পৃষ্ঠা:মেঘদূতম.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দূতম্।
 


সান্তনা দানিবা, তেবে তব অধিষ্ঠিত
গবাক্ষলে নিলেপিলে নিশ্চল নয়ন,
ধীৰ হই ক’বা কথা, বিদ্যুদগৰ্ভ তুমি?
গাঁথি কথা—গৰজনি হেন-মানিনীক ।৩৭।
ক’বা এই বুলি তুমি, “হেৰা অবিধবে?
হিয়াত নিহিত কৰি স্বামীৰ সংবাদ
আহিছো তোমাৰ কাষে তোমাৰ স্বামীৰ
পৰম সুহৃদ মই, জানা মই মেঘ-
পথশ্ৰান্ত পথিকক সমুৎসুক যিবা
নিজা নিজা তিৰোতাৰ বেনী-মোচনত,
গভীৰ গাজনি মাৰি দানো খৰখেদা।৩৮।
ক’লে এনেদৰে তেওঁ হই উৰ্দ্ধানন
বিকসিতচিত্তা হই ঔৎসুক্য-কাৰণে,
দৰশি তোমাক কৰি বিশেষ সৎকাৰ,
স্বামি বন্ধু ভাবি আৰু হই অবহিতা
শুনিব তোমাৰ কথা সৰল চিত্তেৰে।
সুহৃদৰ মুখে পোৱা স্বামীৰ বাৰতা
অলপ মাথোন কম সঙ্গম অপেক্ষা।
খাটে এই কথা, সাধো! সকলো তিৰীত ৩৯!
হে আয়ুস্মন! তুমি মোৰ কথামতে
আৰু কৰি উপকাৰ-কৰিবৰ হেতু
নিজক কৃতাৰ্থ নিজে-ক’বা স্ত্ৰীক পুনুঃ-

৩৭