পৃষ্ঠা:মেঘদূতম.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মেঘ দূতম্।
 


মিচিকিয়া হাঁহি মাৰি দেখিলো, হে ধূৰ্ত্ত!
ৰমণ কৰিছা যেন আন নাৰী সতে।৫০।
যিবা অভিজ্ঞান দান, অসিতলোচনে।
কবিলো তোমাক, তাৰে ভাল আছো জানি
নেৰিবা বিশ্বাস মোত লোকৰ কথাত।
কয় বোলে বিৰহত স্নেহ ধ্বংস হয়,-
ভোগৰ অভাব হেতু অভীষ্ট বস্তুত
স্নেহৰাশি প্ৰেমৰাশিৰূপে পৰিণত
হয় কিন্তু তেবে উপচি ৰসেৰে পৰি ।৫১।
প্ৰথম বিৰহ এয়ে, সেইহে কাৰণে
আতিকই শোকাতুৰ তোমাৰ সখীয়া;
আশ্বাসি ইদৰে আৰু উলটি তৎকালে,
শিবৰ বিৰিষে-বিদৰা-শেখৰ-থকা
পৰা পৰ্ব্বতৰ , পৰাণ ৰাখিবা মোৰ
অভিজ্ঞান সহ কই কুশল বাৰত।
হইছে পৰাণ মোৰ দুৰবল অতি
কৃন্দ কুসুমৰ দৰে প্ৰভাত কালৰ।৫২।
মোৰ এই বন্ধু-কাৰ্য কৰো বুলি যদি
দিয়া কথা মোক, নেভাবিম ধৰি বুলি
তোমাক কদাপি, সাধো! শব্দহীন হই
দিয়া জল খুজিলেই চাতকক তুমি।
নকই মুখেৰে একো দিয়ে মাথে কথা

৪১