ন-বোৱাৰী

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]
 

 

ন-বোৱাৰী।

 

 

[  ]
 

ন-বোৱাৰী।

(সমাজিক নাটক)

 

৺পদ্মনাথ শৰ্ম্মাৰ ৰচিত।

 

উলিয়াওটা
শ্ৰীদেবেন্দ্ৰনাথ বৰুৱা,
যোৰহাট।

এজেণ্ট

“মেঘনাদ ষ্ট’ৰ এণ্ড জেনেৰেল এজেঞ্চি”
যোৰহাট।

যোৰহাটৰ দৰ্পণ প্ৰেছত,
শ্ৰীটুনিৰাম শৰ্ম্মা দ্বাৰা ছপা হ’ল

বেচ ৷৵৹ ছয় অনা মাথোন।

 

[  ]
 

আপোনালৈ!

 মোৰ মৰমৰ বন্ধু ৺পদ্মনাথ শৰ্ম্মাই তেওঁৰ নিচেই কোমল বয়সত সাহিত্য কাননৰ দাতিত যি কিপাহি আধা ফুলা, আধা কলিওৱা, ফুল পেলাই থৈ গৈছে, ন-বোৱাৰী তাৰে এপাহি মাথোন। লেখকে পোন্ধৰ বচৰ বয়সতে প্ৰতিভাৰ চিনাকি দেখুৱাই আৰু মাতৃভাষাক যে অতি আদৰ কৰিছিল তাৰ চিন স্বৰূপ বহুত ভাল ভাল কবিতা আৰু ৰচনা, ও কেবাখনিও সামাজিক ও নৈতিক উপন্যাস অসম্পূৰ্ণ অবস্থাত এৰি সকলোকে কন্দুৱাই মাতৃভাষাৰ উন্নতিৰ আশা বুকত লৈ ইহজগতৰ পৰা বিদায় ললে। বন্ধুৰ চেনেহৰ স্মৃতি স্বৰূপ এই ক্ষুদ্ৰ নাটক খনি পোহৰলৈ আনিলো। লেখকে ন-বোৱাৰীক সৰ্বাঙ্গ সুন্দৰ কৰিবলৈ কিমান কৃতকাৰ্য্য হইছে তাক আমি পাঠকৰ হাতত থ’লো।

 সবশেষত মোৰ বন্ধু শ্ৰীযুত তীৰ্থনাথ ফুকনে কষ্ট স্বীকাৰ কৰি এই কিতাপ খনি বিচাৰি মোৰ হাতত দিয়া বাবে তেওৰ নথৈ শলাগ ল’লো। তাৰ পাচত যথা সময়ত শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্ম্মা বি, এ ডাঙ্গৰীয়াই আৰ্হি কাকত চাই দিয়া বাবে এই খিনিতে তেঁওৰ শলাগ ল’লো।

গুৱাহাটি
৮ । ২ । ০৬
দেবেন।
 

[  ]
 

ভাৱৰীয়া সকল।

পুৰুষ।

শম্ভূনাথ বৰুৱা … … ন-বোৱাৰীৰ শহুৰ।
পিতাম্বৰ শৰ্ম্মা … … লাবন্যৰ বাপেক।
চন্দ্ৰকমল বৰুৱা … … লাবন্যৰ গিৰিয়েক।

তিৰুতা।

লাবন্য লতা …  … ন-বোৱাৰী।
স্বৰ্ণ প্ৰভা …  … লাবন্যৰ ননন্দ।
সুভদ্ৰা …  … লাবন্যৰ শাহু।
প্ৰেমলতা …  … লাবন্যৰ মাক।

উপৰুৱা।

গোজৰ …  … শম্ভূৰ লগুৱা।
মানিকী …  … … ঘৰৰ লিগিৰী।
টেপৰী …  … পিতাম্বৰৰ গাঁওৰ বুঢ়ী।

কচুখাতী, ফেদেলী আৰু ককিলী ন-ছোৱালী চাবলৈ অহা তিৰোতা—
ফেপেন্দা, হাবি, আৰু ভকতৰাম শম্ভূৰ গুৰিত পাঁজি চোৱাবলৈ অহা মানুহ।


 

[  ]
 

ন-বোৱাৰী।

প্ৰথম অঙ্ক।

প্ৰথম গৰ্ভঙ্ক।

শম্ভুনাথৰ তামুলি চৰা।

(সুভদ্ৰা, লাবন্য, স্বৰ্ণ, কচুখাতী ফেদেলী আৰু ককিলী)

 সুভদ্ৰা— (অকলৈ তামোল বটা আগতলৈ) এস্ মোৰ পোৰ বোৱাৰী হব, মোক চুলিত ধৰি বাটত থব। এই বুলি আবেলি চৰুৰ পৰা আজৰি হই, বোলোঁ তামোল এখন খাওঁ। ইপিনে তামোল খুৱাই থৈছে— বটাটিত নাই যি নাই পাণ ঠাৰি এডালিও দেখিবলৈ নাই। এতিয়া আকৌ, ক’ত আছে তামোল ক’ত আছে পাণ, ক’ত চূণ, ধপাত ক’ত কিমান তইনাৎ কৰি ফুৰিবা। থাওক আৰু; আজি ভাতৰ মুখেই যাওঁ। উস্ ৰাম! বাগৰ এটা নেমাৰি নোৱাৰো; তেহে যদি বুঢ়ীবেটীৱে ৰাতিলৈ ভাতৰ [  ] ঠালি চৰু ডাঙ্গিব পাৰোঁ, তেহে যদি ৰান্ধি বাঢ়ি টুটলি তামুলিকৈ খুৱাব পাৰোঁ। বুঢ়ি বান্দীৰ জানো এই জন্মত দুখন হাতৰ আজৰি হব। আমাৰ কোন আছে; কোনে আমালৈ কাণ কৰে।

 লাবন্য— (ভিতৰত আহি) ধৰক আই! এইয়া মই অথনিয়েই তামোল কাটি আপোনাৰ ভিতৰত থৈছিলো।

 সুভদ্ৰা— উ-আই। শাহুৰ মান খন ধৰিছে চোৱা! নে নে তোৰ তামোল লৈ যা, কাক খুৱাবলৈ কাটিছ, খুৱা নে। আজি এইনামে সন্তোষ।

(লাবন্যৰ তামোলথৈ প্ৰস্থান।)

 সুভদ্ৰা— হেৰ আই-অ! শুন, তামোল পাণ এটি বিচাৰি লৈ আহা।

(কচুখাতীৰ প্ৰবেশ।)

 কচু— আইৱে নো কিকৰা হৈছে।

 সুভদ্ৰা— বোলো আমাৰ নে, আমাৰ কথা শুধিছানে?

 সুভদ্ৰা— এঃ কি শোধা। বাৰু বঁহা।

 কচু— ভালে দিন আপোনালোকৰ ফালে ভূমুকি মাৰিব পৰা নাই। আজিহে কোনোমতে মুৰ পোলোকা দিছো।

[  ]

(হাতত তামোল পাণ এটালৈ— স্বৰ্ণৰ প্ৰবেশ)

 স্বৰ্ণ— বৌ-ধৰা যদি ধৰা এইয়া।

 সুভদ্ৰা— অ’ কটাৰিখন বিচাৰি আনগৈ চোন।

 স্বৰ্ণ— কোনে ক’ত থয় ক’ত কিমান বিচাৰিমগৈ।

 সুভদ্ৰা— যা পাবি; আমাৰ বড় ঘৈণীৰ ফালে থাকিব পায়।

 কচু— আই সেইৱা দেখোন কটা তামোল আগতে আছে, কটাৰিনো কেলৈ?

 সুভ— মানুহে মানুহে খায়; বোৱাৰীহে মান ধৰিলে খতম পৰিল। ময় তামোল দেখা নাই দেখি তামোল দেখুৱালে; “হাততেলৈ আহি, আই তামোল এইয়া”। কচোন ক’ তহতৰ বোৱাৰীয়েৰহঁতে তেনে সাহ পায়নে?

 কচু— হওতে নেপায়তো; মান্যৱন্তক তেনেকৈ দিব। পাচে বোপালৈ ছোৱালী অনা কিমান দিন হলনো?

 সুভ— কি হব গোট কাঠ; বোধ কৰো মাকৰ ঘৰত চুঙ্গাৰ ফোপত হাত সুমাই আছিল হবলা। একো নেজানে— দিয়ন-থওয়ন, দয় দস্তুৰ তেনেই চহা; আজি মাহ দিনেও গঢ় গতি সলাব পৰা নাই।

 (স্বৰ্ণৰ প্ৰৱেশ) বৌ কটাৰি ধৰা, মোক আৰু এই বাৰৰ পৰা নেপাচিবা। বোৱাৰী আনি চাঙ্গত তুলিবৰ মন হৈছে তুলি থাকা। স্বৰ্ণক জানো বেটী পাইছা।

[ ১০ ]  কচু— আইদেউ তেনেকৈ কিয় কয়।

 স্বৰ্ণ— থোৱা থোৱা তোমাৰ কথা মুখৰ বাজ নকৰিবা।

(ফেদেলী আৰু ককিলীৰ প্ৰবেশ)

 ককিলী— উ-আই! কচুখাতী বাইৱে বা কৰিছেহি কি?

 কচু— তহতনো আহিছ কলৈ?

 ফেদেলী— কচুখাতীৰ মুখ খনি চাও বুলি।

 কচু— ন’ছোৱালী নেচাই তেন্তে মোকে চা। আই বোৱাৰীনো কেনে পাইছে?

 সুভদ্ৰা— কেনে পাবা— যেনে পাব লাগে তেনে।

 ফেদেলী— নৌ চাৰিদিন হওতেই কেনেনো পাব।

 স্বৰ্ণ— পালা হেতেন যদি তেহে।

 কচু— লগতনো বস্তু বাঢ়নী কিমান আনিছে?

 সুভদ্ৰা— সেইবোৰ কথা কি শোধা; কি-তো আনিছে কিহৰ কথা কম! আমিনো কি পৰলৈ আশা কৰা মানুহ ঘৰ।

 ককিলী— আপুনি নিজে শকত। কিয় লাগে পৰৰ ভকত।

 ফেদেলী— তেও বুলি আমাৰ আগত জানো কব নেপায়। আমি কিবা জানো চুৰ কৰিমহি।

[ ১১ ]  সুভদ্ৰা— থ’ থ’ আইহে— সেইবোৰ লাজ বিজৰ কথা— আমাৰ সমন্ধি হলে নাক কটা। লৰাই পিক পেলাবলৈ বান এটিও নাই। অশুচি হলে শুবলৈ বেলেগ পাটি এটিও লগত নাই! লোটা চৰিয়া গোটা দিয়েক, কাঁহি বাতি দোজোৰ মান, তাঁতশাল, অৰ্চি, ফনি আৰু কিবাকিবি লাংখা লিংখি দুডাল মানে সৈতে কাপোৰ কানিৰ সজটো আনিছে হবলা। আমিনো তালৈ কি মন কৰিছো।

 ককিলী— ভাল দিছে, আৰুনো জীৱৰীৰ লগত কি দিব।

 কচু— আইহে থৈ-দে থৈ-দে বৰকৈ নকবি। আনৰ হোৱা হলে দুসাজ দুসাজ দিলে হেতেন। আগলৈ নাই পাচলৈ নাই মাথোন এজনী ছোৱালী তাইৰ লগতে যদি এই, ফুকনৰ ঘৰে কৰিৰ কি? একে বাৰেই পাঁচ জনী।

 ফেদেলী— আই! ন’ছোৱালী চাবলৈ গলো হেতেন?

 সুভদ্ৰা— কিনো ন’ছোৱালী চাবি। মানুহ নহয় ভূত! যা বাৰু ভিতৰ সোমায় যা হঁক।

 কচুখাতী— (উঠি) আহ ককিলী তয়ো আহ।

(তিনিৰো প্ৰস্থান)

[ ১২ ]  সুভদ্ৰা— স্বৰ্ণ! স্বৰ্ণ!! যা-ছোন-যা, সেইপাতে নো সিহতৰ আগত কি কয় আলেঙ্গে আলেঙ্গে শুনগৈ। ময় এখন্তেক কাতিহৈ লওগৈ।

 (ফুচ ফুচাই)

দুইৰো প্ৰস্থান।

 

দ্বিতীয় গৰ্ভাঙ্ক

ভিতৰৰ বুলনী।
(কচুখালী ফেদেলী, ককিলী আৰু লাবন্যলতা)
ককিলী হতক অহা দেখি লাবন্যই এ দীঘল ওৰণি টানে।

 ককিলী— বৌ দেউ। আমিনো ক’ৰ পৰ মানুহ। আমাৰ আগত কি ওৰণি টানিছে।

 কচু— এৰা, সদায় আমি অহিগৈ থকা মানুহ। এইখন ঘৰেসৈতে ভেদ-পৰ নাই। দাঁতত ভাত এটা লাগিলেও গম পাওঁ। এনে স্থলত আপুনি আমাতে আৰবেৰ কৰে।

 ফেদেলী— আইৰে-আই, তহঁতো ভাল আই; লোকে ভালৰ জীৱৰী, ভালৰ বোৱাৰী, কিবা তোৰ-মোৰ দৰেনে? মতা থকাদৰে থাকিব, মতা ফুৰাদৰে ফুৰিব। তহঁত আপোন হব নোৱাৰিছ; সেইবুলি লোকে আদপ কায়দা এৰিবনে?

[ ১৩ ]  কচু— এৰা হওতে ফেদেলি! তয়ো ভাল কথা কলি। ন’মানুহ তাতে আমাক আগে পাচে দেখা নাই নহয়!

 ফেদেলী— এৰা, লাজ কৰিবৰ কথাই। কিন্তু কালিত বাজে পৰ্শুলৈ আমাৰ আগত নাঙঠ হই গা ধুব।

 কচু— আইদেউ! আপোনাক বৌ দেউ নুবুলি আইদেউহে বুলিম হঁক।

 ফেদেলী— নহয়নো কি আকৌ! স্বৰ্ণতকৈ তিনি জোখ সৰু তেনে স্থলত কি বৌ বুলিবা। আমাৰ ছোৱালীৱে এনে কালত শুহৰী খাতক চাৰি কান্দি ভাত খায়।

 লাবন্য— তোমালোকৰ যেনে মন যায় বোলা। ময় ধুতিৰে আছো, সেই ধাৰি কেখন পাৰি বহিলা হেতেন যদি।

 ককিলী— এনে সাদৰী ছোৱালী এই ঘৰলৈ ভাগ্যৰ বলত পাইছে। বহ বাইহঁত! ময় ধৰি দিছো। স্বৰ্ণ আইদেউৰ মুখে এনে কোমল মাত শুনিছো বুলি কবই নোৱাৰো।

 লাবন্য— সেই বিলাক কথা থোৱা; তোমালোকক চিনিব পৰা নাই ঘৰনো ক’ত?

[ ১৪ ]  ফেদেলী— কেনেকৈ চিনিবা মোৰ লাহৰি! তোমাক আনিবৰ দিনধৰি আমি আহিবলৈ আজৰি পোৱা নাই। ঘৰত আসোঁৱাহ হালোৱা পথৰুৱা মানুহ নানান বন-বাৰিত ফুৰি ফুৰোতেই যায়। হওতে ঘৰো ইয়াৰ পৰা দূৰণীত নহয়, জানো এমাইল হয়নে নহয়? ককিলীৰ ঘৰ সৌৱা, তাই তিনিও তিলিকিতে আহিব পাৰে। কচুখাতী আকৌ খাতোৱাল চুকৰ গাওঁবুঢ়াৱনী, নিধি গাঁওবুঢ়াৰ ঘৰশুৱা।

 লাৱন্য— ভাল বাৰু; বাই, তোমাৰ কোন কোন আছে?

 ফেদেলী— মাউৰা পোনা দুটা; সিহতকে বুকত বান্ধি থাকো। তাৰে যেনিবা বৰটোলৈ যোৱা বাৰতে ছোৱালী এটী চপাইছো।

 লাবন্য— সৰুটিলৈ আনিবৰ নৌ হবলা?

 ফেদেলী— এ-নৌ অচোন সি এখনীয় কাচুতি সলাইছেহে।

 লাবন্য— বোৱাৰীয়াক মাজে মাজে পথিয়াবানে?

 ফেদেলী— কব লাগিছেনে আহিগৈ থকা মানুহ।

 লাবন্য— বাই তোমাৰ কোন আছে?

 কচু— মোৰ কপালে, লৰা ছোৱালীৰ মুখ ইজন্মত নেদেখিলো। নিঠৰুৱা মতা–তিৰোতা এহাল মাথোন।

 ককিলী— বৌদেউ। এতিয়াও ধুতি ভগা নাইনো কিয়?

[ ১৫ ]  লাবন্য— ভাত খোৱা নাই অচোন।

 ফেদেলী— আইৱই দেহি এতিয়াও নাই খোৱা আমাৰ হলে জিনো গ’ল।

 ককিলী— জা-জলপাণ আকা?

 লাবন্য— নাই একেবাৰেই ভাত খাম।

 ফেদেলী— আইঐ— মুখ শুকাই টেমিৰ মুৰ যেন হ’ল, কাৰ পোৱালীৰ মোল, কোনে বুজে দেহি! ইয়াত কিবা আছেনে— ভোক বুজি খুৱাবলৈ মন বুজি দিবলৈ?

 লাবন্য— নহয়; খাবৰ হে সময় হোৱা নাই।

 কচুখাতী— শাহু থকা বোৱাৰী— শাহুৱে নুমুকলিয়ালে কেনেকৈ মুখ মুকলি হয়?

 লাবন্য— মোৰ এতিয়া সহজ হৈছে। হওতে এইটো কৰা ভাল।

 ককিলী— আই-ঐ পেটৰ ভোক পেটতে মৰিল। শুহঁৰি খটা কালত দেহৰ, এমোত যায়।

 কচুখাতী— আই দেউ! মাত কথাৰ কিমান দুখ যাও হক বল; দিনৰ দিনতো তহঁতৰ কথা চোবালেও ভোক নুগুছে।

 লাবন্য— দুঃখ কষ্ট একো নাই। বাই ৰবা তামোল এডোখৰ খোৱা।

(বটা আনিবলৈ প্ৰস্থান)

[ ১৬ ]  ককিলী— বাইহত কি কৈছা; ভাতৰ দুঃখ মাতৰ দুঃখ আৰু বনৰো দুঃখ। গধুলি পুৱা হৰহামিছ মই দেখিছো নহয়। শাহুযেকে আৰু স্বৰ্ণই বৰ হেচ্‌টেপ্ কৰে। কিন্তু কপাল ভাল— তয় বুলিব নজনা ছোৱালী পাইছে। ঘৰ খনৰ বনো এওৰ মুৰতে— ভাৰস্তৰ গালিও এওৰ মুৰতে। ভাল মানুহৰ— তাতে বামুণৰ দেখি তিস্থিছে। আমি হোৱা হলে আইৰ ঘৰত জীযা বাঁৰী ভাত চোবালো হেতেন।

 কচু— বোপাই কান সাৰ নকৰে হবলা?

 ককিলী— বোপাই ভু পালেহে— তাতে আকৌ লাজত মুৰ ছিগে।

[লাবন্যৰ প্ৰবেশ।]

 লাবন্য— বাইহত তামোল ধৰা।

(তিনিকো তামোল দিয়ে)

 কচু— আমি এতিয়া উঠোহে!

 লাবন্য— ভাল যোৱা হক।

[প্ৰস্থান]

 

 
[ ১৭ ]
 

২য় অঙ্ক।

প্ৰথম গৰ্ভঙ্ক।

ঢেকি-শাল।

(লাবন্য, স্বৰ্ণ, মানিকী আৰু সুভদ্ৰা)

 লাবন্য— (অকলে, ধান এপাচি হেপোৰ টেপোৰ কৰি ধৰি)

কাকনো পাও, কাৰে সৈতে চোটাললৈ নিও।

 (স্বৰ্ণক অহা দেখি) আই দেউ! ধৰক চোন চোতাললৈ নিও।

 স্বৰ্ণ— বৰ বাপেকৰ ঘৰৰ নিকিনা বান্দী পালে ঔ। নেদেখিছা ভেমৰ জনী— গোটেই পানীকেচুৱা সুকুমল শৰীল— অকলৈ নিবই নোৱাৰে। একাহি একাহি ভাতনো কাৰ পেটলৈ যায়— ধান পাচিকে যে ডাঙ্গিব নোৱাৰা। আচল কথা কেনেবাকৈ ফুল সৰিব। নসৰে, নসৰে নিয়া। ময় উঘাটো নিবলৈ আহিছো।

 লাবন্য— বলে নোৱাৰো গতিকে মাতিছো। বেজাৰ কৰিছে কেলৈ? (খৰাহিৰে এখৰাহি এখৰাহি কৈ নিয়ে)

 স্বৰ্ণ— ও বৌ! তোৰ বোৱাৰীৰ কথা শুনহি চোন, ভোৰ-ভোৰাই, গোৰ-গোৰাই মোক যত খিনি বুলিছে। বৌ-ঔ, ময় হেনো শাকিনী, হুতাসিনী, বহি বহি, [ ১৮ ] খাবলৈ মেম চাহেবনী হৈছো। ঔ-আ-ই, এনে খন মুখ-সাত কুৰা অগ্নি দিলেও নেপোৰে-ঔ। আহচোন বৌ, আহ-ঐ, মোৰ শপত শুনি যাহি চোন।

 লাবন্য— দুটি ভৰিত ধৰিছো; আই দেউ মনে মনে যাওক ময় একো বেয়া কথা কোৱা নাই।

[মানিকীৰ প্ৰবেশ।]

 স্বৰ্ণ— (মাক অহাৰ গম পায়) কিয় মনে মনে থাকিব লাগে হঁয়? কিয় মনে মনে থাকিব লাগে? মোৰ জাত, মোৰ কঠীয়া, বেয়া? মোৰ দেউতা দুখীয়া নিচলা পাজি চায় ভাত খায়? তোৰ বাপেৰ মৌজাদাৰ— ধাৰত টিকা টেক্‌টেকীয়া? আই দন্দুৰী তেওৰ দৰে ময়ো? তোৰ মাৰ ভাল, তয়ো ভাল— ভাল ভালৰ ভাওৱে নেথাক কিয়? মোৰ সাত পুৰুষৰ ঘালি বাচি থাকিবি, আই-বোপাইৰ মুৰত থপিয়াই থপিয়াই ভৰণ দিবি? ময় হলে মনে মনে থাকিব লাগে? নেদেখিছা; এনে ৰজাৰ জিয়ৰী ৰজালৈ পৰিছে— ৰাজ মাও ৰাজ পটেশ্বৰী হৈছে? মুখত যিহকে আহে তাকে বুলিব; তুমি হলে মনে মনে থাকা? উ-উ ভাল ন’গৈ গৰগাঁওত জগৰ লগালো; উস্ বৌ তেহেলৈ যোৱা বুলিলো।

 লাবন্য— মানিকি! ধৰ চোন তয়ে ময়ে নিও।

 স্বৰ্ণ— (চকুৰ টেপ্ দি) কেই জনী মান বা লগত বেটী আনিছে।

[ ১৯ ]  মানিকী— বৌ। মোৰ আঙ্গুলিটো, কাটিলে নোৱাৰো।

 সুভদ্ৰা— (ভিতৰৰ পৰা) স্বৰ্ণ। স্বৰ্ণ। কি হ’ল।

(প্ৰৱেশ)

 স্বৰ্ণ— কি হবলৈ আছে, তোৰ বোৱাৰীৰ খিতাপ চা। বন কৰোতে সাত জনী মান লিগিৰা আল ধৰিবলৈ লাগে। মোক বন পাচিবলৈ মাতিছিল। ময় আকৌ নোৱাৰো বুলিলো। গোটেই জনী দেখোন জাঙ্গোৰ খাই উঠিল।

 সুভদ্ৰা— মোৰ ঘৰত কি ৰাজৰানী উলালিহি। মোৰ ছোৱালীক গালি পাৰিবলৈ তই কোন? আমি বেয়া মানুহ নে ভাল তয় মুৰ খজুৱাইছ কিয়? টোকোনা আনোতে এই; লগত বেটী বান্দী থকা এজনী অনা হোৱা হলে তাই কি জনি আমাৰ সতে নেউচা দিও নেৰিলি হেতেন।

 লাবন্য— আই ময় একো বোলা নাই।

 স্বৰ্ণ— বাৰু ঔ ভাল মিছা কথা কব পাৰে। বৌ মানিকীক শোধ চোন।

 সুভদ্ৰা— ময় কি নজনা মানুহ জনী এইৰ মুখখন কম নহয়। এই বেটী মোৰ ছোৱালীৱে মিছাতে কান্দিছে। স্বৰ্ণই তোৰ ভাগৰ [ ২০ ] ভাতগাল কাঢ়ি খাইছে, তহঁতৰ ঘৰৰ পানী খোৱা নাদত বিহ ঢালিছে নহয় বাৰু? সেই গুণে তোৰ কথা মিছাকৈ লগাইছে? নহয় বাৰু? খেকাৰ খাঁতি, বান্দি, গোলামৰ কথীয়া, ইমানতে ইমান পালিহি? গছকিব লাগেনে?

 লাবন্য— যিহকে মন যায় তাকে কৰক।

 সুভদ্ৰা— আকৌ মোৰে সৈতেও মুখ চুপতি। মই তোৰ সমনীয়া তোৰ জোৰৰনে ফেবৰ? মাৰে মাথোন দন কৰিবলৈ শিকাই পঠিয়ালে? কামৰ ফালে কুটা এগছিও চিঙ্গিবৰ যোগ্য নহয়। ধোদৰ পচলা মাত্ৰ বহি শুই খাবলৈ আহিছ। বন এখনলৈ পাছিলে সাত খন দন কৰিবি। ডুমুনী দন কৰিবৰ হলে ডোমৰ গাৱঁলৈ যা। তাতহে তোৰ জোখাৰে মানুহ পাবি। বাৰু, আজি বোপা আহক ইয়াৰ মান পাবি। গুচ্‌ ডুমুনী আগৰ পৰা গুচ্।

 লাবন্য— (গুচি যায়)

 সুভদ্ৰা— ব’ল আই— এইজনীৰে কিমান দন কৰিবি।

 স্বৰ্ণ— মোক কেলৈ?

 সুভদ্ৰা— আহ জলপান দুটামান খাইহি। আজি ভাত হওতে বেলি হব। (স্বৰ্ণক হাতত ধৰিলৈ প্ৰস্থান)

[ ২১ ]  মানিকী— ময়ো যাওঁ; আইদেউৰ লগতে এটেপা সৰকাব লাগে। বৌদেউ বোৱাৰী ছোৱালী- নেখালেও খাওৰিব পাৰে।

২য় গৰ্ভাঙ্ক।

শোৱনী ঘৰ।

চন্দ্ৰ কমল আৰু লাবন্য।

 লাবন্য— (চুকত বহি মনে মনে চকুলো টুকি থাকে)

 চন্দ্ৰকমল— ( কাছাৰীৰ পৰা আহি, স্বগত) কুঠৰি! তয় অকলে অকলে আছ? তোৰ জেউতি তোৰ শিতলতা কলৈ পঠিৱাবি? তয় ভূ নেপাৱ হ’বলা ময় এফালৰ পৰা আহি তোৰ উদঙ্গ বুকু দেখিলে কিমান শন্তাপ পাওঁ মোৰ দুখ-তাপ, কোনে শোহে, ময়ো বা এতিয়া কাৰ মুখলৈ চাই হিয়া শীতলাও। আকৌনো এই তপত হিয়া তপতে তপতেলৈ কেনেকৈ বাজ ওলাওঁ। তয় কাঠ বাঁহৰ ঘৰ এটা, মোৰ মনৰ ভাব, মোৰ দুখ তয় কিয় পতিৱাবি? আইৱে নুবুজে। তেঁওক লাগে মাথোন কাম! (ঘৰি চায়) উ ৰাম দুটা বাজিল? এতিয়াই বনৰ পৰা হাত [ ২২ ] এৰুৱাৰ পৰা নাই বোধ কৰো ভাতো খাবলৈ পোৱা নাই! ভাত পানী খাই হওঁতে যিমান পাৰে বন বাৰি কৰি থাওক— যদিহে খাবলৈ পোৱা নাই বৰ দুঃখৰ কথা। (লাব্যন্যক দেখি) অ’ মোৰ লাহৰী; সোণ চিকুনৰ চিকুনে— প্ৰেম নৈতনো দুবিবলৈ শিকিছে, তুমি দুব মাৰি লুকুৱা মই বিছাৰি উলিয়াম। বেচ্, বেচ্ মোৰ মইনানে কোন— লাহৰিনে কোন— কুক— ভা (ওচৰ চাপি) ময় কলেজত পঢ়োতে কল্পনা ঘৰত যিটি প্ৰেমৰ পুতলা দেখিছিলো তুমিৱেই সেইটি। কি,— ইকি! হৰ্ষত বিষাদ, জোনাকত এন্ধাৰ, অমৃতত বিহ, কুসুমত কীট, সৰ্ব্বনাশ দেখোন কান্দিছে। লাহৰী— সোণ! চুলিবোৰ চিঙ্গিলা কেলৈ? কি হল নোকোৱানো কিৱ? (হাতেৰে ধৰি আনি বিচনাত বহে) কি হ’ল মইনা। কিয় কান্দিছা?

 লাবন্য— এনেৱে।

 চন্দ্ৰ— কোৱাচোন বাৰু, কিনো হ’ল?

 লাবন্য— নাই একো হোৱা নাই।

 চন্দ্ৰ— তেনেহলে কান্দিছা কিয়?

 লাবন্য— নেমাতে।

 চন্দ্ৰ— মোৰ আগত নোকোৱা নহয়নে?

 লাবন্য— কিনো ক’ম?

 চন্দ্ৰ— কেলৈ কান্দিছা।

[ ২৩ ]  লাবন্য— আপুনিনো বাৰু কাছাৰিৰ পৰা কিয় অসময়ত ওলালহি?

 চন্দ্ৰ— অহাত বেজাৰ পালানে কি?

 লাবন্য— (ভৰি চুই) নহয়-নহয়; তেনে কথা নকব।

 চন্দ্ৰ— তেনেহলে কিয় শুধিলা?

 লাবন্য— আনখন নাহে গুণে।

 চন্দ্ৰ— মুচলমানৰ আজি পৰব দিন কাছাৰি ছুতি হ’ল। বাৰু কান্দিছা কিয়?

 লাবন্য— এৰা কিবা বেজাৰ লাগি।

 চন্দ্ৰ— বেজাৰ লাগিলে, তোমালোকে কান্দা বুলি ময়ো ভূ-পাও?

 লাবন্য— কিবা কথা মনত পৰি।

 চন্দ্ৰ— কি কথা!

 লাবন্য— নেমাতে।

 চন্দ্ৰ— তোমালোকৰ ঘৰলৈ মনত পৰি নহয়নে?

 লাবন্য— হয় যেনিবা।

 চন্দ্ৰ— বৰ কথাটো, তাকে নোকোৱা। ভাত খালানে?

 লাবন্য— নৌখাও।

 চন্দ্ৰ— জলপান-পাতি আকা?

 লাবন্য— আপোনাকনো সেই বিলাক কথা কেলৈ; আমি তিৰোতা মানুহ যেতিয়া আমাৰ হাততে খোৱা বস্তু আতাই বিলাক। খালেও খালো, নেখালেওনাই

[ ২৪ ]  চন্দ্ৰ— মইজানো শুধিব নেপায়?

 লাবন্য— শুধিলে ভাল কৰিলে।

 চন্দ্ৰ— সজ, সজ, আজিৰ পৰা নোশোধো বাৰু।

 লাবন্য— ময় ভিতৰলৈ যাওঁ কাম অলপমান বাকী আছে।

 চন্দ্ৰ— বাৰু; যোৱা।

[লাবন্যৰ প্ৰস্থান]

 চন্দ্ৰ— (অকলে) একো খোৱানাই— তাৰ চিন মুখ খনতে ওলাই আছে। পেটৰ ভোকত মাকলৈ মনত পৰি কান্দিছিল। লাজতেহে একো ভাঙ্গি নকলে। ময ভাল লোকৰ ছোৱালী জনীক নৰকৰ যাতনা ভেগোৱাবলৈ বিয়া কৰালো! আইয়ে পেটৰ পোৱলী যেন দেখা উচিত। কিন্তু কি হব আমাৰ এই বুঢ়া তৰপ থাকে মানে আশা কৰা মিছা। বোৱাৰী আৰু বেটীৰ বিশেষ প্ৰভেদ একো নাই। শাহুৰ মনত বোৱাৰী লোৰে গঢ়া— বনতো ভাগৰ নাই, আৰু পেটতো ভোকনাই- পুৱাৰ পৰা নিশালৈ লেকেৰ লেকেৰ কৰিয়েই ফুৰিব। দেউতা আৰু আইৰ বৰ্ত্তমানত ময় ভবা চিন্তা কৰা মিছা। আইৰে দন নকৰিলে দেউতাৰে বেলেগ নহলে স্বপ্নতো তিৰোতাক সুখ দিব নোৱাৰো। অতএব মনে মনে গুছি নগই কি কৰিম। যদি আইক ভাল মুখে [ ২৫ ] বুজনী দিও বেয়া ভাবে বুজি উঠিব। যাঁও যি হয় হওক— কিনো কৰো উপায় নাই।

[প্ৰস্থান]

লাবন্যৰ পুনঃ প্ৰবেশ

 লাবন্য— গ’লগৈ। তামোল আনি নেপালোহি। যাওক— হওতে এক ৰকম ভালেই হ’ল। আইদেউৱে বোলে ঠেহপাতি শুইছেগৈ। আইৱে তেঁওৰ ঠেহ ভাঙ্গি ভাত খুৱাবলৈ কৈছে। মাতিবলৈ যাওতে যদি আকৌ দন পাতে তেখেতে শুনিলে হেতেন। এতিয়া ঘৰ খনৰ ভিতৰত সজ মুখে মাতোঁতা এজন পাইছো তেতিয়া সেই জনৰ কি জানি ভাল মাত নেপোৱা হওঁ। অবশ্যে নাপাবৰ কথাই— নিজৰ যদি মাক ভনীৱেকে সৈতে দন কৰিছো বুলি বুজে, তেন্তে দন্দুৰী বুলি ঘিন নকৰিব কিয, যাঁও, আইদেউক মাতি, ভাত খুৱাঁওগৈ।

 বাৰু; মোকনো নেমাতে কিয়? মযনো ঠেহ নেপাতো কিয়? অ’ নহয়— যাৰ নিমিত্তে মই মাতক মাত বোলা নাই, দুঃখক দুঃখ বোলা নাই— বনতো ভাগৰ নাই, তেখেতৰ সন্তোষৰ নিমিত্তে— তেখেতক ভাল পোৱাবৰ নিমিত্তে— যাওঁ মাতোগৈ। মোৰ তেখেত আছে— তেখেতৰ মৰম আছে— আৰু কি লাগে।

(প্ৰস্থান)

 

 
[ ২৬ ]

তৃতীয় গৰ্ভাঙ্ক।

স্বৰ্ণৰ ৰোহঘৰ।
শোৱা পাটি।
(স্বৰ্ণ শুই থাকে)

 লাবন্য— আইদেউ! ভাত খাবৰ হল, উঠক।

 স্বৰ্ণ— নেমাতে।

 লাবন্য— (ভৰিত হেচুকি) আইদেউ! আইদেউ। ভাত বাঢ়িলে; উঠক। ময় যদি কিবা দোষ কৰিলো ক্ষমা কৰক। আইদেউ। উঠক।

 স্বৰ্ণ— ঔ আই। মোৰ ভৰিটোত পাৰেমানে চিকুতিছেহি উস। উস। এই বখলা এই বখলা তেনেই চিঙ্গি নিলে। ঔ বৌ। তোৰ বোৱাৰীৱেৰে মোৰ ভৰিটো খালে। আতৰাই নেইহি; মানুহজনীও খাই হে লাগে ময় মনে মনে শুই আছো তথাপি আহি ভুকুৱাইছে। মৰিলেও কি জানি যমৰ দেশলৈ এই জনীৱে মোক নেখেদাকৈ নেথাকে?

 লাবন্য— মাকৰ শপত আইদেউ। এইখন আকৌ নেপাতিব অইদেউ! উঠক ভাত খাবলৈ বলক

 স্বৰ্ণ— ঔ বৌ শুন-হি-চোন মাৰৰ মুৰখাতী, বাপেৰৰ মুৰখাতী বুলি মোক কি শাও দিছে। মোৰ হেনো ভাতে পেট নভৰে তহতৰ মুৰকেটা খালে তাৰ পাচত ভোক গুচিব।

[ ২৭ ]  সুভদ্ৰা— (বেগেৰে সোমাই আহি) হয়েঁ, অধৰমাৰ সঁচ, ডোম কথীয়াৰ সঁচ তোক মাতিবলৈ পথিৱালত যেনিবা ভাল মাতিছহি। তোৰ যদি ভাতে ভোক নুগুছে, মাৰ বাপেৰ, যত যি অঙ্গহি-বঙ্গহি, ভাই-ভনী আছে সকলোৰে মুৰ চোবাই আহ গৈ। মোৰ ছোৱালীক চিকুতিবলৈ, শাও দিবলৈ কি বৰ মতা ওলালিহি। এইৰ মুখৰ খন!, খাৰ কাঢ়িম।

 লাবন্য— (কান্দি কান্দি) আই ময় একো কৰা নাই। ভাত খাবলৈ জগাইছো মাথোন।

 স্বৰ্ণ— চা চোন বৌ! ভৰিত এইটো চিকুতাৰ চিন নহয় নে? (নিজে চিকুত মাৰি)

 সুভদ্ৰা— হয়েঁ বা, শাকিনি-কুলক্ষিণি, তয় মোৰ ঘৰ ভাঙ্গিবলৈ আহিলি এ। এনেজনী মানুহ খাঁতী তেৰেকা-ৰাক্ষসী ক’ত দেখিছা— ঔ কত শুনিছা— ঔ উস্ উস্। ভৰিটো তেনেই খালে। এবকতা বখলিয়াই পেলালে।

 লাবন্য— আই! ময় চিকুতা নাই।

 সুভদ্ৰা— হয়েঁ! মোৰ চকু ফুতিল নে? তোৰ চকুত যদি বেটী হাবিনীৱে মুতা নাই তেন্তে কচোন সেইটো কিহৰ চিন? দেখোতে নিমাতী— গু-খাৱৰ যম।

[ ২৮ ]  স্বৰ্ণ— তোৰ বোৱাৰী ভাল, মুখৰ মাতেই নাই অজলা ভোদা! পখৰা পাখৰীহঁতে মোক হে দন্দুৰী বোলে। কুকুৰৰ পো-জী-হঁতে মিছাতে চুকে-চুকে বহি হোৱা দিয়ে। ককিলি, ভাদৈ, ঘিন, নদাই কাৰ মেখেলা তলত মুৰ সুমাই আছ হঁক চাই যাহি চোন, কোন কেনে।

 সুভদ্ৰা— দূৰৈৰ পৰ্ব্বত শুৱনী সিহতে ভাল বুলিবতো এনেজনী, হুতাসিনী ধোৱাখুলি, শকচুৰ সাপিনী কাৰ ঘৰলৈ আনিছে। ঘৰৰ লক্ষী খেদালে, এইজনী আহিবৰ দিনধৰি মোৰ ঘৰত নো কি নহৈছে? পাৰ দোজোৰৰ কনি ঘোলা পৰে; কুকুৰজনীৰ পোৱালি এটা মৰে; আন কি বুঢ়ী ছাগলী জনীৰো সেই হেন পোৱালিটো শিয়ালে নিলে। আহ-আই দন কৰিলে ভোক গুচিব নে। ভাত দুটামান খাওঁগৈ-আহ।

(স্বৰ্ণক লৈ যায়)

 লাবন্য— (স্বগতঃ) তাহানিৰ সাধু কথাৰ শাকিনীতেজা ময়ে নে কি? কপালৰ ঘাম ওৰনীৰে মছি বন কৰিছো, তথাপি ভাল মুখে নেমাতে। ময় আহিবৰ পৰা ঘৰতো উৎপাৎ হানী বিঘিনী হৈছে। হবলৈ বা আৰু কি বাকী আছে? তাক পৰম ঈশ্বৰে জানে। এতেকে প্ৰভু মোক মাৰি নিয়া— ঘৰ খনৰ সুখ হওক। অ’— তামোল কাটিবলৈ আছেই, যাও ইয়াত সোমাই থাকিলে, আকৌ, গালি খাব লাগিব।

[ ২৯ ]

মানিকীৰ প্ৰবেশ।

 মানিকী— বৌ দেউ! আইয়ে মাতিছে।

 লাবন্য— ব’ল, গৈছো। আইদেউৱে ভাত খাইছেনে?

 মানিকী— খাই উঠিব এতিয়া।

 লাবন্য— তয় খালি নে?

 মানিকী— মোৰ দুসাজি পৰিল, দেউতা সকল লগত ভাত, তাৰ আগেৱে আই দেউৱে সৈতে জলপান।

 লাবন্য— মোলৈ বহুত ভাত বাঢ়ে অনাহকত পেলনি যায। ভোক লাগিছে যদি ভাত দেগৈ; আকৌ খাবি।

(দুইৰো অগা পিচাকৈ প্ৰস্থান)

 

 

চতুৰ্থ গৰ্ভাঙ্ক।

ভাত খোৱা মজিয়া।
[সুভদ্ৰা আৰু স্বৰ্ণই চৰিৱাত মুখ ধোৱে।]

 সুভদ্ৰা— স্বৰ্ণ! চৰুৰ পৰা ভাত নুলিৱালেও হব। তোৰ পাটৰ গাল, বোপাৰ পাটৰ সেই গাল মোৰ পাটৰ এই গালকে ভৰাওক হে। আঞ্জাও সেই বাতিটোৰ বাতিয়েই হব। নহলেও চৰুতো নাই।

 স্বৰ্ণ— আঁতিব; ময় গোটাও, তুমি মুখোধোৱা।

(গোটায়)

[ ৩০ ]  সুভদ্ৰা— মানিকীক পাচ, পটেশ্বৰীক মাতি আনক।

 স্বৰ্ণ— নেলাগে মাতিব। খায় যদি খাওক হি। অ’ সৌৱা— মানিকীৰে সৈতে আহিছে।

[মানিকী আৰু লাবন্যৰ প্ৰবেশ]

 সুভদ্ৰা— (বোৱাৰীয়েকক চায়) কাঁহিতে মাৰৰ মুৰ, বাতিত বাপেৰৰ লাওখোলা— দন হাই কৰি দাহ মাৰ। খাবৰ সময়ত মাতিব নেলাগে বনৰ সময়ত বৰ চাঙ্গত উঠ গৈ?

 স্বৰ্ণ— পৈ সুৱাগী মানুহৰ দস্তুৰ্ৰো এনে। ভিতৰত সোমায় ফোত লব, এবাৰ আৰ্সি চাব, এবাৰ মুৰ আচুৰিব আকৌ লাহ আহিছে নে নাই তাকে চাব তেহে যদি ভাল পায়।

 সুভদ্ৰা— ভাত চাঙ্গি ভৰাই যি কৰে কৰি থাওকগৈ। আমাক কেলৈ লাগিছে লৰাই লাই দিছে, গুণেহে চল পাই চাপৰি বাইছে। নহলে মোৰ মুখে মুখে কথা কবলৈ সাহ পায়!

 স্বৰ্ণ— আহা বৌ! আমি ইয়াত থাকিলে আকৌ দন লাগিব। অগেৱে আতৰ হওঁ।

 সুভদ্ৰা— ভাতে আঁতে নাঁতে চাচোন। ময় ওৰে দিন ধুতি হই থাকিব নোৱাৰো।

 লাবন্য— আঁতিব; বিধুতি হওকগৈ।

[ ৩১ ]  সুভদ্ৰা— উস! তোমাৰ মাত সাৰতো দাম আছেনে কি?

 স্বৰ্ণ— হেজাৰ টকা— আই যাও

(দুইৰো প্ৰস্থান)

 লাবন্য— মানিকী! পাট ললিনে?

 মানিকী— লৈছো বৌ— সৰহকৈ নিদিব বৰ ভোক নাই।

 লাবন্য— (কাঁহি খনৰ এফাল ভাত বাঢ়ি দিয়ে) বাকী ফাল চৰিয়াত বাকে।

 মানিকী— কি কৰিলে, চৰিয়াত ভৰালে দেখোন?

 লাবন্য— খাবৰ মন যোৱা নাই; আই বোপাইৰ মুৰ বুলিলে দেখি বিক্‌ছিনা লাগিছে।

 মানিকী— আঞ্জা দিয়ক।

 লাবন্য— নিছো (বাতিৰে বাকি দিয়ে)

 মানিকী— গোটেই অকন মান— মাছ পাছলি একো নাই; শুদা পানী টোপা মাথোন।

 লাবন্য— যি আছিল, তেনেই দিছে।

 মানিকী— বৌ! ময় এইগাল ভাত খাব নোৱাৰো, আকৌ সনা পেটেকা— ঘিন লাগিছে। পেলাই দিও গৈ। (লৈ লৰমাৰে)

 লাবন্য— যি কৰ, কৰ।

[ ৩২ ]

সুভদ্ৰাৰ প্ৰাবশ!

 সুভদ্ৰা— উশাহতে ভাত গিলিলিনে? (চায়) অ’ চৰিয়াত বাকিলি। হেঁয়েৰা, চাজ মুৰি! তোৰ বাপেৰৰ ঘৰত গুটি গছি কেই জোৰ ভৰাল আছে— এই দৰে চৰিয়াই-চৰিয়াই চুৱনীত পেলাবলৈ! যদি খাবৰ মন নাছিল, আগয়ে নকলি কিয়। চৰুৰ ভাত চৰুতে থাকিল হেতেন আমাৰ কিবা খাওতা নাইকিয়া হইছেনে!

 লাবন্য— আই! মোৰ খাবৰ মন আছিল। খালো হেতেন।

 সুভদ্ৰা— পাচে পাচে, বাপেৰ মৰা বাতৰি পালি হবলা, নাই পৈযেৰে সৈতে শোৱনী ঘৰত চৰু জুৰিব খুজিছ!

 লাবন্য— নহয় আই! দেউতাৰ মুৰ বোলাত, খাবৰ মন নগল।

 সুভদ্ৰা— উস্! এতিয়াহে মৰিলোঁ— বৰ জগৰ লগালোঁ— উ! মাত মাতি এইৰ আগত সাৰিব নোৱাৰি সচা। আহ ফালিব ঔ, এখন ঘৰ দুখন কৰিব ঐ। এই বান্দি! মুৰ বোলা মাত্ৰকে জানো ভাত গাল মুৰ হল।

 লাবন্য— নহলেও,— বিক্‌ছিনা লাগিল আই!

 সুভদ্ৰা— পথালী চকুৱা মনিষ্ বুলিলেই নীচ্।

[ ৩৩ ] তহতৰ নিচিন দেব দেবীৰ আওভাও বুজ নেপাও। কথা ক’লেই বিক্‌ছিনা লাগে,— এতিয়া কাৰ গাৰি ডোখৰ খাই থাক থাক।

 লাবন্য— মোক একো নেলাগে। পদজল অকন দিয়ক (লবলৈ যায়)।

 সুভদ্ৰা— ভাত নোখোৱা মানুহক— কিহৰ পদজল লাগে [উছাহ মাৰি গুচি যায়]

 লাবন্য— পিয়াহ লাগিছে— পানী খাবলৈ মুখ মুকলি কৰিব নোৱৰা হলো। বৌযে কৈছে শাহুৱেৰৰ পদজল নেলোৱাকৈ একো নেখাবি। থাওক নেখাও চুযাধো। অ’ নহয়— ৰ’দ থাকোতে চুৰিয়া কেখন মেলি আহো।

[প্ৰস্থান]

তৃতীয় অঙ্ক।

১ম গৰ্ভঙ্ক।

পিতাম্বৰৰ তামুলি চৰা।
লাবন্য লতা আৰু প্ৰেম লতা।

 প্ৰেম— আই অ’। তোক পৰে শলগা শুনো। শাহুৱেৰ আৰু ননন্দৰ হতে ভাল নেপায় কিয়!

 লাবন্য— বৌ! তোমাৰ আগত ভাল নেপায় বুলি কোনে কলে!

[ ৩৪ ]  প্ৰেম— মোৰ মুৰ খাঁতি। মোকো ভাৰিব খোজ। সেই খন ঘৰহে তোৰ আপোন হল; মাৰৰ আগতো সুখ দুখৰ কথা নোকোয়া হলি।

 লাবন্য— নহয়, বৌ! ভাল পাব। এতিয়াও ময় তেঁওলোকৰ ফুটত উঠিব পৰা নাই— তেঁওলোকৰ আও-ভাও শিকি বন-বাৰিত সন্তোষ লগাব পৰা নাই! সেই দেখি, খং বিষ কৰে, গালি শপনি পাৰে। যেতিয়া ভালকৈ ঘৰ খনৰ কাম চলাব পৰা হম তেতিয়া আৰু কোনে বেয়া পাব।

 প্ৰেম— ভাল কৈছা মোৰ আই লাহৰি। তুমি বাৰে শতুৰৰ লগতো মিলি খাব পাৰিবা। শাহ-শহুৰ পৰ নহয় তেঁওলোক আমাতকৈও আপোন, মিলিব পাৰিলেই, হল। ময় তোক পোনতে চিনিব নোৱাৰিলো। আগৰ বৰণ, তেজ আৰু মুখত আগৰ নিচিনা হাঁহি নাই। কিবা শকত নৰিয়া পৰিছিলিনে কি?

 লাবন্য— নাই পৰা বৌ; পৰা হলে তোমালোকে বাতৰি নেপাই থাকানে?

 প্ৰেম— তেনেহলেননো কিয় এনে চিনিব নোৱৰা হলি।

 লাবন্য— জানো কব নোৱাৰো।

 প্ৰেম— (অলপ পৰ ভাবি) তেনেহলে শাহুৱাই বৰ দুখ দিছে।

[ ৩৫ ]  লাবন্য—জানো কি দুখ সুখৰ কথা কৈছা মই ভূ নেপাও। বন কৰো ভাত খাও ইমানেই।

 প্ৰেম-ৰাতি পুৱা কিমান বেলিত উঠা?

 লাবন্য—কাউৰী অহোতেই উঠি গা ধোও।

 প্ৰেম—তাৰ পাচত কি কৰা?

 লাবন্য—বাহিবন, চোতাল-মাৰল সঁৰা, গোঁসাই বন, শাক পাচলী কুটা, গা ধুবলৈ পানী দিয়া, তামোল চালি কটা, ধানবনা আদি কিমান লেখ দিম।

 প্ৰেম-অকলে কৰিব লাগে নে?

 লাবন্য—অকলে কৰি ফুৰোঁ কেতিয়াবা মানিকী বোলা ছোৱালী জনীৱে বাজ বন দুখন এখনত হাত দিয়ে।

 প্ৰেম-ননন্দৰক নেমাত কিয়; তেওনো কি কৰে?

 লাবন্য-মাতিবলৈ ভয় লাগে, মাতিলেই চিয়ৰ বাখৰ কৰি দন লগায়।

 প্ৰেম-ৰাতি সোৱ কেতিয়া?

 লাবন্য-ৰাতি দুপৰ মানত আজৰি হই শুবলৈ যাঁও। ৰন্ধা বঢ়া পলম কৰে গুণে ৰাতি হয়।

 প্ৰেম-অ’ শুনিছেনে আজলী জীৱেৰৰ কথা। সুখ দুখ ভূ নেপায় বদনাম নকয়, ইপিনে দেহৰ অবস্থা হৈছে এইটো।

[ ৩৬ ]  পিতাম্বৰ-ছোৱালীৱে কৰিব পাৰেমানে সহিব পাৰেমানে ভাল। কি কৰিবা আমাৰ কিবা উপায় আছে নে? মোৰ জ্ঞানী ছোৱালী বনক বন নুবুলি কথাক কথা নুবুলি ভাল কৰিছে। (ভিতৰৰ পৰা ওলাই আহোতে)

 প্ৰেম-ভাল কৰিছে ময়ো বুলিছে। কিন্তু, এটা কথা, আগৰ লাবন্য এতিযা নাই আগৰ মূখ নাই, আগৰ তেজ মঙ্গহ নাই চকুৰ গুৰি কলা পৰিল। বৰ নৰীয়াৰ পৰা উঠিলেও মানুহৰ এনে নহয়।

 পিতাম্বৰ- সিহঁতৰ যি ইচ্ছা তাকে কৰক। তুমি নপথিৱাও বুলিছানে কি?

 প্ৰেম -নহয়, আগৰ তেজ মঙ্গহ চাপে মানে ৰাখিম বুলি ভাবিছো। ছোৱালীৱেও মন মুকলিকৈ দুদিন মান জুৰাওক।

 পিতা–বিহুলৈ অনাইছো; অতি টানে ১০ দিন, তাতকৈ বেচী কাৰিলে হিতে বিপৰীত হব পাৰে।

 প্ৰেম-এৰা হওতে; এ বোপা আহিব বুলিছিল নহয়?

 পিতা—কোন বোপা?

 প্ৰেম—জোৱাই লৰা-

 পিতা—অ’ হয়। আৰু সাত দিনৰ মুৰত চৰকাৰী লেঠালৈ আহিব।

[ ৩৭ ]  প্ৰেম-বিয়নীলৈ তেঁওৰ আগতে কাবৌ কৰি পঠাম।

 পিতা—সেই কথাৰে গা-নুজুৰায়; আজি কালি হৈছে দেশ দস্তুৰ-- ছোৱালীৰ লগত ভালেমান বস্তু দিব লাগে, মিতিৰলৈ ঘনাই টোপোলা বান্ধিব লাগে, তেহে ছোৱালীক ভাল পায়, মৰম ব্যথা কৰে, আৰু আমাৰ মূৰো টপা নহয়। তাকে কৰিব নোৱাৰিলে আমাৰ চুলি সৰায়। ছোৱালীৱে এহাতে চকুলো টোকে এহাতে ভাত খায়। আমাৰ ফালেও সেই কথা, নহলে মোৰ ছোৱালীৱে কি বন নেজানে-বোৱা কটা পাৰে, ভজা পোৰা পাৰে, বাজৰ কামতো পৈনত। ৰূপে গুণেনো কি নিন্দাবা, মুখৰ মাত নাই, দন কাক বোলে ভু নেপোয়, লোকৰ দৰে উখৰা প্ৰকিতিৰো নহয়।

 প্ৰেম—আপুনি ভাল কথা কৈছে?

 পিতা-ময়জানো কেচুৱা লৰা-সিহতৰ ঘৰত সিবাৰ যাওতেই কোন কেনে তলা-নলা লৈ আহিলো, মিতিৰে নুবুজে—কি কৰিম? ময় জানো পৰা পক্ষত ছোৱালীৰ লগত সৰহকৈ নিদিও?

 লাবন্য—ভাল কথা কৈছে দেউতা। মোক একো দিব নেলাগে। যি দিছে সেইৱে সৰহ; কপালত আছে হব, নহলে নাই।

[ ৩৮ ]  প্ৰেম-তোৰ যে দুখ হব লগা হ’ল?

 লাবন্য -মোৰ চিৰকাল দুখতে বা সুখতে যাবনে? ময় যদি কাকো বিহ নিবিকোঁ, তেনেহলে সুখ দিওতাই অৱশ্যে মোলৈ নেপাহৰে। আৰু পবিত্ৰ ভাৱে পবিত্ৰ কাম-গুৰু জনৰ সেৱা শুশ্ৰুষা কৰি মোৰ যি আনন্দ তাক আনে ক’ত পায়?

 পিতা-সজ! সজ! মোৰ আইনে কোন! মোৰ সৰল আশীৰ্ব্বাদ আই তোৰ সুখ উভয়-নদী হব।

 লাবন্য—মোৰ নিমিত্তে তোমালকৰ সেৱে বহুত।

 প্ৰেম—বুজিছেনে, টেপৰীক এদিন মতাই আনক কিন্তু বোপা অহাৰ আগতে লাগে।

 পিতা—অহুদি কৰো বুলিছানে?

 প্ৰেম-এনেকথা কিয় কয।

 পিতা--বাৰু তেন্তে।

 প্ৰেম-বল আই আমি তাঁতত লাগোগৈ।

⸻:০:⸻
২য় গৰ্ভাঙ্ক।
পিতাম্বৰৰ চৰাৰ কুঠৰি।
টেপৰি আৰু চন্দ্ৰ কমল।
( চন্দ্ৰ কমল বিছনাত পৰি ধপাত খায় )
টেপৰীৰ প্ৰবেশ।

টেপৰি—বোপা কাহানি আহিল?
চন্দ্ৰ—আজি আহিলো। তুমি ইয়াতে থাকানে?

[ ৩৯ ]  টেপৰী-নেথাকো। মােৰ ঘৰ বেলেগ—তথাপি দিনে ৰাতিৱে ইয়াতে-থাকোহি।

 চন্দ্র-কিয় আহিলা ?

 টেপৰী-আপােনাক চিনি নেপাও বােলো দেখা কৰি আহােগৈ । আৰু কথা এটা জনাব খুজিছো যদি খং নকৰে কঁও?

 চন্দ্র-কি কব খুজিছা কোৱাচোন।

 টেপৰী—মাকে আমাৰ আইদেউক আৰু দিন দিয়েক ৰাখিব খুজিছে।

 চন্দ্র-ৰাখক মােত কোনাে কথা নাই ।

 টেপৰী-বােপা মই বুঢ়ি বেটীৱে আৰু এফেৰা গোহাৰি কৰিলো হেতেন?

 চন্দ্র-কৈ থাকা।

 হওঁতে আমি সাহ কৰা অন্যায় যদি দোষ আৰু নিজ গুণে।

 চন্দ্ৰ-বাৰু আগেৱে কৈ যােৱা। পাচত যি হয় হব৷

 টেপৰী-আপুনি অনুগ্ৰহ কৰি ভিতৰুৱা কথা লৈ কাণ নহলে আমাৰ আইদেউ বছৰেক জীয়াই টান, মােৰ কথা মিছা সচা পতিয়াবৰ হলে আইদেউৰ চেহেৰাতে আজি চিন পাব।

 চন্দ্ৰ-কিয়নো সেই দৰে কলা?

[ ৪০ ]  টেপৰী—কিয় কলো বেটীক আৰু নুশুধিলেই ভাল। আপুনি নিচেই ন মানুহ ঘৰুৱা কথাৰ ধাৰ খোৱা নাই। দিন দিয়েক চকু দিলে মোৰ কথাৰ মূল উঘালিব পাৰিব। হওতে আমি ছোৱালী ভাল বুলি শলাগিব নেপায়।

 চন্দ্ৰ—আমাৰ ঘৰুৱা কথা তুমিনো কেনেকৈ জানিলা?

 টেপৰী-বেটীক সেইহে ক্ষেমিবলৈ কৈছিলো। চকু থকা মানুহে ছোৱালী দেখিৱেই আপোনা সকলৰ ভিতৰ চিনিলে। ভাল এতিয়া উঠো।

( প্ৰস্থান)

 চন্দ্ৰ— (স্বগত) ঘৰুৱা কথা যিবোৰ জানো তাতোকৈ বিশেষ কি আছে? চেহেৰা দেখিৱেই কিটো—ইহছে বুজিব পাৰিলে? চেহেৰাৰ কিনো এনে সলনি হৈছে? বুঢ়ীৰ কথা উৰাই পেলাব নোৱাৰি তদন্ত কৰা উচিত।

( লাবন্য প্ৰবেশ। )

 চন্দ্ৰ--কোন।

 লাবন্য-জুমি চালে পূৰ্ণিমাৰ জোন, হাতত জলে কেচাসোণ।

 চন্দ্ৰ-অ’ কাব্য কাননৰ কবিতা দেবীনে?

 লাবন্য- হয় জানিব কিন্তু, সুতাৰ তাকুৰিটো আপোনাৰ চোলা জেপট থাকিল গুণে মালা গাথিব নোৱাৰিলো।

[ ৪১ ]

চন্দ্ৰ—তুমি মোৰ শকুন্তলা বিদ্যা।
লাবন্য—আপুনি মোৰ দুষ্মন্ত, সুন্দৰ।
চন্দ্ৰ--তুমি শকুন্তলা আৰু বিদ্যাসুন্দৰ পঢ়িছা নে?
লাবন্য—আপোনাক কেলৈ।
চন্দ্ৰ--খাৰ খাবলৈ।
লাবন্য—তেন্তে পঢ়িছো।
চন্দ্ৰ-পঢ়িবলৈ কোনে শিকালে।
লাবন্য-দেউতাই।
চন্দ্ৰ—তেনেহলে ময় ভাল ভাল কিতাপ অনাই দিলো হেতেন, নেকোৱা কিয়?
লাবন্য-আপোনালোকৰ তাত পঢ়িবৰ মন নেযায়।
চন্দ্ৰ—কিয়?
লাবন্য—জানো কব নোৱাৰো।
চন্দ্ৰ- তেন্তে ইযাতে কিছুদিন থাকা।
লাবন্য—সৰহ দিন নেথাকো, আইৱে খং কৰিব তাতোকৈ আপুনি জানো ইয়াত থাকিব।
চন্দ্ৰ--ময় থাকিম কিয়?
লাবন্য—আপুনি নেথাকিলে মনেই ভাল নেলাগে কিবা উৰুঙ্গা উৰঙ্গা লাগে।
চন্দ্ৰ-তেনেহলে আমাৰ তাত ময় থাকিম নহয়?
লাবন্য -তাত হলে হাঁহিবৰ মাতিবৰ মন নেযায়।
চন্দ্ৰ-ইয়াত নেথাকা তাতে নপঢ়াগৈ কেনেকৈ। [ ৪২ ]  লাবন্য— সেই দেখি নেহাঁহিও থাকিব পাৰো।

 চন্দ্ৰ— তুমি মোক পৰ বুলি ভাবা আইহঁতে দুখ দিলেও মোৰ আগত নোকোৱা।

 লাবন্য— শ্ৰীবিষ্ণু কেতিয়াও পৰ নেভাবো। দুখ বা সুখৰ কথা কাকো কবলৈ মোৰ মন নেযাই; কাৰণ আপোন ভালেই জগত ভাল।

 চন্দ্ৰ— তোমাৰ নীতিৰ ওচৰত ময়ো ঘাটিলো।

 লাবন্য— মই ঘটুৱা নাই, আচল সচা কথাহে কৈছো।

 চন্দ্ৰ— অবশ্যে দুঃখ দিয়ে, নহলে তুমি ইয়াত ইমান কালত, সাদৰী, শুৱনী— তাত কঠুৱা যেন, হাহি নাই মুখৰ মাত নাইকিয়া। তোমাৰ কথা চাই তোমাক বৰ টেঙ্গৰী, নহলে বৰ হোজা যেই সেই এটা বুলিব পাৰো।

 লাবন্য— যেই নোবোলক, মোৰ মনে যিটো ধৰে যেনেকুৱা ভাবে হিয়াত পিৰ পিৰাই আৰু তিৰোতাৰ জ্ঞানৰে যিমান ঢুকি পাও তাকে কঁও।

 চন্দ্ৰ— সৰল মুখ চাই তোমাৰ কথা নপতিয়াই নোৱাৰো কিন্তু কাৰণ বিচাৰি নেপায় বিচুৰ্ত্তি খাও। ভাল মোক দুই ভৰি দুই নাও কৰি মাৰিছা।

 লাবন্য— (চন্দ্ৰৰ মুখত চোপা মাৰি ধৰি) সৰ্ব্বনাশ , সৰ্বনাশ, ভাল কথা মুখত আনিছে। এনে কথা কব পায় নে?

 

[ ৪৪ ]

অসমীয়া দাঁতোন৷
১৮৯৯ চনত আবিষ্কাৰ।

দাঁত ভালে ৰখা আৰু দাঁতলৰা, আলু বঢ়া,কলা দাঁতবিষোয়া আৰু তেজ পুজ ওলোয়া দাঁতৰ বেমাৰ আৰোগ্যকৰা দাতোন। যোয়া কি এই দাঁতোনে বহুতক উপকাৰ কৰা প্ৰমান পোৱা

মূল্য টেমাত •••
আধা দজন •• ২
দজন ••• •

⸻⸻
ঋতুকল্যান।

মাইকী মানুহৰ মাহিলি ঋতু হোৱাৰ অগত

বা ঋতুৰ সময়ত পেট কামুৰি যি ভয়ানক ক কৰে এই ওষধেই তাক সম্পূৰ্ণ ৰুপে আৰোগ্য মুল্য এটেমাত ১। ০৷

⸻⸻
ঋতু প্ৰবৰ্ত্তন।

মাহিলি ঋতু বন্ধ হৈ থাকিলে এই ঔষধ খালে পুনৰ ঋতুহয়। মুল্য এটেমাত ১৷০৷
ঠিকনা--
শ্ৰী নাৰায়ণ বৰুৱা,
হোমীওপ্যেথি ডাক্ত

পোঃ অঃ ন-কচাৰি, যোৰহাট

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )