পৃষ্ঠা:ন-বোৱাৰী.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[১৯]
ন-বোৱাৰী

জনী দিও বেয়া ভাবে বুজি উঠিব। যাঁও যি হয় হওক— কিনো কৰো উপায় নাই।

[প্ৰস্থান]

লাবন্যৰ পুনঃ প্ৰবেশ

 লাবন্য— গ’লগৈ। তামোল আনি নেপালোহি। যাওক— হওতে এক ৰকম ভালেই হ’ল। আইদেউৱে বোলে ঠেহপাতি শুইছেগৈ। আইৱে তেঁওৰ ঠেহ ভাঙ্গি ভাত খুৱাবলৈ কৈছে। মাতিবলৈ যাওতে যদি আকৌ দন পাতে তেখেতে শুনিলে হেতেন। এতিয়া ঘৰ খনৰ ভিতৰত সজ মুখে মাতোঁতা এজন পাইছো তেতিয়া সেই জনৰ কি জানি ভাল মাত নেপোৱা হওঁ। অবশ্যে নাপাবৰ কথাই— নিজৰ যদি মাক ভনীৱেকে সৈতে দন কৰিছো বুলি বুজে, তেন্তে দন্দুৰী বুলি ঘিন নকৰিব কিয, যাঁও, আইদেউক মাতি, ভাত খুৱাঁওগৈ।

 বাৰু; মোকনো নেমাতে কিয়? মযনো ঠেহ নেপাতো কিয়? অ’ নহয়— যাৰ নিমিত্তে মই মাতক মাত বোলা নাই, দুঃখক দুঃখ বোলা নাই— বনতো ভাগৰ নাই, তেখেতৰ সন্তোষৰ নিমিত্তে— তেখেতক ভাল পোৱাবৰ নিমিত্তে— যাওঁ মাতোগৈ। মোৰ তেখেত আছে— তেখেতৰ মৰম আছে— আৰু কি লাগে।

(প্ৰস্থান)