পৃষ্ঠা:মেঘদূতম.djvu/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দূতম্
 


তাৰ তীৰে বিৰাজিছে ক্ৰীড়াশৈল এক
ৰচিত শিখৰ তাৰ চাৰু ইন্দ্ৰনীতে।
আছে তাৰ কেউকাষে কনক-কদলী
সেইবাবে দেখি তাক পৰম সুন্দৰ;
অতি প্ৰিয় প্ৰিয়া মোৰ তাৰ প্ৰতি;
সেইহে কাৰণে, সখি! দৰশি তোমাক-
কনক-কদলী হেন তৰ সৌদামিনী
প্ৰস্ফুৰিত তোমাৰ প্ৰান্তত; সুৱঁৰিছো
ক্ৰীড়াশৈল সেই বৰ বিয়াকুল হই।১৬।
কুৰৰক পাদপৰ আৰৰণে আছে
যিবা লতাগৃহ তাত মাধবীল-তাৰ,
আছে তাৰ কাষে চঞ্চল-পল্লব-থকা
ৰাঙলী অশোক আৰু শুৱনী বকুল।
মোৰ স’তে সখা হেন অশোকে বিচাৰে
বাঁও ভৰি দুটি, সখে, তোমাৰ সখাৰ;
বকুলে বিচাৰে কিন্তু, সখা যদিওবা,
তোমাৰ সখীৰ, সখে, বদনমদিৰা।১৭।
অশোক-বকুল মাজে আছে, যষ্টি এক
ময়ূৰৰ অৱস্থিতি হেতু; সেই যষ্টি
সোণ যেন, তাৰ কেদি স্ফটিকেৰে গঢ়া
মূলদেশ মণিময়—যিব মণিবোৰ
বৰণত কুমলীয়া বাহৰ নিচিনা।

২৯