পৃষ্ঠা:মেঘদূতম.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দূতম্।
 


নিশ্চয় স্পন্দন হয় নয়ন-ওপৰে-
লুটি-বাগৰোতে যথা পুথি মাছবোৰে
বঢ়ায় চেউৰ লোভ জলে অতিকই।৩৪।
এবে য'ত নাইকিয়া নখ-চিহ্ন মোৰ
দৈববশে এৰে যাক কটি-ভূষণেও
যিবা চিৰপৰিচিত,—সম্ভোগ-শেষত
যাক কৰো লুৰ্ ফুৰ্,নিজৰ হাতেৰে,
সৰস-কদলীস্তম্ভ যিবা সাদৃশ্যত
গৌৰবৰ্ণ হেন, প্ৰিয় বাম উৰু সেই
মোৰ প্ৰেয়সীৰ, উঠিব স্পন্দিত হই।৩৫।
তেবে যদি দেখা, মেঘ!টোপনিৰ সুখ
লভিছে প্ৰিয়াই মোৰ, তেনেহলে যেন
এৰি গৰজনি, তেঁওৰ পাচত ৰই
যামমাত্ৰ থাকা; এনে হ’ব পাৰে তেবে
কোনোমতে লভি মোক—মই যে প্ৰণয়ী-
কৰে গাঢ়-আলিঙ্গন, সপোনৰ মাজে;
তাতে তব গাজনি শুনিব লাগিলে
ভুজলতা গ্ৰন্থি যেন সাদৰি প্ৰিয়াৰ
নোহে মোৰ কণ্ঠ হন্তে চ্যুত সেইক্ষণে।৩৬।
জলকণা-থকা সুশীতল সমীৰেৰে
জগাবা তেওঁক তুমি, আৰু অভিনব
জাতীকুসুমৰ কলিৰে বিশেষ ভাবে

৩৬