পৃষ্ঠা:মেঘদূতম.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দূতম্ ।
 


সফলপ্ৰয়োগ হয় কাম লক্ষ্য কৰি
চতুবা নাৰীৰ তেনে বিভ্ৰমৰ পৰা।১২।
চকুত চমক লগা বিচিত্ৰ বসন,
(যিবা) ৰমনীয় পল্লবেৰে পুষ্প ওপজায়,
বিশেষ ভূষণ দিয়ে, আৰু লাক্ষাৰাগ
উপযোগী চৰণৰ, আদি অলঙ্কাৰ
অবলাৰ যাবতীয় যোগায় অকলে
কল্পবৃক্ষে তাত সেই অলকাপুৰীত।১৩।
এনে অলকাৰ, ধনপতি-ভবনৰ
উত্তৰ দিশৰ ফালে আছে মোন ঘৰ,
দূৰতে দেখিবা-সুন্দৰ তোৰণসহ
ৰামধেনু ষেন। শোতে তাৰ দাঁতিতেই
পুলি কল্পতৰু-হাতে চুব পৰা আগে-
-লম্ব মান আগৰ ভৰতে,—যিবা পুলি
তোলনীয়া লৰা হেন মোৰ প্ৰেয়সীৰ
-তেঁৱে তাক তুলিছিল আদৰি-সাদৰি।১৪।
আছে তাত সৰোবৰ, সোপান সমূহ
যাৰ মৰকত শিলাৰে বন্ধোৱা, আৰু
চাকি আছে ফুলি থকা কনক কমলে-
যিবা কমলৰ নলা হোৱে নিৰমান
স্নিগ্ধ-বৈদূৰ্য্যেৰে। আছে তাত যি হাঁহ
-পালেও তোমাক দেখা-বীদুঃখ হই
নাযাব মানস-সৰে, ওচৰ যদিও।১৫।

২৮