পৃষ্ঠা:মেঘদূতম.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দূতম্।
 


দীঘলীয়া ৰাতিবোৰ ক্ষণ হেন হই
কিদৰে হ'বনো চুটি, আৰু দিনবোৰ
সকলো কালতে হ’ব কম তাপ-থকা,
দুল্লভ প্ৰাৰ্থনা কৰে, চঞ্চলনয়নে!
এইদৰে মোৰ মনে—যাক তব তীব্ৰ
বিয়োগ ব্যথাই কৰিছে অনাথ নিতে ।৪৭।
বিবিধ কল্পনা কৰি নিজৰ মনতে
আত্মাৰে আত্মাক মই ধৰিছো মাথোন।
নহবা কাতৰা অতি তুমিও, কল্যাণি।
নাথাকে সদায় সুখ, দুখো নোহে স্থায়ী
কোনো মানুহৰ। মানুহৰ দশা সদা
উচ্চ নীচ হয় ৰথৰ চকৰি হেন। ৪৮।
ভুজগ-শয্যাৰ পৰা দেব নাৰায়ণে
উঠিলেই হ'ব শেষ মোৰো শাপ তেবে;
কাটা বাকী মাহ চাৰি চকুদুটি মুদি;
তেনে হলে শৰতৰ জোনালি নিশাত
ভূগিম সকলোখিনি গনিছিলো যিবা
বিৰহৰ দিবসত অভিলাষ কৰি।৪৯।
ক'লে পুনৰপি আঁকোৱালি ডিঙি মোৰ
শুযো টোপনিত উঠিলা যেতিয়া তুমি
চিঞৰ ৰোদন কৰি, শুধিলো ঘনাই
“ইহাৰ কাৰণ কিবা?” কৰিলা উত্তৰ

৪০