পৃষ্ঠা:ন-বোৱাৰী.djvu/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[৩৩]
ন-বোৱাৰী

 টেপৰী-নেথাকো। মোৰ ঘৰ বেলেগ—তথাপি দিনে ৰাতিৱে ইয়াতে-থাকোহি।

 চন্দ্ৰ-কিয় আহিলা?

 টেপৰী-আপোনাক চিনি নেপাও বোলো দেখা কৰি আহোগৈ। আৰু কথা এটা জনাব খুজিছো যদি খং নকৰে কঁও?

 চন্দ্ৰ-কি কব খুজিছা কোৱাচোন।

 টেপৰী—মাকে আমাৰ আইদেউক আৰু দিন দিয়েক ৰাখিব খুজিছে।

 চন্দ্ৰ-ৰাখক মোত কোনো কথা নাই।

 টেপৰী-বোপা মই বুঢ়ি বেটীৱে আৰু এফেৰা গোহাৰি কৰিলো হেতেন?

 চন্দ্ৰ-কৈ থাকা।

 হওঁতে আমি সাহ কৰা অন্যায় যদি দোষ আৰু নিজ গুণে।

 চন্দ্ৰ-বাৰু আগেৱে কৈ যোৱা। পাচত যি হয় হব।

 টেপৰী-আপুনি অনুগ্ৰহ কৰি ভিতৰুৱা কথা লৈ কাণ নহলে আমাৰ আইদেউ বছৰেক জীয়াই টান, মোৰ কথা মিছা সচা পতিয়াবৰ হলে আইদেউৰ চেহেৰাতে আজি চিন পাব।

 চন্দ্ৰ-কিয়নো সেই দৰে কলা?