কথিত আছে যে কালিদাসক দিনৌ ফুল যোগোৱা এজনী
মালিনী আছিল। মালিনীক ফুলৰ বেচ দিব নোৱাৰি তেওঁৰ নতুন
কবিতা আৰু গ্ৰন্থৰ প্ৰথম সোৱাদ মালিনীক দিয়াটো তেওঁৰ
দৈনন্দিন কৰ্ত্তব্যৰ ভিতৰত পৰিছিল। কালিদাসে ‘মেঘদূত’ লিখি
আটাই মালিনীক শুনোৱাত মালিনীয়ে খুং কৰি “এইখন কি
লিখিছা” বুলি গুচি যাব খোজাত কালিদাসে কৈছিল “মালিনী,
নাৰিকলৰ বাকলি বৰ টান আৰু খহটা, ফালি চোৱা সি কেনে
কোমল আৰু সুন্দৰ।"তেতিয়াহে মালিনীয়ে আকৌ শুনিবলৈ
বহি পৰিল। এইখন দন্দ্বৰ প্ৰধান কাৰণ মেঘদূতৰ প্ৰথমৰ শ্লোক
কেইটামান শুকান আৰু খহটা। —বিষ বৃক্ষত পঢ়া মনত পৰে।
“মেঘদূত কালিদাসৰ আত্মকাহিনী।” মেঘদূতৰ নায়ক “যক্ষ”
কালিদাস নিজেই। মাতৃগুপ্তৰ, গুপ্ত, গুহ্য আৰু যক্ষ, প্ৰতিশব্দিক
নাম। যক্ষ শব্দে মাতৃগুপ্ত কালিদাসক বৰ্ণিত কৰিছে। ৰাজ
তৰঙ্গিনীৰ মতে বিক্ৰমাদিত্যই কাশ্মীৰ জয় কৰি মাতৃগুপ্তক কাশ্মীৰৰ
শাসন কৰ্ত্তা পদত নিযুক্ত কৰে। পাচত, কালিদাসে ৰাজকন্যা
বিবাহ কৰি কাৰ্য্যত অনবহিত হোৱত নাগপুৰৰ ওচৰৰ ৰামগিৰি
পৰ্ব্বতত নিৰ্ব্বাসিত হয়। তেওঁ সেই অৱস্থাত আহাৰৰ 'প্ৰথম
দিবস বা শেষ দিনা পৰ্ব্বত শৃঙ্গত মেঘ দেখি তাকে দূত কৰি
কাশ্মীৰস্থিত বাসভবনত প্ৰিয়াৰ ওচৰলৈ পঠিয়াবলৈ সংকল্প কৰি
এই কাব্যৰ জন্ম দিয়ে। কালিদাসৰ প্ৰত্যেক গ্ৰন্থই তেওঁৰ নিজৰ
পৃষ্ঠা:মেঘদূতম.djvu/৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আগকথা