়োগ ব্যথাই কৰিছে অনাথ নিতে।৪৭।
বিবিধ কল্পনা কৰি নিজৰ মনতে
আত্মাৰে আত্মাক মই ধৰিছো মাথোন।
নহবা কাতৰা অতি তুমিও, কল্যাণি।
নাথাকে সদায় সুখ, দুখো নোহে স্থায়ী
কোনো মানুহৰ। মানুহৰ দশা সদা
উচ্চ নীচ হয় ৰথৰ চকৰি হেন। ৪৮।
ভুজগ-শয্যাৰ পৰা দেব নাৰায়ণে
উঠিলেই হ’ব শেষ মোৰো শাপ তেবে;
কাটা বাকী মাহ চাৰি চকুদুটি মুদি;
তেনে হলে শৰতৰ জোনালি নিশাত
ভূগিম সকলোখিনি গনিছিলো যিবা
বিৰহৰ দিবসত অভিলাষ কৰি।৪৯।
ক’লে পুনৰপি আঁকোৱালি ডিঙি মোৰ
শুয়ো টোপনিত উঠিলা যেতিয়া তুমি
চিঞৰ ৰোদন কৰি, শুধিলো ঘনাই
“ইহাৰ কাৰণ কিবা?” কৰিলা উত্তৰ

[ ৪১ ]

মিচিকিয়া হাঁহি মাৰি দেখিলো, হে ধূৰ্ত্ত!
ৰমণ কৰিছা যেন আন নাৰী সতে।৫০।
যিবা অভিজ্ঞান দান, অসিতলোচনে।
কৰিলো তোমাক, তাৰে ভাল আছো জানি
নেৰিবা বিশ্বাস মোত লোকৰ কথাত।
কয় বোলে বিৰহত স্নেহ-ধ্বংস হয়,—
ভোগৰ অভাব হেতু অভীষ্ট বস্তুত
স্নেহৰাশি প্ৰেমৰাশিৰূপে পৰিণত
হয় কিন্তু তেবে উপচি ৰসেৰে পৰি।৫১।
প্ৰথম বিৰহ এয়ে, সেইহে কাৰণে
আতিকই শোকাতুৰা তোমাৰ সখীয়া;
আশ্বাসি ইদৰে আৰু উলটি তৎকালে,
শিবৰ বিৰিষে-বিদৰা-শেখৰ-থকা
পৰা পৰ্ব্বতৰ, পৰাণ ৰাখিবা মোৰ
অভিজ্ঞান সহ কই কুশল বাৰতা।
হইছে পৰাণ মোৰ দুৰবল অতি
কুন্দ কুসুমৰ দৰে প্ৰভাত কালৰ।৫২।
মোৰ এই বন্ধু-কাৰ্য্য কৰো বুলি যদি
দিয়া কথা মোক, নেভাবিম ধৰি বুলি
তোমাক কদাপি, সাধো! শব্দহীন হই
দিয়া জল খুজিলেই চাতকক তুমি।
নকই মুখেৰে একো দিয়ে মাথে কথা

[ ছবি ]

সম্পাদি অভীষ্ট-কাৰ্য্য সাধুলোকসবে। ৫৩।
সুহৃদ বুলিয়ে কিম্বা বিৰহৰ হেতু
কৰুণা প্ৰকাশ কৰি কৰিবা ইকাম
—অনুচিত যদিওবা প্ৰাৰ্থনা ই মোৰ।
সম্পাদন কৰি মোৰ প্ৰিয় এই কাম
বিচৰণ কৰা তুমি বৰষাৰ লগে,
উপচি পৰোক শোভা আৰু বেচি হই,
বিজুলিৰ সতে যেন কদাপি নহয়
বিৰহ, জলদ! তব অলপো সময়।৫৪।

ইতি উত্তৰমেঘঃ