পৃষ্ঠা:মেঘদূতম.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মেঘ দুতম্ ।
 


দৰশাই নিৰুদ্বিগ্ন নিশ্চল নয়নে
ভক্তি ভবানীক; কৰা ইচ্ছা নিবৰ্ত্তন,
হাতীছাল শোণিতৰ ধৰি ৰূপ নিজে।৩৭।*
ৰজনীত ৰমনীয়ে ৰমণভবনে
যাব যেবে ৰাজ পথে, কণামুনা লগা,
সূচী-ভেদ্য অন্ধকাৰ হেতু, দেখুৱাবা
পথ তাহাঁতক, তেজোময় সৌদামিনী
বিস্ফুৰণ কৰি, স্বৰ্ণময় নিকষৰ দৰে
কিন্তু, সাবধান যেন কদাপিতো তুমি
বৰ্ষণ গৰ্জ্জন দ্বাৰা নোহোৱা মুখৰ;
ভয় খাব তেনে হ’লে,-ভীৰু যে তাহাঁ‌ত?।৩৮।
তোমাৰ বিজুলী-তিৰী খীণাব সচাঁ‌ই
বহুপৰ পৰকাশ হেতু, সেইবাবে
ৰাতিটো কটাই তুমি, শোৱা-পাৰ-থকা
ওপৰত কোনোবা ঘৰৰ, দেখা পালে
বেলি পুৱা, পুনৰপি বাকী বাট যাবা।
ভাবি চাবা সুহৃদৰ কাৰ্য্যসাধনৰ
বাবে কৰি অঙ্গীকাৰ, নোহোঁ‌হকে পাচ
কোনোজনে, কেতিয়াও, কোনোবা ৰকমে।৩৯।
সূৰ্য্যোদয় সময়ত শান্তি-দান কৰে


§ গজাসুৰৰ মৰ্দ্দনৰ পাচত ভগবান মহাদেবে সিহঁতৰ
আৰ্দ্ৰাজিন ভূজমণ্ডলেৰে লৈ তাণ্ডৱনৃত্য কৰিছিল।

১৪