পৃষ্ঠা:মেঘদূতম.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৵৹

জীবন-চৰিত। ই ‘Transfigured life of the author’ বা বেনামী জীবন চৰিত। ‘শ্ৰুতবোধত’ তেওঁ সেই প্ৰথমা পত্নী, বিদ্যুন্মালাক ছন্দৰ তথ্য বুজাইছে। 'ঋতুসংহাৰত' তেওঁ সখিগণ সমন্বিত প্ৰথমা পত্নীক ঋতুবিহাৰ শুনাইছে। ’ৰঘুবংশত’ তেওঁ সেই প্ৰথমা পত্নী বিদ্যুন্মালাৰ নিমিত্তে কান্দিছে। ‘কুমাৰ সম্ভৱত’ তেওঁ কাশ্মীৰৰ ৰাজকন্যাৰ পাণিপ্ৰাৰ্থি হৈ তৎপ্ৰতিযোগী ৰজা বিক্ৰমাদিত্যক নিহত কৰি 'তাৰাক' বিবাহ কৰিলে। 'মেঘদূতত' তেওঁ সেই দ্বিতীয়া পত্নী তাৰাৰ ওচৰলৈ মেঘক দূত কৰি পঠাইছে।” এয়ে গত ১৮৪১ শকৰ ৩০ আহাৰ মঙ্গলবাৰে আবেলী যশোহৰ চহৰৰ 'ভূপেন্দ্ৰ হলত' পতা ‘মেঘদূত উৎসৱ’ উপলক্ষে কলিকতাৰ পৰা সমাগত শ্ৰীযুক্ত মন্মথনাথ কাব্যতীৰ্থ মহাশয়ৰ ’হিতবাদী’ত প্ৰকাশিত বক্তৃতাৰ সাৰাংশ।

 'অনুবাদকৰ কাম বৰ টান। তেওঁ পৰাধীন— পৰৰ খোজত চলিব লাগে। তেওঁ যদি নিজ ভাষা ভাল কৰিবলৈ যায়, হলে মূলৰ পৰা পিছলি দুৰৈত পৰেগৈ; আৰু যদি ছাঁৰ দৰে মূলপাচ ধৰে, কথাৰ সলনি কথা বহাই যায় তেনেহলে নিজৰ ভাষা বাং-কৰা হৈ পৰে, কেতিয়াবা অৰ্থও নহয়।' আমি পাৰো মানে মূলৰ অৰ্থ ৰাখি ভাঙনি লিখিছো, কেবল দুই এক ঠাইত হে অৰ্থ ৰাখিব পৰা নাই, ভাব মাথোন ৰৈছে;—৺লম্বোদৰ বৰাই যেতিয়াএনেকৈ কৈছে, আমাৰ ‘কা কথা’।

 'অল্প বিষয়ামতি’ আমি এই কাব্য অনুবাদ কৰি ‘গমিষ্যাম্যুপহাস্যতাম।' এইটোও ভালকৈ বুজিছো যে এই ‘লেউসেউ’ ভাঙনিৰে আমি “প্ৰাংশুলভ্যে ফলে লোভাদুদ্বাহুৰিব বামনঃ। এইটো সকলোৱে জানে যে⸺