পৃষ্ঠা:মেঘদূতম.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘদূতম
 

বৰষি জলৰ কণা বিশিষ্ট ভাবেৰে,
আঁতৰায় অঙ্গগ্লানি মুৰতজনিত
ৰমনীসবৰ, যিব শ্লথ শ্ৰান্ত হেতু
প্ৰিয়তম ভুজপাশে সন্নিবদ্ধ হই।৯
বিৰাজিছে যাৰ ঘৰে ক্ষয়হীন-নিধি,
সেই কামীসবে, অপ্সৰী-বেশ্যাৰ লগে
বিবিধ আলাপ কৰি, স’তে কিন্নৰৰ
—ধনপতি যশোগান গায় যি সকলে
মধুৰ কণ্ঠেৰে,—দিনে পতি বাহিৰৰ
বৈভ্ৰাজাৰামত, কৰেহি বিহাৰ সুখে।১০।
ইফালে-সিফালে পৰা পাতৰ লতাই,
অলকাৰ পৰা সৰা মদাৰৰ ফুলে,
কনককমলে খহি কানৰ পৰাই,
মুৰৰ মুকুতা জালে, ৰচি-চিঙি-পৰা
স্তনে থকা হাৰে, দেখুৱায় কোন বাটে
গ’ল নিশাকালে বিহাৰিণী বামাদল-
খাওঁতে কঁপনি উঠি বেলি দেখি পুৱা।১১।
বসতি কৰিছে ভাবি সেই অলকাত
ধনপতি সখা শিব, ভয়তে মদনে
বয় ধনু মধুকৰ ৰূপ গুণ থকা।
কাৰ্যসিদ্ধি হয় তবু চকুৰ ঠাঁৰেৰে
কৰা দৃষ্টিসঞ্চালন, তাতে পুনু যিবা

২৭