পৃষ্ঠা:ন-বোৱাৰী.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
[১৩]
ন-বোৱাৰী।

 মানিকী— বৌ। মোৰ আঙ্গুলিটো, কাটিলে নোৱাৰো।

 সুভদ্ৰা— (ভিতৰৰ পৰা) স্বৰ্ণ। স্বৰ্ণ। কি হ’ল।

(প্ৰৱেশ)

 স্বৰ্ণ— কি হবলৈ আছে, তোৰ বোৱাৰীৰ খিতাপ চা। বন কৰোতে সাত জনী মান লিগিৰা আল ধৰিবলৈ লাগে। মোক বন পাচিবলৈ মাতিছিল। ময় আকৌ নোৱাৰো বুলিলো। গোটেই জনী দেখোন জাঙ্গোৰ খাই উঠিল।

 সুভদ্ৰা— মোৰ ঘৰত কি ৰাজৰানী উলালিহি। মোৰ ছোৱালীক গালি পাৰিবলৈ তই কোন? আমি বেয়া মানুহ নে ভাল তয় মুৰ খজুৱাইছ কিয়? টোকোনা আনোতে এই; লগত বেটী বান্দী থকা এজনী অনা হোৱা হলে তাই কি জনি আমাৰ সতে নেউচা দিও নেৰিলি হেতেন।

 লাবন্য— আই ময় একো বোলা নাই।

 স্বৰ্ণ— বাৰু ঔ ভাল মিছা কথা কব পাৰে। বৌ মানিকীক শোধ চোন।

 সুভদ্ৰা— ময় কি নজনা মানুহ জনী এইৰ মুখখন কম নহয়। এই বেটী মোৰ ছোৱালীৱে মিছাতে কান্দিছে। স্বৰ্ণই তোৰ ভাগৰ