পৃষ্ঠা:ন-বোৱাৰী.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১২]
ন-বোৱাৰী।

খাবলৈ মেম চাহেবনী হৈছো। ঔ-আ-ই, এনে খন মুখ-সাত কুৰা অগ্নি দিলেও নেপোৰে-ঔ। আহচোন বৌ, আহ-ঐ, মোৰ শপত শুনি যাহি চোন।

 লাবন্য— দুটি ভৰিত ধৰিছো; আই দেউ মনে মনে যাওক ময় একো বেয়া কথা কোৱা নাই।

[মানিকীৰ প্ৰবেশ। ]

 স্বৰ্ণ— (মাক অহাৰ গম পায়) কিয় মনে মনে থাকিব লাগে হঁয়? কিয় মনে মনে থাকিব লাগে? মোৰ জাত, মোৰ কঠীয়া, বেয়া? মোৰ দেউতা দুখীয়া নিচলা পাজি চায় ভাত খায়? তোৰ বাপেৰ মৌজাদাৰ— ধাৰত টিকা টেক্‌টেকীয়া? আই দন্দুৰী তেওৰ দৰে ময়ো? তোৰ মাৰ ভাল, তয়ো ভাল— ভাল ভালৰ ভাওৱে নেথাক কিয়? মোৰ সাত পুৰুষৰ ঘালি বাচি থাকিবি, আই-বোপাইৰ মুৰত থপিয়াই থপিয়াই ভৰণ দিবি? ময় হলে মনে মনে থাকিব লাগে? নেদেখিছা; এনে ৰজাৰ জিয়ৰী ৰজালৈ পৰিছে— ৰাজ মাও ৰাজ পটেশ্বৰী হৈছে? মুখত যিহকে আহে তাকে বুলিব; তুমি হলে মনে মনে থাকা? উ-উ ভাল ন’গৈ গৰগাঁওত জগৰ লগালো; উস্ বৌ তেহেলৈ যোৱা বুলিলো।

 লাবন্য— মানিকি! ধৰ চোন তয়ে ময়ে নিও।

 স্বৰ্ণ— (চকুৰ টেপ্ দি) কেই জনী মান বা লগত বেটী আনিছে।