পৃষ্ঠা:মেঘদূতম.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দূতম্।
 


খীণ যাব মাজভাগ, দেখা যায় যাৰ
চকিত হৰিণী হেন নয়নযুগল,
নিম্ন নাভি, ধীৰ গতি তপিনাৰ ভাৰে,
অবনত দেহা যাৰ ভৰে পিয়াহৰ-
বােধ হয় বিধাতাই কৰিছে সৃজন
তেঁওকেই কৰি আদি যুবতী প্রধান ।২১।
জানিবা তেওঁকে মােৰ দ্বিতীয় পৰাণ
বুলি,-কয় কম কথা। আছো দেখি দূৰে,
চাকয়নী হেন, অকলশৰীয়া হই,
বিষম বিৰহ দুঃখে হয় অভিভূতা।
অতিকে দীঘল দিন বিৰহ কাৰণে--
বােধ হয় হিমহত পদ্মিনী-সদৃশ
প্ৰিয়াৰ সুৰূপ যেন হ’লহি কুৰূপ।২২।
প্রবল ৰােদন হেতু প্ৰিয়াৰ লােচন
উখহিছে সুনিশ্চয় ; নাই সি বৰণ
অধৰ ওঠত আৰু—এৰাত নিতউ
তপত নিশাহ ; অসংস্কৃত কেশখিনি
দীঘলীয়া হই, ইফালে-সিফালে পৰি
লােপ কৰে বিকসিত ভাব আননৰ ;-
ম্লান হলে তব কান্তুি, আবৰণ থকা,
শােচনীয় হয় যেনে জোনৰ অৱস্থা।২৩
গয়েই দেখিব পাবা সেই মুহুৰ্ত্ততে

৩৯