পৃষ্ঠা:মেঘদূতম.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দুতম্।
 


কৰিছে আঁতৰ তেঁও একবেণী শিখা
স্পৰ্শন কৰিলে যাক ক্লেশ বােধ হয়
কঠিন বিষম. যিবা সংস্কাৰ অভাবে।৩১।
এনেয়ে শীনােৱা দেহা, তাতে বলহীন
আৰু খীন হোৱা হেতু, ত্যাগ-আভৰণ
কৰিছে এতিয়া তেঁও। দুঃখভােগ কৰি
বিবিধ প্রকাৰে, ৰাখে দেহ। শয্যাক্রোড়ে ।
নবজল ৰূপ অশ্রু টুকিবা তুমিও
নিশ্চয় দেখিলে দশা মােৰ সাদৰীৰ।
কোমল হিয়তে হয় কৰুণা সঞ্চাৰ।৩২।
তােমাৰ সখী ৰ মন অনুৰাগ থকা
বুলি মোৰ প্ৰতি, জানাে মই ভালকই।
মনত ভাবিছো মই প্রথম-বিৰহে
হ'ব বুলি সেই দশা সেইহে কাৰণে।
কৰা নাই বাচালতা জানিবা নিশ্চয়
নিজক সুভগ ভাবি,-অচিৰে দেখিবা
যিবা কলাে বন্ধুবৰ !সকলাে নিজেই ।৩৩।
অপাঙ্গৰ প্ৰান্তৰূদ্ধ কৰিছে অলকে ;
নয়নত অঞ্জনৰ স্নিগ্ধতা-বিহীন ;
মদ্যপান-বিৰহত পাহৰিলে তাতে
আঙি-ভুঙি কৰিবলে’ চকুৰ পাতাৰে।
ওচৰ চাপিলে তুমি, তােমাৰ সখীৰ

৩৫