পৃষ্ঠা:ন-বোৱাৰী.djvu/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[১৭]
ন-বোৱাৰী।

 লাবন্য— আপুনিনো বাৰু কাছাৰিৰ পৰা কিয় অসময়ত ওলালহি?

 চন্দ্ৰ— অহাত বেজাৰ পালানে কি?

 লাবন্য— (ভৰি চুই) নহয়-নহয়; তেনে কথা নকব।

 চন্দ্ৰ— তেনেহলে কিয় শুধিলা?

 লাবন্য— আনখন নাহে গুণে।

 চন্দ্ৰ— মুচলমানৰ আজি পৰব দিন কাছাৰি ছুতি হ’ল। বাৰু কান্দিছা কিয়?

 লাবন্য— এৰা কিবা বেজাৰ লাগি।

 চন্দ্ৰ— বেজাৰ লাগিলে, তোমালোকে কান্দা বুলি ময়ো ভূ-পাও?

 লাবন্য— কিবা কথা মনত পৰি।

 চন্দ্ৰ— কি কথা!

 লাবন্য— নেমাতে।

 চন্দ্ৰ— তোমালোকৰ ঘৰলৈ মনত পৰি নহয়নে?

 লাবন্য— হয় যেনিবা।

 চন্দ্ৰ— বৰ কথাটো, তাকে নোকোৱা। ভাত খালানে?

 লাবন্য— নৌখাও।

 চন্দ্ৰ— জলপান-পাতি আকা?

 লাবন্য— আপোনাকনো সেই বিলাক কথা কেলৈ; আমি তিৰোতা মানুহ যেতিয়া আমাৰ হাততে খোৱা বস্তু আতাই বিলাক। খালেও খালো, নেখালেওনাই