পৃষ্ঠা:ন-বোৱাৰী.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আপোনালৈ!

 মোৰ মৰমৰ বন্ধু ৺পদ্মনাথ শৰ্ম্মাই তেওঁৰ নিচেই কোমল বয়সত সাহিত্য কাননৰ দাতিত যি কিপাহি আধা ফুলা, আধা কলিওৱা, ফুল পেলাই থৈ গৈছে, ন-বোৱাৰী তাৰে এপাহি মাথোন। লেখকে পোন্ধৰ বচৰ বয়সতে প্ৰতিভাৰ চিনাকি দেখুৱাই আৰু মাতৃভাষাক যে অতি আদৰ কৰিছিল তাৰ চিন স্বৰূপ বহুত ভাল ভাল কবিতা আৰু ৰচনা, ও কেবাখনিও সামাজিক ও নৈতিক উপন্যাস অসম্পূৰ্ণ অবস্থাত এৰি সকলোকে কন্দুৱাই মাতৃভাষাৰ উন্নতিৰ আশা বুকত লৈ ইহজগতৰ পৰা বিদায় ললে। বন্ধুৰ চেনেহৰ স্মৃতি স্বৰূপ এই ক্ষুদ্ৰ নাটক খনি পোহৰলৈ আনিলো। লেখকে ন-বোৱাৰীক সৰ্বাঙ্গ সুন্দৰ কৰিবলৈ কিমান কৃতকাৰ্য্য হইছে তাক আমি পাঠকৰ হাতত থ’লো।

 সবশেষত মোৰ বন্ধু শ্ৰীযুত তীৰ্থনাথ ফুকনে কষ্ট স্বীকাৰ কৰি এই কিতাপ খনি বিচাৰি মোৰ হাতত দিয়া বাবে তেওৰ নথৈ শলাগ ল’লো। তাৰ পাচত যথা সময়ত শ্ৰীযুত দুৰ্গেশ্বৰ শৰ্ম্মা বি, এ ডাঙ্গৰীয়াই আৰ্হি কাকত চাই দিয়া বাবে এই খিনিতে তেঁওৰ শলাগ ল’লো।

গুৱাহাটি
৮। ২। ০৬
দেবেন।