পৃষ্ঠা:মেঘদূতম.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দূতম্।
 

সম্পাদি অভীষ্ট-কাৰ্য্য সাধুলোকসবে। ৫৩।
সুহৃদ বুলিয়ে কিম্বা বিৰহৰ হেতু
কৰুণা প্ৰকাশ কৰি কৰিবা ইকাম
-অনুচিত যদিওবা প্ৰাৰ্থনা ই মোৰ।
সম্পাদন কৰি মোৰ প্ৰিয় এই কাম
বিচৰণ কৰা তুমি বৰষাৰ লগে,
উপচি পৰোক শে'ভা আৰু বেচি হই,
বিজুলিৰ সতে যেন কদাপি নহয়
বিৰহ, জলদ! তব অলপো সময়।৫৪।

ইতি উত্তবমেঘঃ