পৃষ্ঠা:ন-বোৱাৰী.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১০]
ন-বোৱাৰী।

 ককিলী— বাইহত কি কৈছা; ভাতৰ দুঃখ মাতৰ দুঃখ আৰু বনৰো দুঃখ। গধুলি পুৱা হৰহামিছ মই দেখিছো নহয়। শাহুযেকে আৰু স্বৰ্ণই বৰ হেচ্‌টেপ্ কৰে। কিন্তু কপাল ভাল— তয় বুলিব নজনা ছোৱালী পাইছে। ঘৰ খনৰ বনো এওৰ মুৰতে— ভাৰস্তৰ গালিও এওৰ মুৰতে। ভাল মানুহৰ— তাতে বামুণৰ দেখি তিস্থিছে। আমি হোৱা হলে আইৰ ঘৰত জীযা বাঁৰী ভাত চোবালো হেতেন।

 কচু— বোপাই কান সাৰ নকৰে হবলা?

 ককিলী— বোপাই ভু পালেহে— তাতে আকৌ লাজত মুৰ ছিগে।

[লাবন্যৰ প্ৰবেশ। ]

 লাবন্য— বাইহত তামোল ধৰা।

(তিনিকো তামোল দিয়ে)

 কচু— আমি এতিয়া উঠোহে!

 লাবন্য— ভাল যোৱা হক।

[প্ৰস্থান]